মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / পলিঅ’ ৰোগৰ পৰা আপোনাৰ শিশুটিক ৰক্ষা কৰক:
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

পলিঅ’ ৰোগৰ পৰা আপোনাৰ শিশুটিক ৰক্ষা কৰক:

পলিঅ’ ৰোগৰ পৰা আপোনাৰ শিশুটিক কি দৰে ৰক্ষা কৰিব

 

“When Meditating over a disease I never think of finding a remedy for it but, instead, a means of preventing it”

-Louis Pasteur

দৈহিক, মানসিক আৰু সামাজিক দিশৰ কুশলতাই এজন ব্যক্তিৰ স্বাস্থ্য বুজায়। দৈনন্দিন কামকাজ সুকলমে কৰিব পৰা শক্তি, মনৰ উদ্যম এইবোৰেই এজন ব্যক্তিৰ সুস্বাস্থ্যৰ প্ৰতীক। শৰীৰৰ ভিতৰত যেনেদৰে ৰোগৰ সৃষ্টি হয়, তেনেদৰে ৰোগ প্ৰতিৰোধ কৰা শক্তিও নিহিত হৈ থাকে। সেয়েহে কেতিয়াবা শৰীৰত বীজাণুৰ প্ৰৱেশ ঘটিলেও সকলো ক্ষেত্ৰতে ৰোগৰ সৃষ্টি নহয়। সুষম আহাৰ, শাৰীৰিক ব্যায়াম, যোগাসন, বিশ্ৰাম, বিশুদ্ধ, বিশুদ্ধ বায়ু-পানী, স্বাস্থ্যকৰ পৰিৱেশ, এই সকলোবোৰৰ ওপৰত ৰোগ প্ৰতিৰোধ ক্ষমতা নিৰ্ভৰশীল হৈ থাকে।

আমি সকলোৱে জানো যে আজিৰ শিশুৱেই দেশৰ ভৱিষ্যত নাগৰিক। গতিকে শিশুৰ সুস্বাস্থ্যৰ বিষয়ে আমি বিশেষভাৱে চিন্তা-চৰ্চা কৰা উচিত। কাৰণ আমাৰ দেশত বেছিভাগ শিশুৱে জন্মৰ পিছৰে পৰা পলিঅ’, ডিপথেৰিয়া, হুপিংকাহ, টিটেনাছ(ধনুষ্টংকাৰ), গ্ৰহণী আদি ৰোগত ভুগি অকালতে মৃত্যুৰ মুখত পৰে। ইয়াৰ প্ৰধান কাৰণ হৈছে পিতৃ-মাতৃৰ জ্ঞানৰ অভাৱ, অৱজ্ঞা, অৱহেহা আৰু অৰ্থনৈতিক সমস্যা। বেমাৰৰ গুৰুত্ব আৰু তাৎপৰ্য নিবুজি সময়মতে চিকিৎসা আৰু চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ নকৰাৰ ফলত শিশু বিকলাংগ হোৱা বা অকালতে মৃত্যুৰ মুখত পৰা দেখা যায়। শিশুৰ ক্ষেত্ৰত দেখা দিয়া মাৰাত্মক পলিঅ’ ৰোগৰ বিষয়ে থুলমূলকৈ দাঙি ধৰাৰ চেষ্টা কৰা হৈছে, যাতে আমাৰ দেশৰ শিশুৱে তেনে ৰোগৰ পৰা সম্পূৰ্ণৰূপে পৰিত্ৰাণ পাব পাৰে। ভাৰত চৰকাৰেও পলিঅ’ ৰোগ নিৰ্মূল কৰিবলৈ ১৯৯৫ চনৰ পৰাই ঔষধ আৰু বিভিন্ন আঁচনি আৰু প্ৰচাৰ মাধ্যমেৰে চেষ্টা চলাই আহিছে।

সাধাৰণতে জন্মৰ পৰা পাঁচ বছৰ বয়সৰ শিশুৰ পলিঅ’ ৰোগ হোৱা দেখা যায়। ভাইৰাছ(Virus)অৰ্থাৎ অনুজীৱই হৈছে ইয়াৰ প্ৰধান কাৰক। এই ভাইৰাছ নিচেই সৰু সৰু আৰু ঘূৰণীয়া। ইয়াৰ ব্যাস ২০-৩০ নেন’ মিটাৰ। এই ৰোগ ১৯ শতিকাৰ পৰা জনা যায়। ১৯৪৯ চনত এণ্ডাৰচ, ওৱেলাৰ আৰু ৰবিনছ( Enders, Weller and Robins) নামৰ তিনিজন বৈজ্ঞানিকে এই ৰোগৰ ভাইৰাছৰ বিষয়ে তথ্য উদ্ভাৱন কৰিছিল, যাৰ বাবে তেওঁলোকক চিকিৎসা ক্ষেত্ৰত নোবেল বঁটা প্ৰদান কৰা হৈছিল। তেওঁলোকৰ মতে ৰাসায়নিক পদাৰ্থৰে ৫৫° ছেন্টিগ্ৰেডত ত্ৰিছ মিনিট সময় ৰাখিলে এই ভাইৰাছ ধ্বংস হয়। ২০° ছেন্টিগ্ৰেডত ভাইৰাছবোৰ কেবাবছৰো জীয়াই থাকে। ৰোগী আৰু ৰোগবাহকৰ মলৰ(Stool)লগত বীজাণু নিৰ্গত হয় আৰু এই বীজাণু বায়ু বা পানীৰ মাধ্যমেৰে খাদ্যবস্তুৰ ওপৰত পৰে। পৰোক্ষভাৱে দূষিত এনেধৰণৰ খাদ্যসামগ্ৰী খোৱাৰ পিছত পাচকতন্ত্ৰেৰে বীজাণু শৰীৰত প্ৰৱেশ কৰে। উশাহ-নিশাহৰ জৰিয়তেও দেহত সোমাব পাৰে। শেষত এই বীজাণু তেজৰ পৰা মগজু তথা স্নায়ুতন্ত্ৰলৈ যায়। ৰোগীয়ে প্ৰায় ছয় সপ্তাহলৈকে মলৰ লগত বীজাণু ত্যাগ কৰি থাকে। কেতিয়াবা সুস্থ মানুহেও ৰোগৰ বীজাণু বহন কৰি মলৰ লগত ত্যাগ কৰে।

ৰোগৰ লক্ষণসমূহ:

 

প্ৰথমতে ৰোগীয়ে সামান্য ধৰণৰ জ্বৰত আক্ৰান্ত হয়। ইয়াৰ  লগতে ডিঙিৰ বিষ আৰু কাহ হয়। অৰুচি মূৰটো সন্মুখলৈ ভাঁজ দিওঁতে কষ্ট অনুভৱ কৰে। মূৰ কামোৰণি আৰু গাৰ বিষো হ’ব পাৰে। শৰীৰটোত অলপ স্পৰ্শ কৰিলেই জঁপিয়াই উঠে। টোপনিত ব্যাঘাত হয়। তিনি-চাৰি দিনৰ পিছত আকৌ জ্বৰ উঠে আৰু কিছুমান পেশী জঠৰ হয়। কেতিয়াবা মাংশপেশীৰ শক্তি কম-বেছি পৰিমাণে ঘূৰি আহিবলৈ ধৰে। শ্বাসতন্ত্ৰৰ পেশীৰ জঠৰতা আহিলে ৰোগীৰ মৃত্যু হোৱাৰ আশংকা থাকে।

পৰিত্ৰাণৰ উপায়:

 

এই মাৰাত্মক ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ হ’লে শিশুৰ জন্ম হোৱাৰ পিছতেই বা প্ৰথম মাহতেই পলিঅ’ ঔষধ খুওৱাৰ ব্যৱস্থা কৰিব লাগে। তেনেদৰে ঠিক এমাহৰ মূৰত তিনিবাৰ পলিঅ’ দৰব দিব লাগে। কিয়নো পলিঅ’ ভাইৰাছে এবাৰ আক্ৰমণ কৰিলে শিশু বিকলাংগ হোৱাৰ ভয় বেছি থাকে। তেনে লক্ষণবোৰ দেখা দিলে তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ লোৱা দৰকাৰ। ৰোগীক কোমল বিছনাত আৰু পূৰ্ণ বিশ্ৰামত ৰাখিব লাগে। কোনো পেশী আক্ৰান্ত হ’লে গৰম সেক দিব পাৰে। বিষ কমিলে হাতেৰে লাহে লাহে অংগ সঞ্চালন কৰিব পাৰে। লাহে লাহে ৰোগীয়েও নিজেই অংগ সঞ্চালন কৰিব পাৰে।

শুশ্ৰূষাকাৰীয়ে মুখ ঢাকি, হাতমোজা আৰু দীঘল পোছাক ব্যৱহাৰ কৰা উচিত। ৰোগীৰ কাপোৰকানি, বাচন-বৰ্তন ভালকৈ শোধন কৰিব লাগে। ৰোগীৰ মল-মূত্ৰ, খেকাৰ ফেনাইল দ্ৰব্যত আধাঘন্টা সময় ৰাখি পুতিব বা পুৰি পেলাব লাগে।

পলিঅ’ নিৰ্মূল আঁচনি:

 

যিহেতু পলিঅ’ এবিধ ভয়াৱহ সংক্ৰামক ৰোগ আৰু ই যিকোনো বয়সতে হ’ব পাৰে, গতিকে এই ৰোগ হ’লে মৃত্যুমুখত পৰাতকৈ শৰীৰ বিকলাংগ হোৱাৰ আশংকা বেছি। ফলত গোটেই জীৱনটো শিশুটিয়ে বিকলাংগ হৈ অতিবাহিত কৰিবলগীয়া হয়। ইয়াতকৈ আৰু দুখৰ কথা জীৱনত একো হ’ব নোৱাৰে।

