অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

পেনিক ডিছঅৰ্ডাৰ :

পেনিক ডিছঅৰ্ডাৰৰ বিষয়ে লিখা হৈছে ।

 

মোক প্ৰায়েই বহুতে মানসিক সমস্যাৰ কথা সোধে, দেখা যায় তাৰ বহুসংখ্যক উদ্বিগ্নতা সম্বন্ধীয়। কম-বেছি পৰিমাণে প্ৰতিজন লোকেই জীৱনৰ কোনোবা এটা সময়ত এটা সমস্যাটোৰ মুখামুখি হয়। এনে মানুহ হয়তো কম ওলাব, যিয়ে উদ্বিগ্নতা অনুভৱ কৰা নাই। দৈনন্দিন জীৱনক্ৰ বিভিন্ন সময়ত প্ৰতিগৰাকী ব্যক্তিয়ে এই সমস্যাটো অলপ সময়ৰ বাবে হ’লেও অনুভৱ কৰে।  অসময়ত ফোনটো বাজি উঠিলে, পৰীক্ষাৰ ৰিজাল্ট ওলোৱাৰ সময়ত বা ইন্টাৰভিউৰ মুখামুখি হোৱাৰ সময়ত আমাৰ বুকুখন অকণমান হ’লেও কঁপি উঠে। আৰু ই একেবাৰেই স্বাভাৱিক। কিন্তু যেতিয়া এই সাধাৰণ সমস্যাবোৰৰ তীব্ৰতা বাঢ়ি যায় আৰু ইয়াৰ তীব্ৰতাই দৈনিক জীৱনৰ কাম-কাজবোৰত বাধা দিবলৈ আৰম্ভ কৰে, সমস্যাবোৰ আমাৰ নিজৰ নিয়ন্ত্ৰণৰ বাহিৰত গুচি যায়, তেতিয়া ই অসুখৰ পৰ্যায় পোৱা উদ্বিগ্নতাৰ সমস্যাটোৱে মানুহৰ জীৱনটো দুৰ্বিষহ কৰি তোলে।

উদ্বিগ্নতা বিষয়টোৰ পৰিসৰ বহু বেছি বিশাল, ইয়াৰ ভাগ কেইবাটাও। এটা লেখাত আৰু সীমিত পৰিসৰত এই গোটেইখিনি সামৰি লোৱাটো অসম্ভৱ। সেইবাবে এইটো লেখাত মাত্ৰ পেনিক ডিছঅৰ্ডাৰৰ বিষয়েহে আলোচনা কৰিবলৈ লোৱা হৈছে।

কিছুমান মানুহে হাস্পতাললৈ আহি আমাক কয়- ‘মোৰ কেনেকুৱা অৱস্থা হৈছিল যে সেই সময়খিনিত উশাহেই ল’ব পৰা নাছিলোঁ। মূৰ ঘূৰাই গৈছিল। ক’ত কি হৈ আছিল, একো ক’ব পৰা নাছিলোঁ। একেবাৰে মৰি যাম বুলিয়েই ভাবিছিলোঁ। হাস্পতাললৈ গৈ অক্সিজেন আদি দিয়াৰ পিছত কোনোমতে বাছি আহিলোঁ’।

