অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

প্ৰাকৃতিকভাৱে কেন্সাৰ প্ৰতিৰোধ কৰিব পৰা ৭ বিধ খাদ্য

প্ৰাকৃতিকভাৱে কেন্সাৰ প্ৰতিৰোধ কৰিব পৰা ৭ বিধ খাদ্য

 

আমাৰ দৈনন্দিন স্বাস্থ্য ৰক্ষাৰ কাৰণে খাদ্যৰ গুৰুত্ব অপৰিসীম। আমাৰ শৰীৰৰ প্ৰতিটো তন্ত্ৰৰ কাম-কাজ সুচাৰুৰূপে চলোৱাৰ কাৰণে খাদ্যৰ যোগেদি আহৰণ কৰা ভিটামিন আৰু খনিজ দ্ৰব্য নিতান্তই অপৰিহাৰ্য।

সময়ে সময়ে চলাই থকা অধ্যয়নৰ যোগেদি এটা কথাটো প্ৰমাণিত হৈ আহিছে যে মানুহে গ্ৰহণ কৰা খাদ্যই শৰীৰৰ সুস্থতাৰ ওপৰত পোনপটীয়া প্ৰভাৱ পেলায়।

নিয়মীয়া ব্যায়াম আৰু যথেষ্ট পৰিমাণে পানী সেৱনে স্বাস্থ্যসন্মত জীৱনশৈলীৰ পছন্দৰ বিষয়বোৰ ৰূপায়ণ কৰাত উপযুক্ত খাদ্যই সঠিক মাত্ৰাত ইন্ধন যোগাই থাকে আৰু তাৰ পৰিণতিত আমি সুস্থ-সবল হৈ দীৰ্ঘায়ু হৈ থকাৰ সুযোগ বা সম্ভাৱনা বৃদ্ধি পায়।

ঔষধ ৰূপত আমাৰ খাদ্যবোৰ -

স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত চলি থকা নতুন নতুন অধ্যয়নৰ যোগেদি ঔষধৰ ৰূপত খাদ্য ব্যৱহাৰ কৰাৰ উপকাৰিতাবিলাক বিশ্লেষণ কৰি অতি আমোদজনক তথ্যৰ সন্ধান পোৱা গৈছে।

বিশ্বৰ আগশাৰীৰ নাম থকা লেবৰেটৰিবিলাকে প্ৰকাশ কৰিছে যে খাদ্য সেৱনৰ যোগেদি যিকোনো লোকেই নিজৰ স্বাস্থ্য উন্নত কৰিব পাৰেৱ, ৰোগ প্ৰতিৰোধো কৰিব পাৰে আৰু যিকোনো ৰোগৰ সৈতে যুঁজাৰ সামৰ্থ আহৰণ কৰিব পাবে।

বিশেষভাৱে কেৱল খাদ্য গ্ৰহণৰ যোগেদিয়ে আপুনি কেন্সাৰৰ লগতো যুঁজ দিব পাৰে আৰু কেন্সাৰ প্ৰতিৰোধ বা পৰাজয় কৰিব পৰা খাদ্যও এইখন পৃথিৱীতে উৎপন্ন হৈ আছে।

আপোনাৰ স্থানীয় বজাৰখনতে ভালেসংখ্যক প্ৰাকৃতিক খাদ্য পোৱা যায় আৰু সেইবিলাক খাদ্যই কেন্সাৰ কোষ আৰু কেন্সাৰ সৃষ্টি কৰিব পৰা কোষবিলাকক লক্ষ্য কৰি লৈ সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলাব পাৰে।

কেন্সাৰৰ পৰা মুক্ত হৈ থাকিবৰ কাৰণে আপোনাৰ প্ৰয়োজনীয় খাদ্য সামগ্ৰীবোৰ বাছি লৈ সংগ্ৰহ কৰি লওক আৰু সেইবিলাক খাবলৈ আৰম্ভ কৰিব দিয়ক।

৭ বিধ কেন্সাৰ প্ৰতিৰোধী খাদ্য -

কেঁচা নহৰু:

পিয়াজ গোত্ৰৰ সকলো কন্দতে অতি শক্তিশালী এন্টিঅক্সিডেন্ট থাকে। এই গোত্ৰৰ পিয়াজ, লীক, সৰু পিয়াজ আৰু অসমীয়া থলুৱা পিয়াজৰ লগতে সকলো প্ৰকাৰৰ নহৰুতে এলিচিন নামৰ এবিধ শক্তিশালী এন্টিঅক্সিডেন্ট পোৱা যায় আৰু এইবিধ উপাদানে শৰীৰৰ পৰা মুক্তমূলক(Free Radicals) আঁতৰাই পঠিয়াব পাৰে বুলি প্ৰমাণিত হৈছে।

