অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

প্ৰচণ্ড গ্ৰীষ্মপ্ৰৱাহ আৰু স্বাস্থ্যঃ

প্ৰচণ্ড গ্ৰীষ্মপ্ৰৱাহ আৰু স্বাস্থ্যঃ

অসম তথা ভাৰতৰ প্ৰায় আটাইবোৰ ৰাজ্যতে গৰমৰ দিনকেইটাত পৰিৱেশজনিত উষ্ণতা ক্ৰমাগতভাৱে বাঢ়ি গৈছ। ক্ৰমাগতভাৱে এনেদৰে বৃদ্ধি পোৱা উষ্ণতাৰ হেতুকে এক অবৰ্ণনীয় তথা ভয়ংকৰ পৰিস্থিতিৰ আৱৰ্তত সোমাইছে আমাৰ দেশৰ জনসাধাৰণ। গ্ৰীষ্ম প্ৰৱাহৰ তীব্ৰতা বঢ়া হেতুকে নানা ধৰণৰ ৰোগত আক্ৰান্ত ব্যক্তিৰ সংখ্যা অনাকাংক্ষিতভাৱে বাঢ়িছে। মাত্ৰাধিক গৰম পৰিলে বা গ্ৰীষ্ম প্ৰৱাহৰ সন্মুখীন দীঘলীয়া সময়ৰ বাবে হ’বলগীয়া হ’লে নানা ধৰণৰ ৰোগৰ সৃষ্টি হ’ব পাৰে। সেইবোৰৰ ভিতৰত উল্লেখনীয় হৈছে হিট ষ্ট্ৰোক আৰু হিট ছিনকোপ। এনে ধৰণৰ ৰোগ বা ৰুগ্নাৱস্থাত প্ৰতি বছৰে এতিয়ালৈকে মুষ্টিমেয়সংখ্যক ব্যক্তিহে আক্ৰান্ত হয় যদিও প্ৰতি বছৰে ক্ৰমবৰ্ধমান পৰিৱেশজনিত উষ্ণতাৰ পৰিপ্ৰেক্ষিতত এই সংখ্যা লাহে লাহে বঢ়াৰ শংকা দেখা দিছে। এই শংকাগ্ৰস্ততা ব্যক্ত কৰিছে এদল আমেৰিকান গৱেষকে। কেলিফোৰ্ণিয়া বিশ্ববিদ্যালয়ৰ এই গৱেষকৰ দলটোৱে জনোৱা তথ্য অনুযায়ী বিগত অৰ্ধশতিকাজুৰি ভাৰতত গড় উষ্ণতা  প্ৰতি বছৰে ০.৫ ডিগ্ৰী চেলছিয়াছকৈ ঊৰ্ধমুখী হৈ আছে। অৱশ্যে কেলিফোৰ্ণিয়া বিশ্ববিদ্যালয়ৰ গৱেষকৰ দলটিয়ে আঙুলিয়াই দিয়া এটি তথ্যৰ বিষয়ে এইখিনিতে উল্লেখ কৰাটো প্ৰাসংগিক হ’ব বুলি মই বিবেচনা কৰিছো। শেহতীয়াভাৱে ভাৰতত বৰ্ধিত উষ্ণতাৰ মাত্ৰা পূৰ্বতকৈ অধিক নিৰিখত হৈছে। গতিকে অৱধাৰিতভাৱে একৈশ শতিকাৰ শেহৰ দশকটিত গড় উষ্ণতা ২.২ ডিগ্ৰী চেলছিয়াছৰ পৰা ৫.৫ ডিগ্ৰী চেলছিয়াছলৈকে বাঢ়িব। ইয়াৰ ফলত ইতিমধ্যে উল্লিখিত ৰুগ্নাৱস্থাকেইটাত আক্ৰান্ত ব্যক্তিৰ সংখ্যা ভালেখিনি বাঢ়িব। ইতিমধ্যে উল্লিখিত গৱেষকৰ দলটোৰ এগৰাকী সদস্যই সাংবাদিকক অৱগত কৰা তথ্য অনুযায়ী শেহতীয়া প্ৰেক্ষাপটত গ্ল’ৱেল ৱাৰ্মিঙৰ ক্ৰমৱৰ্ধমান প্ৰৱণতা সামান্যভাৱে নিম্নগামী হোৱা (যিটো নেকি মানৱ জাতিৰ অস্তিত্বৰ বাবে এক আশাব্যঞ্জক বতৰা) বুলি ধৰিলেও পৃথিৱীৰ গড় উষ্ণতা ইতিমধ্যে কুৰি শতিকাৰ আৰম্ভণিৰ তুলনাত ২-৩ ডিগ্ৰী চেলছিয়াছ বা ততোধিক বাঢ়িছে। পিছে আন এক চিন্তনীয় দিশ হৈছে যে নিৰাশাৰ মাজত উপৰিউক্ত ধৰণৰ আশাৰ সঞ্চাৰ হ’লেও গ্ৰীষ্ম প্ৰৱাহৰ হেতুকে ৰোগাক্ৰান্ত হোৱা ব্যক্তিৰ সংখ্যা