তেওঁলোকে একেবাৰে জৰুৰী অৱস্থাত গৈ হাস্পতাল পায় আৰু তাত প্ৰাথমিক সুবিধাখিনি গ্ৰহণ কৰে। আৰু কিছুমান ডাক্তৰী পৰীক্ষা-নিৰীক্ষা কৰি আমাৰ ওচৰ পায়, কাৰণ তেওঁলোকৰ সমস্যাটো শাৰীৰিক সমস্যা নাছিল। তেওঁলোকে যিবোৰ পৰীক্ষা-নিৰীক্ষা কৰা হয়, তাত কোনো ধৰণৰ শাৰীৰিক সমস্যা থকা চিন দেখা নাযায়। পেনিক ডিছঅৰ্ডাৰ এনে এবিধ মানসিক অসুখ, য’ত শাৰীৰিক আৰু মানসিক দুয়োটাৰে লক্ষণবোৰ সামৰি এক জটিল মানসিক সমস্যাৰ সৃষ্টি কৰে। পেনিক ডিছঅৰ্ডাৰৰ লক্ষণসমূহ সাইলাখ হাৰ্ট এটেকৰ নিচিনা, সেইবাবে মানুহে ইয়াক হৃদয়ৰ অসুখ বুলি ভুল কৰা দেখা যায়। সেইটো ৰোগী আৰু চিকিৎসক উভয়ৰ বাবে প্ৰথম পৰ্যায়ত থিৰাং কৰি উলিওৱা কঠিন, সেইবাবে এনে ৰোগীসকলে বহু চিকিৎসক, হাস্পতাল ঘূৰি ঘূৰি পৰিশ্ৰান্ত হৈ পৰে। মূল কাৰণটো হ’ল সঠিক সময়ত তেওঁলোকক সঠিক পথ দেখুৱাই দিওঁতাৰ অভাৱ। বিশ্বৰ দুইৰপৰা চাৰি শতাংশ লোকেই এনে অসুবিধাত ভোগা দেখা যায়।

কোনো আগজাননী নিদিয়াকৈ মানুহ এজনে দৈনন্দিন জীৱনৰ সাধাৰণ কাম কাজবোৰ কৰি থকাৰ সময়তে হঠাৎ এই পেনিক ডিছঅৰ্ডাৰৰ আবিৰ্ভাৱ হ’ব পাৰে। অতিমাত্ৰা উত্তেজিত হ’লে বুকুৰ বিষ হোৱা, মূৰ আচন্দ্ৰাই কৰা, উশাহ লোৱাত অসুবিধা হোৱা দেখা যায়। এনে এক ভয় বা ‘উদ্বিগ্নতাৰ চৰম সীমাটো যি মুহূৰ্তত মানুহে জীৱনটো শেষ হৈ যাব বুলি ভাবে, সেই অসুবিধাখিনিকেই পেনিক ডিছঅৰ্ডাৰ বোলা হয়। পেনিক ডিছঅৰ্ডাৰ জীৱনৰ আগভাগত অৰ্থাৎ ৩০ৰ দশকত আৰম্ভ হোৱা দেখা যায় আৰু কেতিয়াবা মানুহৰ হোৱা দেখা যায়। সাধাৰণতে দেখা যায় যে মহিলাই এক অসুবিধাটোত বেছিকৈ ভোগে। পেনিক ডিছঅৰ্ডাৰ প্ৰথমবাৰৰ বাবে আৰম্ভ হওতে জীৱনৰ কিছুমান ডাঙৰ ঘটনাক চেলু কৰি লয়। উদাহৰণস্বৰূপে, কোনোবা আপোনজনৰ মৃত্যুৰ সময়ত, বিবাহ বিচ্ছেদ, পৰিয়ালত লোৱা অৰ্থনৈতিক সংকটৰ মুহূৰ্তবোৰত। কেতিয়াবা হাইপো বা হাইপাৰ থাইৰয়ড আৰম্ভ হোৱাৰ সময়ত, মাৰিজুৱানা, এল এছ ডি আদি ড্ৰাগছ লোৱাৰ সময়তো প্ৰথমবাৰৰ বাবে পেনিক এটেক হোৱা দেখা যায়। এগৰাকী মহিলাই মোক কৈছিল যে তেওঁৰ যেতিয়া মেন’পজ আৰম্ভ হৈছিল, তেতিয়াৰ পৰা এই পেনিক এটেকৰ আৰম্ভ হৈছিল। এই দুয়োটাৰে মাজত কিবা সম্পৰ্কৰ কোনো বৈজ্ঞানিক ব্যাখ্যা নাই, হয়তো ই কাকতালীয়ও হ’ব পাৰে। আন এগৰাকী মহিলাই আকৌ কৈছিল যে তেওঁৰ আগেয়ে পেনিক এটেক হৈছিল আৰু চিকিৎসা কৰি ভালো পাইছিল। কিন্তু ল’ৰাটোৰ পৰীক্ষাৰ সময়ত আকৌ আৰম্ভ হ’ল। যিবোৰ মানুহৰ আগেয়ে এবাৰ পেনিক এটেক হৈছে, পৰৱৰ্তী সময়ত যিকোনো সৰু-সুৰা মানসিক হেঁচা বা টেনচনে বেমাৰটোৰ পুনৰ আৰম্ভ কৰে।

পেনিক ডিছঅৰ্ডাৰৰ লক্ষণবোৰ -

দৈনন্দিন কাম কৰি থকা- উদাহৰণস্বৰূপে পঢ়ি থকা, খাই থকা, টিভি চাই থকা, গাড়ী চলাই থকা আদি যিকোনো সময়ত এই অসুখটো হ’ব পাৰে। তেনে সময়ত হঠাৎ একেবাৰে ভয় লাগি আহে, ক’ব নোৱৰা হৈ যায়, উশাহ ল’বলৈ কষ্ট হৈ পৰে। এনেকুৱা লাগে যেন ৰোগীজনে উশাহেই ল’ব নোৱৰা হৈছে। কেতিয়াবা টোপনিৰপৰা সাৰ পাই উঠিলেও এই সমস্যাবোৰ দেখা দিয়ে। বুকুৰ বিষ অনুভৱ কৰা বা অসুবিধা কৰে। হাত-ভৰি কঁপিবলৈ লয়, ঘাম ওলাবলৈ ধৰে, কিছুমানৰ বমি লগা অনুভৱ হয়, পেটৰ অসুবিধা পায়। সেই সময়খিনিত মানুহজনৰ এনেকুৱা লাগে যেন তেওঁ এইমাত্ৰ মৰিহে যাব। মানুহজনে সেই সময়খিনিত নিজৰ ওপৰত নিয়ন্ত্ৰণ একেবাৰে হেৰুৱায় পেলায়।

এনেধৰণৰ অস্থিৰতা ৫ৰ পৰা ২০ মিনিটমানলৈ থাকে, খুব কমসংখ্যকৰ ক্ষেত্ৰত ই এঘন্টামানলৈ থাকে। কেতিয়াবা আকৌ এটেকটো নাইকিয়া হৈ যায়, অলপ সময়ৰ পিছত আকৌ আৰম্ভ হয়। এই এটেক হৈ যোৱাৰ পিছত ৰোগীজনে বৰ ভাগৰ অনুভৱ কৰি থাকে। এবাৰ এই এটেকটো হৈ যোৱাৰ পিছত ৰোগীয়ে এনে এটা এটেক আকৌ হ’ব পাৰে ৰোগীয়ে এনে এটা এটেক আকৌ হ;ব পাৰে বুলি উদ্বিগ্নতাত ভুগি থাকে, যাক কোৱা হয় anticipatory anxiety। পেনিক ডিছঅৰ্ডাৰ বুলি ক’বলৈ হ’লে এই এটেকটো এটা নিৰ্দিষ্ট সময়ত এক নিৰ্দিষ্ট সংখ্যাত হ’ব লাগিব, এইখিনিৰ বাবেই পেনিক ডিছঅৰ্ডাৰক অইন উদ্বিগ্নতাতকৈ বেলেগ বুলি কোৱা হয়। এই সমস্যাটোত অকল এইকেইটাই লক্ষণ থাকে তেনে নহয়, ইয়াৰ লগতে অইন কিছুমান মানসিক অসুখো দেখা যায়, যাক কোৱা হয় ক’মৰবিডিটি(Co-morbid condition)। তাৰ ভিতৰত অন্যতম হ’ল বিষাদগ্ৰস্ততা। আলোচ্য এই আটাইবোৰ লক্ষণ এজন ৰোগীৰ মাজত দেখা যাব, তেনে কোনো কথা নাই, কিছুমানৰ ইয়াৰ মাজত মাত্ৰ কেইটামান লক্ষণহে থাকিব পাৰে। এইটো কথাও প্ৰতিজন ব্যক্তিয়ে মনত ৰখা উচিত যে নিজৰ কেইটামান অসুবিধাৰ মিল পালেই এই অসুখটো হোৱা বুলি ধৰি লোৱা উচিত নহয়।

