অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পৰিয়ালৰ স্বাস্থ্যৰ বাবে

আমাৰ ঘৰখন বা পৰিয়ালটোৰ স্বাস্থ্যৰ ওপৰতে নিৰ্ভৰ কৰে প্ৰতিজনৰ উন্নতি। সেয়ে কিছুমান নিয়মানুবৰ্তিতা বজাই ৰাখি চলাটো আমাৰ বাবে খুবেই প্ৰয়োজন। কেইটিমান টিপ্‌ছ-

ব্যায়াম

  • পুৱা সোনকালে উঠাৰ অভ্যাস কৰক। খোজকঢ়া, ফ্ৰী-হেণ্ড এক্সাৰচাইজক অভ্যাসত পৰিণত কৰিবলৈ চেষ্টা কৰক।
  • বৃদ্ধসকলে পাৰ্ক আদিলৈ ওলাই যাব নোৱাৰিলে বা ঘৰৰ সন্মুখত ঠাইৰ অভাৱ হ’লে চাদৰ ওপৰতে অলপ ব্যায়াম কৰিব পাৰে।
  • ব্যায়ামৰ বাবে পুৱা সময় কম হ’লে আবেলিও কৰিব পাৰে।

কি আহাৰ গ্ৰহণ কৰিব

  • শিশুটিয়ে টান আহাৰ খাবলৈ ধৰা সময়ছোৱাতেই শিশুটিৰ স্বাস্থ্যৰ ওপৰত নজৰ দিব লাগিব যেন শিশুটি বাঢ়ি অহাৰ লগে লগে শকত নহয়। গৱেষণাৰ দ্বাৰা জানিব পৰা মতে, প্ৰায় ৮৬ শতাংশ শিশুৱে ছয় বছৰৰ আগেয়েই মেদবহুল হৈ পৰে। স্কুলৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজতো মেদবহুলতা বৃদ্ধি পাইছে। সেয়ে সৰুৰে পৰাই খাদ্যাভাসৰ ওপৰত নজৰ দিয়া উচিত।
  • নানাধৰণৰ চালাড, ফল আৰু কম তেলত ৰন্ধা-বঢ়া কৰা খাদ্য দিবলৈ যত্ন কৰক।
  • অতিৰিক্ত পঠাৰ মাংস বা ৰেড মিট খোৱাৰ পৰা বিৰত থকাই ভাল।
  • ল’ কেলৰিযুক্ত আহাৰ অৰ্থাৎ কম তেলত ৰান্ধিব পৰা ৰেচিপি সংগ্ৰহ কৰক।
  • ভাল লগা ফাষ্ট ফুডসমূহ ঘৰতে স্বাস্থ্যসন্মত হোৱাকৈ তৈয়াৰ কৰিবলৈ যত্ন কৰিব লাগে।
  • বটলৰ ঠাণ্ডা পানীয় একেবাৰে বৰ্জন কৰাই ভাল।

মেডিকেল ফাইল

  • প্ৰকৃততে ঘৰৰ শিশুটিৰ পৰা বয়সিয়ালজনলৈকে একো একোটা মেডিকেল ফাইল থকাটো প্ৰয়োজনীয়।
  • ফাইলত ৰাখক ডাক্তৰৰ প্ৰেছক্ৰিপচন, টেষ্টৰ ৰিপ’ৰ্ট আদি- যেনে হঠাৎ অসুস্থ হ’লে তেওঁৰ তথ্যসমূহ হাততে অসুবিধা নোহোৱাকৈ পোৱা যায়। এনে ফাইল ৰাখিলে কেতিয়াবা একোটা স্বাস্থ্য পৰীক্ষা বাৰে বাৰে নকৰিলেও হ’ব পাৰে।
  • অসুস্থ হ’লেই ডাক্তৰৰ ওচৰলৈ যোৱা মানসিকতা ত্যাগ কৰিবলৈ যত্ন কৰক।
  • কিছুমান ৰোগ, যেনে- মধুমেহ, উচ্চ ৰক্তচাপ আদিৰ পৰীক্ষা নিয়মিত কৰিবলৈ নাপাহৰিব।
  • প্ৰয়োজন অনুসৰি হেল্‌থ ইঞ্চুৰেঞ্চ কৰাব লাগে।

ঔষধৰ নিয়ম-কানুন

  • টোপনিৰ ঔষধ খালে এলক’হলজাতীয় একোকে খাব নালাগে।
  • মধুমেহ ৰোগীসকলে এছপিৰিন জাতীয় ঔষধ ডাক্তৰৰ পৰামৰ্শ অনুসৰিহে খাব লাগে।
  • হাই ব্লাডপ্ৰেছাৰ ব ডিপ্ৰেছনৰ ঔষধ বা হাৰ্ট বা থায়ৰ’য়ডৰ সমস্যা থাকিলে ডাক্তৰৰ পৰামৰ্শ নোলোৱাকৈ নেজেল ড্ৰ’প ব্যৱহাৰ নকৰিব। হৃদৰোগ আৰু এপিলেপচিৰ বাবে যিসকলে ঔষধ সেৱন কৰে, তেওঁলোকৰ ৰ’দত ওলালে ফটো পিবামেণ্টেচন হোৱাৰ অধিক সম্ভাৱনা থাকে। সেয়ে ছানস্ক্ৰীন লোচন ব্যৱহাৰ কৰিব লাগে।

তদুপৰি ঘৰৰ ওচৰৰ কোনো নিৰ্ভৰযোগ্য ডাক্তৰৰ ফোন নম্বৰ তথা হাস্পতালৰ নম্বৰ ৰাখক- যেন বিপদত পৰিলে হঠাৎ পৰামৰ্শ ল’ব পাৰে।

লেখিকা: শ্ৰুতি জৈন, অসম বাণী।

শেহতীয়া উন্নীতকৰণ: : 3/19/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate