মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / ফাইট’নিউট্রিয়েন্ট শক্তিৰে কেঞ্চাৰ প্ৰতিৰোধ কৰক
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ফাইট’নিউট্রিয়েন্ট শক্তিৰে কেঞ্চাৰ প্ৰতিৰোধ কৰক

 

ফাইট’নিউট্ৰিয়েন্ট বোৰ হ’ল শাক-পাচলি, ফল-মূল, সমগ্ৰ বীজ জাতীয় পদার্থ আৰু মাহজাতীয় উদ্ভিদৰ খাদ্যত পোৱা প্রাকৃতিক উপাদান। সু-স্বাস্থ্যক প্রতিষ্ঠা কৰিবলৈ এই উদ্ভিদীয় উপাদানবোৰে অন্যান্য নিউট্ৰিয়েন্টৰ সৈতে উপকাৰী প্রভাৱেৰে কাৰ্য্য কৰে।

হৃদয়ন্তৰ ৰোগ আৰু ষ্ট্ৰ’কৰ পৰা মধুমেহ, মানসিক বিকাৰ আৰু কেঞ্চাৰ আদি পুৰণি ৰোগত আমাৰ বাবে ফাইট’নিউট্ৰিয়েন্ট ৰক্ষা কৱচ।

কার্বহাইদ্রেটচ, প্র’টিন আৰু চর্বি আদি মাইক্ৰ’নিউট্ৰিয়েন্টচৰ বিষয়ে আমি বহুতেই জ্ঞাত, যেনে এফ. ডি. এ.ৰ নিয়ন্ত্রিত খাদ্য লেবেলৰ বহু ভিটামিন আৰু খনিজ খাদ্যবোৰ। কিন্তু আমি কম সংখ্যক লোকেহে ফাইট’নিউট্ৰিয়েন্টচৰ সৈতে সু-পৰিচিত। উদ্ভিদীয় ভিত্তিৰ মাইক্ৰ’নিউট্ৰিয়েন্ট আমাৰ সু-স্বাস্থ্যৰ উপাদান দিয়ে আৰু কেঞ্চাৰ, মধুমেহ, হৃদয়ন্ত্ৰৰ ৰোগ আৰু ষ্ট্রোক্‌ আদি পুৰণি ৰোগক এৰাই চলাত সহায় কৰে।

কেৰ'টন’ইড পৰিয়ালৰ অংশ লাইক’পেন হ’ল এটা বৰণ যিয়ে ৰঙা ফলমূল আৰু শাক-পাচলিক বৰণ দিয়াত সহায় কৰে। ই লগতে এটা মুক্ত বিস্তৃত-যুঁজাৰু অক্সিডেন্ট ৰোধক। লাইক’পেনে প্রোষ্টেট, হাঁওফাঁও আৰু পাকস্থলীৰ কেঞ্চাৰ প্ৰতিৰোধ কৰাত সহায় কৰে। অধিক লাইক’পেন গ্ৰহণৰ দ্বাৰা অগ্ন্যাশয়, মলাশয় আৰু মলনলী, খাদ্যনলী, মুখৰ বিন্ধা, স্তন আৰু কাৰ্ভিক্স কেঞ্চাৰৰ কিছু কাৰণ কমাব পাৰে। বিলাহী হ’ল লাইক’পেনৰ সম্পদশালী উৎস।

ফাইট’নিউট্ৰিয়েন্ট সমৃদ্ধ খাদ্য

 

  • ৰঙা, কমলা আৰু হালধীয়া শাক-পাচলী আৰু ফল-মূল (যেনে বিলাহী, গাজৰ, জালুক, স্কোৱাচ, মিঠা আলু, নৰাবগৰী, আম, তৰমুজ, টেঙা জাতীয় ফল-মূল আৰু সৰু জাতীয় ফলমূল)।
  • গাঢ় সেউজীয়া পতুৱা শাক-পাচলি (যেনে শাক, কেইল, ব্ৰক'লি, বক চ্চায়, ছুইচ চাৰ্ভ আৰু ৰোমেইন লেট্‌ইচ)।
  • নহৰু, পিয়াজ, চ্চাইভ্‌ আৰু লীক্‌।
  • সম্পূর্ণ উদ্ভিদীয় সামগ্ৰী (যেনে মুগা বৰণৰ চাউল, বন্য চাউল, কুইন'ৱা, ৱাৰ্লি, ঘেঁহু গুটি আৰু সম্পূৰ্ণ ঘেঁহুৰ শস্যৰ বীজৰ ৰুটী আৰু সম্পূর্ণ শস্যৰ বীজ, ধান, ঘেঁহু বা গোম ধানৰ গুড়ি)।
  • বাদাম জাতীয় ফল আৰু বীজ (যেনে ৱালনাট, অলমণ্ড, সূৰ্য্যমুখী গুটি, তিল আৰু শণৰ বীজ)।
  • মাহজাতীয় খাদ্য (যেনে শুকান বীন, মটৰ মাহ, মচুৰ মাহ, চয়াবীন আৰু চয়া জাতীয় সামগ্ৰী)।
  • চাহ আৰু কফি (যেনে সেউজীয়া চাহ, ৰঙা আৰু চাহ আৰু অন্যান্য আয়ুৰ্বেদীয় চাহ)।

কেঞ্চাৰৰ চিকিৎসাত “ফাইট’নিউট্ৰিয়েন্ট” এটা মাইলৰ খুঁটি, কাৰণ বৰ্ত্তমান ব্যৱহৃত কেঞ্চাৰ প্ৰতিৰোধী কৃত্রিম ঔষধ সমূহ সু-স্বাস্থ্যৰ অংগ প্রতঙ্গৰ বাবে অতি বিষাক্ত আৰু ৰোগীৰ সংক্রমিত নোহোৱা পদ্ধতিক দুর্বল কৰে। সেইবাবে প্রতিদিন পৰ্য্যাপ্ত শাক-পাচলি আৰু ফল-মূল গ্রহণ কৰি আমি প্রাকৃতিক ফাইট’নিউট্ৰিয়েন্ট পাব পাৰো।

উৎস: ডি.এচ. ৰিচাৰ্ছ চেন্টাৰ, গুৱাহাটী।

3.04166666667
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top