পানীয়ে প্ৰাণীৰ প্ৰাণ। সৰুতে কিতাপত পঢ়িবলৈ পাইছিলো আমি, কিন্তু এই পানীনো কি, কেনেকৈ হয়, ইয়াৰ গুণকাৰিতা কি আজি সেয়াই কিছু বহলাই ক’বলৈ বিচাৰিছো।
পানী হ’ল আচলতে অক্সিজেন আৰু হাইড্ৰ’জেনৰ মিলনৰ ফলত সৃষ্টি হোৱা এবিধ তৰল যাক H20 ৰাসায়নিক নামেৰে নামাকৰণ কৰা হৈছে। ইয়াক বিভিন্ন ঠাইত বিভিন্ন ভাষাৰে জনা যায়। ইংৰাজীত Water, বেংগলীত জল ইত্যাদি ইত্যাদি।
বিশুদ্ধ পানী হ’ল সোৱাদহীন, গোন্ধহীন এক বিশুদ্ধ তৰল। মানুহলৈ প্ৰকৃতিৰ এক অনবদ্য অৱদানৰ ভিতৰত এই পানীও এবিধ। জীৱৰ এক এৰাব নোৱাৰা সম্পর্ক এই পানীৰ সৈতে।
মানৱ দেহৰ সুস্বাস্থ্যৰ বাবে খুবেই জৰুৰী উপাদানৰ ভিতৰত পানীও খাদ্য হজম কৰা, সঠিক মাংসপেশীৰ টন ধৰি ৰখা, শৰীৰত থকা কোষবোৰত অক্সিজেনৰ যোগান ধৰা, শৰীৰৰ শীততাপ নিয়ন্ত্ৰণ কৰি ৰখা। সুস্বাস্থ্যৰ বাবে দৈনিক ৮ গিলাছ পানী খোৱাটো নিতান্তই প্রয়োজন। মানৱ দেহৰ ৭০-৭৫ শতাংশ অর্থাৎ তিনিভাগৰ দুভাগ ওজনেই পানী। তেজৰ ৯০ শতাংশই হ’ল পানী। যদি আমাৰ শৰীৰে সঠিক পৰিমাণে পানী নাপায় তেন্তে ই এই তেজৰ পৰাই গ্রহণ কৰে। যাৰ ফলত সৰু সৰু ৰক্তবাহী নলীবোৰ বন্ধ হোৱাৰ উপক্ৰম হয় লগতে ঘা শুকুৱা, শৰীৰত সঠিক প্রেছাৰত তেজৰ চলাচল হোৱাত অসুবিধাৰ সৃষ্টি হয়। যাৰ ফলত উচ্চ ৰক্তচাপ, ক’লেষ্ট্ৰৰেল লেভেল বেছি হোৱা, হার্টৰ বিভিন্ন অসুখ আদিয়ে দেখা দিয়ে। নতুনকৈ হোৱা Survey ৰ পৰা জনা গৈছে যে দেহত পানীৰ অভাৱৰ বাবে মূৰৰ বিষ, আৰ্থাইটিছ বুকু জ্বলা-পোৰা কৰা আদিও দেখা যায়।
পৃথিৱীৰ মুঠ পানীৰ কেৱল মাত্র ১শতাংশ পানীহে খোৱাৰ উপযোগী যদিও ই পৃথিৱীৰ দুই তৃতীয়াংশ। গতিকে আহক আমি সকলোৱে এই মহা মূল্যৱান তৰলবিধ ভালদৰে সংৰক্ষণ কৰি ইয়াৰ সঠিক ব্যৱহাৰ কৰো। আগলৈ আৰু পানীৰ বিষয়ে নতুন নতুন কথা জনাৰ আশাৰে।
লিখক: ডা: আব্দুল চাত্তাৰ।
শেহতীয়া উন্নীতকৰণ: : 2/13/2023
আহাৰ আৰু বনৌষধিৰে আমাৰ স্বাস্থ্য
অতিভোজনৰ ফলত হ’ব পৰা বিপদৰ বিষয়ে আলোচনা কৰা হৈছে।
আহাৰ আৰু স্বাস্থ্য
এৰবিক ব্যায়াম