মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / পাচন যন্ত্ৰক সুস্থ কৰি ৰখাৰ কৌশল
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

পাচন যন্ত্ৰক সুস্থ কৰি ৰখাৰ কৌশল

পাচন যন্ত্ৰক সুস্থ কৰি ৰখাৰ কৌশল লিখা হৈছে

 

পাচন তন্ত্ৰৰ কাম হৈছে আমি গ্ৰহণ কৰা আহাৰ হজম কৰা।পাচন ক্ৰিয়াৰ জৰিয়তে আমি গ্ৰহণ আহাৰত থকা পুষ্টিদ্ৰব্যবোৰক ইমানেই সুক্ষ্ম আকাৰত ভাঙি পেলোৱা হয় যে এইবিলাকে শীঘ্ৰে শৰীৰ তন্ত্ৰই শুহি লয় আৰু ক্ষুদ্ৰ ৰক্ত নলীকাৰ মাজেদি গৈ তেজৰ সৈতে মিহলি হয়গৈ।পাচন ক্ৰিয়া মানুহৰ মুখৰ পৰাই আৰম্ভ হয়।মুখত থকা লেলাউটিতৰ পাচক দ্ৰব্য থাকে আৰু এইবিলাক দ্ৰব্যই কাৰ্বোহাইড্ৰেটৰ পাচন আৰম্ভ কৰি দিয়ে।পাচনক্ৰিয়াৰ যোগেদি কাৰ্বোহাইড্ৰেটক গ্লুক’জলৈ পৰিৱৰ্তন কৰা হয়।এই গ্লুক’জ যকৃতত একত্ৰিত হয়।শৰীৰ তন্ত্ৰই এই গ্লুক’জ শৰীৰৰ কোষৰ পুষ্টিৰ লগতে শৰীৰৰ বিভিন্ন অংগৰ মেৰামতিৰ কামত ব্যৱহাৰ কৰে।প্ৰোটিনজাতীয় খাদ্যৰ প্ৰোটিন অংশক এমিনো এচিডলৈ পৰিৱৰ্তন কৰা হয়।আমাৰ শৰীৰৰ মাংসপেশী এই প্ৰোটিনৰ দ্বাৰা নিৰ্মিত।যকৃতৰ পিত্ত আৰু অগ্নাশয়ৰ বিভিন্ন পাচক ৰস অন্ত্ৰলৈ নি:সৰণ হয় আৰু এইবিলাক ৰসে পাচন ক্ৰিয়া সম্পুৰ্ণ কৰাত বিশেষ গুৰুত্বপুৰ্ণ ভুমিকা পালন কৰে।ইয়াৰোপৰি অমাশয় তথা বেৰৰ কাষৰ কোষৰ পৰাও বিভিন্ন পাচক ৰসৰ উৎপন্ন হয় আৰু এই ৰসেও পাচন ক্ৰিয়াত সহায় কৰে।

প্ৰতিজন ব্যক্তিৰে শৰীৰত এক উত্তাপ সৃষ্টি হৈ থাকে।এই উত্তাপেও গ্ৰহণ কৰা আহাৰ হজম কৰাৰ কামত সহায় কৰে।এই উত্তাপৰ তাপমান কেতিয়াবা বৃদ্ধি হয় আৰু কেতিয়াবা কম হয়।পেটৰ উত্তাপ যেতিয়া কম হৈ যায় তেতিয়া ইয়াক ‘অগ্নি মান্দ্যতা’বুলি কোৱা হয়।অসময়ত খাদ্য খোৱাৰ ফলত যৌন দুৰ্বলতা তথা অজীৰ্ণ ৰোগৰ সৃষ্টি হয়।

