মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / প্ৰাকৃতিকভাৱে ছালৰ যতন :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

প্ৰাকৃতিকভাৱে ছালৰ যতন :

প্ৰাকৃতিকভাৱে ছালৰ যতনৰ বিষয়ে লিখা হৈছে ।

 

১) সাধাৰণতে আমাৰ স্বাস্থ্যৱান ছাল গুলপীয়া আৰু চকমকীয়া হোৱা দেখা যায় । ছালত কোনোধৰণৰ দাগ নাথাকে । মিহি, কোমল আৰু ছালৰ ৰং সমান থাকে । তদুপৰি ছালৰ স্থিতিস্থাপকতা থাকে । যি ছালৰ স্বাস্থ্য শেঁতা, নিস্তেজ, ওলমি পৰা, দাগ থকা আৰু বয়সৰ ছাপ পৰা হয়, তেন্তে প্ৰতিদিনে যদি আমি কিছু যত্ন লওঁ, ক্ৰমান্বয়ে ছালৰ স্বাস্থ্য ভাললৈ আহিব ।

২) আমাৰ ছালখন হৈছে আইনাৰ নিচিনা । য’ত প্ৰতিফলিত হয় শৰীৰৰ ভিতৰৰ স্বাস্থ্য । যদি আমাৰ শৰীৰ সবল হয়, তেন্তে আমাৰ ছাল উজ্জ্বল আৰু পৰিষ্কাৰ হ’ব । শৰীৰৰ স্বাস্থ্য বেয়া হ’লে ছাল নিস্তেজ, শুকান, দাগ থকা, বয়সৰ ছাপ ধৰা হয় ।

৩) আমি নিয়মিতভাৱে নিজেই ছালৰ যত্ন ল’ব পাৰো । বিশেষকৈ খুব বেছি গৰম আৰু ঠাণ্ডা সামগ্ৰী খাব নালাগে । গৰমৰ উপৰি মছলাজাতীয় খাদ্য, টেঙাজাতীয় ফল, আইচক্ৰীম আৰু ৰঙা মাংস, খুব বেছিকৈ নিমখীয়া খাদ্যও ছাল আৰু শৰীৰৰ বাবে অপকাৰী নহয় । জাংক ফুড, ভজা খাদ্যই ছাল শুকান আৰু দাগ থকা কৰে ।

৪) প্ৰতিদিনে ছালৰ যত্ন লৈ ছালৰ পৰা মৃতকোষসমূহ পৰিষ্কাৰ কৰি ৰাখিব লাগে ।

৫) ছালৰ উপৰিভাগ উত্তেজিত কৰি নতুন ছাল গটঃন হোৱাত সহায় কৰিব পাৰে । ছালৰ পুনৰ গঠনত সহায়ৰ বাবে নিয়মিতভাৱে ছালক পৰিষ্কাৰ কৰি ৰাখিব লাগে ।

৬) ছালৰ সতেজতা ধৰি ৰখাৰ বাবে পুষ্টিকৰ আৰু সাত্ত্বিক আহাৰ খাব লাগে ।

৭) নিয়মিত প্ৰাকৃতিকভাৱে ছালৰ ৰক্ষণাবেক্ষণ দিলে স্বাস্থ্যৱান ছালৰ অধিকাৰী হ’ব পাৰি ।

লেখিকা :- ভানু শৰ্মা

উৎস :- দেওবৰীয়া সম্ভাৰ

3.42857142857
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top