মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / পাঁচ দিনতে বাঢ়ি অহা চৰ্বি কমাওক :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

পাঁচ দিনতে বাঢ়ি অহা চৰ্বি কমাওক :

পাঁচ দিনতে বাঢ়ি অহা চৰ্বি কমোৱাৰ বিষয়ে লিখা হৈছে ।

 

নিজৰ শৰীৰৰ ওজন অবাঞ্ছিতভাৱে বৃদ্ধি পোৱাটো বহু লোকৰ বাবে অস্বস্তিৰ কাৰণ হৈ উঠে। শৰীৰৰ ওজন বেছি পৰিমাণে বৃদ্ধি হোৱাৰ ফলত বহু লোকে ঘৰৰ পৰা বাহিৰলৈ ওলাবলৈকো বাদ দিয়ে। মানুহৰ শৰীৰৰ ওজন বৃদ্ধিৰ ভালেমান কাৰণ আছে। তাৰ ভিতৰত অন্যতম হ’ল- কোনো ধৰণৰ শাৰীৰিক পৰিশ্ৰম নকৰাকৈ মানুহে পুৱাৰে পৰা ৰাতিলৈকে ভোক নেলাগিলেও যিহকে পায়, তাকে খাই থাকে আৰু সময়-অসময় বিবেচনা নকৰাকৈ শুই-বহি আৰাম কৰি সময় কটায়। এনেধৰণৰ অলস জীৱনশৈলীৰ ফলতে মানুহ অনিয়ন্ত্ৰিতভাৱে শকত হৈ পৰে আৰু শৰীৰৰ মধ্য অংশত(পেটত) চৰ্বি জমা হৈ দেখাত আপচু হৈ পৰে। এই চুটি লেখাটিত আমি আপোনালৈ এনে এটি দিহা আগবঢ়াইছো, যাৰ দ্বাৰা আপুনি কোনো ধৰণৰ ব্যায়াম আদি নকৰাকৈ মাত্ৰ এসপ্তাহৰ ভিতৰতে পাঁচ কিলো ওজন কমাব পাৰে।

ওজন কেনেকৈ কমাব -

*যদি আপুনি দিনটোত বেছিকৈ শোৱাৰ অভ্যাস কৰিছে, তেনেহ’লে আপোনাৰ শোৱাৰ অভ্যাসটো নিয়ন্ত্ৰণ কৰক। এজন সুস্থ ব্যক্তিয়ে দিনটোৰ ভিতৰত অৰ্থাৎ ৰাতি মাত্ৰ সাত-আঠ ঘন্টা সময়হে শোৱা উচিত। যদি এইখিনি সময়তকৈ কমকৈ অথবা বেছিকৈ শোৱে, তেনেহ’লে আপোনাৰ স্বাস্থ্য নিশ্চয় ভাগিব। প্ৰয়োজনীয় সময়তকৈ কমকৈ শুলে আপুনি পিছদিনা দিনটো ভাগৰুৱা যেন অনুভৱ কৰিব আৰু টোপনি ভাব এটা লাগি থাকিব। দীৰ্ঘদিন ধৰি কম সময় বা বেছি সময় শোৱাৰ অভ্যাস কৰিলে আপোনাৰ শৰীৰত অবাঞ্ছিতভাৱে মেদ বৃদ্ধি পাবলৈ ধৰিব। ফলত কম দিনৰ ভিতৰতে আপোনাৰ পেট বাঢ়িবলৈ ধৰিব আৰু শৰীৰৰ অন্যান্য অংগবিলাকো অস্বাভাৱিকভাৱে মেদবহুল হৈ পৰিব।

