মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / পৰিষ্কাৰ হাত আৰু সু-স্বাস্থ্য :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

পৰিষ্কাৰ হাত আৰু সু-স্বাস্থ্য :

পৰিষ্কাৰ হাত আৰু সু-স্বাস্থ্যৰ বিষয়ে লিখা হৈছে ।

হাত দুখন হৈছে মানুহৰ আটাইতকৈ প্ৰয়োজনীয় অংগ। মানুহে খোৱা-বোৱাকে ধৰি অন্য সকলোবোৰ কামেই হাত দুখনৰ দ্বাৰাই সম্পন্ন কৰে। সেয়েহে আমাৰ স্বাস্থ্য ৰক্ষাতো হাত দুখনকো আমি গণ্য কৰিব পাৰো।

পৰিষ্কাৰ হাত সু-স্বাস্থ্যৰ চাবিকাঠী। সেয়েহে প্ৰয়োজন অনুসৰি দুয়ো হাত ভালদৰে সময়মতে আৰু সঠিকভাৱে পৰিষ্কাৰকৈ ধোৱাটো অতি প্ৰয়োজন।

এই লেখাত হাত দুখন কিয় পৰিষ্কাৰকৈ ৰাখিব লাগে আৰু পৰিষ্কাৰ কৰিবৰ বাবে কেনেদৰে হাত ধুব লাগে তাৰ বিষয়ে আলোচনা কৰা হ’ব।

যিহেতু আমি আমাৰ খাদ্য হাতেৰেই লৈ খাওঁ আৰু প্ৰায়বোৰ খাদ্যবস্তু হাতেৰেই প্ৰস্তুত বা ইফাল সিফাল কৰো।

গতিকে অপৰিষ্কাৰ হাতত থকা বীজাণুবোৰ সহজেই এনে খাদ্যৰ জৰিয়তে আমাৰ শৰীৰত প্ৰৱেশ কৰিব পাৰে।

তদুপৰি অপৰিষ্কাৰ হাতৰ জৰিয়তে কিছুমান বেমাৰৰ বীজাণু যেনে-

  • শ্বাসজনিত ৰোগ,
  • ইনফ্লুয়েঞ্জা,
  • চকুৰ কনজাংটিভাইটিচ আদিও বিস্তাৰিত হয়।

সৰু ল’ৰা ছোৱালীয়ে খেলোতে বা ইটো-সিটো কৰোঁতে প্ৰায়েই হাতেৰে মাটি, গছ-বন বা অন্য অপৰিষ্কাৰ বস্তু চুই থাকে। এনে অৱস্থাত সিঁহতৰ হাত-ভৰিৰ মাটি বা অন্য কোনো বস্তুৰ পৰা অনেক ধৰণৰ বীজাণু লাগি ৰয়।

এনে অৱস্থাত সেই হাত মুখলৈ নিলে বা তেনে হাতেৰে কোনো বস্তু চুই খালে সেই হাতৰ বীজাণুবোৰ তেওঁলোকৰ পেটলৈ যোৱাৰ লগতে ৰোগৰ বীজাণু আৰু পেলু-কৃমি আদিৰ কণীও পেটলৈ যায়। ফলত তেওঁলোক তেনেবোৰ ৰোগত আক্ৰান্ত হয়।

কেঁচুৱা প্ৰতিপাল কৰা মাক বা অন্য লোকসকলেও উপযুক্তভাৱে হাত দুখন পৰিষ্কাৰ কৰি নল’লে তেওঁলোকৰ হাতৰ পৰা ৰোগৰ বীজাণু কেঁচুৱাৰ পেটলৈ যায় আৰু বেমাৰত শিশুটো আক্ৰান্ত হয়।

তদুপৰি হাস্পতাল বা শিশু পৰিচৰ্যা কৰা অনুষ্ঠানবোৰত শিশুক আপদাল কৰা লোকসকলে হাত দুখন ধুই পৰিষকাৰ নকৰিলে ইটো শিশুৰ পৰা সিটো শিশুলৈ বেমাৰৰ বীজাণু বিস্তাৰিত হ’বলৈ তেনেই সহজ হয়।

হাত দুখন কিহেৰে ধুব?

