অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ফিটনেছ ছিক্ৰেট :

ফিটনেছ ছিক্ৰেটৰ বিষয়ে লিখা হৈছে ।

 

অন্তৰৰ সৌন্দৰ্য্য বা স্বাস্থ্যসন্মত জীৱনশৈলীয়েহে এগৰাকী লোকৰ সৌন্দৰ্য অটুট ৰাখে । এই কথা অধিকাংয অভিনেত্ৰীয়ে বিশ্বাস কৰে । অকল মেকাআপেৰে এগৰাকী অভিনেত্ৰীয়ে ছিলভাৰ স্ক্ৰীনত সফল হোৱাৰ দিন আৰু নাই । যোগা, ছুইমিং, প্ৰাত:ভ্ৰমণে আকৰ্ষণ কৰি আহিছে । নিজৰ শৰীৰৰ ফিটনেছ ধৰি ৰখাৰ বাবে ফিটনেছ ছিক্ৰেট কি জানোচোন আহক ।

১) ফিটনেছ বুলিলে আমি শাৰীৰিকভাৱে সুস্থ হৈ থকাকে বুজে । শৰীৰৰ সম্পূৰ্ণ অৱয়বটো ভালে থাকিলেহে আপুনি নিজকে ফিট বুলি বিবেচনা কৰিব পাৰিব । শৰীৰৰ ফিটনেছ ধৰি ৰাখিবলৈ হ’লে আপোনাক প্ৰয়োজন হ’ব এটা সুস্থ মন , এটা ভাল পৰিবেশ । সুস্থ মানসিকতা হ’ল এটা সুন্দৰ শৰীৰ লাভ কৰাৰ প্ৰধান উৎস । কথাতে কয় মন ভালে থাকিলেহে আপুনি আপোনাৰ শৰীৰটো ভালে ৰাখিব পাৰিব ।

২) দৈনিক শাৰীৰিক ব্যায়াম আৰু পুষ্টিয়ে স্বাস্থ্য সবল কৰি ৰাখে ।

৩) আপোনাৰ শৰীৰটো সুস্থ-সবল কৰি ৰাখিবলৈ হ’লে শৰীৰত সৃষ্টি হোৱা আৱৰ্জনাবোৰ ঘামৰ জৰিয়তে বাহিৰ কৰিব লাগিব । খোৱা খাদ্যক সঠিকভাৱে হজম কৰিব পাৰিব লাগিব । তেতিয়াহে শৰীৰটোৱে এটা সুস্থ শৰীৰ লাভ কৰিব পাৰিব ।

৪) শাৰীৰিক ব্যায়াম এনে এটা মহৌষধ, যদি আপুনি দৈনন্দিন ইয়াক ধৰি ৰাখিব পাৰে , তেতিয়াহ’লে যিকোনো বেমাৰৰ স’তে আপুনি যুঁজিব পাৰিব ।

৫) পৃথিৱীৰ বিভিন্ন ধৰণৰ মাৰাত্মক বেমাৰৰ পৰা বহুজনে শাৰীৰিক ব্যায়ামৰ জৰিয়তে নিৰাময় লাভ কৰিছে । মানসিকভাৱে ভাগি পৰা লোকেও শাৰীৰিক ব্যায়ামৰ জৰিয়তে সুস্থ জীৱন অতিবাহিত কৰিব পাৰিছে ।

৬) সুস্থ শৰীৰৰ বাবে পৰ্যাপ্ত টোপনিৰ প্ৰয়োজন  হয় । শাৰীৰিক ব্যায়াম কৰাৰ পিচত শৰীৰটো আৰামত ৰখাৰ উপৰি নিশা কমেও ৭/৮ ঘণ্টা টোপনি যাব লাগে । অতি মাত্ৰা ব্যায়াম কৰাটোও শৰীৰৰ বাবে অপকাৰী । কিয়নো আপোনাৰ শৰীৰে যিমানলৈকে শক্তি পাব পাৰে, সিমানলৈকে আপুনি ব্যায়াম কৰিব । শৰীৰটোক ওপৰঞ্চি কষ্ট দিয়া মানে আপোনাৰ ফিটনেছত আপুনি নিজেই হাৰ মনা ।

আপুনি শাৰীৰিকভাৱে সবল হৈ থাকিবলৈ হ’লে আপোনাৰ কিছুমান বেয়া অভ্যাস আঁতৰাব লাগিব । সদায় আপোনাৰ মনটো ধনাত্মক হ’ব লাগিব । এটা সুস্থ পৰিৱেশ সৃষ্টি কৰিব লাগিব। মদ, চিগাৰেট আদি নিচাজাতীয় খাদ্যৰ পৰা আঁতৰত থাকিব লাগিব । পৰাচৰ্চাৰ পৰা নিজকে আঁতৰত ৰাখিব লাগিব । কেতিয়াবা ডাঙৰ, কেতিয়াবা সৰুৰ পৰাও কিছু জ্ঞান আয়ত্ত কৰিব লাগিব ।

হাইড্ৰছেন -

সুস্থ হৈ থকাৰ বাবে যিকোনো লোকে প্ৰতিদিনে অন্তত : দুই লিটাৰ পানী খোৱা প্ৰয়োজন । পানী একোজন লোকৰ প্ৰয়োজনীয়তাই নহয় , ই সৌন্দৰ্যৰ ক্ষেত্ৰতো এক খোজ বুলি ক’ব পাৰি। যিমানে পানী খাব, সিমানে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ ওলাই যাব । গতিকে এনেক্ষেত্ৰত প্ৰতিটো সময়ত শৰীৰ হাইড্ৰেটেট হৈ থকাৰ বাবে বলিউডৰ চেলিব্ৰেটিসকলেও যথেষ্ট পৰিমাণে পানী গ্ৰহণ কৰা দেখা যায় ।

নেমু, মৌ আৰু গৰম পানী :-

যিসকলে নিজৰ ওজন নিয়ন্ত্ৰণত ৰাখিব খোজে, তেওঁলোকৰ বাবে নেমু, মৌ আৰু গৰমপানীৰ মিশ্ৰণ অতি উপকাৰী ।

নাৰিকল বা ডাবৰ পানী-

নাৰিকল পানী বা নাৰিকল তেলৰ চমৎকাৰ গুণৰ কথা কোনো নাজানে । নাৰিকল বা ডাবৰ পানী খোৱাটো অতি উত্তম । ই এণ্টিঅক্সিডেণ্ট । শৰীৰৰ পৰা ক্ষতিকাৰক পদাৰ্থ উলিয়াই দিয়াত নাৰিকলৰ পানীয়ে কাম দিয়ে । একেদৰে ছাল আৰু ছালৰ বাবে নাৰিকল তেল উত্তম ।

গাখীৰ আৰু দৈ -

গাখীৰ আৰু দৈয়ে শৰীৰৰ উজ্জ্বলতা বৃদ্ধি কৰে । ছালত দৈ ব্যৱহাৰ কৰিও ছালৰ মসৃণতা বৃদ্ধি কৰিব পাৰি ।

হালধি

কেঁচা হালধি স্বাস্থ্যৰ বাবে  অতি হিতকাৰী । কেঁচা হালধি ভাল সংক্ৰমণাত্মক । কিঞ্চিৎ কেঁচা হালধিয়ে আপোনাক নিৰোগী কৰি ৰাখিব পাৰে । ছাল উজ্জ্বল কৰি ৰাখিবলৈ হ’লে হালধি খোৱাটো জৰুৰী । গাখীৰৰ লগত মিহলাই বা ছালত প্ৰলেপ হিচাপে সানিও উপকাৰ লাভ কৰিব পাৰে ।

মাছ

শৰীৰক প্ৰয়োজনীয় পুষ্টি দিয়াই নহয় , মাছ এবিধ উত্তম এণ্টিঅক্সিডেণ্ট । বয়সক জয় কৰাৰ বাবে মাছ খোৱাটো জৰুৰী ।

লেখক – পল্লৱ দ্বীজেন

উৎস – দেওবৰীয়া সম্ভাৰ

3.55555555556
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top