পাচনক্ৰিয়া সুচাৰুৰুপে সম্পন্ন হোৱাৰ লগতে পাচনজনিত ৰোগৰ পৰা বাচি থাকিবলৈ হ’লে অধিক জলা- মছলাযুক্ত খাদ্য,অ ধিক তেলজাতীয় কাদ্য,বাহী খাদ্য,মাংস,মাদক দ্ৰব্য আদিৰ পৰা দুৰত থাকিব লাগে।আনহাতে নিয়মিতৰুপত ব্যায়াম,যোগাসন আদিও কৰিব লাগে।ইয়াৰোপৰি প্ৰাকৃতিকভাৱে পাব পৰা কিছুমান দ্ৰব্য খালে আশাতীত ফল পোৱা যায়।পাচন তন্ত্ৰক বিকাৰমুক্ত কৰি ৰখাৰ লগতে ইয়াক সুচাৰুৰপে কাৰ্যক্ষম কৰি ৰখাৰ বাবে কেইটিমান খাদ্যদ্ৰব্য নিয়মীয়াকৈ খাই থাকিব লাগে।তলত সেই দ্ৰব্যবিলাকৰ বিষয়ে থুলমুলকৈ উল্লেখ কৰা হ’ল-

*অমিতা

 

অমিতা এবিধ উপকাৰী ফল,ইয়াত কেলচিয়াম,ফছফৰাচ,খনিজ লৱণ,লো,প্ৰোটিন,কাৰ্বোহাইড্ৰেট আদি পদাৰ্থ পোৱা যায়।ৰাষত্ৰীয় পাচন সংস্থাৰ দ্বাৰা কৰা এক অধ্যায়নত এই কথা পোহৰলৈ আহিছে,যে অমিতাত থকা ‘পেপেইন’নামৰ পদাৰ্থবিধ সবাতোকৈ গুৰুত্বপুৰ্ণ উপাদান।পেপেইন এবিধ প্ৰোটিন পাচক উপাদান।অমিতাত প্ৰায় ২০ শতাংশ পেপেইন পোৱা যায়।পাচন তন্ত্ৰৰ লগত সম্পৰ্ক থকা ৰোগ,যেনে-ভোক নলগা,অজীৰ্ণ,যৌনশক্তি কম হোৱা আদি বেমাৰত অমিতা বিশেষভাৱে উপকাৰী,আহাৰৰ তালিকাত প্ৰতিদিনে অমিতা ৰাখিব পাৰিলে ভাল।পেটৰ নানান ধৰণৰ সমস্যাৰ পৰা মুক্তি পাবলৈ পুৱা শুই উঠি খালী পেটত পকা অমিতা খালে বহুতো উপকাৰ পোৱা যায়।ই পেটৰ নানান সমস্যা নাইকিয়া কৰাৰ লগতে পাচন তন্ত্ৰ নিৰোগী কৰি ৰখাত সহায় কৰে।

কেঁচা অমিতাই পাচন তন্ত্ৰৰ সৈতে জড়িত ৰোগ নিৰ্মুল কৰাত সহায় কৰে।যদি সঘনাই পাতল শৌচ বা ডায়েৰিয়া হৈ থাকে,তেন্তে কেঁচা অমিতা কাটি পানীত উতলাই খালে দুই-তিনি দিনতে এনে ধৰণৰ ৰোগৰ পৰা উপশম পোৱা যায়।এটা বাতাচাত দহ টোপালকৈ অমিতাৰ পৰা ওলোৱা আঠা মিহলাই প্ৰায় দহ-পোন্ধৰ দিন খালে জণ্ডিচ ৰোগৰ পৰা উপশম পোৱা যায়।কেঁচা অমিতাৰ ৰস খালে পেটৰ ভিতৰত থকা পেলু নষ্ট হয়।

যকৃতজনিত সমস্যাত ভুগিলে প্ৰতিদিনে আহাৰৰ পিছত সৰিয়হৰ তেলত ডুবাই থোৱা অমিতাৰ টুকুৰা চোবাই খালে উপকৃত হয়।মনত ৰাখিব অমিতাৰ টুকুৰা অতি কমেও সাত দিনলৈ সৰিয়হৰ তেলত ডুবাই ৰাখিব লাগে।অমিতাৰ টুকুৰাত নেমুৰ ৰস,ক’লা নিমখ আৰু জালুকৰ গুড়ি মিহলাই খালে অজীৰ্ণ ৰোগত আশাতীত ফল পোৱা যায়

*চালকুঁৱৰী (এলোভেৰা)

 

চালকুঁৱৰীয়ে জীৱনী শক্তি বৃদ্ধি কৰাত সহায় কৰে।ই আমাৰ দেহৰ পুৰণি কোষৰ মেৰামতি কৰাৰ লগতে নতুন কোষ উৎপাদন প্ৰক্ৰিয়াত সহায় কৰে।তদুপৰি চালকুঁৱৰীত উচ্চ এণ্টিঅক্সিডেণ্ট পোৱা যায়।চালকুঁৱৰীত (এলোভেৰা)থকা ‘ছেপ’নিন’নামৰ দ্ৰব্যই আমাৰ পাচন তন্ত্ৰ শোধন কৰে।ফলত পাচন প্ৰক্ৰিয়া সক্ৰিয় হয়।এলোভেৰাত কাৰ্বোহাইড্ৰেট,খনিজ এনজাইম,ভিটামিন আৰু এমিনো এচিড যথেষ্ট পৰিমাণে পোৱা যায়।সেয়ে ই আভোক দুৰ কৰি পাচন ক্ৰিয়া সক্ৰিয় কৰাৰ লগতে পাচন তন্ত্ৰৰ সকলো ৰোগ নিৰ্মুলত  সহায় কৰে।ই হাইড্ৰ’ক্লৰিক অম্ল আৰু পেপলিনক পাচন তন্ত্ৰৰ পৰা উলিয়াই দিয়ে।এচিডিটিৰ সমস্যাৰ সৃষ্টি নহয়।এলোভেৰাৰ সতেজ পাতৰ শাহ ২০ গ্ৰাম,অমৰলতা (গুলঞ্চ বা গিলোয়) ১০ গ্ৰাম,ঘেঁহুৰ পুলি ৪০ গ্ৰাম,তুলসী পাত ২০ গ্ৰাম আৰু অশ্বগন্ধাৰ পাত ১০ গ্ৰাম মাত্ৰাত লৈ একেলগে মিহলাই মিহিকৈ বাট ৰস উলিয়াই ল’ব।পিছত ইয়াত পানী মিহলাই দুকাপ ৰস তৈয়াৰ কৰিব।পুৱা খালী পেটত একাপ আৰু গধুলি পাঁচ বজাত একাপ ৰস সেৱন কৰক।মনত ৰাখিব ৰস সেৱন কৰাৰ এঘণ্টাৰ পুৰ্বে আৰু এঘণ্টাৰ পিছলৈকে কোনোধৰণৰ খাদ্যবস্তু গ্ৰহণ নকৰিব।এই ৰস পাচন তন্ত্ৰৰ বাবে অতি লাভদায়ক।

*জামু:

 

জামু পুষ্টিকৰ গুণেৰে ভৰপুৰ তথা বিভিন্ন ৰোগৰ ঔষধি গুণ থকা এবিধ ফল।১০০ গ্ৰাম জামুৰ ৰসত ৮০ মি:গ্ৰাম ভিটামিন ‘চি’থাকে।ইয়াত যথেষ্ট পৰিমাণে আয়ৰণ পোৱা যায়।ইয়াৰোপৰি জামুত খনিজ লৱণ শৰ্কৰা কাৰ্বোহাইড্ৰেট আৰু প্ৰোটিন পৰ্যাপ্ত পৰিমাণে থাকে।জামুৰ ফল তিতা,মিঠা,সুস্বাদু,শুকান অৱৰোধক,বলবৰ্ধক তথা কফ,পিত্ত আৰু বায়ু নাশ কৰা এবিধ ফল।জামুত যকৃত তথা প্লীহা সম্পৰ্কীয় বেমাৰ দুৰ শৰীৰত নতুন তেজৰ সঞ্চাৰ কৰাৰ ক্ষমতাও আছে।য়ুনানী চিকিৎসা পদ্ধতিৰ মতে জামুৰ ফলে যকৃতক শক্তি প্ৰদান কৰাৰ লগতে গৰম নাশ কৰাতো সক্ষম।

