বিভিন্ন ধৰণৰ প্ৰাকৃতিক উপাদানেৰে ভৰপূৰ আমাৰ অসম। প্রকৃতিৰ বুকুত সহজতে পাব পৰা এই উপাদানসমূহেৰে আমি ছাল আৰু চুলিৰ যতন ল’ব পাৰো। আচলতে ক’বলৈ গ’লে এই প্রাকৃতিক উপাদানেৰে কৰা ছাল-চুলিৰ যতনহে সকলোতকৈ শ্রেষ্ঠ বুলি মই ভাবো। মাত্র আমি সঠিকভাৱে জানিব লাগিব যে কোনটো উপাদান আমাৰ ছাল-চুলিৰ গঠন অনুযায়ী কিভাৱে ব্যৱহাৰ কৰিব লাগিব। আজি আমি প্রকৃতিৰ বুকুত খুব সহজে পোৱা প্রাকৃতিক উপাদানেৰে (ফলমূল, গছৰ পাত আদি) কেনেকৈ সৌন্দর্য চর্চা কৰিব পাৰি তাৰেই আলোচনা কৰোহক।
সহজলভ্য ফলৰ ভিতৰত এবিধ হ’ল তিয়ঁহ। ৰ’দত ছাল পুৰিলে আমি যদি তিয়ঁহৰ ৰস কপাহৰ সহায়ত ছালত ২০ মিনিটকৈ নিয়মিত লগাওঁ, তেন্তে ৰ’দে পোৰা ছালখন লাহে লাহে স্বাভাৱিক হয়। চকুৰ তলত ক’লা দাগ পৰিলেও তিয়ঁহৰ ৰস লগালে ক’লা দাগ আঁতৰে। যিহেতু ইয়াত চিলিকন থাকে, চিলিকনে উফি আঁতৰোৱাতো সহায় কৰে। গতিকে শ্বেম্পু কৰাৰ ২০ মিনিট আগতে scalpত তিয়ঁহৰ ৰস লগালে উফি আঁতৰিব।
সৌন্দর্যচর্চাত তুলসী পাতৰ গুৰুত্ব অপৰিসীম। ছাল-চুলি সতেজ কৰি ৰাখিবলৈ তুলসী পাতৰ ৰসে বহুখিনি সহায় কৰে। শালমইনা দূৰ কৰিবলৈ দুচামুচ তুলসী পাতৰ ৰস, দুচামুচ মুলতানী মাটি একেলগে ভালদৰে মিহলাই শালমইনাৰ ওপৰত আধাঘণ্টামান লগালে শালমইনা ভাল হয়। সপ্তাহত চাৰিদিনমান লগাব লাগিব। তুলসী পাতৰ ৰস উলিয়াই ফ্রিজত থৈ দিয়ক। ঠাণ্ডা হ’লে কপাহৰ সহায়ত মুখত লগাওক। টোনাৰৰ কাম কৰিব। ছালৰ উজ্জ্বলতা কমিলে তুলসী পাতৰ ৰসৰ লগত চন্দন পাউডাৰ মিহলাই ছালত লগাওক। ছালৰ উজ্জ্বলতা বাঢ়িব। তুলসী পাতে চুলিৰ সৌন্দৰ্য বঢ়োৱাতো সহায় কৰে। উফি আঁতৰাবলৈ চুলি শ্বেম্পু কৰাৰ ১০ মিনিট আগতে তুলসীৰ ৰস মূৰত লগাওক। তুলসী পাত বেক্টেৰিয়ানাশক হোৱা হেতুকে ই উফি দূৰ কৰাৰ লগতে মূৰৰ ছালত হোৱা বিভিন্ন ধৰণৰ ৰোগো ভাল কৰে।
যিসকলৰ ছালত ক’লা দাগ পৰিছে, তেওঁলোকে পকা অমিতা পিটিকি নিয়মিত ছালত ২০ মিনিটকৈ লগালে ছালৰ ক’লা দাগ আঁতৰে | দাগহীন ছালতো পকা অমিতা পিটিকি লগাব পাৰে। ছাল উজ্জ্বল আৰু নিমজ হ’ব।
নিমপাত বীজাণুনাশক। ছাল বা চুলিত যিকোনো বেক্টেৰিয়াই আকর্ষণ কৰিলে নিমপাতৰ ৰসৰ ব্যৱহাৰেৰে তৎক্ষণিক সুফল পোৱা যায়। যেনে মুখত শালমইনা হ’লে নিমপাতৰ লেপন নিয়মিত সপ্তাহত ৩ দিনকৈ লগালে খুব কম সময়ত শালমইনা আঁতৰে। ঘামচি দূৰ কৰিবলৈও নিমপাতৰ ভূমিকা অপৰিসীম। এমুঠি নিমপাত ২ লিটাৰ পানীত উতলাই ১ লিটাৰ হ’লে চেকি লৈ ঠাণ্ডা কৰি ফ্রিজত ভৰাই থ’ব। ইয়াক আমি সদায় টোনাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰো।
বিলাহীত প্রাকৃতিক ব্লিচৰ গুণ থকা হেতুকে ই ছাল বগা কৰাত সহায় কৰে। নিয়মিত বিলাহীৰ ৰসেৰে ছাল মাছাজ কৰিলে ছালৰ ৰং উজ্জ্বল আৰু বগা হয়। কিছুমানৰ ছালত সৰু সৰু ফোঁহা হোৱা দেখা যায়। এনেকুৱা হ’লে দুচামুচ বিলাহীৰ ৰস আৰু কেঁচা গাখীৰ মিহলাই লগালে ছালত হোৱা সৰু সৰু ফোঁহাবোৰ নিৰ্মূল হয়।
ছাল-চুলি যতনৰ ক্ষেত্ৰত জেতুকা পাতৰ ব্যৱহাৰ আজিৰ নহয়, বহু যুগ ধৰি ইয়াৰ ব্যৱহাৰ হৈ আহিছে। জেতুকা পাত হাত আৰু ভৰিত লগালে ই সৌন্দর্য বঢ়োৱাৰ লগতে হাত-ভৰিত হোৱা কিছু ৰোগো নিৰ্মল কৰে। যিসকলৰ ছালত বাৰ্ধক্যৰ চাপ পৰিছে, তেওঁলোকে জেতুকা পাত সিদ্ধ কৰা পানী মুখত নিয়মিত লগালে বাধক্যৰ ছাপ লাহে লাহে আঁতৰে।
আমলখিত প্ৰচুৰ পৰিমাণে ভিটামিন চি থকা হেতুকে আমলখি অবিহনে প্রাকৃতিকভাৱে ছাল-চুলিৰ পৰিচর্যা কৰাটো সিমান ফলপ্রসূ নহয়। চুলি সৰা, উফি আৰু অকালপক্কতা হ’লে নিয়মিতভাৱে আমলখিৰ ৰস Scalp ত শ্বেম্পু কৰাৰ আধাঘণ্টা আগতে লগালে এই সমস্যাবোৰৰ পৰা হাত সাৰিব পাৰি।
তেজপাতৰ গুণাগুণ কম-বেছি পৰিমাণে আমাৰ সকলোৰে জ্ঞাত। দুখিলা তেজপাত পিহি ঘৰত পতা দৈৰ লগত মিহলাই নিয়মিত ছালত লগালে ছালত হোৱা ক’লা দাগ দূৰ হয়। ৰন্ধনৰ ক্ষেত্ৰত তেজপাতৰ ব্যৱহাৰে বিভিন্ন ধৰণৰ আভ্যন্তৰীণ ৰোগ নিৰাময় কৰে। আকৌ বহুতৰে ঘামৰ দুৰ্গন্ধ ওলোৱা দেখা যায়। এইক্ষেত্ৰত তেজপাত সিজোৱা পানীৰে গা ধুলে ঘামৰ দুৰ্গন্ধ আঁতৰে।
খুব সহজে হাতৰ কাষত পাব পৰা এবিধ ফুল হ’ল জবাফুল। ৮/১০ পাহ জবাফুল, একাপ ঘৰত পতা দৈ আৰু এটা পকা কলৰ পেষ্ট কৰি চুলিত লগালে চুলিৰ শ্ৰীবৃদ্ধি হয়। আকৌ চুলি সৰা বন্ধ কৰিবলৈ জবাফুলৰ পেষ্টৰ লগত মেথী গুড়ি মিহলাই নিয়মিত scalpত লগালে চুলি সৰা বন্ধ হয়।
প্রকৃতিৰ বুকুত পোৱা এইকেইবিধ ফল, ফুল, পাতৰ বাহিৰেও আৰু অনেক ফল, ফুল, পাত আছে, যিবিলাকৰ গুণাগুণ অপৰিসীম— যাক আমি এটা অধ্যায়তেই লিখি শেষ কৰিব নোৱাৰিম। পৰৱর্তী সময়ত সেই বিলাকৰ গুণাগুণৰ বিষয়ে বহলাই আলোচনা কৰিম।
উৎস: অসমীয়া প্ৰতিদিন।
শেহতীয়া উন্নীতকৰণ: : 2/8/2023