বা ফলত মৃত্যু ঘটা ব্যক্তিৰ সংখ্যাও ক্ৰমাগতভাৱে ভাৰতৰ নালাগে সমগ্ৰ বিশ্বত বাঢ়িছে। বিজ্ঞানীসকলে গৱেষণাৰ আধাৰত অনুমান কৰিছে যে একৈশ শতিকাৰ শেহৰটো দশকলৈ বিশ্বব্যাপী পৰিৱেশজনিত উষ্ণতা ২-৩ ডিগ্ৰী চেলছিয়াছ বাঢ়িলে সমুদ্ৰপৃষ্ঠৰ নিচেই সমীপৱৰ্তী যিবোৰ দেশৰ গড় উষ্ণতা তুলনামূলভাৱে কম তেনেবোৰ দেশৰ জনসাধাৰণৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিব। এনেবোৰ দেশৰ ভিতৰত উল্লেখনীয় হৈছে বাংলাদেশকে ধৰি ভাৰতীয় উপ-মহাদেশৰ কেতবোৰ দেশ, মধ্য প্ৰাচ্য, আফ্ৰিকা তথা দক্ষিণ আমেৰিকাৰ কেতবোৰ দেশ। তদুপৰি এইক্ষেত্ৰত আন এটা প্ৰাসংগিক তথা গুৰুত্বপূৰ্ণ বিষয় হৈছে যে কেলিফোৰ্ণিয়া বিশ্ববিদ্যালয়ৰ সংশ্লিষ্ট দলটোৱে ২০১০ চনৰ পূৰ্বৰ চাৰিটা দশকত ভাৰতত গ্ৰীষ্ম প্ৰৱাহঘটিত ৰোগত আক্ৰান্ত তথা ইয়াৰ ফলত মৃত্যু হোৱা মানুহৰ পৰিসংখ্যা বিস্তৃতভাৱে পৰ্যালোচনা কৰাৰ মূৰকত এই অনুসিদ্ধান্তলৈ আহিছে যে ক্ৰমাগতভাৱে বিগত বছৰকেইটাত অধিকতৰ সংখ্যক ব্যক্তিৰ এনেবোৰ ৰুগ্নাৱস্থাত মৃত্যু ঘটিছে। উদাহৰস্বৰূপে ২০১০ চনত গ্ৰীষ্ম প্ৰৱাহ হেতুকে উদ্ভৱ হোৱা ৰুগ্নাৱস্থাত আক্ৰান্ত হৈ মৃত ব্যক্তিৰ সংখ্যা আছিল ১,৩০০ জন আৰু ২০১৩ চনত এই সংখ্যা বাঢ়ি ১,৫০০ জন আৰু ২০১৫ চনত ২,৫০০ জন হোৱা বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে। নিঃসন্দেহে এয়া হৈছে এক গুৰুতৰ ধৰণৰ পৰিৱেশঘটিত স্বাস্থ্যজনিত সমস্যা। বতৰৰ সৈতে মানৱ স্বাস্থ্যৰ নিঃসন্দেহে এক ঘনিষ্ঠ সম্বন্ধ আছে। গতিকে জলবায়ুৰ পৰিৱৰ্তনে মানৱ স্বাস্থ্যৰ ওপৰত বাৰুকৈয়েই প্ৰভাৱ বিস্তাৰ কৰিব বুলি বিজ্ঞানীসকলে সম্ভাৱনীয়তা ব্যক্ত কৰিছে। বিগত যিকোনো ৩০টা বছৰৰ একোখন ঠাইৰ বতৰৰ গড় অৱস্থাটিকে সেই ঠাইখনৰ জলবায়ু বুলি মোটামুটিভাৱে ধৰিব পাৰে। ভাৰতীয় উপ-মহাদেশখনত মৌচুমী বায়ুৱে বৃষ্টিপাতৰ ভাৰসাম্য ৰক্ষাত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। এতিয়া কথা হৈছে যে জলবায়ু পৰিৱৰ্তনৰ এক অবিচ্ছেদ্য অংশ হিচাপে মৌচুমী বায়ুৰ ফলত ঘটা বৃষ্টিপাতৰ ধৰণৰো (পেটাৰ্ণ) ভালেখিনি সালসলনি ঘটিছে। উপ-মহাদেশখনত ঘটা মুঠ বাৰ্ষিক বৃষ্টিপাতৰ ৮০ শতাংশ মৌচুমী বায়ুৰ হেতুকেই হয় যদিও বিগত ২৫টা বছৰত ইয়াৰ মাত্ৰা আৰু পৰিমাণ বাঢ়িছে। পৰিৱেশজনিত উষ্ণতা বৃদ্ধিৰ ই এক ফল বুলি বিজ্ঞানীসকলে গণ্য কৰে।

আমেৰিকাৰ সুবিখ্যাত মেছাচুছেট ইনষ্টিটিউট অব্ টেকন’লজীৰ বিজ্ঞানীসকলে সংশ্লিষ্ট তথ্য পৰ্যবেক্ষণ কৰি প্ৰতিপন্ন কৰিছে যে বিগত প্ৰতিটো দশকতে উত্তৰ আৰু মধ্য ভাৰতত হোৱা বাৰ্ষিক গড় বৃষ্টিপাতৰ পৰিমাণ ১.৩৪ মিঃ মিঃ হিচাপত বাঢ়িছে। তদুপৰি ইয়াৰ পূৰ্বৰ অৰ্ধশতিকাত (অৰ্থাৎ ১৯৫০ চনৰ পৰা ২০০২ চনলৈ) মৌচুমী বায়ুৰ প্ৰভাৱত ঘটা বৃষ্টিপাতৰ পৰিমাণ প্ৰতিটো দশকতে গড় হিচাপে ০.১৮ মিঃ মিঃ হিচাপত টুটা বুলি (ভাৰতৰ সেই একেকেইটা অঞ্চলতে) বিজ্ঞানীসকলে এক হিচাপ কৰিছে। ইনষ্টিটিউটটোৰ চেণ্টাৰ ফৰ গ্ল’বেল ক্লাইমেট চেঞ্জৰ গৱেষক চিয়েং ৱাঙে এই সন্দৰ্ভত মন্তব্য কৰি কয় যে গোলকীয় ভূমিভাগৰ উষ্ণতা বৃদ্ধি ঘটি সৃষ্টি হোৱা গ্ৰীষ্ম প্ৰৱাহৰ হেতুকেই বতৰৰ এনে পৰিৱৰ্তন দেখা গৈছে আৰু এনে পৰিঘটনাই বতৰ বিজ্ঞানীসকলক অধিক গৱেষণালব্ধ তথ্য আহৰণৰ সুবিধা প্ৰদান কৰিছে।

