অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

পেটৰ মেদবহুলতা :

পেটৰ মেদবহুলতাৰ বিষয়ে লিখা হৈছে ।

আমাৰ দেহৰ অস্থিসন্ধিসমূহ আমাৰ দেহৰ উচ্চতা অনুপাতে আমাৰ যিমান ওজন হোৱা উচিত, সিমানখিনি ভৰ সহ্য কৰিব পৰাকৈ তৈয়াৰী । এই নিৰ্ধাৰিত ওজনৰ ওপৰৰ কিছু ওজন ধাৰণ কৰিব পাৰিব । কিন্তু পেটৰ মেদবহুলতাৰ বাবে যি ব্যাপক ওজন বৃদ্ধি হয়, সেই ওপৰঞ্চি ওজন উঠোতে বহোতে বা বিভিন্ন দৈনন্দিন কাৰ্য সম্পাদন কৰোতে অস্থিসন্ধিসমূহত পৰি থাকে । এইবাবেই বৰ্তমান মেদবহুল মানুহবোৰে অস্থি তথা অস্থিসন্ধিৰ বিভিন্ন বাত বিষৰ সমস্যাত ভুগিবলৈ ধৰিছে । পেটৰ মদ বঢ়াৰ লগে লগে পেটৰ পেশীবোৰ শিথিল হৈ পৰে তথা তল কঁকালৰ ক্ষুদ্ৰ পেশীসমূহৰ ওপৰত দৈনন্দিন কাৰ্য কৰোতে অহৰহ হেঁচা পৰি থাকে । ইয়াৰ ফলতেই আজি প্ৰায়বোৰ মানুহৰে কম-বেছি পৰিমাণে কঁকালৰ বিষ থকা দেখা যায় । এই পেটৰ মেদৰ বাবেই শৰীৰৰ ভাৰসাম্য ৰক্ষা কৰা ব্যৱস্থাত ব্যাঘাত জন্মে । কঁকালৰ অস্থিসন্ধি আৰু মেৰুদণ্ডৰ ওপৰত অস্বাভাৱিক হেঁচা পৰি থকাৰ বাবে স্নায়ুতন্ত্ৰজনিত বিভিন্ন ৰোগ বৃদ্ধি পাইছে ।

ওপৰোক্ত ব্যাখ্যাবোৰৰ পৰা এইটো বুজা যায় যে বৰ্তমান পেটৰ মেদবহুলতাক যথেষ্ট গুৰুত্ব প্ৰদান কৰাৰ প্ৰয়োজন আহি পৰিছে । অন্যথা প্ৰতিজন পুৰুষ বা মহিলাই নিজৰ দৈনিক কাম-কাজ তথা বৃত্তি সুচাৰুৰুপে চলাই নিয়াটো খুবেই টান হৈ পৰিব । তদুপৰি কষ্ট উপাৰ্জিত বহু ধন চিকিৎসাৰ নামত খৰচ কৰিব লগাত পৰিব । অলপমান ভালকৈ ফহিয়াই চালে এই পেটৰ মেদবহুলতাৰ সমস্যাৰ মূল উৎসটো বিচাৰি উলিয়াব পাৰি । এই সমস্যাৰ প্ৰধান কাৰণ আৰু তাৰ সমাধান দুটা ভাগত আলোচনা কৰিব পাৰি ।

সৰ্বপ্ৰথমেই খাদ্য খোৱা প্ৰক্ৰিয়াটোৰ ব্যৱস্থাপনাৰ দৰকাৰ । এইক্ষেত্ৰৰ ৰক্তত শৰ্কৰাৰ পৰিমাণ কমাই ৰখাটো খুবেই গুৰুত্বপূৰ্ণ যাতে ইনচুলিন সংবেদনশীলতা ঘূৰাই আনিব পাৰি । ইয়াৰ অৰ্থ হ’ল খাদ্যত যিমান পাৰি চেনি বা সংশোধিত অন্নসাৰ কমাই ৰাখিব লাগে । অনিষ্টকাৰী বেছি পৰিমাণৰ ফলজাত শৰ্কৰাও ত্যাগ কৰিব লাগিব । এইসমূহৰ পৰিবৰ্তে স্বাস্থ্যসন্মত, চৰ্বি, প্ৰ’টিন আৰু আঁহযুক্ত খাদ্য প্ৰধানত: সাঙুৰি ল’ব লাগে । উদাহৰণস্বৰুপে বাদাম, গুটি বা মাহজাতীয় , নাৰিকল তেল, জলফাই তেল, কণী, মাছ আৰু মাছৰ তেল ইত্যাদি । সাধাৰণতে সকলোৱে পৰামৰ্শ দিয়া ধৰণে বেছি ধানজাতীয় খাদ্য অন্তৰ্ভুক্ত কৰা খাদ্য ব্যৱস্থাই কিন্তু ৰক্ত শৰ্কৰা তথা মেদ কমোৱাত সহায় কৰিব নোৱাৰে । ধানজাতীয় খাদ্য কমাই বেছিকৈ শাক-পাচলিজাতীয় তথা আঁহযুক্ত ফল- মূল খাদ্যত অন্তৰ্ভুক্ত কৰিলেহে পেটৰ মেদবহুলতাৰ সমস্যা সমাধান হ’ব । দ্বিতীয়তে শাৰীৰিক ব্যায়াম পেটৰ মেদ কমোৱাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ । যিকোনো শাৰীৰিক ব্যায়ামে কেলৰি ব্যয় কৰাত সহায় কৰে যদিও উচ্চ প্ৰাবল্যৰ প্ৰশিক্ষণ আৰু সম্পূৰ্ণ শৰীৰজোৰা ৰোধ প্ৰশিক্ষণহে পেটৰ মেদ কমোৱাৰ বাবে সৰ্বোত্তম । লঘু প্ৰাবল্যৰ ব্যায়াম মেদ কমোৱাৰ ক্ষেত্ৰত বহুত বেছি ফলপ্ৰদ নহয় । উচ্চ প্ৰাবল্যৰ ব্যায়াম , যেনে- অন্তৰাল-প্ৰশিক্ষণ, দৌৰা আৰু সম্পূৰ্ণ শৰীৰজোৰা ভাৰ উত্তোলন আদি শৰীৰৰ শৰ্কৰা ব্যৱস্থাপনা ক্ষমতা উন্নউন কৰাত সহায়ক । এই ধৰণৰ প্ৰশিক্ষণবোৰে ইনচুলিন সংবেদনশীলতা বঢ়াই তোলে, যাৰবাবে পেটৰ মেদ কমোৱাত সহায় হয় । সৰ্বসাধাৰণে ধাৰণা কৰাৰ দৰে কেৱল পেটৰ ব্যায়ামসমূহ কৰি পেটৰ মেদ কমাব নোৱাৰি । পেটৰ ব্যায়াম কৰি পেটৰ পেশীসমূহ শক্তিশালী কৰিব পাৰি । কিন্তু পেটৰ ছালৰ তলৰ মেদসমূহৰ ব্যায়াম কৰা সম্ভৱ নহয় । অৱশ্যে পেটৰ ব্যায়াম কৰিলে থিয় হওঁতে পেটৰ ভংগিমা ভাল দেখা যায় আৰু পেটৰ পেশীসমূহ শক্তিশালী হ’লে তল পিঠিৰ বিষ কমে তথা উচ্চমানৰ ভাৰোত্তোলন প্ৰশিক্ষণ আৰম্ভ কৰিলে শৰীৰৰ ক্ষয়-ক্ষতি হোৱাৰ সম্ভাৱনা কমি থাকে ।

এইধৰণৰ উচ্চ প্ৰাবল্যৰ ব্যায়াম প্ৰশিক্ষণ মেদ দহন কৰা হৰম’ন শৰীৰত বঢ়োৱাত সহায় কৰে আৰু দেহৰ ভিতৰখনত এনে এটা হৰম’নেল পৰিবেশ গঢ়ি তোলে যে পেটৰ মেদ কমি পেটৰ আকাৰ সৰু কৰি তোলে ।

লেখক :- ভাস্কৰ কৌশিক

উৎস ;- দেওবৰীয়া সম্ভাৰ

2.66666666667
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top