মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / প্ৰসাধন সামগ্ৰীৰ পৰা হোৱা বিপদ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

প্ৰসাধন সামগ্ৰীৰ পৰা হোৱা বিপদ :

প্ৰসাধন সামগ্ৰীৰ পৰা হোৱা বিপদৰ বিষয়ে লিখা হৈছে ।

 

‘চকচকীয়া বস্তু মাত্ৰেই সোণ নহয়’- কথাবোৰ আকৌ এবাৰ মনত পেলাই দিয়াৰ চেষ্টা কৰা হ’ল। পুৰুষ-মহিলা সকলোকেই প্ৰসাধন সামগ্ৰীৰ প্ৰতি দুৰ্বলতা প্ৰকাশ কৰা দেখা যায়। আজিকালি বজাৰত ৰংচঙীয়া উজ্জ্বল প্ৰসাধন সামগ্ৰীৰ অভাৱ নাই। বিভিন্ন বহুজাতিক কোম্পানীবোৰে বিভিন্নজনক আকৰ্ষিত কৰিবলৈ বহুধৰণৰ প্ৰসাধন সামগ্ৰী তৈয়াৰ কৰি উলিয়াইছিল।

কিন্তু এই ধৰণৰ প্ৰসাধন সামগ্ৰীবোৰ ব্যৱহাৰ কৰি বহুতে, বহুক্ষেত্ৰত বিপদত পৰা দেখা যায়। আনকি বিভিন্ন ধৰণৰ ৰোগতো ভুগিবলগীয়া হয়। ছালৰ উজ্জ্বলতা বঢ়াবলৈ ব্যৱহাৰ কৰা সামগ্ৰীসমূহ কেতিয়াবা ছালৰ বাবে উপযোগী নহ’বও পাৰে।

বেছিভাগ প্ৰসাধন সামগ্ৰী কেমিকেল পদাৰ্থৰে তৈয়াৰী। আনকি বহুতো হাৰ্বেল প্ৰসাধন সামগ্ৰীতো কেতিয়াবা ৰাসায়নিক পদাৰ্থাৰ মিশ্ৰণ পোৱা যায়।

বহুত দিন ব্যৱহাৰ কৰাৰ ফলত এই কেমিকেল দ্ৰব্যসমূহ কেতিয়াবা সামগ্ৰিকভাৱে ক্ষতিকাৰক হয় আৰু কেতিয়াবা বিশেষ ব্যক্তিৰ ছালৰ ক্ষেত্ৰত হাইপাৰছেনচিটিভিটী জাতীয় প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিব পাৰে।

বিপদ কেনেকৈ আহে -

সাধাৰণতে মূৰৰ চুলিত ব্যৱহাৰ কৰা দ্ৰব্যসমূহত চুলিৰ বাবে ক্ষতিকাৰক ৰঞ্জক থাকে। মুখৰ প্ৰসাধনীয় সামগ্ৰীসমূহত কিছু সুগন্ধি কেমিকেল আৰু সংৰক্ষণকৰণ দ্ৰব্য থাকে। নখ পলিচত থকা কেমিকেল ছালৰ সংস্পৰ্শলৈ আহিলে মাৰাত্মক কনটেক্ট ডাৰ্মাটাইটিছ হ’ব পাৰে। এইবোৰ এলাৰ্জিক আৰু ইবিটেন্ট। ইয়াৰ ফলত-

*মূৰৰ চুলিত খজুৱতি,

*মুখৰ খজুৱতি,

*ৰঙা পৰি যোৱা,

*নখৰ চাৰিওফালে খজুৱতি,

*বিষ হ’ব পাৰে।

ছালত কিছু প্ৰসাধন আৰু ছানষ্ক্ৰীন ব্যৱহাৰ কৰিলে সেই ছালত যেতিয়া ৰ’দ পৰে, তেতিয়া সমস্যাই দেখা দিয়ে। ৰ’দ নালাগিলে অৱশ্যে তেনে কোনো ক্ষতি নহয়। কিছুমান মইশ্বৰাইজাৰ ব্যৱহাৰ কৰিলে মুখমণ্ডলত শালমইনা হোৱা দেখা যায়। মুখৰ ৰং বগা হ’বলৈ যিবোৰ প্ৰসাধন সামগ্ৰী ব্যৱহাৰ কৰা হয়, সেইবোৰৰ পৰা ছালত হাইপাৰপিগমেন্ট হোৱা দেখা যায়। মুখৰ কিছু বিশেষ ত্বকৰ কাৰণে Hypergenone bleaching Cream বোৰে বিশেষ ক্ষতি কৰা দেখা যায়।

