মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / প্ৰাকৃতিক দ্ৰব্যৰে ডায়েবেটিছ নিয়ন্ত্ৰণ কৰক
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

প্ৰাকৃতিক দ্ৰব্যৰে ডায়েবেটিছ নিয়ন্ত্ৰণ কৰক

প্ৰাকৃতিক দ্ৰব্যৰে ডায়েবেটিছ নিয়ন্ত্ৰণ কৰক, সেই বিষয়ে লিখা হৈছে ।

ডায়েবেটিছ মেলিটাছ এক প্ৰকাৰৰ বিপাৰ ক্ৰিয়াজনিত ৰোগ আৰু এই ৰোগত ভুগিলে ৰক্ত শৰ্কৰা বহুগুণে বৃদ্ধি পায়।

ইয়াৰ কাৰণটো হ’ল- ৰোগীৰ শৰীৰত প্ৰয়োজনীয়তকৈ কম মাত্ৰাত ইনচুলিন উৎপাদন হয় অথবা ৰোগীৰ শৰীৰ কোষে সঠিক মাত্ৰাত ইনচুলিন ব্যৱহাৰ কৰিব নোৱাৰে।

ডায়েবেটিছ ৰোগটোক বহুলভাৱে দুটা প্ৰধান ভাগত ভাগ কৰা হৈছে -

ভাগকেইটা হ’ল- টাইপ-১ আৰু টাইপ-২।

টাইপ-১:

এই শ্ৰেণীৰ ডায়েবেটিছ হোৱাৰ প্ৰধান কাৰণটো হ’ল- ৰোগীৰ শৰীৰে প্ৰয়োজনৰ জোখাৰে ইনচুলিন উৎপাদন কৰিব নোৱাৰে। ইনচুলিন নামৰ হৰমোনবিধ, শৰীৰ কোষত প্ৰৱেশ কৰি শৰীৰত পৰ্যাপ্ত শক্তি উৎপাদন কৰাৰ কাৰণে দৰকাৰ হয়।

টাইপ-২:

এই শ্ৰেণীৰ ডায়েবেটিছ ৰোগ হোৱাৰ কাৰণ হ’ল- শৰীৰে ইনচুলিনৰ কাৰ্যক বাধা প্ৰদান কৰে বা শৰীৰে প্ৰয়োজন অনুপাতে যথেষ্ট ইনচুলিন উৎপাদন কৰিব নোৱাৰে।

ফলত শৰীৰত গ্লুকোজৰ মাত্ৰা স্বাভাৱিক হৈ নাথাকে। এইবিলাক কাৰণতে শৰীৰত গ্লুকোজৰ মাত্ৰা বৃদ্ধি পায়।

কাৰণবিলাক -

ডায়েবেটিছ ৰোগ হোৱাৰ বাবে দায়ী কাৰকবিলাকৰ ভিতৰত তেলত ভজা খাদ্য, ক্ৰীম আদি পাচন তন্ত্ৰই সহজে হজম কৰিব নোৱাৰা খাদ্যবোৰ বেছি পৰিমাণে খোৱাটো।

  • ব্যায়াম আৰু শাৰীৰিক পৰিশ্ৰম নকৰা,
  • মানসিক উদ্বেগ আৰু চাপত ভোগা,
  • অধিক মাত্ৰাত শোৱা,
  • অতিমাত্ৰা ভোজনৰ ফলত হোৱা মেদবহুলতা,
  • বেছি পৰিমাণে চেনি আৰু অধিক পৰিষ্কাৰ পৰিশোধন(Refine) কৰা শ্বেতসাৰযুক্ত খাদ্য খোৱা,

অতিমাত্ৰা প্ৰোটিনযুক্ত খাদ্য খোৱা আৰু বেছি চৰ্বিযুক্ত খাদ্য সেৱনৰ ফলতো ডায়েবেটিছ ৰোগ হ’ব পাৰে। বংশগত কাৰণতো ডায়েবেটিছ ৰোগ হ’ব পাৰে।

