অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

প্ৰজনন ক্ষমতা প্ৰভাৱিত কৰে ধূমপানেঃ

প্ৰজনন ক্ষমতা প্ৰভাৱিত কৰে ধূমপানেঃ

ধূমপানৰ অভ্যাসে পুৰুষৰ প্ৰজনন ক্ষমতা প্ৰভাৱিত কৰাৰ লগতে শুক্ৰাণু দুৰ্বল কৰে। শেহতীয়াভাৱে চলোৱা এক গৱেষণাত এই তথ্য পোৱা গৈছে। গৱেষকসকলৰ মতে বন্ধ্যাত্বৰ যিবোৰ সমস্যা দেখা যায় তাৰ প্ৰায় ৩০-ৰ পৰা ৫০ শতাংশৰ কাৰণ পুৰুষ। ব্ৰাজিলৰ চাও পাওলো ফেডাৰেল বিশ্ববিদ্যালয়ৰ গৱেষকসকলৰ মতে বহুকেইটা অধ্যয়নৰ জৰিয়তে পুৰুষৰ প্ৰজনন ক্ষমতাত ধূমপানে বিৰূপ প্ৰভাৱ পেলোৱাৰ প্ৰমাণ পোৱা গৈছে। গৱেষকৰ মতে ধূমপান কৰা লোকসকলৰ শুক্ৰাণুত পৰিৱৰ্তন দেখিবলৈ পোৱা যায়। এনে লোকসকলৰ শুক্ৰাণুৰ এনে অৱস্থা দেখা গৈছে, যিবোৰৰ সন্তান জন্ম দিয়াৰ ক্ষমতা একেবাৰে কম।

উৎস: নিয়মীয়া বাৰ্তা।

শেহতীয়া উন্নীতকৰণ: : 4/15/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate