মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / পইতাচোৰা আৰু স্বাস্থ্য সমস্যা :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

পইতাচোৰা আৰু স্বাস্থ্য সমস্যা :

পইতাচোৰা আৰু স্বাস্থ্য সমস্যাৰ বিষয়ে লিখা হৈছে ।

 

এনেকুৱা কোনো ঘৰ হয়তো পোৱা নাযাব য'ত পইতাচোৰা নাই। পইতাচোৰা স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। ইয়াৰ দ্বাৰা পেটৰ সমস্যাৰ পৰা আৰম্ভ কৰি নানা ভয়ানক স্বাস্থ্য সমস্যা সৃষ্টি হব পাৰে। 
ফুড পইজনি:

পইতাচোৰাৰ দ্বাৰা ফুড পইজনিং হব পাৰে। পইতাচোৰা চেলমোনেলা নামৰ টাইফইড সৃষ্টিকাৰী ভাইৰাচ বিয়পাই।

এলাৰ্জী -

পইতাচোৰাৰ কাৰণে আপোনাৰ এলাৰ্জীও হব পাৰে। যাৰ ফলত ছালত ৰেচেজ, হাঁচি, চকুপানী বোৱা আদি বিভিন্ন প্ৰকাৰৰ এলাৰ্জী আৰম্ভ হব পাৰে। এইবোৰ পইতাচোৰাৰ মুখৰপৰা ওলোৱা লেলাউটিৰ পৰা হয়।

বেক্টেৰীয়া সংক্ৰমণ -

পইতাচোৰাই মুখ লগোৱা আহাৰত মুখেদি উলিওৱা লেলাওটিৰ দ্বাৰা পইতাচোৰাৰ পেটৰ পৰা বীজানু ওলাই খোৱা বস্তুত মিলিত হয়। যি মানুহৰ পেটলৈ যোৱাৰ পিছত পাচন ক্ৰিয়াৰ সমস্যা সৃষ্টি কৰে। অধ্যয়নৰ পৰা জানিব পৰা গৈছে যে পইতাচোৰাৰ দ্বাৰা বিয়পোৱা চুডোমোনাজ এৰুগিনোচা নামৰ বীজানু পইতাচোৰাৰ পেটত যথেষ্ট বৃদ্ধি পায়। যাৰ দ্বাৰা বিভিন্ন ৰোগ যেনে মূত্ৰাশয় সংক্ৰমণ, চেপ্টিক আদি বেমাৰ সৃষ্টি হয়।

শৰীৰৰ অংগ নষ্ট -

ঘৰত অত্যাধিক পইতাচোৰা হলে ঘৰত আক্ৰমণ কৰাৰ লগতে শুই থকা অৱস্থাত ভৰিৰ আঙুলি ছাল আদি কোমল অংশত কামুৰি ঘাঁ লগাব পাৰে।

এজমা:

পইতাচোৰা এজমা ৰোগীৰ শত্ৰু। ঘৰত অত্যাধিক পইতাচোৰা হলে ইয়াৰ লেলাওটিয়ে সৃষ্টি কৰা এলাৰ্জী আক্ৰান্ত হৈ এজমাৰ এটেক বৃদ্ধি হোৱাৰ ফলত ৰোগীৰ প্ৰাণৰ সংশয় আহিব পাৰে। পইতাচোৰাই আহাৰ নুখোৱাকৈ এমাহ জীয়াই থাকিব পাৰে কিন্তু পানী নুখোৱাকৈ এসপ্তাহো জীয়াই থাকিব নোৱাৰে। ঘৰৰ পানীৰ পাত্ৰ আৰু পানী সাৱধানে থব।আহাৰ মুকলিত নথব। ৰাতিৰ বাহি বাচন পৰিস্কাৰ কৰি থব। বজাৰত পোৱা ৰঙা হিট, লচমন ৰেখা বা আন পইতাচোৰা মাৰা ঔষধ সাৱধানতাৰে ব্যৱহাৰ কৰিব পাৰে। এইবোৰ উগ্ৰ ৰাসায়নিক দ্ৰব্য। সাৱধানে ব্যৱহাৰ কৰা উচিত।

ঘৰুৱা আমোঘ সমাধান -

ফাৰ্মাচীৰ পৰা বৰিক এচিড আনি এচামুচ বৰিক এচিড, দুই চামুচ আটা আৰু এচামুচ চেনীৰ গুৰি ভালদৰে মিহলাই এখন প্লেটত লৈ ৰাতি পাকঘৰত মুকলিকৈ থৈ দিব। এইখিনি খালে পইতাচোৰা মৰি নাইকিয়া হব। এসপ্তাহ দহদিন মান একেলেথাৰিয়ে দিব।

লেখক: যোগেশ দাস

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

 


2.88888888889
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top