মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / প্ৰদূষণ ভেজাল খাদ্য আৰু আমাৰ বেমাৰবোৰ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

প্ৰদূষণ ভেজাল খাদ্য আৰু আমাৰ বেমাৰবোৰ

প্ৰদূষণ ভেজাল খাদ্য আৰু আমাৰ বেমাৰবোৰ

চাৰিওফালে ভেজাল খাদ্য ভৰি পৰিছে। মাটী, পানী, বায়ু সকলো প্ৰদূষিত হৈছে। আৰু বেছি দিন নাই, আমি হয়তো এটুপি বিশুদ্ধ স্বাস্থ্যসন্মত পানী, খোৱা বস্তুৰ বাবে হাহাকাৰ কৰিব লগা হ’ব। মানুহৰ প্ৰয়োজনীয় পৰিমাণ অনুযায়ী উৎপাদন কৰিবলৈ যাওতে ব্যৱসায়ীসকলে বিভিন্ন উপায় গ্ৰহণ কৰিছে। এতিয়া আমি খোৱা গাখীৰত দূষিত পানী, জেব্ৰাৰ গাখীৰৰ পৰা প্ৰস্তুত কৰা শুকান পাউদাৰ আৰু কিছু স্বাস্থ্যৰ অপকাৰী বস্তু মিহলোৱা হৈছে। এইবোৰৰ কাৰণে গাখীৰ উতলালে ওপৰত ডাঠ হালধীয়া চামনি আৰু চচপেনৰ তলিত ডাঠ বগা তৰপ এটা পৰে। শাক-পাচলিৰ উৎপাদন বৃদ্ধি আৰু পোকে নাখাবলৈ আমাৰ অপকাৰী কীটনাশক ঔষধ, হৰম’ন, ভিটামিন, ৰাসায়নিক সাৰ ব্যৱহাৰ কৰা হৈছে। গোবৰ সাৰ বা পচন সাৰত হোৱা খেতিৰ ফচলৰ দৰে ইয়াৰ সোৱাদ নহয়। অন্ধ্ৰ প্ৰদেশ, পশ্চিমবংগ, উত্তৰপ্ৰদেশৰ পৰা চালান হোৱা মাছবোৰ সোনকালে গেলি নাযাবলৈ প্ৰতিটো মাছৰ বাকলিৰ তলত ইনজেকশ্বন দিয়া হয়। এনে মাছৰ পৰা প্ৰকৃততে পাব লগা বস্তুবোৰ আমাৰ শৰীৰে নাপায়। পুখুৰীত পোহা মাছবোৰ সোনকালে ডাঙৰ হ’বলৈ মাছৰ খাদ্যৰ লগতে ইউৰীয়া জাতীয় সাৰ-খাদ্য ব্যৱহাৰ কৰা হৈছে। এনে মাছবোৰ চুবলৈ বৰ পিছল। ফাষ্টফুডবিলাকত জিভাৰ টেষ্ট বাঢ়িবলৈ আৰু বহু সময়লৈ স্ংৰক্ষণ কৰিবলৈ ‘আজিনমট’কে ধৰি অন্য কিছু ৰাসায়নিক দ্ৰব্য মাত্ৰাধিক মিহলোৱা হয়। কল-কাৰখানাৰ পেলনীয়া পানীয়ে মাটিৰ উপৰিভাগৰ পথাৰ, বিল, জান, জুৰি, নৈ লগতে ভুগৰ্ভৰ পানীও কিছু পৰিমাণে লঘু এচিড, তৈল পদাৰ্থ, মাৰকিউৰী মন’ক্সাইড, অনেক দ্ৰবীভূত হোৱা ৰাসায়নিক আৰু আণৱিক মৌলৰ দ্বাৰা দূষিত হৈছে। এনেবোৰ দূষিত হোৱা শাক-পাচলি, হাঁহ, ছাগলী, মাছ আদি আমি খাইছো। তেনে পানী বহুতে খোৱাৰ কাৰণেও ব্যৱহাৰ কৰিছে। আকৌ গভীৰ নলীনাদৰ পানীত আৰ্ছেনিক, ফ্ল’ৰাইড মৌলৰ মাত্ৰাধিক উপস্থিতি ধৰা পৰিছে। এনে পানী উতলালে পানীৰ ওপৰত এখন চামনি পৰে। খাবলৈ কিছু সোৱাদ। লাভৰ মূলত আমাৰ বহুতেই অকাল বৃদ্ধ, চকু, মগজু, ছাল, বিভিন্ন ষ্ট’ন, কিডনি, লিভাৰ, হাৰ্ট, হাড় বেঁকা, দাঁত ক্ষয়, দাঁত ক’লা পৰা, পয়ালগা, মূৰৰ বিষ, জ্বৰ, পেটৰ অসুখ আদিত ভুগিছে।

ধাতু প্ৰস্তুত কৰা কল-কাৰখানা, খনিজ মণিক উদ্‌ঘাটন, ৰ্ং, প্লাষ্টিক, ৰবৰ, ঔষধ, চিমেণ্ট, কাগজ, পেষ্টীচাইড, ইনছেকষ্টিছাইড, ইলেকট্ৰ’নিক সামগ্ৰী, কাপোৰ, ৰাসায়নিক, খনিজ তেল উৎপাদন আৰু শোধন আদি কৰোতে মাটি, পানী, বায়ু সকলোতে অলাগতিয়াল বিষাক্ত বা অপকাৰী গেছ, ধোঁৱা, জুলীয়া, গোটা আদি অনেক পদাৰ্থই প্ৰদুষিত কৰি তোলে। ভাৰতৰ বহু চহৰৰ মাজত অনেক কল-কাৰখানা আছে। নয়ডা, ৰায়পুৰ, চুৰাটৰ দৰে চহৰবোৰত ৰাতি ধুলি আৰু ধোঁৱাৰ প্ৰকোপত জোনটোৰ বাহিৰে তৰা, নক্ষত্ৰ, উল্কা, হাটীপটি, ৰাশিচক্ৰ একোৱেই দেখিবলৈ পোৱা নাযায়। ৰায়পুৰ চহৰৰ মাজত থকা চিমেণ্ট কাৰখানাত কেঁচা সামগ্ৰী হিচাপে চূণশিল, কয়লা, বালি বা ছিলিকা, জিপছাম ব্যৱহাৰ কৰা হয়। কয়লাত কাৰ্বন ডাই-অক্সাইড, কাৰ্বন মন’অক্সাইড, ছালফাৰ ডাই-অক্সাইড, মিথেন গেছ আৰু পাইৰাইট মণিক থাকে। চিমেণ্ট প্ৰস্তুত কৰোতে কমেও কেইবা কুইণ্টল ওজনৰ গেছ, ধোঁৱা, ধূলি আকাশলৈ এৰি দিয়া হয়। ইয়াত থকা গধুৰ কণাবোৰ কাৰখানাৰ ওচৰ-পাঁজৰৰেই মাটি, গছ আৰু ঘৰৰ মূধচত পৰে। পাতল পদাৰ্থবোৰ বতাহে ইফালে-সিফালে বহু দূৰলৈ লৈ ফুৰে। এইবোৰো শেষত বায়ুত থকা জলীয় বাস্পৰ লগত লগ লাগি গধুৰ হৈ তললৈ সৰি পৰে। কেতিয়াবা এচিড বৰষুণো হয়। এই ধূলিবোৰে পাতৰ ৰন্ধ্ৰবোৰ বন্ধ কৰি পেলায়। উদ্ভিদে সূৰ্যৰ ৰশ্মিৰ সহায়ত সালোক-স্ংশ্লেষণ প্ৰক্ৰিয়াৰে আহাৰ প্ৰস্তুত কৰিব নোৱাৰা হয়। উদ্ভিদৰ ফল-মুল কমি যায়। বংশ বৃদ্ধিত বাধা জন্মে। চিমেণ্টৰ পৰা ওলোৱা ধোঁৱা-ধূলিৰ পৰা মানুহৰ যক্ষ্মা, বুকুৰ বিষ, জ্বৰ, কাহ, পানীলগা, খজুৱতি আদি ৰোগ বেছিকৈ হয়। চিমেণ্ট কাৰখানাৰ কৰ্মচাৰীক মাজে মাজে গুড় খাবলৈ দিয়া দেখা যায়। গুড় খালে হেনো হাওঁফাওঁ চাফা হয়। আজিকালি কম্পিউটাৰাইজ পদ্ধতিত প্ৰদূষণমুক্ত চিমেণ্ট প্ৰস্তুত প্ৰণালী ওলাইছে। মহাৰাষ্ট্ৰ ৰাজ্যৰ মাণিকগড়ত এনে এটা অতি পৰিস্কাৰ চিমেণ্ট কাৰখানা দেখি আহিছো। লোৰ কাৰখানাত লোৰ আকৰৰ উপৰি পানী, কয়লা, চাৰকাল, মেংগানিজ, নিকেল, ক্ৰমিয়াম আদি বহুতো খনিজ মনিক ব্যৱহাৰ কৰা হয়। এইবোৰ কাৰখানাৰ পৰা ওলোৱা ধোঁৱা, ধূলি আৰু পানীয়ে বহু ধৰণৰ বেমাৰৰ কাৰণ হ’ব পাৰে। এইবোৰ উদ্যোগৰ পৰা হোৱা প্ৰদূষণৰ বাবে পেটৰ, চকুৰ, হাওঁফাওঁ, কিডনী, আনকি কেন্সাৰ ৰোগ হোৱাৰো সম্ভাৱনা থাকে বুলি জনা যায়।

কাগজ প্ৰস্তুত কৰোঁতে কেঁচা সামগ্ৰী হিচাপে পুৰণি কাগজ, কাপোৰ, আঁহযুক্ত পাতল কাঠ আৰু বাঁহ পৰ্যাপ্ত পৰিমাণে ব্যৱহাৰ কৰা হয়। তদুপৰি কাগজ তৈয়াৰ কৰিবলৈ বোকা, চূণশিল, কেৱলিন, ব্লিচিং এজেণ্ট হাইড্ৰ’জেন পেৰক্সাইড, ছডিয়াম ডিথিঅ’নাইট, ক্ল’ৰিন যৌগ, পেৰাচেটিক এচিড আদি ব্যৱহাৰ কৰা হয়। কাগজ কাৰখানাৰ পৰা ধোঁৱা হিচাপে হাইড্ৰ’জেন ছালফাইড, মিথাইল মাৰকেপটাইন, ডাই-মিথাইল-ছালফাইড, ডাই-মিথাইল-ডি ছালফাইড, উদ্বায়ী অন্য কিছু গেছ, কাৰ্বনমন’অক্সাইড, এম’নিয়া, নাইট্ৰ’জেন অক্সাইড, নাইট্ৰেট, বেনজিন, ক্লৰ’ফৰ্ম আৰু কিছু ভৌতিক যৌগ আৰু মিহি ছাই জাতীয় ধূলিকণা চিমনিয়েদি বাহিৰ হয়। সেইবাবে কাগজ কাৰখানাৰ ওচৰত উৎকট গোন্ধ পোৱা যায়। এই গেছবিলাকৰ নাইট্ৰ’জেন অক্সাইড আৰু ছালফাৰ ডাই-অক্সাইডে বায়ুমণ্ডলৰ ডাৱৰৰ লগত লগ লাগি লঘু এচিড বৰষুণৰ সৃষ্টি কৰে। পানী এচিড হ’লে PH মান ৭ তকৈ কমি যায়। এচিড বৰষুণ মূৰত পৰিলে মূৰৰ বিষ হয়, পানী লগা জ্বৰ আৰু কাহ হয়। বৰষুণত তিতা কাপোৰৰ পৰা বৰ বেয়া গোন্ধ ওলায়। বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড গেছৰ মাত্ৰা কিছু বেছি হোৱা বাবে বতৰ আৰু জলবায়ু পৰিৱৰ্তনত সহায় কৰে। কাগজ কাৰখানাৰ চিমনিৰ পৰা ওলোৱা সৰহভাগ গেছ আৰু ধোঁৱাই শ্বাস-প্ৰশ্বাসত