মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / প্ৰাকৃতিক এন্টি-অক্সিডেন্ট:
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

প্ৰাকৃতিক এন্টি-অক্সিডেন্ট:

 

‘এন্টি-অক্সিডেন্ট’ শব্দটোৰ সৈতে আজিকালি প্ৰায় সকলোৱে পৰিচিত। প্ৰকৃততে স্বাস্থ্য ব্যৱস্থাৰ লগত জড়িত ই এটা ইংৰাজী শব্দ। ৰাসায়নিক দৃষ্টিকোণত, জাৰণ প্ৰতিৰোধী দ্ৰব্য কিছুমানকে এনে দ্ৰব্যৰ শাৰীত অন্তৰ্ভুক্ত কৰা হয়। অসমীয়াত ই বিলাকক জাৰণ প্ৰতিৰোধী দ্ৰব্য বা প্ৰতিজাৰক কোৱা হয়।

প্ৰশ্ন হয়- প্ৰতিজাৰক কি আৰু স্বাস্থ্যৰ লগত ইবিলাকৰ সম্পৰ্কবা কি?

 

দৰাচলতে আমি গ্ৰহণ কৰা খাদ্য, বিশেষকৈ কাৰ্বহাইড্ৰেট জাতীয় খাদ্যৰ বিপাকৰ সময়ত চলা জাৰণ প্ৰক্ৰিয়াত বহু মুক্ত মূলক বা ফ্ৰী ৰেডিকেলৰ সৃষ্টি হয় আৰু মূলকসমূহে দেহত শক্তিশালী অপকাৰকৰ ভূমিকা গ্ৰহণ কৰি বিভিন্ন দিশত ক্ষতিৰ বাট মুকলি কৰে। অৱশ্যে মুক্ত মূলকবোৰৰ সৃষ্টি কেনেকৈ সম্ভৱ হয়, সেই সন্দৰ্ভত স্বাস্থ্যবিজ্ঞানীসকল বৰ্তমানলৈ ঐকমত্যত উপনীত হ’ব পৰা নাই। তথাপি কিন্তু ইবিলাকে দেহত কেনে বিৰূপ প্ৰভাৱ পেলাব পাৰে, তাক জনাৰ উপৰি ইবিলাকক কি উপায়েৰে প্ৰতিৰোধ কৰাটো সম্ভৱ, সেই বিষয়ৰ বহু সন্ধান উলিওৱাটো বৰ্তমান ইসম্ভৱ হৈ উঠিছে। সেই বিষয়ক কিছু কথা সংক্ষেপে তলত দাঙি ধৰা হৈছে।

শৰীৰত মুক্ত মূলক, অৰ্থাৎ ফ্ৰী ৰেডিকেলৰ উৎপত্তিৰ ক্ষেত্ৰত অৰিহণা যোগাব পৰা কাৰকবোৰৰ ভিতৰত বিশেষভাৱে জগৰীয়া কেইটামান হৈছে-

অত্যধিক ধূমপান, আল্ট্ৰভায়লেট ৰশ্মিৰ প্ৰভাৱ, ৰুগ্ন শৰীৰ আদি। ইবিলাকৰ আলমতে শৰীৰত মুক্ত মূলকৰ উৎপত্তি হৈ নানা প্ৰকাৰে ক্ষতি কৰে বুলি পোহৰলৈ আহিছে। এনে মূলকৰ প্ৰভাৱত শৰীৰৰ কোষ তথা পাচক ৰসৰ প্ৰ’টিনৰ ক্ষতি, ডি এন এৰ পৰিৱৰ্তন, ৰক্তবাহী নলীত কলেষ্ট্ৰৰ’লৰ ডাঠ চামনি পৰা আদিৰ লগতে ক্ষতিকাৰক কলেষ্টেলৰ আৰু ট্ৰাইগ্লিচাৰইডৰ পৰিমাণ বৃদ্ধি ঘটি হাৰ্ট ষ্ট্ৰোক, হাৰ্ট এটেক, মধুমেহ আদি ৰোগৰ উদ্ৰেক ঘটাটো সম্ভৱ বুলি প্ৰকাশ পাইছে। সেয়েহে উক্ত ৰোগবোৰ প্ৰতিৰোধৰ বাবে দীৰ্ঘদিনলৈ চিকিৎসকৰ পৰামৰ্শ অনুসৰি এন্টি-অক্সিডেন্ট সমৃদ্ধ ঔষধ গ্ৰহণ কৰাটো অপৰিহাৰ্য হৈ পৰে। কিন্তু তেনে কৰাৰ ফলত বহু সময়ত ঔষধৰ পাৰ্শ্বক্ৰিয়াৰে সন্মুখীন হ’বলগাও হ’ব পাৰে। পিছে, সুখৰ বিষয় যে আমাৰ প্ৰকৃতিত এনেধৰণৰ কিছুমান উদ্ভিদ বা উদ্ভিদজাত দ্ৰব্য আৰু ফল-মূলকে ধৰি অন্য দ্ৰব্যৰ সম্ভেদ উলিওৱা হৈছে, যিবোৰ স্বভাৱতঃ মুক্তমূলক প্ৰতিৰোধী, অৰ্থাৎ প্ৰতিজাৰক বুলিব পাৰি।

আমাৰ খাদ্যত প্ৰতিজাৰকৰ কেইবিধমান উৎস:

 

শাক-পাচলি

ফল-মূল

অন্যান্য

গাজৰ, বীন, ছয়াবীন, বন্ধাকবি, ফুলকবি, ব্ৰ’কলি, পূৰৈশাক, লফাশাক, ঢেঁকীয়া, ৰঙালাউ, বেঙেনা, বিলাহী, চজিনা, পিঁয়াজ, নহৰু আদি।

নেমু, কমলা, মধুৰিআম, অমিতা, কল, তৰমুজ, শুকান ফল আদি।

চাউল, গম, চাহ, হালধি, বাদাম, তেল, ছয়াতেল, মাছ, মাংস, গাখীৰ, সাগৰীয় মাছ আদি।

 

লেখক: অৰ্পণ দত্ত(দৈনিক অসম)

3.10344827586
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top