সকলোৰে পৰিচিত বেমাৰটোৱেই হৈছে ফেৰিংজাইটিছ (pharyngitis) । সাধাৰণতে প্ৰায়বোৰ মানুহেই কম-বেছি পৰিমাণে এই ৰোগত ভোগে। বতৰৰ পৰিৱৰ্তন হ’লে, ঠাণ্ডা লাগিলে , চৰ্দি, ইনফ্লুয়েঞ্জা আদি হ’লে ই বৰ আমনিদায়ক হৈ পৰে ভুক্তভোগীৰ বাবে । ই সাধাৰণতে ভাইৰাছ বা বেক্টেৰিয়াজনিত ৰোগ। মুখ্য লক্ষণসমুহ হ’ল-চৰ্দি, কাহ, জিভাত বা ডিঙিত খচখচনি বা বিষ হোৱা, সেপ গিলোঁতে বিস হোৱা, কেতিয়াবা মাত বহিও যায়, জ্বৰ অনুভৱ হোৱা আদি। এই ৰোগ ক্ৰনিক (Chronic) হ’লে কিছুমান ঘৰুৱা দিহা আৰু পথ্যৰ দ্বাৰা উপশম পাব পাৰি।
১) ডিঙিত ঠাণ্ডা নলগাব। পাৰিলে এখন কাপোৰেৰে ডেঙি মেৰিয়াই থওক। সহ্য কৰিব পৰা গৰম পানীত নিমখ দি কুলকুলি কৰিলে আৰাম পোৱা যায়। লাল চাহত নিমখ দিও কুলকুলি কৰিলে সুফল পোৱা যায়।
২) দোৰোণ শাক, পচতীয়াৰ (vitex negundo) আগ কেইটামান একেলগে নহৰু, জালুক দি কলপাতত সেকি খাব লাগে। নাইবা ভাজি খাব লাগে।
৩) যষ্ঠিমধু বা মুলেঠি (Glyeyrrhiza Glabra) এডোখৰ খুন্দি এগিলাচ পানীত উতলাই উতলাই আধা গ্লাছ হোৱৰ পাছত গেছ অফ কৰিব। তাৰ পাছত ঠাণ্ডা হোৱাৰ পাছত এচামুচ মৌ মিহলাই মিশ্ৰণখিনি সমানে তিনিভাগ কৰি দিনে এভাগকৈ নখাওক। এনেকৈ এসপ্তাহ খাওক।
৪) শুকান আদা এডোখৰ, পিপলি(Piper longum) তিনি টুকুৰা, জালুককেইটামান খুন্দি এক গ্লাছ পানীত উতলাই আধা গ্লাছ ৰাখি মিশ্ৰণখিনি সমানে চাৰিভাগ কৰক। দিনে এভাগকৈ দুবাৰ খাওক।
৫) ৰাতিপুৱা মুখ ধোৱাৰ আগতে দুখিলা নিমপাত (যাৰ বাবে তিতা অপথ্য, তেওঁ নকৰিব ) চোৱাই অলপ সময়ৰ পাছত মুখখন ধুই পেলাওক। ৰসখিনি গিলিব নালাগে। নিমৰ বীজাণুনাশক গুণে সুফল দিয়ে।
৬) শোহনী বনৰ (Spilanthes) (paniculata) গুটি কেইটামান চোবাই থাকক অলপ সময় । গিলি নিদিব। জিভাখন অলপ দেৰদেৰাব আৰু লেলাৱতি ওলাব। থুই পেলাই থাকিব লাগে অলপ সময়। তাৰ পাছত মুখখন ধুই পেলাওক।
৭) মাজে মাজে নিমপাত ভাজি খাওক।
৮) শেৱালি ফুল নহৰু দি ভাজি খাওক।
৯) দিনে ৫ খিলাকৈ তুলসীপাত চোবাই খাওক।
১০) কলখাৰ অলপ কেঁচা মিঠাতেল দি গৰম ভাতৰ লগত খাওক।
লগতে তলত দিয়া পথ্য-অপথ্যসমুহ মানি চলক।
পথ্য:
তুলসী পাত, মৌ, আদা, নহৰু, জালুক, দোৰোন শাক, পচতীয়া শাক, নৰসিংহ, মানিমুনি , ভেদাইলতা, নিমপাত, আমলখি, শিলিখা, তিতা ফুল, কলখাৰ, শেৱালি ফুল আদি উত্তম পথ্য।
অপথ্য:
ফ্ৰীজৰ ঠাণ্ডা বস্তু পোনে পোনে নাখাব। বৰা চাউলৰ ব্যঞ্জন, হাঁহৰ মাংস, বেঙেনা, উৰহি, মাটি দাইল, ভেন্দি, কচু আদি বীজলুৱা বস্তু নাখাব কেইদিনমান । (এইবোৰ বস্তু খালে কিছুমানৰ এনেকুৱা ক্ৰনিক বেমাৰসমুহে পুনৰ উক দিয়ে)
লেখিকা: ডা: ৰেইনী দেৱী( দৈনিক জনমভুমি )