মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / পানী লগাৰ বিৰুদ্ধে যুদ্ধ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

পানী লগাৰ বিৰুদ্ধে যুদ্ধ :

পানী লগাৰ বিৰুদ্ধে যুদ্ধৰ বিষয়ে লিখা হৈছে ।

আদিম কালৰ গুহাবাসী মানুহৰো পানীলগা হৈছিল । পানীলগাৰ যন্ত্ৰণাৰ পৰা নিস্তাৰ পাবলৈ মানুহে বিভিন্ন উপায় অৱলম্বন কৰি আহিছে । এতিয়া বেছিভাগ ডাক্তৰৰ লগতে ময়ো এই কথা বিশ্বাস কৰোঁ যে ডাক্তৰে মানুহৰ নষ্ট হোৱা লিভাৰ কাটি তাৰ ঠাইত নতুন লিভাৰ লগাব পাৰে বা টেষ্ট টিউবত শিশু জন্ম দিব পাৰে, কিন্তু পানীলগা ৰোগ কেতিয়াও জয় কৰিব নোৱাৰে । কিন্তু পানীলগাৰ যন্ত্ৰণাৰ পৰা উপশম পাবলৈ কেইটামান উপায় অৱলম্বন কৰিব পাৰি ।

আহাৰৰ বিষয়ত বিশেষ সাৱধানতা অৱলম্বন কৰিব লাগে । পানীলগাকে ধৰি সকলো ৰোগৰে প্ৰতিষেধ কৰিবলৈ শৰীৰক সকলোবোৰ পুষ্টিৰ উপাদান যোগান ধৰিব লাগিব । বিশেষকৈ জাৰৰ দিনকেইটাত পেট ভৰাকৈ এটা ভাল ব্ৰেকফাষ্ট খালে গোটেই দিনটোৰ কাৰণে শৰীৰত উত্তাপৰ যোগান অব্যাহত আছে । সেই কাৰণে ব্ৰেকফ্ৰাষ্ট নোখোৱাকৈ- অন্তত: কেইটুকুৰামান ৰুটী নোখোৱাকৈ কেতিয়াও ঘৰৰ বাহিৰলৈ যাব নালাগে ।

জাৰৰ দিনত খুব ভাবি-চিন্তি কাপোৰ পিন্ধিব লাগে । এটা পাত্ৰ ডাঠ গৰম চোলা পিন্ধাতকৈ কেইবাটাও পাতল গৰম বাঢ়ি অহাৰ লগে লগে এটা এটাকৈ কাপোৰ খুলি থ’ব পাৰি । এটা ডাঠ আৱৰণতকৈ দুটা পাতল আৱৰণে শৰীৰৰ উত্তাপ সংৰক্ষণ কৰাত বেছি সহায় কৰে । তদুপৰি ঠাণ্ডা-গৰমৰ প্ৰকোপ অনুযায়ী এটা এটাকৈ কাপোৰ খুলিলে শৰীৰে পৰিৱেশৰ লগত নিজৰ তাপৰ সমতা ৰক্ষা কৰিব পাৰে । তপা মানুহে জাৰৰ দিনত সদায় টুপী পিন্ধি থাকিব লাগে ।

হাত দুখন নিজৰ চকুৰ পৰা সদায় দূৰত ৰাখিব । পানীলগাৰ বীজাণু ঘাইকৈ হাতৰ যোগেদি শৰীৰলৈ সংক্ৰমিত হয় । হাতেৰে চকু মোহাৰিলে পানীলগাৰ বীজাণু চকুত প্ৰৱেশ কৰি শৰীৰলৈ বিয়পি পৰে । হাত দুখন  চকু আৰু নাকলৈ নিনিয়াটোৱেই হ’ল পানীলগাৰ পৰা ৰক্ষা পৰি থকাৰ আটাইতকৈ ডাঙৰ উপায় ।

পানীলগাৰ আটাইতকৈ ভাল চিকিৎসা হ’ল- একুৰা জুইৰ সন্মুখত বহি লৈ, ভৰি দুখন আঁঠুলৈকে কম্বলেৰে ঢাকি, কোলাত এটা গৰম পানীৰ বেগ আৰু হাতত যিকোনো এটা পানীয় লৈ আৰাম অনুভৱ কৰা ।

উৎস :- জি এনআৰচি স্বাস্থ্য

2.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top