অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

পেটৰ বিষ(উদৰ শূল):

পেটৰ বিষ(উদৰ শূল)ৰ ক্থা লিখা হৈছে ।

 

পেটৰ ৰোগবিলাকৰ ভিতৰত আটাইতকৈ বেছিকৈ হোৱা ৰোগটোৱেই হ’ল- পেটৰ বিষ। পাচন ক্ৰিয়াৰ বিকৃতিৰ ই হ’ল সবাতোকৈ উল্লেখযোগ্য লক্ষণ। কিছুমান লোকে এই বিকৃতিৰ সামান্য বিকাৰ বুলি ভাবি বেছিকৈ মনোযোগ নিদিয়ে। কিন্তু এই পেটৰ বিষ আৰম্ভ হোৱাৰ পিছতে অন্য ভয়ংকৰ ৰোগৰ উৎপত্তি হ’ব পাৰে।

পেটৰ বিষৰ কাৰণ -

অত্যধিক ভোজন আৰু একেবাৰে পৰিশ্ৰম নকৰাৰ ফলত পাচন ক্ৰিয়া সম্পূৰ্ণৰূপে কাৰ্যক্ষম নহয়। এনে অৱস্থাৰ ফলতে প্ৰথমে পেট গধুৰ গধুৰ লাগে আৰু লাহে লাহে পেটৰ বিষ আৰম্ভ হয়। পেটৰ বিষ, বাতিক(বাত দোষ), পৈত্তিক(পিত্ত দোষ) আৰু শ্লৈষ্মিক(কফ দোষ), শূল এই তিনি প্ৰকাৰৰ। ইয়াৰে বাৰিক শূলৰ উৎপত্তি অধিক পৰিশ্ৰম, টোপনি ক্ষতি, বাত বিকাৰৰ সৃষ্টি কৰিব পৰা খাদ্য সেৱন তথা অধিক মাত্ৰাত শীতল পানীয় সেৱন, অধিক উপবাস, পেটত আঘাত পোৱা আদি কাৰণত হ’ব পাৰে।

পৈত্তিক উদৰ শূল -

হৃদযন্ত্ৰ আৰু নাভিৰ মাজৰ অংশত হ’ব পাৰে। এই জাতীয় বিষ, বেছি টেঙা খাদ্য, বেছি গৰম খাদ্য, বেছি তেল আৰু জলা দিয়া খাদ্য, বেছি মাত্ৰাত খোৱা অধিক মৈথুন কাৰ্যৰ ফলত হয়। পিত্ত দোষ বিকৃত হোৱাৰ ফলতো এনেধৰণৰ বিষ হ’ব পাৰে।

কফজনিত উদৰ শূল বা পেটৰ বিষ, বেছি পৰিমাণে মাছ-মাংস খালে, বেছি চৰ্বিযুক্ত খাদ্য খালে হয়। এই বিষ হ’লে- আহাৰ গ্ৰহণত অৰুচি, কাহ হ’লে বেছিকৈ কফ আদি হয়। কোষ্ঠকাঠিন্যও দেখা যায়।

ঘৰুৱা দিহা -

পেটৰ বিষ হ’লে, ইয়াৰ উৎপত্তিৰ কাৰণ জানি লোৱাৰ পিছতহে চিকিৎসা কৰোৱা উচিত। পেট বিষ তীব্ৰতৰ হ’লে- ওচৰত কোনো চিকিৎসক নেপালে, তলত উল্লেখ কৰা ঘৰুৱা চিকিৎসাৰ দিহাবোৰ মানি চলক।

*ত্ৰিফলা চূৰ্ণ কুহুমীয়া গৰম পানীত গুলি ৰোগীক খুৱালে কোষ্ঠকাঠিন্য দূৰ হয় আৰু পেটৰ বিষ নিৰাময় হয়। এই মিশ্ৰণে কেবা প্ৰকাৰৰ পেটৰ বিষ নিবাৰণ কৰে।

*শুকান আদা গুড়ি কৰি তাৰ লগত সামান্য পৰিমাণে ক’লা নিমখ মিহলাই বা সামান্য পৰিমাণে লৱণভাস্কৰ চূৰ্ণ মিহলাই কুহুমীয়া গৰম পানীত গুলি সেৱন কৰিলে পেটৰ বিষ তৎক্ষণাত উপশম হয়।

*কেতিয়াবা ৰাতি ঠাণ্ডা ভাত, কবিৰ আঞ্জা, উৰদ দাইল বা অন্য কোনো গেছ সৃষ্টি কৰিব পৰা খাদ্য খালে পেটত গেছ হৈ তীব্ৰ পেটৰ বিষ হ’ব পাৰে। তেনেধৰণৰ বিষ হ’লে, দুচামুচ সৰিয়হ গুটি গুড়ি কৰি বটি, তাৰ লগত অকণমান হিং মিহলাই নাভিৰ আশে-পাশে লেপ দি গৰম পানীৰ বটলেৰে তাৰ ওপৰত সেক দিলে পেটৰ যিকোনো কাৰণত হোৱা বিষ নিৰাময় হয়।

*পেটত বায়ু বিকাৰৰ বাবে বিষ হ’লে, আদা, ভাজি লোৱা হিং, ষষ্ঠীমধু, ক’লা নিমখ, পিপলি আৰু তেতেলীৰ খাৰ সমান পৰিমাণত লৈ গুড়ি কৰি গৰম পানীত মিহলাই ৰোগীক খাবলৈ দিয়ক। পেটৰ বিষ নাইকিয়া হ’ব।

