অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ফুড পইজন :

ফুড পইজনৰ বিষয়ে লিখা হৈছে ।



আজিকালি নগৰ চহৰ সকলোতে ৰাস্তাৰ কাষত গজি উঠিছে নানান সৰু বৰ ফাষ্ট ফুডৰ দোকান।সন্ধিয়া হোৱাৰ লগে লগে ডেকা ল'ৰাৰ ভিৰ।মেগি,চাও-চাও,ম'ম',ভজা ডিম,ঘুগুনি,পকৰি যোনে যি ভাল পায় তাকে খাব পাৰে।কিন্তু কিমানে লক্ষ্য কৰিছে এই দোকান বোৰৰ খাদ্য পৰিবেশন স্বাস্থ্য সন্মত হয়নে নহয়? এবাৰ ভাবি চাইছেনে বাৰু? ভাবিছে ,কিন্তু একো নকয়।কাৰন এইবোৰ দোকান এনেকুৱাই বুলি মনতে ভাবি লোৱা এটা ভ্ৰান্ত ধাৰনা।লেতেৰা বুলি ভাবিলে নিজে নগলে হল কোনেনো কি ডাল কব।ছি:এখন হাতেৰে খোৱা বস্তু বনাব সেইখন হাতেৰে বিতৰন কৰিব সেইখন হাতেৰে পইছা চুব সেইখন হাতেৰে গা-মূৰ খজোৱাব।গাৰ ঘাম খোৱা বস্তুত পৰিব ।পাকঘৰৰ ফালে চাব নোৱাৰি জেকা সেমেকা পৰিবেশ । মিঠাই বনোৱা কেৰাহী কুকুৰে চেলেকে, মাখিৰ উপদ্ৰৱ ।মুঠতে অ স্বাস্থ্য পৰিবেশ ।সকলোৱে জানে মাত নামাতে কিয়?বিগত বষৰ্ত কেইগৰাকীমান ছাত্ৰী ক লৈNCSCৰ বাবে এটাproject কৰিলো।হোটেলৰ অনাময় পৰিবেশ ফটো সহ এটা প্ৰজেক্ট তৈয়াৰ কৰি এটা কপি DCক দিলো, এটা বণিক সংস্হা ক দিলো এটা থানাৰ অ'চি ক দিলো। কাৰ্য ব্যৱস্হা লবলৈ অনুৰোধ জনোৱা হল।কিন্তু কামত নাহিল। কোনেও একো নকৰিলে ।এনেবোৰ কাম DC য়ে নকৰিলে আমিবোৰে ক'লে জানো দোকানিয়ে মানিব । এদিন তেজপুৰৰ সৰু দোকান এখনত চাহ খাবলৈ সোমালো। মেচিনত বনোৱা একাপ চাহ ললো।Glassৰ বাকছত ভৰাই থোৱা কেক এটা বিছৰাত মহিলা দোকানী গৰাকীয়ে হাতমোজা পিন্ধি কেকটো আনি মোলৈ আগবঢ়াই দিলে।কি এক সুন্দৰ ব্যৱহাৰ ।আন এদিন এখন দোকানত চিঙৰা বনাই থকা দেখি খন্তেক ৰৈ চালো।এটা কাঁচ ৰ বাকচত নভজা চিঙৰাখিনি থোৱা আছে আৰু ভজখিনি এটা পাছিত ভৰাই ppপেপাৰৰে ধাকি থোৱা হৈছে।মুঠতে নভজাৰ আগত বা ভজাৰ পাছত মাখি পৰাটো অসম্ভৱ ।মই দোকানখনলে কিবা এটা আকৰ্ষণত সোমাই গ'লো ।নানান মিঠাই সজাই থোৱা আছে দামবোৰ লিখা আছে।চেপেনাৰ দ্বাৰা মিঠাই দিয়াৰ ব্যৱস্থা ।মিঠাই দিয়া আৰু পইছা লোৱা মানুহ বেলেগ বেলেগ ।এনেধৰনৰ ব্যৱস্থা আমাৰ সকলো সৰু- বৰ হোটেলত কৰিব নোৱাৰিনে?
