অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

পকা চুলিৰ প্ৰতিকাৰ :

পকা চুলিৰ প্ৰতিকাৰৰ বিষয়ে লিখা হৈছে ।

 

বহু লোকে পকা চুলিক লৈ সমস্যাত ভোগে। আজিকালি কম বয়সতে মানুহৰ চুলি পকে। এনে সমস্যাৰ পৰা পৰিত্ৰাণ পাবৰ বাবে অধিকাংশ লোকে চুলিত হেয়াৰ কালাৰ ব্যৱহাৰ কৰে। যাৰ ফলত চুলি অধিক ক্ষতিগ্ৰস্ত হৈ বেছিকৈহে পকিবলৈ আৰম্ভ কৰে। আচলতে মানুহৰ চুলি কিয় পকে? এই বিষয়ে জনা দৰকাৰ। চুলিত মেলানিন নামৰ এবিধ পিগমেণ্ট পোৱা যায়। বয়স বাঢ়ি যোৱাৰ লগে লগে চুলিত মেলানিন উৎপাদন কমি আহে আৰু চুলি পকিবলৈ আৰম্ভ কৰে। আজিকালি বহু লোকৰ কম বয়সতে মেলানিন উৎপাদন বন্ধ হৈ পৰে। এনে পৰিস্থিতিত চুলি পকিবলৈ ধৰে। চুলি পকিবলৈ ধৰাৰ আৰম্ভণিতে যদি চুলিকোছাৰ যতন লয়, তেন্তে এই সমস্যাৰ পৰা কিছু সকাহ পোৱা যায়। এনে পকা চুলিৰ বাবে আপুনি চিন্তিত নহ’ব। তলত উল্লিখিত টিপছকেইটা মানি চলক-

১) আমলখিয়ে চুলি ক’লা কৰাত বিশেষ সহায় কৰে। আমলখিৰ ৰস বাদামৰ তেলৰ লগত মিশ্ৰণ কৰি চুলিত লগালেও চুলি ক’লা হয়।

২) এটুকুৰা আদা কুটি লৈ ইয়াৰ সৈতে অলপ পৰিমাণৰ মৌ মিহলাই এটা পেষ্ট প্ৰস্তুত কৰি ল’ব। এই পেষ্ট সপ্তাহত দুবাৰকৈ চুলিত লগালেও চুলি পকা সমস্যা হ্ৰাস পাব।

৩) পিঁয়াজৰ ৰস চুলিৰ গুৰিত লগালেও চুলি ক’লা আৰু উজ্জ্বল হয়।

৪) জেতুকাৰ গুড়ি আৰু মিথি গুড়ি মিহলাই এটা পেষ্ট প্ৰস্তুত কৰি ল’ব। ইয়াৰ পিচত এই মিশ্ৰণত অলপ পৰিমাণৰ বাটাৰ মিল্ক আৰু নাৰিকলৰ তেল মিহলাই ল’ব। নিয়মিত এই মিশ্ৰণেৰে চুলি মালিচ কৰিলে চুলিৰ স্বাস্থ্য ভালে থাকে।

৫) চুলিত সদায় সৰিয়হ তেলেৰে মালিচ কৰিব লাগে। চুলিৰ বৰণ ক’লা হয়।

৬) দৈত জেতুকা মিহলাই এটা পেষ্ট প্ৰস্তুত কৰি ল’ব। এই পেষ্ট সপ্তাহত দুবাৰকৈ লগালে পকা চুলি ক’লা হ’বলৈ ধৰে।

৭) পকা চুলি সদায় ক’লা কফি অথবা চাহ পাতৰ পানীৰে ধুলেও চুলিৰ ৰং ক’লা হয়।

৮) পকা চুলিত এল’ভেৰা বা ছালকুঁৱৰীৰ ৰস লগালেও চুলিৰ স্বাস্থ্য ভালে থাকে।

উৎস: দেওবৰীয়া সম্ভাৰ

 

 

2.73684210526
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top