অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পানী খোৱাৰ নিয়ম :

৭৫% পানীৰে গঠিত মানৱ শৰীৰ। জন্মতে এটি শিশুৰ দেহত সৰ্ব্বমূঠ ৭৫% শতাংশ পানী থাকে। লাহে লাহে যেতিয়া

পানী খোৱাৰ নিয়ম -

প্ৰাপ্ত বয়স্ক হয় তেতিয়া এজন সুস্থ ব্যক্তিৰ শৰীৰত পানীৰ পৰিমান ৬০% হয় গৈ। আৰু মহিলাৰ শৰীৰত ৫৫%।

এতিয়া আহো এই বৃহত পৰিমানৰ পানী আমাৰ শৰীৰৰ কত কত থাকে?

অলপ পানী আমাৰ কিডনীত থাকে, অলপ লিভাৰত থাকে আৰু পেট, মুত্ৰাশয়ত থাকে, কামিহাড়ত স্পাইনেল ফ্লুইডৰ ৰুপে জমা থাকে। আমাৰ হৃদপিণ্ড আৰু মগজু প্ৰায় ৭৫% পানীৰে গঠিত।

হাওঁফাওঁত প্ৰায় ৮৩% পানী থাকে। আমাৰ সমগ্ৰ শৰীৰটোৰ কোষ সমূহত পানী জমা হৈ থাকে। আপোনি জানি আঁচৰিত হব যে আমাৰ হাড়সমূহ যিবোৰ দেখাত সম্পূৰ্ণ শুকান যেন লাগিলেও ইয়াত ৩১% পানী থাকে।

এই সমূহ কথালৈ লক্ষ্য কৰিলে দেখা যায় যে আমাৰ শৰীৰত যিকোনো কামৰ বাবে পানীৰ যিকোনো প্ৰকাৰেই প্ৰয়োজন হয়।

এজন ব্যক্তিয়ে খাদ্য নোখোৱাকৈ বহু সময় ধৰি জীয়াই থকাটো সম্ভৱ, কিন্তু পানীৰ অবিহনে মানুহ দীঘলিয়া সময় ধৰি জীয়াই থকাটো সম্ভৱ নহয়।

গতিকে পানী আমাৰ শৰীৰৰ বাবে অতি আৱস্যক হোৱাৰ বাবেই আমি এই পানী খোৱাৰ নিয়ম পালন কৰাতু অতি আৱস্যক বুলি গণ্য কৰি অহা হৈছে।

কাৰণ পানী খোৱাৰ নিয়ম, পানী খোৱাৰ সময় আৰু পানী খোৱাৰ মাত্ৰাই আমাৰ শৰীৰত ভাল আৰু বেয়া দুই ধৰনৰ প্ৰভাৱ পেলাব পাৰে।

আমি দৈনিক কিমান পানী খাব লাগিব, আৰু কেনেকৈ খাব লাগিব কোন সময়ত আৰু কিমান কিমান খাব লাগিব এই সকলোবোৰ কথা আমি জনাৰ প্ৰয়োজন।

পানী খোৱাৰ নিয়ম নজনাৰ বাবেই আমাৰ শৰীৰত বহু ক্ষতি সাধন হয় -

  • গাঁঠিৰ বিষ,
  • কুষ্ঠ কাঠিন্য,
  • মাইগ্ৰেন,
  • মুখত কলা দাগ,
  • ব্লেগহেড আৰু শাল মইনা হোৱা,
  • চুলি সৰা,
  • ধাৰাবাহিক ভাৱে চুলি সৰা আৰু গেছৰ সমস্যা আদি বৃদ্ধি হব পাৰে।
  • খাদ্য ভাল দৰে হজম নোহোৱা,
  • শৰীৰৰ দূৰ্বল অনুভৱ কৰা,
  • ৰাতি ভাল দৰে টোপনী নহা,
  • কিডনী সমন্ধীয় বেমাৰ,
  • ছাল শুকাই যোৱা,
  • গেছ,
  • ইউৰিক এচিড,
  • শৰীৰৰ ওজন বৃদ্ধি হোৱা,
  • শৰীৰৰ শিৰা সমূহ দূৰ্বল হোৱা আদি বহু বেমাৰ কেৱল পানী পাণ কৰাৰ অনিয়মৰ বাবেই হয়।