বনৌষধি ব্যৱহাৰ কৰি ডায়েবেটিছ ৰোগ নিয়ন্ত্ৰণ কৰক -

ডায়েবেটিছ ৰোগ নিয়ন্ত্ৰণৰ বাবে বিভিন্ন বিকল্প চিকিৎসাৰ পৰামৰ্শ দিব পাৰি। কিন্তু ডায়েবেটিছ ৰোগ নিয়ন্ত্ৰণৰ কাৰণে আয়ুৰ্বেদিকত ভালেমান ফলপ্ৰসূ আৰু জনপ্ৰিয় চিকিৎসা ব্যৱস্থা আছে। এই চিকিৎসাত কোনো ধৰণৰ পাৰ্শ্বক্ৰিয়া নাই। এই পদ্ধতিত আটাইতকৈ বেছি ফলপ্ৰসূ উদ্ভিদ ব্যৱহাৰ কৰা হয়। বিশেষভাৱে টাইপ-২ শ্ৰেণীৰ ডায়েবেটিছ ৰোগত ৰক্ত শৰ্কৰাৰ পৰিমাণ হ্ৰাস কৰাৰ কাৰণে ভালেকেইবিধ ভেষজ উপাদানযুক্ত ঔষধ আছে।

ডায়েবেটিছ নিয়ন্ত্ৰণৰ বাবে উৎকৃষ্ট ভেষজ দ্ৰব্য -

  • গুড়মাৰ( Gymnema sylvestre)
  • দালচেনি(Cinnamon)
  • লং(Cloves)
  • ৰ’জমেৰী(নাৰ্জি ফুল)
  • অ’ৰেগেনা(Oregano)
  • চেইজ(Sage-পদিনাজাতীয় সুগন্ধি শাক)
  • নৰসিংহ(Curry leaves)
  • নহৰু(Garlic)
  • আদা(Ginger)
  • হালধি(Termeric)
  • অতি জলা ৰঙা জলকীয়া(Cayenne)
  • মাৰ্জোৰাম(Marjoram, এবিধ সুগন্ধি শাক)
  • মেথি শাক আৰু গুটি(Fenugreek)
  • জিনচেং(Ginseng)।

ওপৰত উল্লিখিত ভেষজ উদ্ভিদবিলাকৰ বাহিৰেও আন ভালেমান ঔষধি গুণসম্পন্ন উদ্ভিদ আছে আৰু এই উদ্ভিদবিলাকৰ বাহিৰেও মাজৰ পৰা বাছি উলিয়াই মুঠ ১১ বিধ উদ্ভিদৰ পৰা আহৰণ কৰা উপাদানেৰে প্ৰস্তুত ডায়েবেটিছ ৰোগ নিয়ন্ত্ৰণৰ কাৰণে ব্যৱহাৰ কৰা হয়। সেইবিলাক উদ্ভিদ হৈছে এনে ধৰণৰ-

কেৰেলা(Momordica charantia):

এইবিধ উদ্ভিদৰ ফল, শিপা আৰু পাত আদি অংশ ডায়েবেটিছ নিয়ন্ত্ৰণত বহু ফলপ্ৰসূ বুলি জনা যায় আৰু পুৰণি কালৰ পৰাই এইবিধ পাচলি ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণৰ উদ্দেশ্য ব্যৱহাৰ কৰি অহা হৈছে। কেৰেলাই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা সক্ষম কৰি ৰাখে। এইবিধ পাচলি নিয়মীয়াকৈ খাই থাকিলে কলেষ্টৰলৰ মাত্ৰা নিয়ন্ত্ৰণত থাকে আৰু লিভাৰ আৰু তেজত ট্ৰাইগ্লিচাৰাইডৰ মাত্ৰা নিয়ন্ত্ৰণত থাকে।

গুড়মাৰ(Gymnema sylvestre ):

গুড়মাৰে মানুহৰ খোৱাৰ ৰুচি স্বাভাৱিক কৰি ৰাখে, তেজৰ শৰ্কৰা স্বাভাৱিক মাত্ৰাত ৰাখে, লিভাৰ আৰু তেজত ট্ৰাইগ্লিচাৰাইডৰ মাত্ৰাও স্বাভাৱিক মাত্ৰাত ৰাখে। ই পেনক্ৰিয়াছৰ কাম-কাজো স্বাভাৱিক অৱস্থাত ৰাখিব পাৰে। ডায়েবেটিছ নিয়ন্ত্ৰণৰ কাৰণে এইবিধ উৎকৃষ্ট ঔষধ উদ্ভিদ।

কিনো গছ(Petrocarpus marsupium):

বহু যুগৰ আগৰে পৰা এইবিধ উদ্ভিদ ডায়েবেটিছ ৰোগ নিয়ন্ত্ৰণত ব্যৱহৃত হৈ আহিছে। এইবিধ উদ্ভিদৰ পৰা আহৰণ কৰা উপাদানবিলাকে পেনক্ৰিয়াছৰ ‘বিটা কোষ’ৰ পুনৰ গঠনত সহায় কৰে। ডায়েবেটিছৰ কাৰণে এই এবিধ অন্যতম প্ৰধান ঔষধ।

মেহাৰিমূলা(Salacia retriculata):

এইবিধ উদ্ভিদৰ পৰা প্ৰস্তুত কৰা ঔষধে ৰক্ত শৰ্কৰা আৰু ইনচুলিনৰ মাত্ৰা স্বাভাৱিক কৰি ৰখাত সহায় কৰে তাৰোপৰি ই তেজৰ ‘লিপিড’ সুস্থ কৰি ৰখাতো সহযোগ কৰে। ডায়েবেটিছ নিৰাময় কৰাত এইবিধ উদ্ভিদ অতি উৎকৃষ্ট।

হালধি(Curcuma longa):

এইবিধ উদ্ভিদৰ আলু(হালধি) খাই থাকিলে ৰক্ত শৰ্কৰাৰ মাত্ৰা কমি থাকে আৰু ইনচুলিনৰ মাত্ৰা বৃদ্ধি পায়। ইয়াৰ উপৰি হালধিয়ে অক্সিডেটিভ চাপ আৰু গ্লাইকোচিলেটেড হিমোগ্ল’বিনৰ পৰিমাণ কমাই ৰাখে। হালধিয়ে ৰোগীৰ শৰীৰত ডায়েবেটিছৰ ফলত হোৱা স্নায়বিক বিষ-যন্ত্ৰণা নিয়ন্ত্ৰণ কৰাত সহায় কৰে। হালধিয়ে শৰীৰত হ’ব পৰা ঘা আদিও শুকুৱায়। এইবিধ ঔষধি দ্ৰব্য ডায়েবেটিছ নিয়ন্ত্ৰণৰ বাবে উৎকৃষ্ট।

ক’লা জামু(Eugenia jambolana):

আয়ুৰ্বেদৰ মতে ক’লা জামুৰ ডায়েবেটিছ নিয়ন্ত্ৰণ কৰাৰ এক বিশেষ গুণ আছে। তাৰ কাৰণটো হ’ল- জামুয়ে বিশেষভাৱে পোনপটীয়াকৈ পেনক্ৰিয়াছ বা অগ্নাশয়ৰ ওপৰত প্ৰভাৱ পেলায়। ইয়াৰ গুটিত ‘জাম্বুচিন’ নামৰ এবিধ গ্লুকোচাইড(এলকালয়ড) থাকে আৰু এইবিধ উপাদানে খাদ্যত থকা শ্বেতসাৰ শৰ্কৰালৈ(Sugar) ৰূপান্তৰিত হোৱা প্ৰক্ৰিয়াটো বাধা দিব পৰাৰ ক্ষমতা আছে আৰু তাৰ ফলত গ্লুকোজৰ অতিমাত্ৰা উৎপাদন বন্ধ হয়। ই ডায়েবেটিছ নিয়ন্ত্ৰণ কৰিব পৰা ফলপ্ৰসূ আৰু উৎকৃষ্ট উদ্ভিদজাত ঔষধ।

আমলখি(Emblica officinalis):

ডায়েবেটিছ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আমলখিও এবিধ অতি উত্তম ঔষধ। পেনক্ৰিয়াছৰ বিটাকোষবিলাকৰ কাৰ্যক্ষমতা এইবিধ উদ্ভিদৰ ফালে উন্নত কৰে আৰু লগতে শৰীৰৰ কোষবিলাকে গ্লুকোজ ব্যৱহাৰৰ পৰিমাণ বৃদ্ধি কৰে।

এইবিধ ফলে মানুহৰ বয়সৰ লগে লগে বাঢ়ি অহা বাৰ্ধক্যৰ চাপ কমায়, শৰীৰত শক্তি বৃদ্ধি কৰে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি কৰে।

গুৰুচী(Tinorpora cordifolia):

ডায়েবেটিছ ৰোগ নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত গুৰুচী এবিধ অতি ফলপ্ৰসূ ঔষধি উদ্ভিদ। গুৰুচীয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু শৰীৰত ৰক্ত শৰ্কৰাৰ মাত্ৰা নিয়মীয়া কৰি ৰাখে। ডায়েবেটিছ আৰু হাইপোগ্লাইচিমিয়া নিয়ন্ত্ৰণ কৰে।

তুলসী(Ocimum sanctum):

তুলসীয়ে শৰীৰত হোৱা সকলো ধৰণৰ সংক্ৰমণ নিৰাময় আৰু প্ৰতিৰোধ কৰি ৰাখিব পাৰে। তুলসী ব্যৱহাৰ কৰি বেক্টেৰিয়াৰ সংক্ৰমণো নিয়ন্ত্ৰণ কৰিব পাৰি। শ্বাসতন্ত্ৰৰ সংক্ৰমণ আৰু ভাইৰাছৰ সংক্ৰমণো নিয়ন্ত্ৰণ কৰিব পাৰি।

তুলসী সেৱন কৰিলে ৰোগ সৃষ্টি কৰিব পৰা পৰজীৱীৰ সংক্ৰমণ প্ৰতিৰোধ কৰিব পৰাকৈ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়। ডায়েবেটিছ ৰোগ নিয়ন্ত্ৰণতো তুলসীয়ে এক উল্লেখযোগ্য ভূমিকা লয়।

দালচেনি(Cinnamon):

দালচেনিয়ে ৰক্ত শৰ্কৰা আৰু ইনচুলিনৰ সংবেদনশীলতা উন্নত কৰে। সেয়ে এইবিধ উদ্ভিদজ দ্ৰব্যই মানুহৰ বৰ্ধিত ওজন নিয়ন্ত্ৰণ কৰাৰ লগতে হৃদৰোগৰ আশংকাও কমাই ৰাখে।

সূক্ষ্ম অধ্যয়নে প্ৰমাণ কৰিছে যে, দালচেনি এবিধ উত্তম ডায়েবেটিছৰ ঔষধ। ই ৰক্তশৰ্কৰা নিয়ন্ত্ৰণ কৰিব পাৰে আৰু সেয়ে টাইপ-২ শ্ৰেণীৰ ডায়েবেটিছৰ কাৰণে যথেষ্ট উপকাৰী।

বানাবা(Banaba):

খনিজ লৱণ আৰু ভিটামিন সমৃদ্ধ এইবিধ উদ্ভিদত যথেষ্ট পৰিমাণে জিংক আৰু মেগনেচিয়ামো থাকে। ই শৰ্কৰাৰ বিপাক ক্ৰিয়া বৃদ্ধি কৰে আৰু তাৰ ফলত শৰীৰৰ শৰ্কৰা নিয়ন্ত্ৰণত থাকে। আয়ুৰ্বেদত এইবিধ উদ্ভিদ ডায়েবেটিছ ৰোগৰ ঔষধৰূপে ব্যৱহাৰৰ বিধান দিয়া হৈছে।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন

3.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top