মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / পানীলগা, কাহ আৰু জ্বৰত আহাৰৰ ভূমিকা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

পানীলগা, কাহ আৰু জ্বৰত আহাৰৰ ভূমিকা

পানীলগা, কাহ আৰু জ্বৰত আহাৰৰ ভূমিকাৰ বিষয়ে লিখা হৈছে ।

 

আমি সকলোৱে সুস্থ- সবল হৈ থাকিব বিচাৰো। গতিকে সুস্থ-সবল হৈ ৰোগমুক্ত জীৱন এটা লৈ জীয়াই থাকিবলৈ সকলোৰে হেঁপাহ। গতিকে প্ৰত্যেকেই আমি আমাৰ শৰীৰৰ প্ৰতি সচেতন হ’ব লাগে। তাৰ কাৰণে আমি সদায় সুষম আহাৰ খাব লাগিব। সুষম আহাৰত যথেষ্ট পৰিমাণে এণ্টিঅক্সিডেণ্ট থকা খাদ্যবস্তু সন্নিৱিষ্ট হৈ থাকে। এই এণ্টিঅক্সিডেণ্টসমুহে শৰীৰৰ ফ্ৰী ৰেডিকেল বাহিৰলৈ উলিয়াই দিয়াত সহায় কৰে আৰু তেতিয়া আমাৰ শৰীৰৰ ৰোগ প্ৰ্তিৰোধী ক্ষমতা বাঢ়ি যায়। যদি আমাৰ শৰীৰে সুষম আহাৰ নাপায় তেনেহ’লে আমাৰ ৰোগ প্ৰতিৰোধী ক্ষমতা নাথাকে আৰু তেতিয়াই আমাক সঘনাই ভাইৰাছ বা বেক্টেৰিয়াই আক্ৰমণ কৰিব পাৰে। আৰু এইবোৰৰ দ্বাৰা সংক্ৰমিত হৈ আমি নানান ৰোগত ভোগাৰ সম্ভাৱনাই দেখা দিয়ে। এই ৰোগবোৰৰ ভিতৰত অতি সাধাৰণ বুলি ভবা চৰ্দি, কাহ বা সাধাৰণ জ্বৰো হৈছে এবিধ ৰোগ। যাক আমি উলাই কৰিব নোৱাৰো। আমি প্ৰত্যেকেই এই ৰোগত ভুগিবলগীয়া হয়। কাৰণ আমাৰ শৰীৰত এই ৰোগ প্ৰতিৰোধ কৰিব পৰা ক্ষমতা কম।

সাধাৰণতে এই পানীলগা, কাহ, জ্বৰ বতৰৰ সালসলনিৰ সময়তে হোৱা দেখা যায়। এই ৰোগবিধক চিকিৎসা-বিজ্ঞানৰ ভাষাত ইনফ্লুৱেঞ্জা বুলি কোৱা হয়। এই সংক্ৰামক ৰোগবিধে শৰীৰত আক্ৰমণ কৰিলে, আক্ৰান্ত ব্যক্তিজনৰ নাকেৰে বিজলুৱা পানী, নাক সোপা মাৰি ধৰা, জ্বৰ, দুৰ্বলতা কেতিয়াবা শ্বাস-প্ৰশ্বাস লোৱাতো কষ্ট হয়। মুৰ আৰু মাংসপেশীৰ বিষ অনুভৱ হয়। বিশেষকৈ শীতকালত ঋতু পৰিৱৰ্তনৰ সময়ত এইধৰণৰ বেমাৰ বেছিকৈ হোৱা দেখা যায়। এই ৰোগ হোৱাৰ লগে লগে প্ৰথম অৱস্থাত ব্যৱস্থা নল’লে পিছলৈ পুৰণি হ’লে হাওঁফাওঁত আক্ৰমণ কৰা দেখা যায় আৰু ভাল হওঁতেও দেৰি লাগে । দৰব খালেও বা নাখালেও ৬ বা ৭ দিনৰ ভিতৰত ঠিক হৈ যায়। কিন্তু যদি শৰীৰ দুৰ্বল বা স্বাভাৱিক প্ৰতিৰোধ ক্ষমতা নাথাকে তেনেহ’লে ৰোগে গম্ভীৰ ৰুপ ধাৰণ কৰিব পাৰে।

সেইবাবে স্বাভাৱিক প্ৰতিৰোধ ক্ষমতা অটুট ৰাখিবলৈ খাদ্যবস্তুৰ ওপৰত নিৰ্ভৰ কৰিব লাগে। অইন অসুখত যিদৰে জিৰণিৰ প্ৰয়োজন, সাধাৰণ পানীলগা অসুখ হৈউ থকাৰ সময়তো যথেষ্ট জিৰণি আৰু গৰম পানী খাব লাগে। জলীয় ভাপ আদি ল’ব পাৰিলে যথেষ্ট আৰাম পাব পাৰি। চৰ্দি লাগি থকা অৱস্থাত ঠাণ্ডা পানী ব্যৱহাৰ নকৰি গৰম পানীৰ ব্যৱহাৰ আৰু খালে যথেষ্ট উপকাৰ সাধে আৰু খাদ্যবস্তু গৰমে গৰমে খাব লাগে। যথেষ্ট পৰিমাণে সুষম আহাৰ খাব লাগে। পানীলগা লগতে কাহ সমানে হোৱা দেখা যায়। সেই সময়ত গৰম ৰঙা চাহ বা গৰম নিমখ- পানীৰে কুলকুলি কৰি উপশম পাব পাৰি। কাৰণ গৰম পানীৰে কুলকুলি কৰাৰ সময়ত ডিঙিৰ তাপমাত্ৰা সাময়িকভাৱে বাঢ়ি যোৱাৰ ফলত সংক্ৰমণজনিত প্ৰবাহ সামান্যতম কমে আৰু ডিঙিত আৰাম অনুভৱ হয়। আদাৰ ৰসৰ লগত মৌ নাইবা তুলসীৰ ৰসৰ লগত মৌ বা ৰঙা চাহত জালুকৰ গুড়ি আৰু মৌ মিহলাই খালে কাহৰ পৰা পৰিত্ৰাণ পাব পাৰি।

আধুনিক চিকিৎসা- বিজ্ঞানৰ ফালৰ পৰা চাবলৈ গ’লে সাধাৰণ পানীলগা জ্বৰত ভাত, গাখীৰ, কল, কণী বা আঙুৰ আদি খোৱাৰ পৰা বিৰত থকাৰ কোনো যুক্তি নাই। কোনো খাদ্যই ৰোগটোৰ পৰা আৰোগ্য পোৱাৰ ক্ষেত্ৰত বাধা আৰোপ কৰিব নোৱাৰে। গতিকে পানীলগা জ্বৰ হ’লে স্বাভাৱিক অৱস্থাত গোটেই দিনটোত যিবোৰ খাদ্যত আমি অভ্যস্ত, সেইবোৰ সংকোচ নকৰাকৈ খাই থাকিব পাৰি। ভাত, ৰুটী, দাইল, মাছ, মাংস, কণী, শাক-পাচলি, সকলো ধৰণৰ ফল-মূল আদি খাব পাৰি।

কিন্তু দৈ, ফলৰ ৰস, আইচক্ৰীম ইত্যাদি ফ্ৰীজত থকা বস্তু কেতিয়াও খাব নালাগে। খুব ঠাণ্ডা বা ফ্ৰীজৰ পৰা উলিয়াই খোৱা, আনকি ফ্ৰীজত থোৱা পানী খালেও বহুতৰে হঠাৎ ডিঙিৰ বিষ আৰম্ভ হয়। ইয়াৰ কাৰণ ডিঙিৰ তাপমাত্ৰাৰ আকস্মিক হ্ৰাস-বৃদ্ধিৰ লগত শৰীৰে মানি চলিব নোৱাৰাই হ’ল এই ৰোগ সৃষ্টিৰ মূল কাৰণ। শৰীৰৰ প্ৰতিৰোধ ক্ষমতা কম থকাৰ কাৰণে এনেকুৱাকৈ কাহ, চৰ্দি বা পানীলগা আৰম্ভ হয়।

গতিকে সাধাৰণ তাপমাত্ৰাত থকা খাদ্যবস্তু খাই এই বেমাৰৰ পৰা হাত সাৰিব পাৰি। তদুপৰি চৰ্দি-কাহ হ’লে ঘৰতে গৰম পানীৰ ভাপ নাক-মুখেৰে টানিব লাগে। তেনে কৰিলে শ্বাসতন্ত্ৰৰ মিউকাছ মেমব্ৰেন আৰ্দ্ৰ থাকিব আৰু সহজতে কফ বাহিৰ হৈ যাব। সাধাৰণতে কফ বাহিৰ কৰিবলৈ চেষ্টা কৰিব লাগে। কফ বাহিৰ কৰাত পানীৰ অৰিহণা বহুত।