এইবিধ উপাদানে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু নহৰু পিয়াজ জাতীয় খাদ্যত যথেষ্ট পৰিমাণে পুষ্টিদ্ৰব্য ঘনীভূত হৈ থাকে। এলিচিন নামৰ দ্ৰব্যবিধে ৰক্তচাপ কমায়, কলেষ্টেৰলৰ মাত্ৰাও হ্ৰাস কৰে, মস্তিষ্কৰ কাৰ্যক্ষমতাও বৃদ্ধি কৰে আৰু ই এবিধ উত্তম বিষাক্ত দ্ৰব্য ধ্বংসকাৰী(Detoxifier) উপাদান।

নহৰু তিনি-চাৰি ফোটা সৰু সৰুকৈ কুটি লওক, কিছু সময় প্লেটত ঢাকি ৰাখক, তাৰ পিছত এই টুকুৰাবোৰ ভাত বা ৰুটিৰ লগত কেঁচাকৈ সেৱন কৰক। কুটি লোৱাৰ সলনি আপুনি পটাত সামান্য থেতেলিয়ায়ো ল’ব পাৰে।

গ্ৰীণ টি:

কেন্সাৰ প্ৰতিৰোধী খাদ্যৰ গৱেষণাত পোৱা তথ্য মতে গ্ৰীণ টিত কেটেচিন নামৰ উপাদানিবিধ থাকে আৰু এইবিধ উপাদানৰ উপস্থিতিৰ বাবেই গ্ৰীণ টি এবিধ অতি উপকাৰী খাদ্য দ্ৰব্যৰূপে পৰিগণিত হৈছে মুক্ত মূলকৰ(Free Radical) পৰা হ’ব পৰা ক্ষতি প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত ভিটামিন ‘চি’তকৈও ‘কেটেচিন’ বেছি শক্তিশালী বুলি প্ৰমাণিত হৈছে।

বিভিন্ন গৱেষণাগাৰত হোৱা অধ্যয়নৰ পৰা দেখা গৈছে যে এই সুস্বাদু পানীয়বিধে শৰীৰত আগৰে পৰা থকা টিউমাৰ শুকুৱাই আনে আৰু কেন্সাৰ কোষৰ বৃদ্ধিও প্ৰতিৰোধ কৰে। বহুতো বিশেষজ্ঞই দিয়া পৰামৰ্শ মতে প্ৰতিদিনে একাপ পৰিমাণত গ্ৰীণ টি খাই থাকিলে এইবিধ পানীয়ই কেন্সাৰ প্ৰতিৰোধক ৰূপে কাম কৰে।

ইয়াৰ ওপৰঞ্চিকৈ গ্ৰীণ টি খাই থাকিলে হৃদৰোগৰ আশংকা বৃদ্ধি কৰা বেয়া কলেষ্টেৰলৰ(LDL) পৰিমাণ হ্ৰাস কৰে, লগতে ভাল কলেষ্টেৰলৰ (HDL) মাত্ৰাও বৃদ্ধি কৰে আৰু ৰক্তচাপো হ্ৰাস কৰি ৰাখে।

ব্ৰক’লি:

দেখাত ফুল কবিৰ লগত সাদৃশ্য থকা ই এবিধ কবি শ্ৰেণীৰে পাচলি। এইবিধ পাচলি গুটিৰ পৰা হোৱা অন্যান্য কবি জাতীয় পাচলি, যেনে- ফুল কবি, বন্ধা কবি, ওল কবি, ব্ৰুছেলছ স্প্ৰাউট, কেইল আদিৰ দৰে ব্ৰক’লি এবিধ শীতকালীন পাচলি।

ব্ৰক’লিত অতি উচ্চ মাত্ৰাত ফাইট’কেমিকেল থাকে। লগতে গ্লক’ৰাফেনিন আৰু ইনড’ল-৩ কাৰ্বিন’ল নামৰ এন্টিঅক্সিডেন্ট থাকে আৰু এইবিলাক এন্টিঅক্সিডেন্টে মহিলাৰ জৰায়ু গ্ৰীবা, স্তন, পাকস্থলী আৰু পুৰুষৰ প্ৰোষ্টেটৰ কেন্সাৰৰ আশংকা কমাই ৰাখে বুলি প্ৰমাণিত হৈছে।

প্ৰাকৃতিকভাৱে ব্ৰক’লি এবিধ বিষ নিৰাময়কাৰী, অস্থিৰ ৰোগ আৰু হৃদৰোগৰ আশংকা দূৰ কৰা মূল্যৱান পাচলি। এইবিধ পাচলিত পুষ্টিদ্ৰব্য ঘনীভূত হৈ থাকে কিন্তু ইয়াত কেল’ৰি নাথাকে। সেয়ে আমাৰ খাদ্যৰ তালিকাত এইবিধ স্বাস্থ্যসন্মত খাদ্য অন্তৰ্ভুক্ত কৰা দৰকাৰ।

যিহেতু ফাইট’কোমিকেলবিলাক তাপ সংবেদনশীল এনজাইম, সেয়ে ব্ৰক’লি পাৰ্যমানে কেঁচাকৈ বা সামান্য সেকি খালেই ইয়াৰ পৰা পাব লগা উপকাৰবোৰ পাব পাৰি।

ষ্ট্ৰ’বেৰী:

ষ্ট্ৰবে’ৰী এবিধ সুস্বাদু ফল আৰু এইবিধ সোনকালে নষ্ট হৈ যাব পৰা ফল নিয়মীয়াকৈ খোৱাৰ কেইবাটাও কাৰণ আছে। বিভিন্ন গৱেষণাৰ পৰা জানিব পৰা গৈছে যে ষ্ট্ৰ’বেৰীয়ে কেন্সাৰ কোষৰ বৃদ্ধি মন্থৰ কৰে, আপোনাৰ হৃদৰোগ প্ৰতিৰোধ কৰে, শৰীৰৰ প্ৰদাহ হ্ৰাস কৰে, স্মৃতিশক্তি কমি যোৱাত বাধা দিয়ে আৰু শৰীৰত জমা হোৱা চৰ্বি দহনত সহায় কৰে।

ষ্ট্ৰ’বেৰী আৰু আন ডাঠ ৰঙৰ বেৰী(ফল) যেনে- ক’লা ৰাছপবেৰী, ব্লুবেৰী, বয়চেলবেৰী আৰু গুজি বেৰী তথা নুনী ফল(মালবেৰী) আদিতো কেন্সাৰ প্ৰতিৰোধী গুণ আৰু অন্যান্য পুষ্টি উপাদান ঘনীভূত হৈ থাকে।

পালেং শাক:

যদিও এইবিধ পাত শাকত তেনেই কম মাত্ৰাত কেল’ৰি থাকে, তথাপি খাদ্য দ্ৰব্যই তুলনাবিহীনভাৱে স্বাস্থ্যৰ উপকাৰ সাধন কৰে।

ইয়াত পৰ্যাপ্ত মাত্ৰাৰ ভিটামিব, খনিজ উপাদান আৰু ওমেগা-৩ ফেটি এচিড থাকে আৰু এইবিলাক উপাদানে আমাৰ শৰীৰটোক যথেষ্ট শক্তিশালী কৰি ৰাখে।

ইয়াত ফ্লেভ’নয়ডৰ দৰে জৈৱ ৰসায়ন প্ৰায় ১৩ বিধমান থাকে বুলি অলপতে আৱিষ্কৃত হৈছে আৰু এইবিলাকে শৰীৰৰ বাবে অপকাৰী মুক্তমূলকবিলাক শুহি লয় আৰু শৰীৰৰ পৰা সেইবিলাক বাহিৰ কৰি দিয়ে।

চিকিৎসকসকলে বিশ্বাস কৰে যে ফ’লেট আৰু ফাইবাৰ(আঁহ) এই দুবিধ উপাদানেই কেন্সাৰ প্ৰতিৰোধৰ বাবে অতি আৱশ্যকীয় আৰু দুবিধ উপাদান পালেং শাকত যথেষ্ট মাত্ৰাত পোৱা যায়। সেই কাৰণে পালেং শাকক অমাৰ খাদ্যত নিত্য প্ৰয়োজনীয় কেন্সাৰ প্ৰতিৰোধী খাদ্যৰূপে ৰখা উচিত।

বিলাহী:

বিলাহী পকিলে দেখাত আকৰ্ষণীয় ৰঙা ৰঙৰ এক লোভনীয় ফললৈ ৰূপান্তৰিত হয়। বিলাহী ৰঙা হোৱাৰ মূলতে হ’ল- লাইকোপিন নামৰ এন্টিঅক্সিডেন্টবিধ। এই শক্তিশালী এন্টি অক্সিডেন্টবিধে কেইবিধমান কেন্সাৰৰ সৃষ্টিত বাধা দি ৰাখে।

তাৰোপৰি এই এন্টিঅক্সিডেন্টবিলাকে আপোনাৰ হৃদৰোগৰ আশংকাও কমাই ৰাখে। বিলাহী এবিধ প্ৰাকৃতিক ভাবেই বিষনাশক বা উত্তেজনা প্ৰশমক। বিলাহীৰ পৰা সম্পূৰ্ণ ৰূপে উপকৃত হোৱাটো ইয়াৰ ৰন্ধন প্ৰকৰণৰ ওপৰত নিৰ্ভৰ কৰে।

বিলাহী সিজালেহে লাইকোপিন ইয়াৰ পৰা মুক্ত হয়। প্ৰকৃততে পূৰ্বে প্ৰস্তুত কৰি ধাতুৰ টেমাত সংৰক্ষণ কৰি ৰখা বিলাহীত সতেজ পকা বিলাহীতকৈ অধিক মাত্ৰাত গাঢ় লাইকোপিন পোৱা যায়।

গাজৰ:

সহজতে খেতি কৰিব পৰা গাজৰ বিটা-কেৰোটিন নামৰ এন্টিঅক্সিডেন্টৰ এবিধ উৎকৃষ্ট উৎস। বিটা-কেৰোটিনে শৰীৰৰ কোষ ধ্বংস হোৱা প্ৰক্ৰিয়াত বাধা দিয়ে আৰু লগতে কেন্সাৰ কোষৰ বৃদ্ধিৰ গতিও মন্থৰ কৰে।

গাজৰত ফেলকৰিনল(Falcarinol) আৰু ফেলকৰিণ্ডিয়ল(Falcarindiol) নামৰ দুবিধ প্ৰাকৃতিক কীটনাশক ৰাসায়নিক থাকে তেন্তে বিজ্ঞানীসকলে বিশ্বাস কৰে যে এই দুবিধ প্ৰাকৃতিক কীটনাশকেই কেন্সাৰ প্ৰতিৰোধৰ কাৰণ।

অৱশ্যে গাজৰত থকা উপাদানবিলাক আপোনাৰ দৃষ্টিশক্তি আৰু ছালৰ কাৰণেও উপকাৰী আৰু শৰীৰৰ পৰা বিষাক্ত দ্ৰব্য বাহিৰ কৰাৰ প্ৰাকৃতিক কাৰক ৰূপেও চিহ্নিত হৈছে।

বিভিন্ন গৱেষণাৰ যোগেদি সমগ্ৰ বিশ্বত অসংখ্য উদ্ভিদ ফল-মূল আৰু অন্যান্য প্ৰাকৃতিক খাদ্য কেন্সাৰ প্ৰতিৰোধী গুণসম্পন্ন বুলি প্ৰমাণিত হৈছে আৰু আজিও ভালেমান নতুন নতুন খাদ্য দ্ৰব্য সামগ্ৰী কেন্সাৰ প্ৰতিৰোধী ৰূপে চিনাক্ত হৈ আছে।

সেইবিলাক খাদ্য দ্ৰব্যৰ পৰিচয় আমি ‘স্বাস্থ্য’ আলোচনীৰ যোগেদি পঢ়ুৱৈসকললৈ পৰ্যায়ক্ৰমে আগবঢ়াই থাকিম।

ওপৰত উল্লেখ কৰা এই সাতবিধ খাদ্য এই ক্ষেত্ৰত বিশেষভাৱে উল্লেখযোগ্য আৰু এই তালিকাত প্ৰথমে স্থান পোৱাৰ যোগ্যৰূপে বিবেচিত হৈছে।

এই সাতবিধ খাদ্য দ্ৰব্য গোটেই বছৰ ধৰি আপুনি ম্বিচাৰি পাব পাৰে আৰু এইকেইবিধ পাচলিৰ মূল্যও তুলনামূলকভাৱে কম।

আপোনাৰ বাসস্থানৰ আশে-পাশে এইবিলাক পাচলি আপুনি অকণমান যত্ন কৰিলেই পাব পাৰে বা আপোনাৰ নিজা বাৰীখনৰে একাষত এই পাচলিবিলাকৰ খেতি কৰিও উৎপন্ন কৰি ল’ব পাৰে।

আপোনাৰ বাবে এসাজ ভাল আহাৰৰ আৰম্ভণি আপুনি এইকেইবিধ পাচলিৰে কৰিব পাৰে। অৱশ্যে এটা কথা সদায় মনত ৰাখিব জৈৱিক পদ্ধতিৰে উৎপাদিত খাদ্যহে বিচাৰি ল’ব।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন

শেহতীয়া উন্নীতকৰণ: : 5/16/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate