মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / পেৰিটোনেল ডায়েলাইছিছ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

পেৰিটোনেল ডায়েলাইছিছ :

পেৰিটোনেল ডায়েলাইছিছৰ বিষয়ে লিখা হৈছে ।

 

ক্ৰনিক বৃক্কৰ ৰোগ, চমুকৈ চি কে ডি (ক্ৰ’নিক কিডনী ডিজেজ’ চি কে ডি) লাহে লাহে দেশখনত স্বাস্থ্যজনিক উদ্বেগৰ কাৰণ  হৈ আহিছে আৰু পুৰুষ-মহিলা উভয়েই ইয়াত আক্ৰান্ত হৈ আহিছে। প্ৰকৃততে বৰ্তমান বহুত মহিলা এই ব্যাধিত আক্ৰান্ত হ’বলৈ ধৰিছে। সমগ্ৰ বিশ্বত ১৯৫ নিযুত মহিলাই এই অৱস্থাত ভুগিছে। এই বিষয়ে মন্তব্য আগবঢ়াই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ নেফ্ৰ’লজি বিভাগৰ মুৰব্বী ডা: মঞ্জুৰী শৰ্মাই কয়-‘চি কে ডি কেৱল যে ভাৰততেই বাঢ়িছে তেনে নহয়, সম্প্ৰতি ই গোটেই বিশ্বৰে সমস্যা আৰু ই এক গুৰুত্বপুৰ্ণ জনস্বাস্থ্যৰ সমস্যা হৈ পৰিছে আৰু কেৱল পুৰুষৰ ক্ষেত্ৰতেই নহয়, মহিলাৰ ক্ষেত্ৰতো ই দেখা দিছে। ই বাঢ়ি অহাৰ মুল কাৰকৰ ভিতৰত আছে ডায়েবেটিছ আৰু হাইপাৰটেনছন। আনহাতে সাধাৰণভাৱে ফাৰ্মাচীৰ পৰা কিনি অনা দৰব, বিশেষকৈ বিষ উপশমকাৰী। দৰবৰ অত্যধিক ব্যৱহাৰৰ ফলত বৃক্কত কুপ্ৰভাৱ পৰে। মহিলাৰ ক্ষেত্ৰত বিশেষকৈ উন্নয়নশীল দেশসমুহত চি কে ডি বৃদ্ধি হোৱাৰ কাৰণ হৈছে মানসিক-আৰ্থ –সামাজিক বাধা, যেনে-ৰোগক লৈ সজাগতাৰ অভাৱ আৰু স্বাস্থ্যসেৱা গ্ৰহণৰ অসমতা।

ইণ্ডিয়ান ছ’চাইটি অব নেফ্ৰ’লজিৰ  মতে চি কে ডি ৰোগীৰ পঞ্জীয়নৰ পৰিমাণ অনুসৰি (২০০৪-০৫), প্ৰতি ১০০ জন লোকৰ বিপৰীতে এজন এই ব্যাধিত আক্ৰান্ত। এই পৰিসংখ্যাই দেখুৱাইছে যে এই ৰোগ সম্প্ৰতি দেশৰ স্বাস্থ্যৰ অৱস্থাত ক্ৰমান্বয়ে এক বোজালৈ পৰ্যবসিত হৈছে। ইয়াৰ আঁৰত বহুতো কাৰণ আছে- যাৰ অন্যতম হৈছে ডায়েবেটিছ। দৰাচলতে বহুতো মহিলা ডায়েবেটিছত আক্ৰান্ত হ’বলৈ ধৰিছে আৰু এই অৱস্থাৰ প্ৰতি প্ৰৱণতা বৃদ্ধি পাইছে। সৌভাগ্যক্ৰমে অসম চৰকাৰে এই স্বাস্থ্যজনিত সমস্যাৰ প্ৰতি অতি সংবেদনশীল দেখুৱাইছে আৰু নিশ্চিত কৰিছে যাতে অধিকাংশ ৰোগীয়ে এইক্ষেত্ৰত শুশ্ৰুষা লাভ কৰে, সংযোজন ডা: মিতুল বৰাৰ (কনছালটেণ্ট, নেফ্ৰ’লজি, এ’প’ল হাস্পতাল)

ডায়েবেটিছ আৰু হাইপাৰটেনছন আৰু পৰৱৰ্তীভাৱে চি কে ডিৰ প্ৰৱণতা হ্ৰাস কৰিবলৈ কিছু প্ৰতিৰোধমুলক ব্যৱস্থা গ্ৰহণ কৰিব পাৰি। শাৰীৰিক অনুশীলন কৰা স্বাস্থ্যকৰ আৰু সুষম আহাৰ গ্ৰহণ কৰা আৰু পৰ্যাপ্ত পৰিমাণে টোপনি হৈছে বিবেচনা কৰিবলগীয়া কেইটামান কথা। আনহাতে এই ৰোগ আৰু ইয়াৰ ফলত হ’ব পৰা জটিলতাৰ বিষয়ে, বিশেষকৈ মহিলাৰ মাজত বিস্তৃত ৰুপত সজাগতা বৃদ্ধিয়ে চি কে ডিত আক্ৰান্ত হোৱাৰ সংখ্যা হ্ৰাস কৰিব পাৰে।

এইবোৰ হৈছে কেতবোৰ সৰ্তকতামুলক ব্যৱস্থা, কিন্তু এই ৰোগত আক্ৰান্ত হোৱাৰ কথা প্ৰমাণ হ’লেই এগৰাকে ৰোগীয়ে চিকিৎসা গ্ৰহণ কৰিব লাগে। এইক্ষেত্ৰত পেৰিটানেল ডায়েলাইছিছ, চমুকৈ পি ডি হৈছে এনে এক চিকিৎসা পদ্ধতি, যি সম্প্ৰতি অতি কাৰ্যকৰীৰুপে চিহ্নিত হৈছে। এই প্ৰক্ৰিয়া ঘৰতেই বা কৰ্মস্থলীতো কৰিব পাৰি, য’ত এটা সৰু টিউব তলপেটৰ এটা অংশ পেৰিটনিয়ামত সংলগ্ন কৰা হয় অশুদ্ধতা আঁতৰাবলৈ। ইয়াত তেজ শৰীৰৰ পৰা বাহিৰলৈ উলিয়াই অনা নহয়, আভ্যন্তৰীণভাৱে বিশুদ্ধ কৰা হয়।

এই সম্পৰ্কে ব্যাখ্যা আগবঢ়াই ডা: বৰাই কয়- ৰোগীসকলৰ বাবে পেৰিটোনেল ডায়েলাইছিছ এক সুবিধাজনক আৰু কাৰ্যকৰী চিকিৎসা পদ্ধতি আৰু এগৰাকী নেফ্ৰ’লজিষ্ট হিচাপে মই সদায়েই ৰোগীসকলক ইয়াৰ পৰামৰ্শ দি আহিছো। মোৰ সৈতে প্ৰায় ১০০ গৰাকী ৰোগী আছে, যিসকলে পি ডি গ্ৰহণ কৰি আহিছে, ইয়াৰ ৭৫ গৰাকীয়েই মহিলা । আনহাতে উত্তৰ-পুৰ্বাঞ্চলৰ চিকিৎসা গ্ৰহণ কৰি থকা সৰ্বমুঠ ৫৫০ গৰাকী ৰোগীৰ ভিতৰত ৩০০ গৰাকীয়েই হৈছে মহিলা। এইটো অতি আশাৰ কথা যে পি ডি গ্ৰহণ কৰা মহিলাৰ পৰিমাণ বেছি আৰু অধিকসংখ্যক মহিলাই চিকিৎসা সেৱা লাভ কৰিছে। মই সদায় প্ৰথমেই পি ডি নীতি গ্ৰহণ কৰি আহিছো আৰু অতি গুৰুত্বপুৰ্ণ কথা হৈছে ৰোগী এগৰাকীক পি ডিৰ উপকাৰিতাৰ বিষয়ে জনোৱা আৰু সঠিকৰুপে ব্যৱহাৰ কৰাৰ শিক্ষা প্ৰদান কৰাটো।

এই প্ৰক্ৰিয়াটো মহিলাৰ ক্ষেত্ৰত অতি উপযোগী, কিয়নো ই তেওঁ লোকৰ দৈনিক কাৰ্যসুচীত কোনোধৰণৰ প্ৰভাৱ নেপেলায়। দশক দশকজুৰি এয়া পৰ্যবেক্ষণ কৰি অহা হৈছে যে বিভিন্ন কাৰণত মহিলাসকলে কেতিয়াবাহে চিকিৎসা গ্ৰহণ কৰে। মহিলাসকলৰ চিকিৎসাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি ডা: শৰ্মাই কয়- ‘এই বিষয়ে সজাগতা সৃষ্টি কৰাটো অত্যন্ত প্ৰয়োজনীয় যে এগৰাকী মহিলা ৰোগী যেতিয়া বৃক্কৰ ৰোগৰ এডভান্সত ষ্টেজত থাকে, তেতিয়া তেওঁলোকে ডায়েলাইছিছ কৰিবই লাগিব, সেয়া লাগিলে হিম’ডায়েলাইছিছ (এইচ ডি) হওক বা পেৰিটোনেল ডায়েলাইছিছ ( পি ডি)। আমি সদায়েই ৰোগীক দুই ধৰণৰ ডায়েলাইছিছৰ বিকল্পৰ মাজৰ পৰা নিৰ্বাচন কৰিবলৈ সুবিধা দিওঁ। ব্যৱহাৰৰ ফালৰ পৰা পি ডি অধিক সুবিধাজনক, কিয়নো ইয়াক ঘৰতে কৰিব পাৰি আৰু ৰোগীয়ে চিকিৎসালয়লৈ আহিবলগীয়া নহয়। ইয়াৰ স্থায়িত্বও ভাল। কিন্তু এগৰাকী ডায়েবেটিছত আক্ৰান্ত মহিলাই যদিহে পি ডি গ্ৰহণ কৰি থাকে, তেন্তে তেওঁৰ ব্লাড ছুগাৰৰ পৰিমাণ নিয়মীয়াকৈ আৰু সঠিকভাৱে পৰীক্ষা কৰিব লাগে, কিয়নো এই ব্যৱস্থাত ব্যৱহাৰ কৰা ফ্লুইড হৈছে শৰ্কৰাভিত্তিক।

উৎস: দেওবৰীয়া সম্ভাৰ

2.73684210526
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top