কেতিয়াবা ইয়াৰ দ্বাৰা হাইপাৰপিগমেন্ট হৈ ছালৰ বৰণ ক’লা পৰি যাব পাৰে বুলি বিভিন্ন গৱেষণাৰ পৰা জনা গৈছে যে যিবোৰ লিপষ্টিকত ৰেডিমেড আৰু ব্লিলিয়ান্ট ব্লু ৰং ব্যৱহাৰ কৰা হয়, সেইবোৰ লিপষ্টিকত কেন্সাৰৰ উৎস যথেষ্ট থাকে। সেই ধৰণৰ লিপষ্টিক ব্যৱহাৰ কৰিলে ওঁঠৰ কেন্সাৰ হোৱাৰ সম্ভাৱনা থাকে।

লিপষ্টিক, লিপগ্লুম ইত্যাদি ব্যৱহাৰ কৰিলে ওঁঠ ক’লা পৰি যাব পাৰে। শীতকালত ওঁঠ কোমল ৰাখিবলৈ যিবোৰ ভেছলিন ব্যৱহাৰ কৰা হয়, বহুক্ষেত্ৰত সেইবোৰত কিছু সুগন্ধি বা সংৰক্ষণকাৰী পদাৰ্থৰ কাৰণে ওঁঠ আৰু অধিক শুকান হৈ যায় আৰু ফাটি যায়। চকুৰ পতা সুন্দৰ কৰিবলৈ ভাৰত-বাংলাদেশ আৰু পাকিস্তান আদি দেশবোৰৰ ছোৱালীবোৰে চকুত কাজল বা আইলাইনৰ ব্যৱহাৰ কৰা অতি প্ৰিয় প্ৰসাধনীয় সামগ্ৰী। কিছুমানে আকৌ শিশুৰ চকুত কাজল লগাই ক’লা কৰি ধুনীয়া কৰিব খোজে।

কিন্তু ইয়াৰ পৰিণতি বহু সময়ত ওলোটাহে দেখা যায়। কাৰণ কাজলৰ সীহ থাকে। ফলত চকুত লাগিলে খজুৱতি হয় আৰু সেয়ে শিশুৱে বাৰে বাৰে চকুত হাত দি থাকে আৰু খজুৱাই থাকে। কেতিয়াবা আকৌ সেই হাতেৰেই খোৱা বস্তু মুখত দিয়ে আৰু অজানিতে সীহ শৰীৰত প্ৰৱেশ কৰে। এই সীহ জমা হৈ তেজৰ ট’ক্সিন লেভেল বঢ়াই দিয়ে।

আজিকালি পকা চুলিৰ কাৰণে প্ৰায়বোৰ মানুহে হেয়াৰ ড্ৰাই ব্যৱহাৰ কৰে আৰু বহুতে চুলি ভালকৈ ৰাখিবলৈ ছেম্পু ব্যৱহাৰ কৰে। কিন্তু ছেম্পুৰ অধিক ব্যৱহাৰে চুলিৰ ৰুক্ষ কৰে। উফি মূৰৰ পৰা আঁতৰাবলৈ বহুতেই এন্টিডেণ্ডৰফ ছেম্পু ব্যৱহাৰ কৰে সেই ছেম্পুবোৰত জিংক পাইৰোথ্ৰিন বহুদিনলৈ ব্যৱহাৰ হৈ থাকিলে পেৰিফিৰেল নিউবাইটিছৰ দৰে স্নায়ুৰ মাৰাত্মক ব্যাধিয়ে দেখা দিব পাৰে। তদুপৰি গা ধুবলৈ যিবোৰ চাবোন সাধাৰণতে ব্যৱহাৰ কৰা হয়, সেইবোৰৰ কাৰণে কেতিয়াব ছাল ৰুক্ষ হৈ খজুৱতি হ’ব পাৰে।

