মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / ফেটী লিভাৰৰ চিকিৎসা আৰু খাদ্য :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ফেটী লিভাৰৰ চিকিৎসা আৰু খাদ্য :

ফেটী লিভাৰৰ চিকিৎসা আৰু খাদ্যৰ বিষয়ে লিখা হৈছে ।

 

ফেটী লিভাৰ কেনেকৈ নিৰ্ণয় কৰা হয় -

কোনো ব্যক্তিৰ যদি ফেটী লিভাৰৰ লক্ষণসমুহে দেখা দিছে, তেন্তে চিকিৎসকৰ পৰামৰ্শ লোৱা একান্ত প্ৰয়োজনীয়। বিশেষকৈ যিসকল ব্যক্তিয়ে অত্যধিক সুৰাপান কৰে, যাৰ দেহৰ ওজন বেছি, যদি ডায়েবেটিছ, উচ্চ ৰক্তচাপ আদি ৰোগত ৰোগত ভুগিছে, ৰক্তত কলেষ্টেৰ’ল বা ট্ৰাই গ্লিছাৰাইডৰ মাত্ৰা বেছি, তেনে ব্যক্তিয়ে খুব সোনকালে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত। চিকিৎসকে বিভিন্ন পৰীক্ষাৰ দ্বাৰা লিভাৰৰ সঠিক নিৰ্ণয় (ডায়েগন’ছিছ) কৰিব।

ৰক্তৰ পৰীক্ষা: ৰক্তৰ বিভিন্ন পৰীক্ষাৰ দ্বাৰা আপোনাৰ যকৃতৰ স্বাস্থ্য সম্বন্ধে গম পোৱা যায়। এই পৰীক্ষাসমুহৰ ভিতৰত এ এল টি, এ এছ টি, এ এল পি, বিলিৰুবিন আৰু এলবুমিনৰ পৰীক্ষা (লিভাৰ ফাংচন টেষ্ট)আটাইতকৈ প্ৰয়োজনীয়।

আলট্ৰাছাউণ্ড: আলট্ৰাছাউণ্ডৰ সহায়ত যকৃতত কিমান পৰিমাণৰ চৰ্বি জমা হৈছে তাক সঠিককৈ নিৰ্ণয় কৰিব পাৰি। চিটিস্কেন আৰু এম আৰ আইৰ দ্বাৰাও এই পৰীক্ষা কৰিব পাৰি।

লিভাৰ বায়’পছি- ওপৰত উল্লেখ কৰা পৰীক্ষাসমুহে সঠিককৈ নিৰ্ণয় কৰিব নোৱাৰিলে লিভাৰ বায়’পছি কৰা হয়।

ফেটী লিভাৰৰ চিকিৎসা -

এলকহলিক ফেটী লিভাৰৰ চিকিৎসা: এই ৰোগৰ চিকিৎসাৰ প্ৰধান আধাৰ হৈছে সুৰাপানৰ পৰা বিৰত থাকে। সুৰাপানৰ পৰা বিৰেত থাকিলে যকৃতৰ স্বাস্থ্য পুনৰ ভাললৈ আহিব আৰু যিসকলে ইতিমধ্যে ছিৰ’ছিছত ভুগিছে তেওঁবিলাকৰ জীৱন আয়ুস বাঢ়িব। দীৰ্ঘদিন ধৰি নিয়মিতভাৱে সুৰাপান কৰি অহাৰ পিছত হঠাতে বন্ধ কৰি দিয়াটো ইমান সহজ নহয়। এই বিষয়ে চিকিৎসকৰ পৰামৰ্শ লওক আৰু সহযোগ কৰক। সুৰাপানৰ বদঅভ্যাস ত্যাগ কৰিবলৈ কেতিয়াবা ‘ডিএডিকচন কেন্দ্ৰৰ’ সহায় ল’ব লগা হয়। সুৰাপান ত্যাগ কৰিবৰ বাবে কেতবোৰ ঔষধো পোৱা যায়। এনে ঔষধ কেৱল চিকিৎসকৰ পৰামৰ্শ অনুযায়ীহে ব্যৱহাৰ কৰা উচিত।

আন চিকিৎসাসমুহ হৈছে: ধুমপান ত্যাগ কৰা আৰু দেহৰ ওজন যদি বেছি, তেন্তে ওজন হ্ৰাস কৰা। ধুমপানে ফেটী লিভাৰ ৰোগৰ জটিলতা বৃদ্ধি কৰে। সেইদৰে দেহৰ ওজন বৃদ্ধি বা মেদবহুলতাই এই ৰোগৰ পৰা ছিৰ’ছিছৰ সম্ভাৱনা বৃদ্ধি কৰে। ফেটী লিভাৰত ভোগা বেছিসংখ্যক ৰোগীয়েই পুষ্টিহীনতাত ভোগে। বিশেষকৈ প্ৰ’টিন, বিভিন্ন ভিটামিন আৰু মিনাৰেলছৰ অভাৱ হয়। সেইবাবে পুষ্টিকৰ খাদ্য খোৱাৰ প্ৰয়োজন। লগতে টেবলেট বা টনিক হিচাপে পোৱা ভিটামিন আৰু মিনাৰেলছ খোৱা উচিত।

ননএলকহলিক ফেটী লিভাৰৰ চিকিৎসা -

প্ৰথমতে এই ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰা কাৰকসমুহ নিৰ্ণয় কৰা। কাৰকসমুহ হৈছে-

(১)মেদবহুলতা, বিশেষকৈ কঁকালৰ পৰিধি পুৰুষৰ ক্ষেত্ৰত ৪০ ইঞ্চি আৰু মহিলাৰ ক্ষেত্ৰত ৩৫ ইঞ্চিৰ বেছি হয়, (২) ৰক্তত চেনিৰ মাত্ৰা বৃদ্ধি

(৩) ট্ৰাইগ্লিচাৰাইড আৰু কলেষ্টেৰ’লৰ মাত্ৰা বৃদ্ধি

৪) উচ্চ ৰক্তচাপ। গতিকে কোনটো কাৰকৰ বাবে হৈছে তাক নিৰ্ণয় কৰা আৰু তাৰ উপযুক্ত চিকিৎসা কৰা। কাৰক এটাতকৈ বেছিও হ’ব পাৰে। এটা গুৰুত্বপুৰ্ণ কথা হ’ল ওপৰত উল্লেখ কৰা কাৰকসমুহে হৃদৰোগৰ সম্ভাৱনাও বৃদ্ধি কৰে। দেহৰ ওজন বেছি থকা ব্যক্তিসকলে খাদ্যৰ পৰিমাণ কম কৰা আৰু নিয়মিত ব্যায়াম কৰি দেহৰ ওজন কমোৱা একান্ত প্ৰয়োজন। ননএলকহলিক ফেটী লিভাৰত প্ৰায়েই দেহত ইনছুলিনে ভালকৈ কম কৰিব নোৱাৰে (ইনছুলিন ৰেজিষ্টেনছ) ফলত ৰক্তত চেনিৰ মাত্ৰা বৃদ্ধি পায়। ইনছুলিনে আমাৰ দেহত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে। নিয়মিত ব্যায়ামে ইনছুলিন ৰেজিষ্টেনছ ভাল কৰে। এই অৱস্থাৰ উন্নতি কৰিবলৈ কিছুমান ঔষধো ব্যৱহাৰ কৰা হয়। যদিও ননএলকহলিক ফেটী লিভাৰ থকা ব্যক্তিয়ে সুৰাপান কৰিব খুজিলে এটা কথা মনত ৰখা উচিত যে সুৰাপানে যকৃতৰ অধিক ক্ষতি কৰিব আৰু ফেটী লিভাৰ আৰোগ্য হোৱাত বাধা দিব। যিসকল ব্যক্তিৰ দেহৰ ওজন খুব বেছি, তেনে ব্যক্তিয়ে অস্ত্ৰোপচাৰৰ সহায়ত পাকস্থলীৰ আকাৰ সৰু কৰি ল’ব পাৰে (বেৰিয়াত্ৰিক ছাৰ্জাৰী)।এই অস্ত্ৰোপচাৰৰ পিছত দেহৰ ওজন কমি আহে। দেহৰ ওজনৰ কমেও ১০ শতাংশ হ্ৰাস কৰিবলৈ লক্ষ্য হিচাপে লোৱা উচিত।

ফেটী লিভাৰ ৰোগীৰ খাদ্য -

সেউজীয়া শাক-পাচলি: ব্ৰকলি, বন্ধাকবি, পালেং শাক, তিঁয়হ , আন শাক আদি নিয়মিতভাৱে খাওক।

নহৰু: নহৰুৱে যকৃতত চৰ্বি হ্ৰাস কৰাত আৰু দেহৰ ওজন কমোৱাত সহায় কৰে।

কফি: কফীয়ে যকৃতৰ ক্ষতি হোৱা প্ৰতিৰোধ কৰে। দিনে কমেও দুকাপ গাখীৰ আৰু চেনি নিদিয়া কফী খাওক।

মাছ: চৰ্বি থকা মাছ যেনে চাৰদিনছ, টুনা, মেকেৰেল আদি ওমেগা থ্ৰীৰে সমৃদ্ধ। ওমেগা থ্ৰীয়ে ফেটী লিভাৰ আৰোগ্য হোৱাত সহায় কৰে। ওমেগা থ্ৰী কেপচুল ঔষধৰ দোকানত কিনিবলৈ পোৱা যায়।

চাহ: চাহে বিশেষকৈ গ্ৰীন টীয়ে দেহত চৰ্বি জমা হোৱা হ্ৰাস কৰে। গ্ৰীন টি চেনি আৰু গাখীৰ নিমিহলোৱাকৈ খাব লাগে।

আখৰেট(ৱালনাট): এটা সমীক্ষা মতে আখৰোট খালে যকৃতৰ স্বাস্থ্যৰ উন্নতি হয়। আখৰোট ওমেগা থ্ৰীৰে সমৃদ্ধ।

প্ৰ’টিন: প্ৰ’টিনসমৃদ্ধ খাদ্য যেনে মুৰ্গী মাংস, মাছ, কণী, বীন (ৰাজমা) কাবুলী ছানা, দাইল) আদি দৈনিক খাব। প্ৰ’টিন পাউডাৰো খাব পাৰি। ভিটামিন ই ৮০০ ইউনিটৰ কেপচুল দৈনিক এটাকৈ ৬ মাহ খাওক।

কি কি নাখাব -

*চেনি আৰু চেনি মিহলোৱা খাদ্য।

*বেছি তেলত ভজা খাদ্য।

*ময়দাৰে তৈয়াৰ কৰা খাদ্য যেনে বগা ব্ৰেড, পাস্তা, নুডলছ, বিস্কুট। বগা ভাতো কমকৈ খাব।

*বেছি চৰ্বিযুক্ত মাংস যেনে-ছাগলী মাংস, গাহৰিৰ মাংস, পেকেটত বিক্ৰী কৰা ছছেজ, বেকন, হেম আদি।

*সুৰা- ফেটী লিভাৰ থকা ব্যক্তিয়ে সুৰা বৰ্জন কৰিব লাগে।

*চেনি মিহলোৱা শীতল পানীয়।

লিভাৰ ট্ৰান্সপ্লেণ্ট: ছি’ৰছিছে হৈ বেছি জটিলতাই দেখা দিলে লিভাৰ ট্ৰান্সপ্লেণ্ট কৰা হয় য’ত অস্ত্ৰোপচাৰৰ দ্বাৰা ৰোগীদ্বৰ যকৃতটো আঁতৰাই তাৰ ঠাইত জীৱিত বা মৃত ব্যক্তিৰ যকৃত সংৰোপণ কৰা হয়।

লেখক: ডা: চন্দন বৰুৱা (নিয়মীয়া বাৰ্তা )

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top