*পানীত নিশাদল(ছডিয়াম-বাই-কাৰ্বনেট) আৰু নেমুৰ ৰস মিহলাই সেৱন কৰালেও পেটৰ বিষ নিৰাময় হয়। জামু গুটিৰ ভিনেগাৰ পানীৰ লগত মিহলাই খুৱালেও পেটৰ বিষ ভাল হয়।

*অপামাৰ্গৰ ক্ষাৰ আৰু লৱণভাস্কৰ চূৰ্ণ সমান পৰিমাণত লৈ কুহুমীয়া গৰম পানীত মিহলাই খুৱালেও অতি সোনকালে পেটৰ বিষ আৰোগ্য হয়।

*যনী আৰু ক’লা-নিমখ সমান মাত্ৰাত লৈ গুড়ি কৰি কুহুমীয়া গৰম পানীত গুলি খুৱালেও পেটৰ বিষ নিৰাময় হয়।

অজীৰ্ণ -

দিনটোৰ অধিকাংশ সময় কিবা নহয়, কিবা খাই থকা, সময়ত একো নোখোৱাকৈ থকা, এবাৰ আহাৰ গ্ৰহণ কৰাৰ পিছতো সময়ৰ বিৰতি নোহোৱাকৈ যিহকে মন যায়, তাকে খোৱাৰ কাৰণে অজীৰ্ণ ৰোগ হয়। চিকিৎসকসকলৰ মতে মল-মূত্ৰৰ বেগ অধিক সময় ধৰি ৰাখি থোৱাটোও অজীৰ্ণ ৰোগৰ অন্যতম কাৰণ।

লক্ষণ -

খোৱা খাদ্য সূচাৰুৰূপে হজম নহয়। ৰোগীয়ে যিহকে খায়, সেই খাদ্য হজম নোহোৱাকৈ বা আধা হজম হোৱা অৱস্থাতে ওলাই যায়। ফলত কোষ্ঠকাঠিন্য হয় আৰু পেটৰ বিষ, গেছ আদি বিকাৰ উৎপন্ন হয়। বমিৰ ভাব থাকে বা বমিও হ’ব পাৰে। শৰীৰত আলস্য, গধুৰ গধুৰ ভাব, টেঙা উগাৰ অহা, ভোক নলগা, ভয় ভয় লাগি থকা বা অশান্ত হৈ থকা আদি লক্ষণ প্ৰকাশ পায়।

ঘৰুৱা দিহা -

*আদা আৰু শিলিখাৰ গুড়িৰ লগত গুড় মিহলাই খালে পাচন শক্তি বৃদ্ধি পাব আৰু অজীৰ্ণ ৰোগ দূৰ হ’ব। হিংবাষ্টক চূৰ্ণৰ ব্যৱহাৰ এই ৰোগৰ বাবে ভাল।

*দালচেনি, শুকান আদা আৰু ইলাচি সমান মাত্ৰাত লৈ গুড়ি কৰি ৰাখক। আহাৰ খোৱাৰ আগতে ইয়াৰ এক গ্ৰাম গুড়ি পানীৰ লগত মিহলাই খাই থাকিলে এই ৰোগ নিৰাময় হয়।

*শুকান আদা, শিলিখা আৰু সৈন্ধৱ লৱণ সমান পৰিমাণত লৈ গুড়ি কৰি ৰাখক।এই গুড়িৰ দুই গ্ৰাম(দুই চিকুট) প্ৰতিদিনে পানীৰ লগত খাই থাকিলে বদহজম বা অজীৰ্ণ ৰোগ ভাল হয়।

*নেমু আৰু আদাৰ ৰস আধা চামুচকৈ সৈন্ধৱ লৱণ আৰু শুকানকৈ ভাজি লোৱা জিৰা এক গ্ৰাম, সৰু ইলাচিৰ গুটি আঠটা, পাঁচটা কিচমিচ, ডালিমৰ গুটি(শুকান বা ৰসাল) এচামুচ পৰিমাণত লৈ একেলগে মিহলাই চাটনি কৰি খালে অজীৰ্ণ ৰোগ ভাল হয়।

*লৱন ভাস্কৰ চূৰ্ণ চাৰি-পাঁচ গ্ৰাম প্ৰতিদিনে আহাৰ খোৱাৰ পিছত পানীৰ লগত খাই থাকিলে এই ৰোগ নিৰাময় হয়।

*অজীৰ্ণ ৰোগৰ বাবে ৰাতি ত্ৰিফলা চূৰ্ণ কুহুমীয়া পানীত মিহলাই খুৱালে সোনকালে কোষ্ঠবদ্ধতা দূৰ হৈ পেট পৰিষ্কাৰ হয় আৰু বদহজমো নাইকিয়া হয়।

*তুলসী পাতৰ ৰস দহ গ্ৰাম(দুচামুচ) মাত্ৰাত লৈ, পিপলিৰ গুড়ি আধা চামুচ আৰু মৌ মিহলাই চেলেকি খাবলৈ দিলে অজীৰ্ণ ৰোগ ভাল হয়।

*জিৰা আৰু হিং শুকানকৈ ভাজি তাৰ লগত সৈন্ধৱ লৱণ মিহলাই পানীৰ লগত খাই থাকিলে অজীৰ্ণ ৰোগ নিৰাময় হয়।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন

2.85714285714
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top