এই ৰোগ নিৰাময় কৰা ঔষধ নোলোলেও নিয়মীয়া প্ৰতিষেধক খোৱা খোৰাকৰ দ্বাৰা প্ৰতিৰোধ কৰিব পৰা যায়। এই চিন্তাধাৰাৰেই বৰ্তমান পলিঅ’ ৰোগ পৃথিৱীৰ পৰা একেবাৰেই নিৰ্মূল কৰিবলৈ চিকিৎসা বিজ্ঞানীসকলে নানান গৱেষণা চলাই আহিছে। পৃথিৱীৰ বিভিন্ন দেশৰ লগতে আমাৰ ভাৰত চৰকাৰে নানা আঁচনি আৰু ব্যৱস্থা হাতত লৈছে। তাৰেই পৰিপ্ৰেক্ষিতত ‘পালচ পলিঅ’ ইমিউনাইজেচন’(Pulse Polio Immunization) অভিযান চলি আছে। এই লক্ষ্যত উপনীত হ’বলৈ চৰকাৰে যোৱা ১৯৯৫ চনৰ ৯ ডিচেম্বৰৰ পৰাই আঁচনি আৰু অভিযান আৰম্ভ কৰিছে।

এই ‘পালচ পলিঅ’ ইমিউনাইজেচন’ কোনো বিশেষ চিকিৎসা নহয়। মাথোন নিয়মীয়া পলিঅ’ নিৰ্মূলকৰণ খোৰাকৰ উপৰিও অতিৰিক্ত খোৰাক দিয়াৰ আঁচনিহে। কিন্তু ই অতি প্ৰয়োজনীয়। ০-৫ বছৰৰ বয়সৰ সকলো শিশুৱে এই খোৰাক লোৱা দৰকাৰ। নিয়মিতভাৱে খোৰাক খোৱা শিশুৰ ভিতৰৰে কিছুসংখ্যক হয়তো কেতিয়াবা ‘বনৰীয়া পলিঅ’(Wild Virus)ৰোগৰ বীজাণু কঢ়িয়াই ফুৰিব পাৰে। পলিঅ’ ঔষধৰ সহায়ত পোৱা প্ৰতিৰোধ শক্তিৰ ফলত নিজে বেমাৰত নুভুগি আনলৈ ৰোগ বিস্তাৰিত কৰিব পাৰে। এনেবোৰ শিশুক চিনাক্ত কৰাও কঠিন। সমূহীয়াকৈ দিয়া পলিঅ’ খোৰাকৰ সহায়েৰে মানুহৰ অন্ত্ৰত(Intestine)থিতাপি লোৱা পলিঅ’ ৰোগৰ বীজাণুবোৰ শৌচৰ যোগেদি বাহিৰ কৰাই তাৰ ঠাইত ভেকচিন ভাইৰাছবোৰক অধিকাৰ কৰিবলৈ দিয়া হয়। ফলত আশ্ৰয়বিহীন হৈ পলিঅ’ ভাইৰাছবোৰ ধ্বংস হয়। কাৰণ মানুহৰ অন্ত্ৰই হৈছে ভাইৰাছৰ ৰক্ষণাবেক্ষণৰ প্ৰধান স্থান।

মুখেৰে খুৱাই দিয়া এই পলিঅ’ টোপাল সম্পূৰ্ণ নিৰাপদ। আনকি হস্পিতালত ভৰ্তি হৈ থকা শিশুৱেও খাব পাৰে। এই পালচ পলিঅ’ খোৰাকৰ লগত নিয়মীয়া পলিঅ’ নিৰ্মূলকৰণ আঁচনিৰ কোনো সম্বন্ধ নাই। একেদিনাই হয়তো কোনো শিশুৱে কিছু সময়ৰ ব্যৱধানত দুপালি দৰবো খাবলগীয়া হ’ব পাৰে।

এই অভিযানত দেশৰ প্ৰতিজন সচেতন নাগৰিক জড়িত হৈ জনসাধাৰণৰ মাজত পলিঅ’ ৰোগৰ বিষয়ে সজাগতা আনিব লাগে। স্বেচ্ছাসেৱী অনুষ্ঠানসমূহেও সহায়ৰ হাত আগবঢ়াব লাগে। তদুপৰি প্ৰচাৰ মাধ্যম, বাতৰি কাকত, ৰেডিঅ’, দূৰদৰ্শন আদিয়েও এক বিশেষ ভূমিকা গ্ৰহণ কৰিলে জনসাধাৰণৰ মাজত সজাগতা বাঢ়িব আৰু ৰোগটোৰ নিৰ্মূল অভিযানলৈ আগবাঢ়ি আহিব। সেয়েহে আমি সকলোৱে সমানে সচেতন হৈ আগবাঢ়ি আহিলেহে আমাৰ দেশ এই ভয়াৱহ ৰোগৰ পৰা মুক্ত হ’ব আৰু শিশুৰ এই কৰুণ দৃশ্য চিৰদিনলৈ অন্ত পৰিব।

উৎস:স্বাস্থ্য

2.65
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top