যকৃতক শক্তি প্ৰদান কৰিবলৈ আৰু ভোক নলগা তথা জ্বলা-পোৰা নাইকিয়া কৰিবলৈ সতেজ জামু খোৱা প্ৰয়োজন।যৌৱন শক্তি ঘুৰাই পাবৰ কাৰণে ক’লা নিমখ তথা জিৰা গুড়িৰ সৈতে জামু খাব লাগে।জামু খালে হেৰুওৱা পাচন শক্তি পুনৰ ঘুৰাই পোৱা যায়।সৰু জামুৰ ৰস তিনিৰ পৰা ১২ গ্ৰাম সেৱন কৰিলে পেটৰ বিষ,অগ্নিমান্দ্য ,প্লীহা বৃদ্ধি তথা হৃদৰোগজনিত সমস্যাৰ পৰা উপশম পোৱা যায়।ডিচেণ্ট্ৰি হ’লে জামু গুটিৰ গুড়ি এচামুচকৈ দিনত দুবাৰ সেৱন কৰিলে উপশম পোৱা যায়।জামু গছৰ চাল ছাঁত শুকুৱাই ভালদৰে বটি ল’ব।ইয়াক চাৰি গ্ৰামকৈ পুৱা খালী পেটত খালে গ্ৰহণী ৰোগ নিৰ্মুল হয়।মনত ৰাখিব,জামু খোৱাৰ লগে লগে গাখীৰ খাব নালাগে।

*আদা

 

আদা এবিধ অতিকৈ উপযোগী মছলা।ইয়াক দুই ধৰণে প্ৰয়োগ কৰা হয়।কেঁচা আদা আৰু শুকান আদা (শুঁঠ বা শুণ্ঠি)।কেঁচা আদা ৰসেৰে ভৰপুৰ।শুকান আদা ৰসহীন।দুয়োবিধ আদাৰে গুণ সমান।শীত কালত আদা সেৱন কৰিলে বিশেষ উপকাৰ পোৱা যায়।আদা খালে পেটৰ নানা ধৰণৰ ৰোগৰ পৰা মুক্তি পাব পাৰি।পেটৰ বিষ,ভোক নলগা হ’লে আদা পিচি নিমখ আৰু নেমুৰ ৰসৰ সৈতে মিহলাই খালে উপকৃত হ’ব পাৰি।পাতল শৌচ হ’লে পানীত আদা কুটি উতলাই খালে ডায়েৰিয়াৰ পৰা আৰাম পোৱা যায়।শুকান আদা আৰু জায়ফল খহটা শিলৰ পটাত ঘঁহি ঘঁহি দিনে তিনি-চাৰিবাৰ পানীৰ সৈতে মিহলাই খালে ডায়েৰিয়া ৰোগ নিৰ্মুল হয়।এচামুচ শুকান আদাৰ গুড়ি পানীৰ সৈতে মিহলাই নিশা শোৱাৰ বাগত খালে কোষ্ঠকাঠিন্যৰ উপশম পোৱা যায়।দহ গ্ৰাম জালুক,শুকান আদা,পিপলি,জিৰা আৰু ক’লা নিমখ মিহলাই ভালদৰে বটি মিশ্ৰণ তৈয়াৰ কৰক।আহাৰৰ পিছত দুই গ্ৰামকৈ পানীৰ সৈতে এই গুড়ি খালে যৌন সমস্যা দুৰ হোৱাৰ লগতে পাচন শক্তিও বৃদ্ধি হয়।

*যনী

 