আনকি চাবোনৰ কাৰণে ছাল ক’লা পৰিবও পাৰে। বহুতৰে ভ্ৰান্ত ধাৰণা আছে যে চাবোন বেছিকৈ সানিলে বগা হয়। চাবোনৰ অত্যধিক ব্যৱহাৰে ছাল ৰুক্ষ কৰাৰ লগতে ৰ’দত ওলালে ছাল টানি ধৰে। কোনো ব্যক্তিৰ ক্ষেত্ৰত কছমেটিক ইনটলাৰেন্সেও দেখা দিব পাৰে।

এই অৱস্থাত সেই বিশেষ ব্যক্তিৰ দেহত কোনো ধৰণৰ প্ৰসাধন সামগ্ৰী খাপ নাখায়। এয়া অৱশ্যে শৰীৰৰ ভিতৰত চাইক’লজিকেল প্ৰক্ৰিয়াৰ বাবেও হ’ব পাৰে। শৰীৰত সুগন্ধিৰ কাৰণে ব্যৱহাৰ কৰা টেলকম পাউডাৰ শৰীৰৰ কাৰণে ক্ষতিকাৰক।

টেলকম পাউডাৰ তৈয়াৰ কৰা হয় চূণশিলৰ পৰা। সম্প্ৰতি আমেৰিকাত চলোৱা এক সমীক্ষাৰ পৰা জানিব পৰা গৈছে যে যিসকল মহিলাই পেন্টীৰ ভিতৰত টেলকম পাউডাৰ ব্যৱহাৰ কৰে, সেইসকল মহিলাৰ জৰায়ুৰ কেন্সাৰ হোৱাৰ প্ৰৱণতা বেছি থাকে।

কেনেধৰণৰ প্ৰসাধন সামগ্ৰী ব্যৱহাৰ কৰিব লাগে -

প্ৰসাধন সামগ্ৰী ব্যৱহাৰ কৰাটো সম্প্ৰতি এক সমস্যাত পৰিণতি হৈছে। বৰ্তমান দেখা গৈছে যে হাৰ্বেল জাতীয় প্ৰসাধন সামগ্ৰীয়ে উপভোক্তাৰ সমাদৰ লাভ কৰিছে। কিছু বহুজাতিক কোম্পানীয়ে হাৰ্বেল দ্ৰব্য বুলি লেবেল মাৰি অন্য প্ৰসাধন সামগ্ৰীও বজাৰত সহজলভ্য কৰি দিছে, যিবোৰ প্ৰকৃততে হাৰ্বেল নহয়।

সেইবোৰত ৰাসায়নিক দ্ৰব্য মিহলি হৈ থাকে। সেয়ে সামগ্ৰী ক্ৰয়ৰ ক্ষেত্ৰত সাৱধান হ’ব লাগে। বিশ্বাসযোগ্য ব্ৰেণ্ডৰ দ্ৰব্যহে ব্যৱহাৰ কৰি লাগে। হাৰ্বেল সামগ্ৰীৰ পাৰ্শ্বপ্ৰতিক্ৰিয়া কম, কিন্তু একেবাৰে নোহোৱাও নহয়।

বৈজ্ঞানিকভাৱে কোনবোৰ দ্ৰব্য ব্যৱহাৰৰ উপযোগী, সেইটো জানিবলৈ ডাক্তৰী পৰীক্ষাৰ প্ৰয়োজন। তদুপৰি ব্লিচ কৰাৰ সময়ত গুটি উঠিলে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে। বিউটী পাৰ্লাৰত ছালৰ যতন লওঁতে দ্ৰব্যসমূহ পৰীক্ষা মতে এলাৰ্জী টেষ্ট কৰাব লাগে। গ্ৰাহকসকলে কোম্পানীৰ ছীল-মোহৰ পৰীক্ষা কৰি দায়িত্বশীল বিক্ৰেতাৰ পৰা দ্ৰব্য ক্ৰয় কৰিব লাগে।

লেখক: ডাঃ আশ্বৰাফুল আলম(নিয়মীয়া বাৰ্তা)

4.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top