অসুবিধাৰ সৃষ্টি কৰে। মিথাইল মাৰকেপটান নামৰ গেছটোৱে মানুহৰ ছাল, চকু আৰু হাওঁফাওঁত ক্ষতিসাধন কৰে। গেলা কণীৰ দৰে গন্ধোৱা হাইড্ৰ’জেন ছালফাইড গেছে মানুহৰ ছাল, চকু আৰু ডিঙিত ক্ৰিয়া কৰে। ছালফাৰ যৌগ আৰু ছালফাইডবিলাকে মানুহৰ শ্বাস-প্ৰশ্বাসত অসুবিধাৰ সৃষ্টি কৰে। বেনজিন আৰু কাৰ্বন মন’অক্সাইডে মানুহৰ তেজত ক্ৰিয়া কৰে। বেনজিন যৌগ উশাহ লওঁতে তেজে ত্ৎক্ষণাত গ্ৰহণ কৰে। বেনজিনযুক্ত তেজে মানুহৰ হাড়ৰ মজ্জা আৰু মগজুত ক্ৰিয়া কৰে। কাৰ্বন মন’অক্সাইড গেছে মানুহৰ তেজৰ লগত মিহলি হৈ কাৰ্বক্সি-হিম’গ্লবিন কৰে। কাৰ্বক্সি-হিমগ্লবিনে বেছি পৰিমাণৰ অক্সিজেনৰ কণা কলিজাৰ পৰা ধমনীয়ে শৰীৰৰ বিভিন্ন অংগলৈ নিব নোৱাৰে। ফলত লাহে লাহে মানুহৰ শৰীৰ দূৰ্বল হৈ পৰে। মাৰকিউৰি বা পাৰা যৌগই মানুহৰ বৃক্ক, বংশবৃদ্ধি ক্ষমতা, পেটত সৃষ্টি হোৱা কেঁচা ঘাঁ, কলাফুল, ভৰি আৰু হাতত থকা কোষ কলা আদিত বেমাৰৰ সৃষ্টি কৰাৰ সম্ভাৱনা থাকে। নিয়মমতে এনে গেছ আৰু ধোঁৱা ফিল্টাৰ কৰাৰ পিছতহে চিমনিৰ যোগেদি বায়ুমণ্ডলত এৰি দিব লাগে। কাগজ প্ৰস্তুত কৰোতে যথেষ্ট পৰিমাণে পেলনীয়া পানীও উৎপন্ন্ হয়। এনে পানীতো দ্ৰৱ হিচাপে সৰহভাগ বায়ু প্ৰদূষণত থকা ৰাসায়নিক যৌগবোৰেই থাকে। তদুপৰি ক্ল’ৰিন যৌগও থাকে। এনে পানীত থকা জীৱবোৰ বেছি সময় জীয়াই নাথাকে। মাৰকিউৰী দ্ৰৱ আৰু ক্ল’ৰিনেটেড ডাই-অক্সিন অতি বিষাক্ত। এনে বিষাক্ত দ্ৰব্যবোৰৰ পৰিমাণ একেবাৰে সামান্য হোৱা দৰকাৰ। এই দ্ৰব্যবোৰে মানুহৰ প্ৰজনন আৰু প্ৰতিৰোধী ক্ষমতা কমাই দিয়ে। মানুহৰ দেহৰ হৰম’নৰ পৰিৱৰ্তন হয়। ক্ল’ৰিনেটেড ডাই-অক্সিন পানীৰ যোগেদি মানুহৰ দেহৰ মেদৰ কলাত জমা হয়। কেঁচা সামগ্ৰী হিচাপে পুৰণি বা পেলনীয়া কাগজ বেছিকৈ ব্যৱহাৰ কৰিব পাৰিলে পানীৰ প্ৰদূষন যথেষ্ট কমাৰ সম্ভাৱনা থাকে। প্ৰদূষিত পানীত ডাঙৰ হোৱা মাছৰ ফুলবোৰ বগা আৰু বিজলুৱা। এনে মাছ ভাজিলে কাঁইটবোৰ মাংসৰ পৰা এৰাই যায়। সোৱাদ একেবাৰে নাথাকে।

