মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / পুৰণি ধৰণ-জৰণ আৰু জীৱন :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

পুৰণি ধৰণ-জৰণ আৰু জীৱন :

পুৰণি ধৰণ-জৰণ আৰু জীৱনৰ বিষয়ে লিখা হৈছে ।

 

ইউৰোপীয় দেশসমূহৰ তুলনাত আমাৰ দেশৰ মহিলা মেন’প’জ জনিত সমস্যাসমূহ কম বুলি গৱেষণাই দেখুৱাইছে। ইয়াৰ অন্তৰালত আছে আমাৰ পুৰণা দিনৰ খাদ্যাভ্যাস আৰু জীৱন ধাৰণৰ ৰীতি-নীতি। যেনে- মাটিত বহি পাচলি কটা, মছলা বটা, বাচন ধোৱা, ঘৰ মচা, বহি পূজা-প্ৰাৰ্থনা কৰা ইত্যাদি। পৰিয়ালৰ মাজত চলি থাকে। আনহাতে ৰুটি, ভাত, দাইল, শাক-পাচলি আদি খোৱাৰ অভ্যাস। বিভিন্ন ধৰণৰ দাইল, চয়াবিন, পাচলি হ’ল ফাইটো ইষ্ট্ৰোজেনৰ উৎস। এই ইষ্ট্ৰোজেনৰ লগত মহিলাৰ শৰীৰৰ ইষ্ট্ৰোজেনৰ যথেষ্ট মিল আছে। গতিকে যিসকলৰ খাদ্যত নিতৌ দাইল, শাক-পাচলি থাকে সেইসকলে মেন’প’জ সংক্ৰান্তীয় সমস্যাসমূহত ভোগৰ আশংকা কম থাকে। ফাইটো ইষ্ট্ৰোজেনৰ বাবে সকলোতকৈ উপকাৰী চয়াবিন। (থায়ৰ’ড ৰোগীৰ বাবে আকৌ চয়াবিন খোৱা নিষেধ) জাপানৰ মহিলাসকলে প্ৰত্যেকদিনা যথেষ্টভাৱে চয়াবিনৰ গাখীৰ আৰু অন্যান্য উপযুক্ত খাদ্য খাই বাবে তেওঁলোকৰ ত্বক আৰু চুলি অত্যন্ত সুন্দৰ। তেওঁলোকৰ বাৰ্ধক্যও আহে দেৰিকৈ। যৌৱনক প্ৰলম্বিত আৰু বাৰ্ধক্যক কৰিবৰ বাবে ছোৱালীসকলে সৰুৰ পৰা ফাষ্ট ফুডপ্ৰেমী নাই আমাৰ দেশীয় খাদ্য আৰু জীৱনকলাক গুৰুত্ব দিলে নিজেই লাভৱান হ’ব।

উৎস: অসম বাণী(অংশুমা শইকীয়া)

3.21428571429
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top