মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / প্ৰসাধন আৰু স্বাস্থ্য :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

প্ৰসাধন আৰু স্বাস্থ্য :

প্ৰসাধন আৰু স্বাস্থ্য :

 

ৰূপৰ প্ৰতি আমাৰ সকলোৰে দুৰ্বলতা আছে। সেয়ে ইশ্বৰ প্ৰদত্ত চেহেৰাটোক অধিক আকৰ্ষণীয় কৰি তুলিবলৈ প্ৰসাধনকে ধৰি বিভিন্ন ধৰণে চেষ্টা কৰোঁ। নিজকে অধিক দেখনিয়াৰ কৰি তুলিবলৈ ব্যৱহাৰ কৰা প্ৰসাধনৰ ক্ষেত্ৰত আমি সজাগ আৰু সাৱধান নহ’লে স্বাস্থ্য আৰু জীৱনৰ প্ৰতি ভাবুকি আহিব পাৰে। এই লেখাটিত আমি সততে ব্যৱহাৰ কৰা কিছুমান প্ৰসাধন সামগ্ৰী আৰু স্বাস্থ্যৰ ওপৰত তাৰ প্ৰভাৱ সম্পৰ্কে কিছু আলোকপাত কৰিব বিচৰা হৈছে।

চুলিৰ যতনৰ বাবে আমি প্ৰায় সকলোৱেই বিভিন্ন ধৰণৰ ‘ছেম্পু’ ব্যৱহাৰ কৰোঁ। এই ছেম্পুসমূহত গড়ে প্ৰায় ১৫ বিধ ৰাসায়নিক পদাৰ্থ থাকে। তাৰ ভিতৰত ছডিয়াম ল’ৰিল ফালফেট(SLS), প্ৰপাইলী গ্লাইক’ল, মিথাইল আইছ’ থায়াজ’লিন(MIT) আদি উল্লেখ কৰিব পাৰি। ফেনাবলৈ যোগ দিয়া হোৱা ছডিয়াম ল’ৰিল ছালফেটৰ প্ৰ’টিন বিনষ্টকাৰী আছে, যাৰ ফলস্বৰূপে ব্যৱহাৰ কৰোঁতাৰ ছালৰ খজুৱতিৰ লগতে মূৰৰ ছালৰ বিভিন্ন সমস্যাৰ সৃষ্টি কৰে। সঘন সংস্পৰ্শই চকুৰ সমুখভাগৰ ছালৰ স্বচ্ছতা বাধাগ্ৰস্ত কৰি চকুৰ ছানি পৰা ৰোগ বা কেটেৰেক্ট কৰাব পাৰে। মিথাইল আইছ’থায়াজলিন-এ স্নায়ুতন্ত্ৰ ক্ষতিগ্ৰস্ত কৰে। গৰ্ভৱতী নাৰী এইবিধ ৰাসায়নিক সংস্পৰ্শলৈ আহিলে গৰ্ভস্থ সন্তানৰ মগজুৰ বিকাশত অস্বাভাৱিকতা অহাৰ আশংকা থাকে। প্ৰসাধন শৰীৰত লগোৱাৰ আগতেৱ ব্যৱহাৰ কৰা ‘ফাউণ্ডেচন’ত গড়ে ২৪ প্ৰকাৰৰ বিভিন্ন ৰাসায়নিক পদাৰ্থ থাকিব পাৰে। তাৰ ভিতৰত পলিমিথাইল মিথাইলক্ৰিলেটৰ দৰে অনিষ্টকাৰী ৰাসায়নিকে  শৰীৰৰ স্বাভাৱিক ৰোগ প্ৰতিৰোধক ক্ষমতা বাধাগ্ৰস্ত কৰাৰ লগতে বিভিন্ন ধৰনৰ এলাৰ্জি কৰাব পাৰে। ই কৰ্কট ৰোগৰ স’তেও সম্পৰ্কিত হ’ব পাৰে বুলি মত প্ৰকাশ কৰা হৈছে। ওঁঠত লগোৱা লিপষ্টিকতো এইবিধ ৰাসায়নিক সংযুক্ত থাকে।

চকুৰ প্ৰসাধনত ব্যৱহৃত ‘আইশ্বেড’সমূহত প্ৰায় ২৬ বিধ ৰাসায়নিক পদাৰ্থ ব্যৱহৃত হয়, য’ত ‘পলিথিলিন টেৰিফথেলেট’ৰ দৰে ৰাসায়নিকো থাকে, যিয়ে শৰীৰৰ হৰম’নৰ সন্তুলন বাধাগ্ৰস্ত কৰাৰ লগতে প্ৰজনন শক্তিহীনতা আৰু কিছুমান কৰ্কট ৰোগৰ আশংকা বঢ়ায়। শৰীৰৰ দুৰ্গন্ধ নাশ কৰিবলৈ বা ভাল গোন্ধাবলৈ সততে ব্যৱহাৰ কৰা বিভিন্ন সুগন্ধি(Perfume, Deodorant) দ্ৰব্যবোৰত থকা ৰাসায়নিক পদাৰ্থৰ সংখ্যা শুনিলে আমি হয়তো বিশ্বাস কৰিবই নুখুজিম- আমাৰ আদৰৰ এনেবোৰ সুগন্ধিত প্ৰায় ২৫০ বিধ ৰাসায়নিক পদাৰ্থ বিভিন্ন হাৰত সংমিশ্ৰিত হৈ থাকে, য’ত বেঞ্জাইল ডিহাইড, টলুইন, এলুমিনিয়াম জাৰ্কোনিয়াম, আইছ’প্ৰপাইল মিৰিষ্টেট আদিৰ দৰে অনিষ্টকাৰী পদাৰ্থও থাকিব পাৰে। এনেবোৰ ৰাসায়নিক শুক্ৰাণুৰ অনিষ্ট সাধন, অংগৰ জ্বলন, হৰম’নৰ সন্তুলনহীনতা আদি কৰিব পৰাৰ লগতে কৰ্কট ৰোগৰ স’তেও সম্পৰ্কিত হ’ব পাৰে বুলি বিভিন্ন অধ্যয়নত আশংকা প্ৰকাশ কৰা হৈছে। ছালৰ সুৰক্ষাৰ বাবে ব্যৱহৃত ‘ব’ডী লোচন’সমূহত প্ৰায় ৩২ বিধ ৰাসায়নিক ব্যৱহৃত হয়। ইয়াৰ ভিতৰত মিথাইল পাৰাবেন, প্ৰপাইল পাৰাবেন, পলিথিন গ্লাইক’ল আদিয়ে হৰম’নৰ সমতুলহীনতা, খজুৱতি, ৰঙা পৰা আদি কৰাব পাৰে। চুলিত ব্যৱহাৰ কৰা স্প্ৰে’সমূহত গড়ে এঘাৰবিধমান ৰাসায়নিক থাকে। ইয়াৰ ভিতৰত অক্সিনোজেট, আইছ’ফথেলেট আদিয়ে খজুৱতি, জ্বলন, হৰম’নৰ সমতুলহীনতাত, শৰীৰ গঠনকাৰী কোষৰ বিন্যাস সলনি আদি কৰিব পাৰে। নখত ৰং কৰিবলৈ ব্যৱহাৰ কৰা নেইল পলিছসমূহত প্ৰায় ৩১ বিধ ৰাসায়নিক দ্ৰব্য থাকে, যাৰ ভিতৰত ‘থেলেট’ জাতীয় পদাৰ্থসমূহ শৰীৰৰ বাবে অনিষ্টকাৰী। হৰম’নৰ সমতুলহীনতা, প্ৰজনন সম্পৰ্কীয় সমস্যা, গৰ্ভস্থ সন্তানৰ বিকাশৰ সমস্যা, বিভিন্ন ধৰণৰ কৰ্কট ৰোগ আদি এনেবোৰ ৰাসায়নিক পদাৰ্থৰ স’তে সম্পৰ্কিত হোৱাৰ আশংকা ব্যক্ত কৰা হৈছে বিভিন্ন গৱেষণাত। মুখমণ্ডল সতেজ দেখাবৰ বাবে ব্যৱহৃত ‘ব্লাশ্চ’সমূহত ১৬ বিধমান ৰাসায়নিক পদাৰ্থ থাকিব পাৰে। ইয়াৰ ভিতৰত ইথাইল পাৰাবেন, মিথাইল পাৰাবেন, প্ৰ’পাইল পাৰাবেন আদিয়ে ৰঙা পৰা, খজুৱতি আদিৰ লগতে হৰম’নৰ সমতুলহীনতাও কৰিব পাৰে। ছালৰ উজ্জ্বলতা বা ঢেলা পৰা ভাব কমাবলৈ ব্যৱহাৰ কৰা ‘টেন’সমূহত ২৬ বিধলৈকে ৰাসায়নিক পদাৰ্থ থাকিব পাৰে, যাৰ ভিতৰত কেইবাবিধো অনিষতকাৰী ৰাসায়নিক আছে।

ছাল বগা কৰা ক্ৰীমত হাইড্ৰ’কুইনন, নিকেল, ক্ৰমিয়াম, সীহ, পাৰা, ষ্টেৰয়ড আদি বিভিন্ন ৰাসায়নিক আৰু গধুৰ ধাতু থাকিব পাৰে। হাইড্ৰ’কুইননে ছালৰ কৰ্কট ৰোগ কৰিব পাৰে। ষ্টেৰয়ডে ছালখন পাতল কৰি পেক্লায় ফলত ই ৰ’দ সহ্য কৰিব নোৱৰা হয়। কেতিয়াবা অস্বাভাৱিক নোম গজাব পাৰে। পাৰাই যকৃত আৰু মগজুৰ ক্ষতি কৰে। সীহে মাংসপেশীৰ বিষ, মূৰৰ বিষ, স্মৃতিশক্তি হ্ৰাস, প্ৰজনন শক্তি হ্ৰাস আদি কৰিব পাৰে। ক্ৰমিয়াম আৰু নিকেল কৰ্কট ৰোগৰ স’তে সম্পৰ্কিত। ঈশ্বৰ প্ৰদত্ত ৰূপক লৈ আত্মবিশ্বাসী হোৱাতেই লুকাই আছে প্ৰকৃত সৌন্দৰ্যৰ ৰহস্য। সেয়ে কৃত্ৰিমভাৱে এই সুন্দৰতাক সলাব নোখোজাটোৱে কাম্য। ব্যৱসায়িক স্বাৰ্থত প্ৰসাধন কোম্পানীসমূহে কৰা প্ৰচাৰত ভোল নগৈ নিজৰ ৰূপক লৈ আত্মবিশ্বাসী হওঁ আহক।

লেখক: ডাঃ ৰমেন কুমাৰ কাকতি(নিয়মীয়া বাৰ্তা)

3.05555555556
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top