মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / পানীয়ে প্ৰাণ বচালে জটিল গেষ্ট্ৰাইচিছ ৰোগৰ পৰা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

পানীয়ে প্ৰাণ বচালে জটিল গেষ্ট্ৰাইচিছ ৰোগৰ পৰা

পানীয়ে প্ৰাণ বচালে জটিল গেষ্ট্ৰাইচিছ ৰোগৰ পৰা, সেই বিষয়ে লিখা হৈছে ।

 

হেৰা ডেকা লৰা লুচি এখন দিওঁ নে?
ইচ ৰাম নালাগে নালাগে নোৱাৰি দেই এখন খাবলৈকে মই চিন্তা কৰি আছো।
কিয় ?ঘৰত ভাত খাই আহিছা নেকি?
নকব আৰু খুৰা এখন লুচি খালেই গেছৰ টেবটত এটা খাব লাগে নহলে ৰাতি শুব নোৱাৰি।
ধুৰ!! তোমালোক বৰ বেমাৰী দেই ।তোমালোকৰ বয়সত আমি দুই-তিনিটাই মিলি এপাচি লুচি খাওঁ ।
আপোনালোকৰ কথা বেলেগ খুৰা।আপোনালোকে খাঁটি (pure) খাদ্য খায় ডাঙৰ হৈছে।আমি ভেজাল খাদ্য খাই ডাঙৰ হৈছো।গতিকে ইঞ্জিন নিমিলে।আমি অলপ জলা মছলা খালেই গেছ হয়।

গেছ আৰু গেষ্টিক আজিৰ প্ৰজন্মৰ এটা সাধাৰণ ৰোগ।বিয়া-বাৰু, সকাম-নিকাম,ভোজভাত, আদিত ভাত,লুচি,পোলাও আদি খালেই বহু লোকৰে গেছ হোৱাটো সাধাৰণ কথা হৈছে ।ৰসগোল্লা, চিঙৰা,নিমকি খালে গেছ হয়।জ্বলা-মছলা খালে গেছ হয়।মদ ,চিগাৰেট খালে গেছ হয়।সেউজীয়া শাক খালে গেছ হয়।ফুলকবি,বিলাহী খালে গেছ হয়।ঔষধ দিয়া কল খালে গেছ হয়।মাংস খালে গেছ হয় আৰু কত যে কি খালে গেছ হয় লিখি থাকিলে শেষ নহব ।

গেছ আৰু গেষ্টিক একে ৰোগ নহয় ।আছলতে কথাটো এনেকুৱা গেষ্টিকৰ আৰম্ভণি লক্ষ্যণ খিনিয়েই হৈছে গেছ।গতিকে গেছ ৰোগত আক্ৰান্ত ব্যক্তিয়ে বিষেশ সাবধান নললে পাচলৈ গেষ্টিক ৰোগত ভোগিব পাৰে।

আমি খোৱা আহাৰ পাচন হবলৈ পাকস্থলীৰ পৰা পেপছিনৰ ওপৰিও হাইড্ৰক্লৰিক এছিড নি:সৰণ হয়।
এই এছিড তিব্ৰ আম্লিক ধৰ্মিৰ হয়।ইয়াৰ তিব্ৰতা ইমান বেছি হয় যে ই পাকস্থলীটোও ক্ষয় নিয়াব পাৰে।একেদৰে পিত্তস্হলিৰ পৰা পিত্তৰস নিৰ্গত হয় ই আকৌ তিব্ৰ ক্ষাৰকীয় প্ৰকৃতিৰ হয়।খাদ্যৰ পাচনত এই দুবিধ ৰসৰ খুবেই প্ৰয়োজন আছে যদিও কেতিয়াবা কেতিয়াবা অত্যাধিক পৰিমাণৰ ৰস ক্ষৰণ কৰিব লগা হয় আৰু তেতিয়াই আমাৰ গেছ হয়।গতিকে গেছ এছিড আৰু ক্ষাৰ দুয়োটাৰ পৰা হব পাৰে।আমাৰ মুখৰ পৰা টেঙা পানী ওলোৱা আৰু মুখখন তিতা তিতা লগাৰ পৰাই আমি অনুভব কৰিব পাৰো কোনপ্ৰকাৰৰ গেছ হৈছে ।শ্লেষ্মা নামৰ এবিধ ৰসে পাকস্থলীৰ বেৰখনক সুৰক্ষা দি ৰাখে কিন্তু হেলিকবেক্টাৰ নামৰ বেক্টেৰিয়াৰ ক্ৰিয়াৰ ফলত পাকস্থলীৰ বেৰখন নষ্ট হৈ পৰে তেতিয়া গেষ্টিক আলচাৰ হব পাৰে।একেদৰে ক্ষুদ্ৰান্তৰ বেৰখনো নষ্ট হব পাৰে ।এইবোৰ হলে উন্নত চিকিত্সাৰ প্ৰয়োজন।আমি সততে ৰাব্ৰিপাছল,পেন্ট'প্ৰাজল আদি গেছৰ টেবলেট বা মেগনেছিয়া,এলুমিনিয়াম হাইড্ৰক্সাইড আদিৰ চিৰাপ বোৰ আনি গেছৰ মহৌষধ হিচাপে খাওঁ ।এইবোৰৰ অপকাৰিতাৰ বিষয়ে ইতিমধ্যে এডমিন মহোদয়ে লিখিছে।ইয়াৰ উপৰিও বহুতে হাৰবেল ট্ৰিটমেন্টৰ নামত বজাৰত ওলোৱা হকে বিহকে ঔষধ বোৰ কিনি কিনি খোৱা দেখা যায় । নাখাবই বা কিয়?গেছ হলেহে গম পোৱা যায় ।কিমান অশান্তি ।পেট ফুলি থকা,বুকু শাল মাৰি ধৰা,পাতল পাইখানা হোৱা,পেটৰ বিষ,মূৰৰ বিষ,বুকু জ্বলাপুৰা কৰা,খাবলৈ মন নোযোৱা, ঘনাই ঘনাই হামি অহা আদি গেছৰ লক্ষণ ।গেছ বেছি হলে আৰু ট্ৰিটমেন্ত নাপালে মৃত্যু পৰ্যন্ত হব পাৰে।

কথাখিনিৰ পৰা আমি গম পালো গেছ আছলতে চিন্তা কৰিবলগা ৰোগ নহয় যদিও ই সময়ত কালান্তক ৰোপ লব পাৰে।গতিকে এই ৰোগক শত্ৰু বুলি নাভাবি বন্ধুৰ দৰে ভাবিব পাৰিব লাগিব আৰু বন্ধুৰ দৰে ব্যৱহাৰ কৰিব লাগিব।কিন্তু কেনেকৈ?

গোটেই লেখাটো মোৰ ব্যক্তিগত অভিজ্ঞতাৰ পৰা লিখিছো।গেছ মোৰ বাবে আছিল নিত্য নৈমিত্তিক ৰোগ।প্ৰতিদিনে টেবলেত বা চিৰাপ খাব লগা হয় ।চেন্নাই ত দেখুওৱাই আহিবলৈও ওলাইছিলো।থিক তেনে সময়ত লগ পালো এই গ্ৰুপৰ এডমিন মনোজ শইকীয়া ছাৰক।ছাৰৰ লগত বিষয়টো আলোচনা কৰিলো।ছাৰে মোৰ কথা শুনি হাঁহিলে ।পৰামৰ্শ হিচাপে পুৱা একলিটাৰকৈ কুহুমিয়া গৰম পানী খাবলৈ কলে।

নিতৌ পুৱা পানী খোৱা আৰম্ভ কৰিলোঁ।দুমাহ হল।এতিয়া দিয়ক যি খাবলৈ দিয়ে তাকে খাব পাৰো।না গেছ না গেষ্টিক। বিশ্বাস কৰক আজি দুমাহে এটাও গেছৰ টেবলেত খাব লগা হোৱা নাই।

নিতৌ কুহুমীয়া পানী খালে পানীয়ে পাকস্থলী ৰ পৰা খুব সম্ভৱ অতিৰিক্ত এছিড ধুই পেলাই ।তদুপৰি অতিৰিক্ত ভাবে নিষ্কাষন হোৱা গেছক প্ৰশমিত কৰি সুৰক্ষিত কৰে।গতিকে নিতৌ পানী খায় গেছ নোহোৱাকৈ থাকিব পৰা যায় ।কোনো ধৰণৰ ঔষধৰ ব্যৱহাৰ কৰিব নালাগে।শেষত কও দেহা থাকিলেহে বেহা।

লেখক: নৱ ওজা

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

 

3.33333333333
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top