*আজিকালি ল’ৰা অথবা ছোৱালীবিলাকৰ অধিকাংশৰে ফাষ্টফুডৰ(জাংক ফুড) প্ৰতি আকৰ্ষণ বেছি আৰু যেতিয়াই সুবিধা পায়, এনেধৰণৰ ফাষ্ট ফুডেই খাবলৈ বিচাৰে। আনকি দিনটোৰ মূল দুসাঁজৰ(দুপৰীয়া আৰু গধূলি বা ৰাতি) সলনিও জাংক ফুড খায়েই থাকিব বিচাৰে। খাদ্যাভ্যাসৰ এই পৰিৱৰ্তনে শৰীৰ ওপৰত কু-প্ৰভাৱ পেলায় আৰু শৰীৰৰ ওজন নিজে গম নোপোৱাকৈয়ে বৃদ্ধি পাবলৈ ধৰে। যদি আপোনাৰ বেছি তেলত ভজা বা ঘিউ-মাখন দিয়া খাদ্য খোৱাৰ ৰুচি আছে, তেনেহ’লে সেই অভ্যাস অলপ জোৰ কৰি হ’লেও এৰিবলৈ যত্ন কৰক। কেৱল তেলত ভজা ল্খাদ্য খাবলৈ কমাই দিলে আপোনাৰ ওজন দিনে দিনে কমি আহিবলৈ ধৰিব। তেলত ভজা জাংক ফুডেই মেদবহুলতাকে ধৰি আন ভালেমান ৰোগ সৃষ্টি কৰে। এইবিলাকৰ ভিতৰত হৃদৰোগ, উচ্চ ৰক্তচাপ আদিয়েই প্ৰধান।

*যদি আপোনাৰ বদহজমৰ দোষ আছে, তেনেহ’লে চিকিৎসকৰ পৰামৰ্শ লওক। পাচনতন্ত্ৰ স্বাভাৱিক কাৰ্যক্ষম হৈ থাকিলে শৰীৰত মেদ জমা হোৱাৰ সম্ভাৱনা কমি থাকে। অধিক কেলৰিযুক্ত খাদ্য খালেও আপোনাৰ যদি পাচনতন্ত্ৰ শক্তিশালী হৈ থাকে, তেনেহ’লে আপোনাৰ খোৱা খাদ্য সোনকালে হজম হ’ব আৰু ইয়াৰ ফলত আপোনাৰ শৰীৰৰ ওজন খুব সোনকালে নিয়ন্ত্ৰণলৈ আহিব।

*যদি আপুনি কোনো ধৰণৰ ব্যায়াম বা শাৰীৰিক শ্ৰম অবিহনে আপোনাৰ শৰীৰৰ ওজন কমাব বিচাৰিছে, তেনেহ’লে আপুনি বেছিকৈ পানী খাওক যাতে আপোনাৰ বিপাক ক্ৰিয়া(মেটাবলিজম) স্বাভাৱিকভাৱে চলি থাকিবৰ কাৰণে শৰীৰত যথেষ্ট পৰিমাণে পানীৰ প্ৰয়োজন হয়। সেয়ে মেদবহুলতাত ভোগা পুৰুষ-মহিলা উভয়ে দিনটোত কমেও দুই-তিনি লিটাৰ পানী খোৱা উচিত।

*যদি কোনো বিবাহিতা মহিলাৰ শৰীৰৰ ওজন বৃদ্ধি পাবলৈ ধৰিছে বা অস্বাভাৱিকভাৱে মেদবহুল হ’বলৈ লৈছে, তেনেহ’লে তেনে মহিলাই ঘৰৰ কাম-বনবোৰ নিজে কৰিবলৈ লওক। ঘৰখন পৰিষ্কাৰকৈ ৰখা, পাকঘৰত কাম কৰা আদি কামবোৰ এগৰাকী মেদবহুল মহিলাই একেদিনাই কৰাটো সম্ভৱ নহয়। তেনে কামবোৰৰ বাবে গোটেই দিনটো খাটি থকাৰ সলনি মহিলাগৰাকীয়ে আঁঠু-ভাঁজ কৰি বহি বহি হ’লেও কৰিবলৈ চেষ্টা কৰিব লাগে। এই ব্যৱস্থাই আপোনাৰ শৰীৰৰ মেদ বহু পৰিমাণে কমাই আনিব। ঘৰুৱা কাম বনবোৰ নিজে কৰিবলৈ চেষ্টা কৰি থাকিলে, আঁঠুৰ পুৰণি বিষো লাহে লাহে কমি আহিব। লগতে আপোনাৰ শৰীৰৰ ওজনো বহুগুণে নিয়ন্ত্ৰণলৈ আহিব।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন

 

 

2.85714285714
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top