এই পানীলগা কাহৰ লগতে যদি জ্বৰ হৈ থাকে তেতিয়া খাবলৈ মন নোযোৱা হোৱা বাবে শৰীৰ দুৰ্বল হয়। সেইবাবে অলপ অলপকৈ ঘনাই আহাৰ খালে পুষ্টি বজাই ৰাখিব পাৰি। আৰু ৰোগীৰ ওপৰতো বেছি চাপ হ’ব পাৰে আৰু হজম কৰিবলৈ সহজ হয়। জ্বৰ হৈ থকা মানুহৰ মুখত খাদ্যবস্তুৰ যাতে সোৱাদ লাগে তাৰ বাবে যত্ন সহকাৰে খাদ্য প্ৰস্তুত কৰিব লাগে। শাক-পাচলি বা মুৰ্গীৰ চুপ প্ৰস্তুত কৰি খালে শৰীৰত শক্তি পোৱা যায় আৰু সকলো ধৰণৰ ফল-মূল যথেষ্ট পৰিমাণে খাব লাগে।

সাধাৰণ পানীলগা কাহত কল বহুত উপকাৰী, কাৰণ কলে হোৱাইট ব্লাড চেল (WBC) বঢ়ায় আৰু ৰোগ প্ৰতিৰোধী ক্ষমতা বঢ়ায়। সেইবাবে দৈনিক এটা বা দুটা কল খালে সহজে ভাইৰাছ বা বেক্টেৰিয়াই আক্ৰমণ কৰিব নোৱাৰে। গাজৰ বা অতিৰিক্ত ভিটামিন- এযুক্ত খাদ্যই শৰীৰৰ ৰোগ প্ৰতিৰোধী ক্ষমতা বঢ়ায়। সেইবাবে পানীলগা ফ্লু আদি হ’লে খাদ্যত মিঠা আলু, গাজৰ, স্কোৱাছ, পালেং, সেউজীয়া শাক-পাচলি যথেষ্ট পৰিমাণে খাদ্যত সন্নিৱিষ্ট কৰিব লাগে।

যথেষ্ট পৰিমাণে প্ৰ’টিনযুক্ত আহাৰ খাব লাগে। এজন সাধাৰণ ওজনৰ মানুহে এই বেমাৰ হ’লে দৈনিক ১০০ গ্ৰাম প্ৰ’টিনযুক্ত আহাৰ খাব লাগে। সেয়া যদি অকল খোৱা খাদ্যৰ দ্বাৰা পূৰণ নহয়, তেনেহ’লে ছাপ্লিমেণ্ট ব্যৱহাৰ কৰি হ’লেও অতিৰিক্ত প্ৰ’টিন সেৱন কৰিব লাগিব।

এই ৰোগ হৈ থকাৰ সময়ত বহুতে চৰ্বিজাতীয় আহাৰ বন্ধ কৰি অকল সিদ্ধ খাই থাকে। বহুতে আকৌ হজম নোহোৱাৰ ভয়ত সিদ্ধ ভাত আৰু পাচলি খাই থাকে। এনে কৰিলে শৰীৰে শক্তি আহৰণ কৰিব নোৱাৰিব। সেইবাবে কম পৰিমাণে বা সাধাৰণভাৱে চৰ্বিজাতীয় আহাৰ খাব লাগে । কিন্তু অতিৰিক্ত চৰ্বি বা মচলাযুক্ত, ভজা –পোৰা ইত্যাদি আহাৰ বেছিকৈ খাব নালাগে। এনে খাদ্য সহজে হজম নহয়। শৰীৰৰ পৰা যাতে খনিজ পদাৰ্থ (মিনাৰেল) কমি নাযায় তালৈ চকুত ৰাখি নিয়মীয়া খাদ্য আৰু বতৰৰ ফল-মূল দৈনিক খাব লাগে। তেতিয়া শৰীৰত ছডিয়াম, পটাছিয়ামৰ সমতা থাকে আৰু দুৰ্বল অনুভৱ নহয়। একো খাব নোৱাৰিলে বা মন নগ’লে অ’আৰ এছ হ’লেও খাই থাকিব লাগে, তেতিয়া শৰীৰে আৰ্দ্ৰতা অনুভৱ নকৰে।

গতিকে বতৰৰ সালসলনিৰ ফলত হোৱা এই ৰোগবিধক আমি খাদ্যৰে প্ৰতিৰোধ কৰিবলৈ সকলোৱে সুষম আহাৰ দৈনিক খোৱাৰ বাবে সচেতন হ’ব লাগিব।

লেখিকা: মল্লিকা শৰ্মা (জি এনআৰচি স্বাস্থ্য)

3.14285714286
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top