মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / পেট ওফন্দিলে কি কৰিব?
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

পেট ওফন্দিলে কি কৰিব?

পেট ওফন্দিলে কি কৰিব? ৰ বিষয়ে লিখা হৈছে ।

 

টোপনি কম হ’লে হজম প্ৰক্ৰিয়াত বাধা জন্মে আৰু পেট ওফন্দি পৰে। শৰীৰটো সক্ৰিয় কৰি নাৰাখিলে ভালকৈ হজম নহয়।

খোজকঢ়া, যোগাভ্যাস কৰা ব্যায়াম কৰিলে খাদ্য ভালকৈ হজম হয়। কোষ্ঠকাঠিন্য থকা ব্যক্তিৰ প্ৰায়েই পেট ওফন্দি থাকে।

খাদ্য গ্ৰহণ কৰাৰ পাছত কেতিয়াবা পেট ওফন্দি উঠে।

*পেট ওফন্দি উঠাৰ পাছত পেটৰ বিষ,

*পেট খোঁচ মাৰি ধৰা,

*পেটটো টনটনীয়া লগা আদিৰ ফলত যথেষ্ট কষ্ট ভুগিবলগীয়া হয়।

পেটটো চুই চালে যথেষ্ট টান অনুভৱ হয়। পেট ওফন্দি উঠাৰ বহুত কাৰণ হ’ব পাৰে।

তাৰ ভিতৰত প্ৰধান কাৰণসমূহ এনেধৰণৰ-

১)আমি খোৱা খাদ্যসমূহৰ পৰা:

ক)গেছ উৎপন্ন কৰা খাদ্যসমূহ:

*বীন,

*ফুলকবি,

*বন্ধাকবি,

*ব্ৰকলী,

*চয়াবিন,

*ঘেঁহুৰে তৈয়াৰ কৰা খাদ্য আৰু গাখীৰ বা গাখীৰেৰে তৈয়াৰ কৰা খাদ্যই গেছ উৎপন্ন কৰে।

খে)নিমখ:

খুব বেছিকৈ নিমখ খালে আৰু লগতে যদি পানী খোৱাৰ পৰিমাণ কম হয়, তেতিয়া পেট ওফন্দি উঠিব পাৰে।

গ)মিঠা শীতল পানীয়:

বিশেষকৈ বুৰবুৰণি উঠা পানীয়ই পেটত গেছ বৃদ্ধি কৰে। চ’ডা, ক’ক, বীয়েৰ আদিয়ে গেছ বৃদ্ধি কৰে।

ঘ)পিঁয়াজ আৰু নহৰু:

পিঁয়াজ আৰু নহৰু বিশেষকৈ কেঁচাকৈ খালে গেছ বৃদ্ধি হৈ পেট ওফন্দিব পাৰে।

ঙ)মিঠা সোৱাদ দিবলৈ ব্যৱহাৰ কৰা কৃত্ৰিম দ্ৰব্য:

বহুতো ডায়েবেটিছ থকা ব্যক্তিয়ে চেনিৰ সলনি এনে দ্ৰব্য(আৰ্টিফিচিয়েল ছুইটেনাৰ) ব্যৱহাৰ কৰে। এনেধৰণৰ দ্ৰব্যই গেছ বৃদ্ধি কৰে। এনেধৰণৰ মিঠা সোৱাদ দিয়া কৃত্ৰিম দ্ৰব্য স্বাস্থ্যৰ বাবেও হানিকাৰক।

চ)আপেল আৰু নাচপতি:

কিছুমান ব্যক্তিৰ ক্ষেত্ৰত আপেল আৰু নাচপতিয়ে গেছ বৃদ্ধি কৰিব পাৰে।

আপুনি কি কৰিব:

ক)ভালকৈ চোবাই নাখালে:

চোবাই খোৱাৰ ফলত খাদ্যৰ টুকুৰাবোৰ একেবাৰে সৰু সৰু টুকুৰাত পৰিণত হয় আৰু মুখৰ লেলাউটিৰ(ছেলাইভা) সৈতে মিলি কোমল ।

মগুৰ নিচিনা হয়। যাতে খাদ্য সহজে হজম হ’ব পাৰে। ভালকৈ চোবাই নোখোৱা খাদ্য পাকস্থলীত হজম নহয় আৰু ফলত পেট ওফন্দি পৰে।

খ)খুব বেছি পৰিমাণৰ খাদ্য খালে:

প্ৰয়োজনতকৈ বেছি পৰিমাণৰ খাদ্য খালে হজম হোৱাত ব্যাঘাত জন্মে আৰু পেট ফুলি উঠে।

গ)খুব খৰকৈ খাদ্য গ্ৰহণ কৰিলে:

খুব খৰকৈ বিশেষকৈ থিয় হৈ খাদ্য গ্ৰহণ কৰিলে আৰু খোৱাৰ সময়ত কথা পাতি থাকিলে পেটত গেছ সোমায় আৰু খাদ্য ভালকৈ হজম নহয়।

আপোনাৰ জীৱনশৈলী:

ক)টোপনি কম হ’লে হজম প্ৰক্ৰিয়াত বাধা জন্মে আৰু পেট ওফন্দি পৰে।

খ)শৰীৰটো সক্ৰিয় নাৰাখিলে ভালকৈ হজম নহয়। খোজকঢ়া, যোগ্যাভ্যাস কৰা বা ব্যায়াম কৰিলে খাদ্য ভালকৈ হজম হয়।

গ)কোষ্ঠকাঠিন্য থকা ব্যক্তিৰ প্ৰায়েই পেট ওফন্দি থাকে।

পেট ওফন্দি থকাৰ পৰা কেনেকৈ উপশম পাব পাৰি:

খোৱাৰ পাছত পাকস্থলী বা অন্ত্ৰত যেতিয়া অতিৰিক্ত গেছ জমা হয়, তেতিয়াই পেট ওফন্দি উঠে।

পেট ওফন্দি উঠাৰ পৰা উপশম পাবলৈ কেইটামান সহজ উপায় উল্লেখ কৰা হ’ল।

১)খোজ কাঢ়ক:

অলপ সময় খোজ কাঢ়িলেই যথেষ্ট আৰাম পাব।

২)গেছ কমোৱা ঔষধৰ টেবলেট বা জুলীয়া ঔষধ বজাৰত পোৱা যায়। ছাইমেথিকন থকা ঔষধ ব্যৱহাৰ কৰিলে গেছৰ পৰা আৰাম পাব।

৩)খুব লাহে লাহে পেটটো মালিচ কৰিব পাৰে।

৪)খোৱাৰ পিছত অলপ চফ খাওক।

৫)আদা বা আদা দিয়া চাহ খালেও গেছৰ পৰিমাণ হ্ৰাস হয়।

পেট ওফন্দি উঠা প্ৰতিৰোধ কৰিবলৈ কেতবোৰ টিপছ উল্লেখ কৰা হ’ল-

১)আঁহজাতীয় খাদ্য(ফাইবাৰ) বেছিকৈ নাখাব। আঁহজাতীয় খাদ্যসমূহ হৈছে সকলো ধৰণৰ বীন, ফলমূল, অ’টছ, বন্ধাকবি, ফুলকবি, ব্ৰকলী আদি।

২)কিছুমান ব্যক্তিৰ ক্ষেত্ৰত অতিৰিক্ত চৰ্বিজাতীয় খাদ্যই পেটত গেছ বৃদ্ধি কৰাৰ সম্ভাৱনা বঢ়ায়। এনে ব্যক্তিয়ে অতিৰিক্ত চৰ্বিজাতীয় খাদ্য ত্যাগ কৰা উচিত।

৩)খুব খৰকৈ খাদ্য বা পানীয় খালে বহু পৰিমাণৰ বতাহ পাকস্থলীত প্ৰৱেশ কৰে।

ফলত পেট ওফন্দি পৰে। সেইবাভে মুখ বন্ধ ৰাখি ভালকৈ চোবাই লাহে লাহে খাদ্য খাব লাগে।

৪)বুৰবুৰণি উঠা শীতল পানীয়ত থকা গেছ পাকস্থলীত জমা হৈ পেট ওফন্দি যোৱাৰ সম্ভাৱনা বৃদ্ধি কৰে। এনে পানীয়ৰ সলনি পানী বা নেমু পানী খাওক।

৫)ছুইংগাম খালে বহুত পৰিমাণৰ বতাহ পাকস্থলীলৈ যায়, যাৰ বাবে কিছুমান ব্যক্তিৰ পেট ওফন্দি যাব পাৰে।

৬)খাওঁতে কথা পাতি নাথাকিব। ভালকৈ বহি লৈ লাহে লাহে চোবাই খাদ্য গ্ৰহণ কৰিব।

টিভিৰ আগত বহি খালে নিজে গম নোপোৱাকৈয়ে অধিক খাদ্য গ্ৰহণ কৰা হয়।

৭)খোৱাৰ পাছত ডাইজেক্টিভ এনজাইম থকা ঔষধ খাব পাৰে।

৮)যোগ ব্যায়াম কৰক। যোগে পেট ওফন্দি থকা হ্ৰাস কৰে।

৯)নলীৰে(ষ্ট্ৰ) পানীয় খালে বহুত পৰিমাণৰ বতাহ পাকস্থলীলৈ যায়। সেইবাবে ষ্ট্ৰ ব্যৱহাৰ নকৰিব।

১০)খাদ্যত নিমখৰ পৰিমাণ কমাই দিব।

১১)একেবাৰতে সৰহকৈ নাখাই কমকৈ দিনটোত কেইবাবাৰো খাব।

১২)পেট ওফন্দি থকা যদি কেইবাদিন বা কেইবা সপ্তাহো হৈ থাকে, তেন্তে চিকিৎসকৰ পৰামৰ্শ লওক। ই আন কিছুমান ৰোগৰো লক্ষন হ’ব পাৰে।

লেখক: ডাঃ চন্দন বৰুৱা(নিয়মীয়া বাৰ্তা)

 

3.0
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top