যনী তীক্ষ্ণ,পাচক,গৰম,কৃমিনাশক আৰু কেহা।পাচনতন্ত্ৰজনিত ৰোগত ইয়াৰ প্ৰয়োগ বিশেষভাৱে উপযোগী।ই অজীৰ্ণ,জণ্ডিচ,বায়ু দোষ,বমি,যকৃত তথা প্লীহা সম্বন্ধীয় ৰোগত উপকাৰ পোৱা যায়।পেটৰ বিষ হ’লে যনী আৰু ক’লা নিমখ মিহলাই সেৱন কৰিলে উপকাৰ পোৱা যায়।যদি পেটত কৃমি হয়,তেন্তে দিনত অলপমান গুড় খাব আৰু নিশা যনী সেৱন কৰক।ই পেটৰ কৃমি নষ্ট কৰিব।যদি টেঙা হিকটি বা বমি আহে,তেন্তে যনী খালে তাৎক্ষণিকভাৱে আৰাম পোৱা যায়।চাৰি গ্ৰাম ক’লা নিমখ,দুই গ্ৰাম তুলসী পাত (শুকান),আধা গ্ৰাম হিং লৈ এক মিশ্ৰণ তৈয়াৰ কৰক।দিনত তিনিবাৰ ইয়াক সেৱন কৰিলে পাচন তন্ত্ৰৰ প্ৰায়বোৰ ৰোগ নিৰ্মুল হয়।ই অজীৰ্ণ,পেটৰ বিষ,অধিক গেছ আদি ৰোগৰ পৰা আৰাম দিয়ে।যনীৰ গুড়ি পাঁচ গ্ৰাম আৰু কৰ্পুৰ ১২৫ মি:গ্ৰা: মাত্ৰাত লৈ মিহলাই বটি ল’ব।ইয়াক মৌৰ সৈতে মিহলাই খালে বমি বা বমিৰ ভাবৰ পৰা মুক্তি পোৱা যায়।

 

*বেল

 

বেলৰ দৰে ঔষধি গুণবিশিষ্ট ফল দ্বিতীয় এবিধ নাই।এই পৃথিৱীত বেল হৈছে এনে এবিধ ফল,যিয়ে মহৌষধিৰ কাম কৰে।জণ্ডিচ হ’লে বেল সেৱন কৰক,শৌচ টান হ’লে বেল খালে ভাল ফল পোৱা যায়।বেল কেঁচা অথবা পকা দুয়োবিধেই ঔষধি গুণেৰে ভৰপুৰ।বেল পাচনতন্ত্ৰৰ ৰোগৰ বাবে  অতি উপযোগী।পকা বেল কুটি শুকুৱাই মিহিকৈ বটি গুড়ি কৰি ল’ব।প্ৰতিদিনে এচামুচকৈ ইয়াক সেৱন কৰিলে পাচন তন্ত্ৰৰ অজীৰ্ণ ৰোগ নাইকিয়া হয়।কেঁচা বেল শৌচ টান হোৱা ৰোগত উপকাৰী।বেলৰ কেঁচা ফল গুড়ি কৰি গুহ্যদ্বাৰত লগালে অৰ্শ তথা কোষ্ঠকাঠিন্য ৰোগত ভাল ফল পোৱা যায়।চফ আৰু বেলৰ গুড়ি সমান মাত্ৰাত লৈ মিহিকৈ পিচি ল’ব।এই মিশ্ৰণৰ সৈতে অলপমান গুড় মিহলাই পুৱা-গধুলি ৯ গ্ৰামকৈ সেৱন কৰিলে পেট অথবা শৌচৰ বেমাৰ দুৰ হয়।ইয়াৰোপৰি জণ্ডিচ ৰোগৰ পৰা আৰাম পাবলৈ আধা পকা বেলৰ গুড়ি পানীৰ সৈতে উতলাই চেকি ইয়াৰ লগত মৌ মিহলাই খালে ভাল ফল পোৱা যায়।

*ইছবগোল

 

