মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / পুৱা তুলসী আৰু মৌ খোৱাৰ উপকাৰিতা:
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

পুৱা তুলসী আৰু মৌ খোৱাৰ উপকাৰিতা:

পুৱা তুলসী আৰু মৌ খোৱাৰ উপকাৰিতা লিখা হৈছে

তুলসী আৰু মৌ-

আপোনাৰ বাৰু পুৱা তুলসী আৰু মৌ খোৱাৰ অভ্যাস আছে নেকি? বহুতে আকৌ কাহ হ’লে এই মিশ্ৰণ খায়। সৰু ল’ৰা-ছোৱালীৰ ক্ষেত্ৰত এই মিশ্ৰণ বেছিকৈ খুওৱা দেখা যায়। তুলসী আৰু মৌৰ কেইবাটাও ৰোগ প্ৰতিৰোধী গুণ আছে। বিশেষকৈ যিসকল ব্যক্তিয়ে এই মিশ্ৰণ পুৱা শুই উঠিয়েই খালী পেটতে গ্ৰহণ কৰে, তেওঁলোকে এই মিশ্ৰণৰ পৰা বহু স্বাস্থ্যকৰ গুণ লাভ কৰে।

কেনেকৈ খাব?

 

এটা সৰু কাপত ৪/৫টা পৰিষ্কাৰ তুলসীৰ পাত লৈ এক চামুচ মৌ দিয়ক। এখন চামুচেৰে মিশ্ৰণটো মিহলাই খালী পেততেই খাওক। পৰিপুষ্টি বিজ্ঞানেও স্বীকাৰ কৰিছে যে এই মিশ্ৰণৰ স্বাস্থ্যগুণ আছে। তলত সেই বিষয়ে উল্লেখ কৰা হ’ল-

  • এই মিশ্ৰণ ৰোগ প্ৰতিৰোগ ক্ষমতা সবল কৰাৰ লগতে ই ভিটামিনযুক্ত।
  • তুলসী আৰু মৌ নিয়মীয়াকৈ খালে ঠাণ্ডা সহ্য কৰিব পৰা শাৰীৰিক শক্তি বৃদ্ধি কৰে। ফলত বিভিন্ন ভাইৰাছ আক্ৰমণৰ পৰা দেহটোক সুৰক্ষা প্ৰদান কৰে।
  • এই উপাদান নিয়মীয়াকৈ খোৱাসকলৰ কাহ হৈ থাকিলে কমি যায়। অৰ্থাৎ শ্বাসতন্ত্ৰৰ সমস্যা হ্ৰাস হয়।
  • তুলসী আৰু মৌৰ মিশ্ৰণত এন্টিবায়’টিক উপাদান থাকে। ই ছালত প্ৰশমিত কৰে আৰু এলাৰ্জী কমায়।
  • বয়স কমায়। এই ঘৰুৱা উপাদানত এন্টি-অক্সিডেন্ট আৰু ভিটামিন থাকে। অন্যহাতে ই মানৱ শৰীৰৰ কোষৰ অকাল বাৰ্ধক্য কমায়।
  • কিডনীত পাথৰ। এই মিশ্ৰণে কিডনীৰ পাথৰৰ সমস্যা দূৰ কৰে। কিডনীৰ বিষাক্ত পদাৰ্থ আঁতৰাই কিডনীক সুৰক্ষিত কৰে।
  • হৃৎপিণ্ড ভালে ৰাখে। তুলসী আৰু মৌ নিয়মীয়াকৈ খালে কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস কৰে। ই শৰীৰত ৰক্ত সঞ্চালন বৃদ্ধি কৰে। ফলত হৃদপিণ্ড সুস্থ ৰখাত সহায় হয়।

উৎস: জিএনআৰচি স্বাস্থ্য

2.77777777778
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top