আপোনালোকে জানেনে এনে অ স্বাস্থ্যৰ দোকানবোৰত চাহ মিঠাই খোৱাৰ ফলত আমাৰ কি ধৰনৰ ৰোগ হব পাৰে? অপৰিষ্কাৰ হাতেৰে খাদ্য বিতৰণৰ ফলত ষ্টেফাইলো ককাছ বীজাণু দেহত সংক্ৰমন হব পাৰে।ছালমোনেলা টাইফিমিউৰিয়াম নামৰ বীজাণু ৰ সংক্ৰমণৰ ফলত ফূড পইজনিং হয়।বিভিন্ন পেলুৰ কণী সংক্ৰমিত হব পাৰে। নকলেও হব এইবোৰ বীজাণু ৰ বাবে সাধাৰণ ৰাইজৰ কি ধৰণৰ নগুৰ নাকটি বাছ হয়।ইয়াৰোপৰি সেমেকা পৰিবেশত গা কৰি উঠা নানান প্ৰকাৰৰ ভেঁকুৰ মিঠাই ৰ জৰিয়তে আহি ঘৰ পায়গৈ ।হোটেল বোৰৰ পানী কৰপৰা আনে আৰু কেনেকৈ সংৰক্ষণ কৰে লক্ষ্য কৰিছেনে? হোটেলৰ ৰান্ধনী, বিলণীয়া, সৰু সৰু কাম কৰা লৰাবোৰে বাৰু শৌচ- প্ৰস্ৰাৱ কত কৰে লক্ষ্য কৰিছেনে? হোটেলৰ পাছফালে গা ধুই থকা লক্ষ্য কৰিছেনে? শৌচ প্ৰস্ৰাৱ কৰাৰ পাছত হাত ভৰি ভালকৈ(গা ধুৱা কথা নকলোৱেই বাৰু ) ধুইছেনে সিহতে? গতিকে হোটেলৰ মিঠাই ,পানী কিমান পৰিস্কাৰ অনুমান কৰক। অপৰিষ্কাৰ পানী খোৱাৰ ফলত হেলিক'বেক্টাৰ পাইলেৰি আপোনাৰ পেটত প্ৰবেশ কৰিব পাৰে এইবিধ বেক্টেৰিয়াই পাকস্থলী আৰু ক্ষুদ্ৰান্তত ঘাঁ সৃষ্টি কৰিব পাৰে যাৰ বাবে এদিন হয়টো আপুনি গেষ্টিক আলচাৰত ভুগিব লগা হৈছে।এন্টাবিমা হিষ্ট"লিটিকা নামৰ এবিধ প্ৰট'যোৱা দূষিত পানী ৰ জৰিয়তে আমাৰ দেহত সোমালে এমিবিক গ্ৰহনী ৰোগ হব পাৰে।এই বীজাণু বোৰৰ পৰাই কিডনী পাথৰ,গ'লব্লাডাৰ পাথৰ হব পাৰে।(বীজাণু য়ে কেনেকৈ পাথৰ সৃষ্টি কৰে আগতে মই লিখিছিলো) আৰু যে কত কি ৰোগ হব পাৰে --'-'-------
আপুনি হয়তো লেখাটো পঢ়ি থাকোতে ভাবিছে মই বাৰু মিঠাই নাখাও নেকি?খাও কি কৰিব উপাই নাই কিন্তু কমাই খাও।খাও যিমান চিনাকি দোকানী হলে গালিও পাৰো সিমান ।মোৰ লেখাটো ৰ উদেশ্য হোটেলৰ এই অনাময় ব্যৱস্থা নোহোৱা কৰিবলৈ আমাৰ কিবা উপাই আছে নেকি তাক কাৰ্য কৰি কৰাৰ চিন্তা কৰা।আপোনালোকে সুপৰামৰ্শ দিব বুলি আশা কৰিলো।
শেষত কও মিঠাই খাব লাগে মিঠাই সৰু লৰাছোৱালীয়ে বেছিকৈ খাব লাগে।মিঠাই খালে লৰাছোৱালীৰ মগজু ভাল হয় ।কিন্তু মিঠাই মিঠাই হব লাগে বীজাণু ৰ ভৰাল হব নালাগে।এই ক্ষেত্ৰত সকলোৱে সাবধান হোৱাটো ভাল। কাৰণ "দেহা থাকিলেহে বেহা "।

লেখক: নৱ ওজা

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

2.77777777778
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top