আজিকালি বহু লোক এই সমস্যাত এই কাৰনেই ভোগে যে তেওঁলোকে কিবা নহয় কিবা কাৰণত এই পানী পাণ কৰা নিয়মৰ প্ৰতি গুৰুত্ব নিদিয়ে আৰু শৰীৰৰ হোৱা বেমাৰ বোৰৰ ভাল নোহোৱা মূল কাৰণ তেওঁ লোকে কেতিয়াও জানিবলৈ সক্ষম নহয়।

যি সকল লোকে জীৱন কালত পানী পাণ কৰা উত্তম উপায় অৱলম্বন কৰে তেনে ব্যক্তি সকলো সময়তে স্বাস্হ্যৱান আৰু নিৰোগী হৈ থাকে।

বহু বয়সলৈকে চকু, হাড়, চুলি, আদি ঠিকে থাকে, পেট সদায় খুলোচা থাকে আৰু ছাল সদায় উজ্বল হৈ থাকে।

কেৱল এইয়ে নহয়, বহু প্ৰকাৰৰ বেমাৰ কেৱল পানী খোৱাৰ নিয়ম পালন কৰাৰ বাবে সম্পূৰ্ণ ৰূপে ঠিক হোৱা উদাহৰণ আছে।

কেৱল পানীৰ সহায়ত এক মাহতে সম্পূৰ্ণ ৫ কেজি লৈকে ওজন কমাব পৰা হয়। পানী পাণ কৰাৰ নিয়ম সমূহ তো অত্যন্ত সহজ হয়। কিন্তু ইয়াৰ ফল অদ্ভুত হয়।

আহক আমি জানো কেনেকৈ আৰু কিমান পৰিমানে পানী পাণ কৰিব লাগে, কেতিয়া আৰু কেনেকৈ পাণ কৰিব লাগিব, আৰু বিভিন্ন সমস্যা পৰা কেৱল পানী পাণ কৰি কেনেকৈ উপকাৰ পাব পাৰি।

দৈনিক পানী খোৱাৰ মাত্ৰা প্ৰতি জন ব্যক্তিৰ আকাৰ, ওজন বতৰ আৰু প্ৰতিজন ব্যক্তিৰ কাৰ্য প্ৰণালীৰ ওপৰত নিৰ্ভৰ কৰে।

সদায় আমাৰ দেহত প্ৰস্বাৱ, মল আৰু ঘামৰ জৰিয়তে পানী ক্ৰমাগত ভাৱে কমি থাকে আৰু লগতে উশাহ নিশাহ লওঁতে শৰীৰৰ পানী বাষ্প হৈ বাহিৰ হৈ থাকে।

এনেদৰে দৈনিক আমাৰ শৰীৰৰ পৰা পানী ২ ৰ পৰা ৩ লিটাৰ বাহিৰ হৈ থাকে। এজন ব্যক্তিক দিনে ২.৫ ৰ পৰা ৩.৫ লিটাৰ পানী খোৱাৰ উপদেশ দিয়া হয়।

আৰু মহীলা সকলে ২ ৰ পৰা ৩ লিটাৰ পানী খোৱাটো শৰীৰৰ বাবে উপকাৰি বুলি গণ্য কৰা হৈছে।

যদি আপুনি সদায় ৰাতিপূৱা গধূলি শাৰীৰিক ব্যয়াম কৰে তেনেহলে পানীৰ মাত্ৰা অলপ বঢ়াই দিব লাগে। গৰম দিনত উল্লেখিত পৰিমাণতকৈ অলপ বেছি পানী খাব লাগে। পানী যথেষ্ট পৰিমানে পাণ কৰা আমাৰ শৰীৰৰ বাবে উপকাৰী বুলি গণ্য কৰা হৈছে।

কিন্তু প্ৰয়োজনতকৈ অধিক পৰিমানে খোৱা আমাৰ কিডনিৰ বাবে হানিকাৰক হব পাৰে। আপোনি দিনত সঠিক পৰিমাণে পানী খাইছে নে নায় তাক প্ৰেস্বাৱৰ ৰঙৰ পৰাই চিনাক্ত কৰিব পৰা যায়।

