মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / পকা চুলি-সমস্যা আৰু ইয়াৰ যতন
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

পকা চুলি-সমস্যা আৰু ইয়াৰ যতন

পকাচুলিৰ স্বাস্থ্য ভালে ৰাখিবলৈ হ’লে চুলিত ময়শ্বাৰাইজাৰযুক্ত প্ৰসাধন ব্যৱহাৰ কৰা

পকাচুলিৰ স্বাস্থ্য ভালে ৰাখিবলৈ হ’লে চুলিত ময়শ্বাৰাইজাৰযুক্ত প্ৰসাধন ব্যৱহাৰ কৰা উচিত| পকা চুলি ৰোধ কৰিবলৈ যিসকল লোকে চুলিত নিয়মিত ৰং সানে, তেওঁলোকে চুলিত গভীৰ ময়শ্বাৰাইজিং কৰা দৰকাৰ| তদুপৰি প্ৰি-কণ্ডিচনিং কৰা উচিত| অৰ্থাৎ চুলিৰ চেম্পু কৰাৰ আগতে চুলিত পাঁচ মিনিটৰ বাবে তেল সানিব| মনত ৰাখিব কণ্ডিচনাৰ কেৱল চুলিত ব্যৱহাৰ কৰিব| কণ্ডিচনাৰ কেতিয়াও মূৰৰ চালত ব্যৱহাৰ কৰিব নালাগে| আপুনি যদি ভাৱে আপোনাৰ চুলি শুকান হৈছে, তেন্তে চুলিত চেৰাম ব্যৱহাৰ কৰিব| আনহাতে আঠ-দহ সপ্তাহৰ মুৰে মুৰে চুলি কাটি থকা প্ৰয়োজন| পৰাপক্ষত এনে চুলি চুটিকৈ কাটি ৰাখিব| বেছি দীঘল কৰিব নালাগে| পকা চুলিত যদি ৰং কৰিব বিচাৰে, তেন্তে অভিজ্ঞ চুলি বিশেষজ্ঞৰ হতুৱাই ৰং কৰিলেহে অধিক উপযোগী হ’ব| যদি নিজে ঘৰতে লগাব বিচাৰে, তেন্তে চুলি বিশেষজ্ঞৰ পৰামৰ্শ অনুযায়ীহে লগাব| মনত ৰাখিব চুলি পকা সমস্যাটো কোনো ৰোগ নহয়| ই চুলি বিকাশৰ এক স্বাভাৱিক প্ৰক্ৰিয়া| ইয়াক ভালদৰে যতন ল’লে হ’ল|

লেখক:-জাৱেদ হাবিব

উৎস:-সম্ভাৰ

3.25925925926
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top