মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / প্ৰাপ্তবয়স্কৰ সুঠাম শৰীৰৰ বাবে ব্যায়ামৰ অনুশীলন
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

প্ৰাপ্তবয়স্কৰ সুঠাম শৰীৰৰ বাবে ব্যায়ামৰ অনুশীলন

প্ৰাপ্তবয়স্কৰ সুঠাম শৰীৰৰ বাবে ব্যায়ামৰ অনুশীলনৰ বিষয়ে লিখা হৈছে ।

১৯-৬৪ বছৰ বয়সৰ বাবে -

স্বাস্থ্যৱান হৈ থাকিবলৈ ১৯-৬৪ বছৰ বয়সৰ লোকসকলে সদায় সক্ৰিয় হৈ থাকিবলৈ চেষ্টা কৰিব লাগে । গোটেই সপ্তাহটোত দহ মিনিট বা ততোধিক পৰ্যায়ত ১৫০ মিনিট (২ ১/২ ঘণ্টা) কৈ মধ্য তীব্ৰতাৰ শাৰীৰিক ব্যায়াম কৰিব পাৰে । উদাহৰণস্বৰুপে সপ্তাহত পাঁচ দিনত ৩০ মিনিটকৈ এনে ব্যায়াম কৰিব পাৰে । শাৰীৰিক ব্যায়ামৰ অনুশীলনযোগে শৰীৰ সবল হ’বলৈ তলত দিয়া পৰামৰ্শসমূহ পালন কৰক-

১) প্ৰত্যেক সপ্তাহত ১৫০ মিনিটকৈ  মধ্যম এৰ’বিক ব্যায়াম কৰিব পাৰে । যেনে- চাইক্লিং অথবা খুব জোৰেৰে খোজ কঢ়া আদি ।

২) সপ্তাহত দুদিন বা ততোধিক আপুনি ষ্ট্ৰেংথ বা অধিক শক্তি প্ৰয়োগ কৰিব পৰা ব্যায়ামৰ অভ্যাস কৰিব পাৰে । ই শৰীৰৰ প্ৰধান মাংসপেশী (ভৰি, পিঠি, পেট, বুকু, কান্ধ, বাহু) সমূহ কাৰ্যকৰী বা সবল হোৱাত সহায় কৰে ।

৩) শৰীৰটোক ফ্লেক্সিবল বা নমনীয় কৰা ব্যায়ামৰ অনুশীলনসমূহ ৱাৰ্মআপ আৰু কুলডাউন কৰা ব্যায়ামৰ অংশ হোৱা উচিত ।

৪) প্ৰতি সপ্তাহত ৭৫ মিনিটৰ বাবে শক্তি প্ৰয়োগ কৰিব পৰা এৰ’বিক ব্যায়াম, যেনে-দৌৰা অথবা ছিংগল টেনিছ খেলা ইত্যাদি ।

৫) প্ৰত্যেক সপ্তাহত মধ্যম তীব্ৰতা আৰু শক্তি প্ৰয়োগ কৰিব পৰা এৰ’বিক বা ব্যায়ামসমূহ সংমিশ্ৰণ কৰি কৰা উচিত । ৩০ মিনিটৰ দুবাৰকৈ দৌৰ আৰু ৩০ মিনিটৰ খোজ কঢ়াই ডেৰশ মিনিটৰ মধ্যমীয়া এৰ’বিক অনুশীলনৰ সমান ।

৬) এইটো মনত ৰখা উচিত যে এক মিটাৰ কঠোৰ অনুশীলন ২ মিনিটৰ সাধাৰণ কাম-কাজৰ সমানে উপকাৰী ।

৭) সুস্বাস্থ্যৰ বাবে আলস্য জীৱন পদ্ধতিৰ পৰিবৰ্তন আনক ।

৮) টিভি, কম্পিউটাৰ ভিডিঅ’ গেমত কম সময় দিয়া কৰক ।

৯) কামৰ মাজত বিশ্ৰাম কৰক । প্ৰাপ্তবয়স্কসকলে দীঘলীয়া সময় একে ঠাইতে কম কৰাৰ অভ্যাসত পৰিবৰ্তন আনক । গাড়ী- মটৰত কম সময় দি খোজ কাঢ়ি যোৱাৰ অভ্যাস বঢ়াওক । একোজন ব্যক্তিৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য বৰ্তাই ৰখাৰ বাবে জীৱনশৈলীত পৰিবৰ্তন অনাটো অত্যন্ত জৰুৰী ।

লেখক :- আব্দুল ৰেকিব

উৎস :- দেওবৰীয়া সম্ভাৰ

শীতৰ উপযোগী খাদ্য -

তুলসী:-

ভিটামিন এ, চি, কেলচিয়াম, জিংক, আইৰন, ফেটানিউট্ৰিনচ আদি গুণাগুণৰে ভৰপূৰ তুলসী । শীতকালি হোৱা কাহ, চৰ্দি, চাইনাছাটিছ আদি ৰোগ প্ৰতিৰোধত সহায়ক এই তুলসী । ই এণ্টিচেপটিক গুণাগুণেৰে সমৃদ্ধ । লগতে ডিট’ক্সিকায়ং, ক্লিনজিং পিউৰিফায়িং, ছালৰ খজুৱতি শৰীৰৰ ৰোগ সংক্ৰমণ আদি নিৰাময়তো যথেষ্ট উপযোগী । তদুপৰি কিডনি ষ্টন, ছাপ, দাঁতৰ স্বাস্থ্য, দাঁতৰ আলু সবল কৰি ৰখাতো ই সহায়ক হ’ব । শীতকালি তুলসীৰ ৰসৰ সৈতে আদা আৰু সামান্য জালুক দি খালে কাহ আৰু চৰ্দি অতি সোনকালে নিৰ্মূল হয় ।

গুড় :-

গুড়ত প্ৰচুৰ পৰিমাণে ভিটামিন আৰু মিনাৰেল ভৰপূৰ, যেনে- ফছফৰাছ, আইৰন, মেগনেচিয়াম আৰু পটাছিয়াম আদি । চৰ্দি, কাহ, মাইগ্ৰেইন, এজমা, ফেটিগ’ আৰু হজম নোহোৱা আদি বিভিন্ন ৰোগৰ প্ৰতিষেধক খাদ্য হিচাপে কাম কৰে এই গুড়ে ।

মৌ :-

শীতকালত চৰ্দি, কাহ আদি ৰোগ নিৰাময়ৰ বাবে মৌ খোৱাটো অতি উপযোগী । এণ্টি অক্সিডেণ্ট গুণাগুণেৰে ভৰপূৰ মৌ হৃদৰোগ প্ৰতিৰোধত সহায়ক হোৱাৰ লগতে হৃদযন্ত্ৰলৈ ৰক্তপ্ৰবাহ বৃদ্ধি পোৱাত সহায় কৰে । ইপিনে মৌ পৰিশোধিত চেনিৰ বিপৰীতে ভিটামিন আৰু মিনাৰেলে এটা স্বাস্থ্যসন্মত ওজন ধৰি ৰখাৰ লগতে ই প্ৰাকৃতিক শক্তিবৰ্ধক । তদুপৰি মৌ খালে ভাল টোপনি অহাৰ লগতে শৰীৰৰ পৰা ৰেডিকেলমুক্ত কৰাৰ লগতে হজম শক্তি আৰু ভিন্ন ৰোগ আদিৰ সংক্ৰমণ প্ৰতিৰোধ ক্ষমতা সঠিক কৰি ৰখাত সহায় কৰে । শীতকালি গৰমপানীত মৌ দি খালে শৰীৰৰ বাবে অতি উপকাৰী ।

আদা :-

শীতকালি আদা খোৱাটো শৰীৰৰ বাবে যথেষ্ট উপকাৰী । ভিটামিন চি, মেগনেছিয়াম আৰু অন্য বহু মিনাৰেলেৰে ভৰপূৰ আদা এবিধ গৰম মছলা হিচাপেও জনা যায় । মাইগ্ৰেইনৰ সমস্যা, বমি, টাইপ-টু ডায়েবেটিছত ব্লাড ছুগাৰ নিয়ন্ত্ৰণ, এচিডিটি, আলচাৰ, সাধাৰণ জ্বৰ, কাহ, হজম নোহোৱা আদি সমস্যা দূৰীকৰণত সহায় কৰে আদাই ।

আমলখি :-

ভিটামিন চি গুণাগুণেৰে সমৃদ্ধ আমলখি । আমলখি লিভাৰ, ছাল-চুলিৰ লগতে সঠিকভাৱে হজম আৰু এছিডিটি, ব্লাড ছুগাৰ আৰু কলেষ্টেৰল নিয়ন্ত্ৰণ কৰি ৰখাত সহায় কৰে । ভিটামিন ই আৰু বিটাকেৰাটিন এণ্টি অক্সিডেণ্টৰে ভৰপূৰ আমলখিয়ে ৰেডিকেলছ মুক্ত কৰাৰ লগতে বয়সৰ ছাপ দূৰীকৰণতো সহায় কৰে । দৈনিক আমলখি খাব পাৰিলে শৰীৰত সংক্ৰমণ প্ৰতিৰোধত সহায়ক হ’ব ।

বাদাম :-

নাৰিকল এণ্টি অক্সিডেণ্ট প্ৰাকৃতিক গুণাগুণেৰে ভৰপূৰ । ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিনচ আৰু মিনাৰেল নিহিত হৈ থাকে । নিয়মিত আলমণ্ড খালে কাৰ্ডিওভাচকুলাৰ ৰোগ, ল’ৱাৰ কলেষ্টেৰল, ডায়েবেটিছ নিয়ন্ত্ৰণ কৰি ৰখাত সহায় কৰে । বাদামত নিহিত থকা বায়’টিনে শীতকালত ছাল চুলিৰ ৰক্ষতা দূৰ কৰে । আজিকালি বজাৰত পাউদাৰ বাদাম পোৱা যায় । শীতকালি শৰীৰ গৰম কৰি ৰাখিবলৈ পাউদাৰ বাদামৰ সৈতে গাখীৰ আৰু মৌ মিহলি কৰি খাব পৰাটো অতি উত্তম ।

লেখিকা :- জুপিতৰা শইকীয়া চৌধুৰী

উৎস :- দেওবৰীয়া সম্ভাৰ

 

 

2.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top