বতৰৰ এনেধৰণৰ পৰিৱৰ্তনৰ বিষয়ে পঢ়ুৱৈসকলক অৱগত কৰাৰ পাছত ইয়াৰ ফলত (অৰ্থাৎ এনে সালসলনিৰ) হ’ব পৰা স্বাস্থ্যজনিত প্ৰভাৱৰ বিষয়ে উল্লেখ কৰাটো সমীচীন হ’ব। মৌচুমী বায়ু অধিক শক্তিশালী হোৱাৰ ফলত বৰষুণৰ মাত্ৰা তথা তীব্ৰতা বঢ়াৰ উপৰি বৰ্ষামুখৰ দিনৰ সংখ্যা বাঢ়িছে। ইয়াৰ ফলত শৰীৰৰ বিভিন্ন অংশত ভেঁকুৰজনিত সংক্ৰমণৰ মাত্ৰা বৃদ্ধি হ’ব পাৰে। ঘাইকৈ হাওঁফাওঁ আৰু ছালত এনে সংক্ৰমণৰ বাহ্যিক প্ৰকাশ ঘটে। এনেয়ে অসমৰ জলবায়ু সেমেকা হোৱা হেতুকে কেতবোৰ এনেধৰণৰ সংক্ৰমণৰ মাত্ৰা তুলনামূলকভাৱে বেছি। হাওঁফাওঁত ঘটা সংক্ৰমণৰ ভিতৰত মুখ্য হৈছে এস্পাৰগিলোছিছ আৰু কেণ্ডিডিয়াছিছ। এই দুয়োবিধ ৰোগৰে বাহ্যিক প্ৰকাশ হৈছে- কাহ, শ্বাসকষ্ট, বুকুৰ বিষ আৰু সময়সাপেক্ষে জ্বৰ। পিছৰবিধ সংক্ৰমণ খাদ্যনলীতো হয়। এই চমু নিবন্ধটি মই সামৰিব খুজিছো ইতিমধ্যে উল্লেখ কৰা হিট ষ্ট্ৰোক আৰু ছিনকোপৰ কেতবোৰ বৈশিষ্ট্যৰ বিষয়ে। পিছৰবিধ অৱস্থাত আক্ৰান্ত ব্যক্তি সাময়িকভাৱে অজ্ঞান হৈ পৰে। প্ৰথমবিধৰ অৱস্থাত ৰোগীৰ হাত-ভৰি অসাৰ হৈ পৰাৰ শংকা বিৰাজমান। নাড়ীৰ স্পন্দনৰ মাত্ৰা দ্ৰুততৰ হয়, ৰক্তচাপ সাধাৰণতে টুটি যায় যদিও সময়সাপেক্ষে বাঢ়িবও পাৰে। তদুপৰি ৰোগীজন অতি গুৰুতৰ ধৰণৰ নিৰ্জলী ভৱনত (চিভিয়াৰ ডিহাইড্ৰেচন) আক্ৰান্ত হব পাৰে। ৰোগীগৰাকীৰ দৈহিক উষ্ণতা অত্যধিক মাত্ৰাত বাঢ়িব পাৰে আৰু প্ৰস্ৰাৱৰ মাত্ৰা টুটিব পাৰে।

সাধাৰণতে আমাৰ অসমত এনেধৰণৰ অৱস্থাত আক্ৰান্ত ব্যক্তিৰ সংখ্যা নিচেই কম যদিও প্ৰতিষেধকমূলক ব্যৱস্থা লোৱা বাঞ্ছনীয়। অন্যথা বৰ্ধিত উষ্ণতাৰ পৰিপ্ৰেক্ষিতত ৰোগীৰ সংখ্যা বঢ়াৰ শংকা আছে। চিকিৎসা ঘাইকৈ উপসৰ্গজনিত।

(উৎসঃ খবৰ, ডাঃ মিহিৰ কুমাৰ গোস্বামী)।

 

শেহতীয়া উন্নীতকৰণ: : 2/27/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate