মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / পাকঘৰৰ ইটো সিটো খুটিনাটি আৰু আমাৰ স্বাস্থ্য :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

পাকঘৰৰ ইটো সিটো খুটিনাটি আৰু আমাৰ স্বাস্থ্য :

পাকঘৰৰ ইটো সিটো খুটিনাটি আৰু আমাৰ স্বাস্থ্যৰ বিষয়ে লিখা হৈছে ।

 

পাকঘৰ বা ৰান্ধনিশাল প্ৰতিখন ঘৰৰে এক বিশেষ স্থান। ঠিক তেনেকৈ এখন ঘৰৰ সকলোৰে সুস্বাস্থ্যৰ চাবিকাঠি ঘৰখনৰ গৃহিনীগৰাকীৰ হাতত। প্ৰতিগৰাকী গৃহিনীয়ে সুস্বাদু, পুষ্টিকৰ আৰু স্বাস্থ্যসন্মত ব্যঞ্জন বনাই সকলোৰে স্বাস্থ্যৰ যত্ন লবলৈ বিচাৰে।

কিন্তু কেতিয়াবা অজানিতে কৰা কিছুমান সৰু সুৰা খুটিনাটি বা ভুলে আমাৰ স্বাস্থ্যৰ ক্ষতিসাধন কৰিব পাৰে।

গতিকে চাওঁচোন আহক পাকঘৰৰ এই খুটিনাটি বোৰনো কি বাৰু:

*কাঁহী বাতি, বাচন বৰ্তন ধুবলৈ ব্যৱহাৰ কৰা স্পঞ্জবোৰ কিমান দিনৰ মূৰে মূৰে সলায় বাৰু?

একেৰাহে ব্যৱহাৰ কৰি থাকিলে এইবোৰত অপকাৰী বেক্টেৰিয়া বা অন্য বীজাণুৰ আক্ৰমণ হোৱাৰ সম্ভাৱনা বাঢ়ি যায়। সেয়েহে মাজে মাজে বাচন ধোৱা স্পঞ্জবোৰ সলাব লাগে।

*পাকঘৰত ব্যৱহাৰ কৰা কীটচেন টাৱেল বোৰো মাজে সময়ে বদলি কৰি নতুন টাৱেল ব্যৱহাৰ কৰক। বহুতো বেমাৰৰ কাৰক পাকঘৰত একেৰাহে বহুতদিন ব্যৱহাৰ কৰা এই টাৱেল বা কাপোৰসমূহ।

*প্ৰত্যেক দিনাই পাকঘৰৰ চিংকটো (sink)ও ভালকৈ চাবোন বা দিতাৰজেণ্টেৰে ধুই পেলাব লাগে। কাৰণ চিংকত দিনটো লেতেৰা বাচন ধুই থকাৰ উপৰিও মাছ, মাংস আৰু অন্য বস্তুও ধোৱা হয়।

*ঠিক তেনেকৈ ফ্ৰীজ বা মাইক্ৰৱেভ ও মাজে সময়ে পৰিষ্কাৰ কৰি ৰাখিব লাগে।

*ৰান্ধিবলৈ এবাৰ ব্যৱহাৰ কৰা তেল পুনৰ বাৰে বাৰে ব্যৱহাৰ কৰিলে তাত জমা হোৱা ট্ৰান্স ফেত (trans fat) আৰু ফ্ৰী ৰেদিকেল(free radical) বহু ৰোগৰ কাৰক হ'ব পাৰে ।

যেনে-

১)কলেষ্টৰলৰ সমস্যা,

২)মেদবহুলতা,

৩)হাৰ্ট এটেক ইত্যাদি।

ব্যঞ্জন বনাওঁতে কম তেল ব্যৱহাৰ কৰিব যাতে ৰৈ যোৱা তেল পুনৰব্যৱহাৰ কৰিব লগা নহয়।

*আজিকালি ওলোৱা ননষ্টিক পেন বা কেৰাহী বোৰ উচ্চ তাপমাত্ৰাত গৰম কৰিলে কিছুমান বিষাক্ত পদাৰ্থ ওলায় যি স্বাস্থ্যৰ পক্ষে হানিকাৰক।

সেয়েহে এইবোৰ ব্যৱহাৰ কৰোঁতে তাপমাত্ৰাৰ ওপৰত অলপ চকু দিয়ে যেন। ননষ্টিক পেন বোৰতকৈ আগতে ব্যৱহাৰ হোৱা লোহাৰ বা কাষ্ট আইৰণৰ কেৰাহীৰ ব্যৱহাৰ বহু নিৰাপদ।

*মাইক্ৰৱেভত প্লাষ্টিকৰ পাত্ৰ ব্যবহাৰ নকৰি ব'ৰ'ছিলৰ (borosil) পাত্ৰ ব্যৱহাৰ কৰক। অধিক উষ্ণতাত প্লাষ্টিকৰ পৰা বিষাক্ত পদাৰ্থ ওলায় যি শৰীৰৰ বাবে হানিকাৰক। ঠিক তেনেকৈ প্লাষ্টিকৰ পাত্ৰত গৰম ব্যঞ্জন ৰাখি পৰিবেশন নকৰিব।

*ফ্ৰীজত কেঁচা মাংস থলে এয়াৰ টাইট কনতেনাৰত ৰাখিব নহলে মাংসৰ লগতে ফ্ৰীজত থকা অন্য সামগ্ৰীত বীজাণুৰ সংক্ৰমণ হ'ব পাৰে।

*এবাৰ বনোৱা খাদ্য বাৰে বাৰে মাইক্ৰৱেভত ৰিহিত(reheat) নকৰিব। ই খাদ্যৰ পুষ্টিগুন নষ্ট কৰে।

*বজাৰৰ পৰা অনা শাক পাচলি নিমখ পানীত কিছু সময় তিয়াই ৰাখি তাৰ পিছত ধুই ব্যৱহাৰ কৰক।

নাইবা পানীত চ'ডা আৰু নেমুৰ ৰস নাইবা পানীত ভিনেগাৰ দি পাচলি ডুবাই ৰাখক কিছু সময়। এনে কৰিলে শাক পাচলিত প্ৰয়োগ কৰা কীটনাশক কিছু পৰিমাণে দূৰ হয়।

*পাকঘৰৰ কামৰ মাজে মাজে মোবাইল ফোনটো লৈ চোৱা অভ্যাস আমাৰ প্ৰায়বোৰ গৃহিনীৰে আছে।

এই মোবাইল ফোন কেতিয়াবা হেন্ডবেগ, দাইনিং টেবুলত, বিছনাত, কেতিয়াবা ছোফা, গাড়ী বা অন্য ঠাইত ৰখা হয় যাৰ বাবে ই বিভিন্ন বীজাণুৰ সংস্পৰ্শলৈ আহে।

সেয়েহে পাকঘৰত ৰন্ধাবঢ়া কৰি থাকোতে যদি মোবাইল ব্যৱহাৰ কৰে তেন্তে হাতদুখন ভালকৈ চাবোনেৰে ধুই ল'ব লাগে। খাদ্য পৰিবেশন কৰোঁতেও সাৱধানতা অৱলম্বন কৰিব লাগে যাতে বীজাণুৰ সংক্ৰমণ ঘটিব নোৱাৰে।

আৰু বহুতো এনেকুৱা কথা আছে যিবোৰ আমি সকলোৱেই অৱগত যদিও কেতিয়াবা অৱহেলা কৰা হয়।

পৰিয়াল সুস্বাস্থ্যৰ বাবে আমাৰ গৃহিনীসকলৰ হাতত গধুৰ দায়িত্ব আছে। সেয়েহে তেওঁলোকে যেন স্বাস্থ্যসন্মত নীতি নিয়ম সমূহ পালন কৰি আনকো সচেতন কৰি তোলে।

লেখিকা: ডাঃ ৰেইনী দেৱী(আয়ুৰ্বেদিক চিকিৎসক)

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

ফোন নং: 7399114617

 

3.14285714286
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top