এনেবোৰ বিষয়ত বহুতৰে প্ৰশ্ন হয় যে, হাত দুখন কিহেৰে ধূলে বেছি ভাল আৰু কেনেকৈ ধূব লাগে।

আজিকালি বজাৰত হাত ধুবৰ বাবে বিভিন্ন কোম্পানীয়ে বেলেগ বেলেগ হাত ধোৱা পনীয়া চাবোন(Liquid Soap) বা পানী নোহোৱাকৈ হাত চাফা কৰিব পৰা কিছুমান এন্টিচেপ্টিক বস্তু মেলি দিছে।

এনেবোৰ বস্তু সকলোৱে ব্যৱহাৰ কৰাটো সম্ভৱ নহয় বা তাৰ বাবে বিশেষ ধৰণৰ লাভ হয় বুলিও ক’ব নোৱাৰি।

সেয়েহে সহজভাৱে ক’বলৈ গ’লে চাবোনেৰে চলন্ত পানীত(Running Water)হাত ধোৱাটোৱেই আটাইতকৈ উপযোগী ব্যৱস্থা।

চাবোন নাপালে ফুটছাই বা মাটি বা বালি মাৰিও হাত ধুব পাৰি। অৱশ্যে অতি উপায়হীন হ’লেহে ছাঁই বা মাটি ব্যৱহাৰ কৰাৰ কথা কোৱা হৈছে।

কাৰণ এনে ছাঁই বা মাটিত কিছুমান ৰোগৰ বীজাণু মিহলি হৈ থাকিব পাৰে। ফলস্বৰূপে সেই বীজাণু হাত ধোৱাৰ সময়ত ভালদৰে উটি নাযাবও পাৰে।

চাবোনৰ ক্ষেত্ৰতো গোটা চাবোনতকৈ হাত ধোৱা পানীয়া চাবোন বেছি উপযোগী। কাৰণ গোটা চাবোনটো এজনৰ পিছত আনজনে ব্যৱহাৰ কৰোঁতে বা একেজনেই ইবাৰৰ পিছত সিবাৰ ব্যৱহাৰ কৰোঁতে ৰোগৰ বীফজাণু লাগি ৰ’ব পাৰে।

সেয়েহে(Liquid Handwash) পনীয়া চাবোন ব্যৱহাৰ কৰা বেছি লাভজনক। ইয়াৰ উপৰি পনীয়া হাত চাফা কৰা এলক’হল হেণ্ডৰাব(Alchohol handrub) বা অন্য বস্তুবোৰ বহু পৰিমাণে উপযোগী।

অৱশ্যে এনেবোৰৰ দ্বাৰা হাত চাফা কৰিলে হাত দুখন বীজাণুমুক্ত হয় যদিও হাতত থকা বহুতো মলি, তেল আৰু দাগ আদি ভালকৈ চাফা হৈ নাযায়।

তদুপৰি পানীৰ ব্যৱহাৰ নকৰাকৈ থাকিলে মানুহৰ মনটোও সুখী নহয়। অৰ্থাৎ হাত দুখন ভালদৰে চাফা নোহোৱা যেন লাগে।

বজাৰত আজিকালি বিভিন্ন বীজাণুশাকৰ হাত ধোৱা চাবোন উপলব্ধ হৈছে। সচৰাচৰ মানুহেও বিভিন্ন বিজ্ঞাপন চাই তাৰ প্ৰতি আকৃষ্ট হৈছে।

কিন্তু প্ৰকৃততে এনেবোৰ বীজাণুনাশক চাবোনৰ উপকাৰিতা কিমান সেয়া সন্দেহজনক। কাৰণ তেনেবোৰ বীজাণুনাশক পদাৰ্থৰ বিপৰীতে প্ৰায়বোৰ বীজাণুৱেই প্ৰতিৰোধী ক্ষমতা আহৰণ কৰিছে বুলি বিজ্ঞানীমহলে প্ৰকাশ কৰিছে।

সেয়েহে সাধাৰণ চাবোনেৰে উপযুক্তভাৱে হাতৰ সকলো অংশ ফেনোৱাই ঘঁহি টেপৰ পানী বা আনে ঢালি দিয়া চলন্ত পানীত ভালদৰে উটুৱাই ধুলেই উপযুক্ত সুফল পাব পাৰি।

এলক’হল হেণ্ডৰাব ব্যৱহাৰৰ ক্ষেত্ৰত চাব লাগে, যাতে এই ধৰণৰ পনীয়া পদাৰ্থ হাতৰ তলুৱা, পিঠিভাগ, আঙুলিৰ মাজভাগ, নখৰ আগ আৰু আঙুলিৰ আগভাগ ভালদৰে তিতি যায়।

হাত কেনেকৈ ধুব লাগে?

হাত দুখন ধোওঁতে কিছুমান কথাত গুৰুত্ব দিব লাগে। ধাত ধুবলৈ লওঁতে প্ৰথমে হাত দুখন বোঁৱতী পানীত তিয়াই লৈ তাত চাবোন লগাব লাগে।

আগতেই উল্লেখ কৰা হৈছে যে পৰাপক্ষত পনীয়া চাবোন ল’লে বেছি ভাল। এতিয়া এই চাবোন দুই হাতত ভালদৰে প্ৰয়োগ কৰি ঘঁহি ফেনাবলৈ দিব লাগে।

হাত দুখনত চাবোন ঘঁহোতে ছটা অংশ ভালদৰে ঘঁহিব লাগে।

সেইকেইটা হ’ল-

  • দুয়ো হাতৰ তলুৱা দুখন ইখনে সিখন ঘঁহিব লাগে।
  • তলুৱা দুখন ঘঁহাৰ পাচত এখন হাতৰ তলুৱাই আনখনৰ পিঠিভাগ আৰু তাৰ পাচত আনখনে প্ৰথমখনৰ পিঠিভাগ ঘঁহিব।
  • দুয়ো হাতৰ আঙুলিৰ মজৰ ফাকবোৰ ঘঁহিব।
  • ইখন হাতৰ আঙুলিৰ আগ আৰু নখৰ সন্ধিভাগ সিখন হাতেৰে ঘঁহিব আৰু পুনৰ আনখন হাতেৰে সিখন হাত ঘঁহিব।
  • ইখন হাতে সিখন হাতৰ বুঢ়া আঙুলি আৰু বুঢ়া আঙুলিৰ গুৰিভাগ ঘঁহিব।
  • শেষত এখনে আনখনৰ মণিবন্ধ অংশ চাবোনৰ ফেনেৰে ঘঁহি চাফা কৰিব।

এনেদৰে দুয়ো হাতৰ ঘঁহা কাৰ্য শেষ হ’লে টেপৰ পানীত চাবোনৰ পানীবোৰ সম্পূৰ্ণকৈ উটুৱাই হাত দুখন চাফা কৰিব লাগে আৰু ধোৱা কাৰ্য শেষ হ’লে ওপৰলৈ হাতৰ আগভাগ দাঙি শুকান পৰিষ্কাৰ কাপোৰেৰে হাত দুখন মচিব আচলতে সঠিকভাৱে পৰিষ্কাৰ হয়।

কেতিয়া হাত ধুব লাগে?

হাত দুখন প্ৰকৃততে দিনটোত কেইবাৰ ধুব লাগে বুলি প্ৰশ্ন কৰিলে উত্তৰ দিবলৈ অসুবিধা হয়। কাৰণ-

  • মানুহৰ বৃত্তি,
  • কামৰ ধৰণ,
  • বয়স আৰু অৱস্থা অনুসাৰে প্ৰয়োজনীয়তাও বেলেগ বেলেগ হয়।

তথাপি কিছুমান বিশেষ সময় হৈছে-

  • খাদ্য খোৱাৰ আগত আৰু পিছত।
  • ক’ৰবাৰ পৰা আহি ঘৰ সোমোৱাৰ পিছত।
  • বাৰী-ঘৰ আদিত কাম কৰাৰ পিছত।
  • পথাৰৰ পৰা আহিলে।
  • গাড়ী-মটৰ বা অন্য বস্তু চাফ-চিকুণ কৰাৰ পিছত।
  • ল’ৰা ছোৱালীক খাবলৈ দিয়াৰ আগত।
  • খাদ্যবস্তু প্ৰস্তুতৰ সময়ত।
  • ল’ৰা ছোৱালীৰ কাপোৰ কানি, নেপকিন আদি বদলি কৰাৰ পিছত।
  • শিশুক প্ৰস্ৰাৱ-পায়খানা আদি কৰোৱাৰ পিছত।
  • কোনো ঔষধ পাতি বা ৰাসায়নিক বস্তু ব্যৱহাৰ কৰাৰ পিছত।
  • ৰোগী আৰু সৰু কেঁচুৱা চোৱাৰ আগত আৰু পিছত।
  • কাৰ্যালয় বা স্কুল কলেজৰ পৰা অহাৰ পিচত।
  • নিজৰ গাৰ কটা-ছিঙা বা অসুখীয়া অংশ চোৱাৰ পিছত।
  • মল ত্যাগৰ পিছত।

হাত ধোৱাৰ উপযোগিতা -

হাত দুখন সময়মতে আৰু সঠিকভাৱে ধোৱাৰ অভ্যাস কৰিলে আমাৰ নিজৰ লগতে সমাজৰো উপকাৰ সাধন হয়।

সাধাৰণ মানুহৰ মাজত হাত ধোৱা কাৰ্যটো বিভিন্ন দেশৰ প্ৰচাৰ কৰাৰ ফলত আৰু মানুহৰ এই অভ্যাস গঢ়ি উঠাৰ ফলত বহুতো দেশত ডায়েৰীয়া জাতীয় ৰোগৰ প্ৰকোপ কম হোৱা দেখা গৈছে।

লগতে শিশুৰ শ্বাস ৰোগৰ সংখ্যাও কমিছে। ফলস্বৰূপে পৃথিৱীত শিশুৰ মৃত্যুৰ হাৰ বহু পৰিমাণে কমা দেখা গৈছে।

কাৰণ ডায়েৰীয়া জাতীয় আৰু শ্বাসজনিত ৰোগৰ ফলতেই বহু সংখ্যক শিশু মৃত্যুমুখত পৰে। অৰ্থাৎ শিশুৰ মৃত্যুৰ হাৰ কমিছে।

তদুপৰি অপৰিষ্কাৰ হাতৰ দ্বাৰা-

  • পেলু-কৃমিৰ লগতে ছালৰ ৰোগ,
  • শ্বাসতন্ত্ৰৰ ৰোগ,
  • আৰু চকুৰ ৰোগো প্ৰসাৰিত হয়।

সেয়েহে হাত ধোৱা ব্যৱস্থা নিয়মিত হ’লে শিশু বা বয়স্ক নিয়মিত নহ’লে শিশু বা বয়স্ক লোকসকলেও এনেবোৰ ৰোগৰ দ্বাৰা কমকৈ আক্ৰান্ত হ’ব।

নিয়মিত হাতধোৱা উপকাৰিতাসমূহ -

  • পেটৰ অসুখ যেনে-
  • ডায়েৰীয়া,
  • কলেৰা,
  • ডিচেণ্টেৰী আদি নিয়ন্ত্ৰিত হয়।
  • পেলু-কৃমিৰ সংক্ৰমণ কমকৈ হৈ ৰক্তহীনতা ৰোধ কৰে।
  • শ্বাসজনিত ৰোগৰ সংক্ৰমণ হ্ৰাস হয়।
  • চকু আৰু ছালৰ ৰোগ কম হয়।
  • শিশুৰ মৃত্যুৰ হাৰ হ্ৰাস হয়।
  • চিকিৎসালয় বা আন ক্ষেত্ৰতো ৰোগৰ সংক্ৰমণ কম হয়।
  • মন প্ৰফুল্লিত হৈ থাকে।

লেখক: ডাঃ অতুল খাউণ্ড(সাদিন)

2.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top