ইছববোগল এক গুণকাৰী ঘৰুৱা ঔষধ।ই পুষ্টিকৰ ,স্নিগ্ধ,মিঠা,গ্ৰাহী আৰু কফ-পিত্ত নাশক।পাচন তন্ত্ৰৰ ৰোগত ইছবগোল বিশেষ উপকাৰী।ডায়েৰিয়া ,জণ্ডিচ,গ্ৰহণী শৌচৰ লগত তেজ পৰা আদি ৰোগত বহু উপযোগী।ইছবগোল পিত্ত বা ৰেচন ঔষধিৰ কাৰণে দুৰ্বল হোৱা পাচনতন্ত্ৰক শক্তি প্ৰদান কৰে তথা অগ্নি দ্বীপন কৰি জল গাঢ় কৰে।ইয়াৰ ফলত সকলো প্ৰকাৰৰ ডায়েৰিয়া,শাওঁ পৰা ৰোগত সুফল পোৱা যায়।চাৰি গ্ৰাম মাত্ৰাত পানী অথবা গাখীৰৰ সৈতে ইছবগোলৰ গুড়ি মিহলাই খালে পাচনতন্ত্ৰজনিত ৰোগৰ পৰা উপশম পোৱা যায়।ইছবগোলৰ গুটি পিচি তিনি গ্ৰামকৈ পুৱা-গধুলি সেৱন কৰিলে সকলোধৰণৰ ডায়েৰিয়া বা ডিচেণ্ট্ৰিৰ পৰা আৰাম পোৱা যায়।

*গাজৰ

 

গাজৰ যিকোনো প্ৰকাৰে খালে ভোক বঢ়ায় আৰু পাচন যন্ত্ৰ সবল কৰে।ইয়াক সেৱন কৰিলে পেট পৰিষ্কাৰ হয়।ফলত পেটত থকা কৃমি নষ্ট হৈ যায়।গাজৰে যকৃতত উৎপন্ন হোৱা ৰোগ দুৰ কৰাৰ লগতে তেজ বৃদ্ধি কৰে।কেঁচা গাজৰৰ কটা টুকুৰাত আদা,পদিনা আৰু নেমুৰ ৰস মিহলাই খালে পাচন শক্তি বৃদ্ধি হোৱাৰ লগতে আভোক লগা তথা গেছ নাইকিয়া হয়।

*কল

 

পাচন সম্পৰ্কীয় ৰোগ,জণ্ডিচ আদিত কল খালে লাভ হয়।কলত থকা কেলচিয়ামে পেট পৰিষ্কাৰ কৰাত গুৰুত্বপুৰ্ণ ভুমিকা পালন কৰে।নিয়মিতভাৱে কল খালে পেটৰ বেমাৰ ভাল হয়।ডায়েৰিয়া ৰোগৰ প্ৰাকৃতিক ঔষধ হিচাপে কলক গণ্য কৰা হয়।কল মুলত: পাচক ফল।কিন্তু মনত ৰাখিব,সদায় পকা কলহে খাব লাগে।খালী পেটত কেতিয়াও কল খাব নালাগে।তদুপৰি ৰাতি কেতিয়াও কল খাব নালাগে।কলত পেক্টিন নামৰ এবিধ পদাৰ্থ থাকে।ই আমাৰ শৌচ কোমল কৰি পেট চফা কৰি ৰাখে।কলৰ বাকলিৰ ভিতৰফালে থকা কোমল ৰেখাবোৰে আমাৰ অগ্নাশয় শক্তিশালী কৰে।দৈৰ সৈতে কল খালে শৌচ টান হোৱাৰ পৰা ৰক্ষা পোৱা যায়।পেটত ঘা হ’লে কল খাব লাগে।কলে পেটৰ আলচাৰ নিৰাময় কৰে।কল দৈৰ সৈতে সানি তত অলপ জিৰা আৰু ক’লা নিমখ দি খালে জণ্ডিচ ৰোগৰ পৰা উপশম পোৱা যায়।পেট জ্বলা-পোৰা,অম্লতা আদি বেমাৰত পকা খালে বিশেষভাৱে উপকৃত হ’ব পাৰি।

*মুলা

 

মুলা খালে পাচন তন্ত্ৰজনিত বহু ৰোগ নিৰ্মুল হয়।শৌচ টান হোৱা ৰোগত মুল্য বৰ উপকাৰী।মুলাত থকা ছ’ডিয়াম তথা ক্ল’ৰিণে শৌচ নিষ্কাশন কৰাত সহায় কৰে।পেটৰ জ্বলন হ’লে,টেঙা হিকটি আহিলে বা পিত্তৰ প্ৰকোপ হ’লে,মুলা খালে আৰাম পোৱা যায়।ই পাচন শক্তি বৃদ্ধি কৰে।মুলাৰ পাত খালে বদহজম দুৰ হয়।টেঙা উগাৰ আহিলে ক’লা নিমখৰে কেঁচা মুলা খালে আৰাম পোৱা যায়।মুলাই পেটৰ ভিতৰৰ গৰম বায়ু বাহিৰ কৰি উলিয়াই দিয়ে।

*দৈ

 

দৈ এবিধ পুষ্টিকৰ খাদ্য।আয়ুৰ্বেদৰ মতে দৈ ৰুচিকাৰক,ভোক বঢ়োৱাত সহায়ক,স্নিগ্ধতা প্ৰদান,পাচন তন্ত্ৰৰ সহায়ক ,যকৃতৰ শক্তি বৃদ্ধিৰ্কৰাত সহায়ক,পেটৰ বেমাৰত উপকাৰী এবিধ খাদ্য।আমাৰ শৰীৰে মাত্ৰ এক ঘণ্টাতে ৯১ শতাংশ দৈ হজম কৰিব পাৰে।সেয়ে ই অত্যন্ত পাচক খাদ্য।পাচন যন্ত্ৰক সুচাৰুৰপে কাম কৰাত দৈয়ে গুৰুত্বপুৰ্ণ ভুমিকা পালন কৰে।বিশেষজ্ঞৰ মতে পেটৰ তলফালে ‘ফ্ল’ৰা’নামৰ এবিধ বেক্টেৰিয়া থাকে।এইবিলাকে আহাৰ হজম কৰাত সহায় কৰে।এলোপেথিক ঔষধ বেছিকৈ খালে এই ‘ফ্ল’ৰা’বেক্টেৰিয়াৰ গতিশীলতা কমি যায়।ফলত আহাৰ সম্পুৰ্ণৰুপে হজম নহয়।দৈয়ে এই বেক্টেৰিয়াক পুনৰ গতিশীলতা প্ৰদান কৰে।ফলত পাচন ক্ৰিয়া সুচাৰুৰপে সম্পন্ন হয়।দৈৰ সৈতে ইছবগোলৰ গুড়ি মিহলাই তিনি-চাৰি ঘণ্টাৰ মুৰে মুৰে খালে বাৰে বাৰে পায়খানা কৰা তথা পেটৰ অন্যান্য সমস্যাৰ পৰা উপশম পোৱা যায়।

*পিয়াঁজ

পিয়াঁজ অধিক গুণসম্পন্ন এবিধ পাচলি।পিয়াঁজত ভিটামিন-‘চি’,ছ’ডিয়াম,লো,তাম সহ বহু মুল্যবান খনিজ লৱণ পোৱা যায়।এইবিলাকে শাৰীৰিক সামৰ্থ বৃদ্ধি কৰে।কেঁচা পিয়াঁজ চোবাই খালে যৌন ৰোগৰ সমস্যা নহয় তথা পাচন শক্তি বৃদ্ধি হয়।ডায়েৰিয়া হ’লে পিয়াঁজ বটি নাভিৰ চাৰিওফালে ডাঠকৈ প্ৰলেপ দিব লাগে।পিয়াঁজৰ ৰস উলিয়াই এচামুচ ৰসৰ সৈতে অলপমান নিমখ মিহলাই শিশুক খুৱাই দিয়ক।ডাঙৰ ব্যক্তিয়ে দুচামুচ ৰস খাব পাৰে।ই বমিৰ ভাব বা বমি হোৱাও বন্ধ কৰে।এচামুচ পিয়াঁজৰ ৰস আৰু এচামুচ আদাৰ ৰস মিহলাই খালে বদহজমী দুৰ হোৱাৰ লগতে বমিৰ পৰাও উপশম দিয়ে।

লেখক:ডা: গৌৰীশংকৰ নাথ (স্বাস্থ্য আৰু দীৰ্ঘজীৱন)

3.08
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top