সাধাৰণতে যিকোনো উদ্বিগ্নতাৰ অসুবিধাবোৰৰ তীব্ৰতা আৰম্ভণিতে কম থাকে, গতিকে তেনে অৱস্থাত পাৰিলে নিজেই এই সমস্যাবোৰ নিজৰ নিয়ন্ত্ৰণত ৰাখিবলৈ চেষ্টা কৰিব লাগে। ইয়াৰ মানে এইটোও নহয় যে সমস্যাবোৰৰ সমাধান ইন্টাৰনেটত বিচাৰি ল’ম। কাৰণ, তাত সকলোবোৰৰ সমাধান সঠিকভাৱে আমি বিচাৰি নাপাবও পাৰোঁ। গতিকে যেতিয়াই দেখা যায় যে সমস্যাবোৰৰ ওপৰত নিজৰ নিয়ন্ত্ৰণ কমি যাবলৈ ধৰিছে, তেতিয়াই আমি বিশেষজ্ঞৰ সহায় ল’ব লাগে। এনেবোৰ কথাত সেই বিভাগৰ লোকৰ পৰামৰ্শ লোৱাটো সদায়েই বাঞ্ছনীয়।

পেনিক ডিছঅৰ্ডাৰ সমস্যাটো সমাধানৰ ক্ষেত্ৰত দৰব আৰু থেৰাপী বা কাউন্সেলিং দুয়োটাৰে সমানেই প্ৰয়োজন। মানসিক চিকিৎসকৰ পৰামৰ্শ মতে দৰব লোৱা উচিত। সকলোবোৰ উদ্বিগ্নতাৰ সমস্যা নিৰাময়ৰ ক্ষেত্ৰত দৰবৰ লগতে থেৰাপী বা কাউন্সেলিঙে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। অভিজ্ঞ ক্লিনিকেল ছাইক’লজিষ্টে এই সমস্যাবোৰৰপৰা মুক্তি পাবলৈ বিভিন্ন ধৰণৰ পৰামৰ্শ দিয়ে। সঠিক থেৰাপীয়ে এই অসুবিধাবোৰ পুনৰ গা কৰি উঠাত বাধা দিয়ে। ছাইক’লজিষ্টৰ পৰামৰ্শ বা ভাৰসাই পেনিক ডিছঅৰ্ডাৰৰ লগত জড়িত হৈ থকা আনুষংগিক কথা বা সমস্যাবোৰ সমাধানত বহু পৰিমাণে সহায় কৰে। সঠিক আৰু নিয়মিতভাৱে কৰা প্ৰাণায়াম, ৰিলাক্সেচন এক্সাচাৰচাইজ আদিয়েও বহু পৰিমাণে এই অসুবিধাৰপৰাব আদিয়েও বহু পৰিমাণে এই অসুবিধাৰপৰা সকাহ দিয়ে।

এনেবোৰ সমস্যা আৰম্ভ হোৱাৰ লগে লগেই মানসিক চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে। লাজ কৰি, শংকা কৰি তাক লুকাই ৰখাৰ কোনো প্ৰয়োজন নাই। কাৰণ যিমানেই দেখি হয়, সিমানেই অসুখবোৰে দেহত আৰু মনত গোঁজ পুতি বহি লয়।

লেখিকা: ড° মৈত্ৰেয়ী দত্ত(দৈনিক অসম)

2.66666666667
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top