খাৰুৱা তেল খনন কৰোতে আৰু উৎপাদন কৰোতে খাদৰ মুখেদি, পাইপ ফাটিলে, টেংকাৰ বাগৰিলে ওচৰ-পাঁজৰ অঞ্চলৰ উপৰিভাগৰ মাটি আৰু পানীত খাৰুৱা তেল মিহলি পানী, বোকা বিয়পি পৰে। তেল শোধানাগাৰৰ পেলনীয়া পানীও ওচৰ-পাঁজৰৰ নলা-নৰ্দমা, জান-জুৰি, জনবসতিপূৰ্ণ অঞ্চল, খেতিপথাৰ, বিল, নৈ আদিত বিয়পি পৰে। খাৰুৱা তেলৰ প্ৰদূষণৰ বাবে মাটিত থকা ক্ষুদ্ৰ ক্ষুদ্ৰ বায়ু-পানী চলাচল কৰা ৰন্ধ্ৰবোৰ খাৰুৱা তেলৰ চেকুৰাই বন্ধ কৰি পেলায়। ইয়াৰ ফলত মাটিৰ ওপৰ অংশলৈ বতাহ আৰু পানী চলাচল কমি যা্য। ফলত উদ্ভিদে মাটিৰ পৰা প্ৰয়োজনীয় লৱণ আৰু পানী ল’ব নোৱাৰা হয়। উদ্ভিদৰ কোষবোৰত থাকিব লগা পানীৰ পৰিমাণ কমি যায়। লাহে লাহে উদ্ভিদবোৰ মৰিবলৈ ধৰে। মাছৰ ফুলত তেলেতীয়া পদাৰ্থবোৰ লগাৰ কাৰণে উশাহ ল’ব নোৱাৰা হয়। সেইবাবে খাৰুৱা তেল মিহলি পানীত ঘাঁহ, বন, জোপোহা গছ, কিছু ডাঙৰ গছো মৰি যায়। সৰু সৰু কীট-পত্ংগ, কেঁকোৰা, মাছ সকলোৰে স্ংখ্যা কমি আহে। প্ৰাকৃতিক গেছত থকা কাৰ্বন, অক্সিজেন আৰু হাইড্ৰ’জেনৰ যৌগবোৰ বায়ুমণ্ডলত জমা হয়। ইয়াৰ ফলত এটা বৃহত অঞ্চলত স্বাভাৱিক তাপমাত্ৰা আৰু জলবায়ুৰ পৰিৱৰ্তন হয়। প্ৰাকৃতিক গেছ ব্যৱহাৰ কৰি ৰাসায়নিক সাৰ প্ৰস্তুত কৰা হয়। ৰাসায়নিক সাৰ উৎপাদনত কেঁচা সামগ্ৰী হিচাপে প্ৰাকৃতিক গেছৰ উপৰি এম’নিয়া, নাইট্ৰে’জেন, ছালফিউৰিক এচিড, ফছফেট, পটাছ আদি ব্যৱহাৰ কৰা হয়। সাৰ কাৰখানাৰ চিমনিৰ পৰা নাইট্ৰ’জেন যৌগ বৰষুণৰ যোগেদি মাটিত পৰে। সেইবাবে সাৰ কাৰখানাৰ ওচৰে-পাঁজৰে নাইট্ৰে’জেন বেছি লগা শাক-পাচলি ফ্ৰেন্সবিন, ঢেকীয়া, লাইশাকৰ চেহেৰা বৰ ভাল হোৱাৰ লগতে বেছি পৰিমাণে হয়। ডিব্ৰুগড়, চৰাইদেউ জিলাৰ পাহাৰৰ ওচৰৰ অঞ্চলবোৰত শামুকৰ স্ংখ্যা ক্ৰমাত বাঢ়ি যোৱাৰ কাৰণ এই গেছবিলাকো হ’ব পাৰে। সাৰ কাৰখানাৰ ভিতৰত কাম কৰা লোকসকলৰ দাঁত বৰ সোনকালে সৰে আৰু কম বয়সতে বহু বৃদ্ধ হোৱ যেন দেখা যায়।

হেমন্ত বৰগোহাঁই,স্বাস্থ্য আৰ দীৰ্ঘ জীৱন

2.93939393939
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top