মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / পিগমেণ্টেচনৰ সমস্যাত ভুগিছে নেকি?
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

পিগমেণ্টেচনৰ সমস্যাত ভুগিছে নেকি?

পিগমেণ্টেচনৰ সমস্যাত ভুগিছে নেকি? সেই বিষয়ে লিখা হৈছে ।

 

পিগমেণ্টেচন বা ক’লা দাগৰ সমস্যা আৰু বয়সৰ চাপ পৰা সমস্যা ৰ’দত বহু সময় ধৰি, হৰ্ম’নৰ পৰিৱৰ্তন , গৰ্ভনিৰোধক পিল, উচ্চৰক্ত চাপৰ দৰব সেৱা আদিৰ বাবেই হ’ব পাৰে। ভিটামিন বি-১২ ৰ অভাৱ, কমদামী প্ৰসাধন সামগ্ৰীৰ ব্যৱহাৰ, হেয়াৰ ডাই আদিও ইয়াৰ কাৰণ হ’ব পাৰে।

পিগমেণ্টেচন সমস্যাৰ পৰা হাত সৰাৰ উপায় -

*প্ৰতিদিন দুচামুচ বিলাহীৰ ৰসত ১ চামুচ নেমুৰ ৰস মিহলাই মুখমণ্ডলত লগালে দাগ কমিব।

*দুচামুচ গাখীৰৰ ৰসত এচিকুট হালধিৰ গুৰি মিহলাই পেষ্ট বনাব। মুখমণ্ডলত এই পেষ্ট লগাই ১৫ মিনিটৰ পিছত ধুব।

*দুচামুচ কেঁচা গাখীৰত কিছু কমলা বাকলিৰ গুৰি মিহলাই পেষ্ট বনাব। মুখত লগাই ২০ মিনিটৰ পিছত ধুই দিব। ক’লা দাগৰ পৰা ৰেহাই পোৱাৰ ই অতি উত্তম উপায়।

*সৰু বাটি এটাত দুচামুচ নেমু ৰস আৰু তিঁয়হৰ ৰস মিহলাই মুখত লগাই ২০ মিনিট পিছত ধুই পেলাব। লাহে লাহে ক’লা দাগ আঁতৰিব।

*কেঁচা আলু বা কেঁচা অমিতা পিহি ৰস লগাব।

ছাল কোঁচ খোৱাৰ সমস্যা -

ছাল কোঁচ খোৱাটো বয়স বৃদ্ধিৰ লক্ষণ। কিন্তু পৰিৱৰ্তিত জীৱন প্ৰণালী, ৰাসায়নিক পদাৰ্থযুক্ত প্ৰসাধন সামগ্ৰী, প্ৰদুষণ আদিৰ কাৰণে বয়সৰ পুৰ্বেই বয়সৰ চাপ পৰে।

ঘৰুৱা উপায় -

*এচামুচ কণীৰ কুহুমত বিলাহীৰ ৰস আৰু নেমুৰ ৰস মিহলাই মুখমণ্ডলত লগাব।

*এচামুচ পাউডাৰ গাখীৰ, কণীৰ বগা অংশ আৰু আধা চামুচ মৌ মিহলাই মুখমণ্ডলত লগাব। ১৫ মিনিট ৰাখি ধুই দিব।

*এচামুচ দৈত এচামুচ মাটি দাইলৰ গুৰি মিহলাই মুখত লগাব। শুকুৱাৰ পিছত কপাহৰ বল পানীত তিয়াই মুখখন পৰিষ্কাৰ কৰিব।

*এচামুচ বেচন, দুই চিকুট হালধি, ৫-৬ টোপাল অলিভ অইল মিহলাই মুখমণ্ডলত লগাব। ২০ মিনিটৰ পিছত ঠাণ্ডা পানীৰে মুখখন ধুব।

*১ টা বিলাহী বা কমলাৰ ৰস আৰু অমিতাৰ ৰস আৰু এচামুচ গোলাপজল আৰু গ্লিচাৰিণ মিহলাই মুখত লগাব। ১৫ মিনিটৰ পিছত ধুব।

উৎস: দেওবৰীয়া সুকন্যা

2.89473684211
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top