যদি আপোনাৰ প্ৰেস্বাৱৰ ৰঙ হালধীয়া হয় তেতিয়া হলে আপোনি বুজিব লাগিব যে আপোনাৰ শৰীৰৰ পানী পৰিমাণ কমিছে আৰু আপোনাৰ পানী খোৱাৰ আবশ্যক আছে।

যদি আপোনাৰ প্ৰেস্বাৱৰ ৰঙ পানীৰ দৰে স্বচ্ছ হয় তেতিয়া হলে আপোনি বুজিব লাগিব যে আপোনাৰ শৰীৰৰ পানী পৰিমাণ সঠিক আছে।

আমি পানী কেতিয়া কেতিয়া খাবলাগিব সেই বিষয়টোতকৈ কেতিয়া আমি পানী খাব নালাগে সেই বিষয়টোহে বেছি গুৰুত্ব দিব লাগে।

কিয়নো ভূল পদ্ধতি আৰু আনুপযুক্ত সময়ত পানী খালে আমাৰ শৰীৰত আটাইতকৈ বেয়া প্ৰভাৱ পৰে।

পূৱা শুই উঠাৰ পাছত বহু ব্যক্তিৰ এটা অভ্যাস আছে চাহ বা কফি খোৱাৰ। ভাল স্বাব্হ্য আৰু পানীৰ পৰা ভাল পোষন পাবৰ বাবে পূৱা চাহ আৰু কফিৰ পৰিৰ্ৱতে পানীৰে দিনটো আৰম্ভ কৰক।

পানী পিয়াহ লাগকে বা নালাগক সদায় পূৱা উঠি ১ ৰ পৰা ২ গিলাছ অৰ্থ্যাৎ ৫০০ মিলি লিটাৰ পানী নিশ্চিত ভাৱে খাওঁক।

খালী পেটত পানী খালে আমাৰ পেট আৰু অন্তঃ ভালদৰে পৰিষ্কাৰ হয়। আৰু লগতে গোটেই ৰাতি আমাৰ মুখত জমা হোৱা লেলাৱতি পেটৰ ভিতৰলৈ যায়।

যি আমাৰ শৰীৰৰ বাবে অত্যন্ত লাভ দায়ক। আৰ্য়ুবেদত পূৱা শুই উঠাৰ পাছত মুখত থকা লেলাৱতিক সোনতকৈও মহত্বপূৰ্ণ বুলি কোৱা হৈছে।

কিয়নো পূৱা উৎপত্তি হোৱা লেলাৱতিত আমাৰ শৰীৰৰ বাবে গুৰুত্বপূৰ্ণ সকলো প্ৰকাৰৰ এনজাইম থাকে আৰু পূৱা পানী খালে এই লেলাৱতি আমাৰ শৰীৰত প্ৰৱেশ কৰে আৰু আমাৰ শৰীৰৰ উপকাৰ সাধন কৰে।

এক গিলাছত প্ৰায় ২৫০ মিলি লিটাৰ পানী থাকে। দিনটো ২.৫ ৰ পৰা ৩ লিটাৰ পানী খাব বাবে এনেদৰে ভাগ কৰি লব লাগে- পূৱা ২ গিলাছ অৰ্থাৎ ৫০০ মিলি লিটাৰ, ১ গিলাছ পূৱা আহাৰ খোৱাৰ পাছত ১, ১ গিলাছকৈ দিনটো খাদ্য খোৱা ৪০ মিনিটৰ আগত আৰু ৪০ মিনিটৰ পাছত। ২ গিলাছ পানী গধূলীৰ সময়ত ১ ঘন্টা মূৰে মূৰে খাব।

ৰাতি খাদ্য খোৱা ৪০ মিনিট আগত ১ গিলাছ আৰু ৪০ মিনিটৰ পিছত ১ গিলাছ খাওঁক। যদি আপোনি দৈনিক জিম কৰে নাইবা শাৰীৰিক ব্যায়াম কৰে বা আপোনাৰ দৈনন্দিন কাম বাহিৰত ঘুৰা ফুৰাকৰা, বা শাৰীৰিক কাম কৰা তেনেহলে কামৰ মাজে মাজে আধা আধা গিলাছকৈ ২ গিলাছ পানী নিশ্চিত ভাৱে খাওঁক।

লেখক: ডাঃ হৰিকান্ত দাস

শেহতীয়া উন্নীতকৰণ: : 6/25/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate