অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ফ্লেক্স ছীড :

ফ্লেক্স ছীডৰ বিষয়ে লিখা হৈছে ।

দৈনিক খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিবলগীয়া এটি গুৰুত্বপূৰ্ণ উপাদান হ’ব। আনছেচুৰেটেড চৰ্বি(Unsaturates Fat)। অতিকৈ উপকাৰী হোৱা বাবেই ইয়াক আমি ভাল চৰ্বি বুলিও জানো। অধিক মাত্ৰাত ছেচুৰেটেড চৰ্বি(Saturated Fat) বা বেয়া চৰ্বি(bad fat) যেনেকৈ খুব অপকাৰী, ঠিক তেনেকৈয়ে এই ভাল চৰ্বি আমাৰ সুস্বাস্থ্যৰ বাবে সঘনাই দৰকাৰী।

এই ভাল চৰ্বি অথবা আন ছেচুৰেটেড ফেটৰ অন্যতম উপদান হ’ল খাদ্য বিষয়ত সঘনে উচ্চাৰিত ওমেগা ফেটী এচিডসমূহ। ওমেগা ৩ আৰু ওমেগা ৬ ফেটী এচিড প্ৰধানকৈ খাদ্যবোৰত আমি গ্ৰহণ কৰোঁ।

ইয়াৰে ওমেগা ৩ বিশেষভাৱে গুৰুত্বপূৰ্ণ আৰু পৰিপূৰক হিচাপেও কেপচুলৰ আকাৰত কিনিবলৈ পোৱা যায়।

মানুহৰ শৰীৰে নিজৰ বাবে প্ৰয়োজনীয় আন চৰ্বি দেহৰ ভিতৰতে প্ৰস্তুত কৰি ল’ব পাৰিলেও ওমেগা ৩ কোনো উপায়ে নিজে প্ৰস্তুত কৰিব নোৱাৰে।

সেইবাবেই দেহৰ বাবে প্ৰয়োজনীয় ওমেগা ৩ ফেটী এচিড আমি খাদ্যৰ যোগেদিয়েই গ্ৰহণ কৰাটো অতি আৱশ্যকীয়। সেয়েহে খাদ্য তালিকাত ওমেগা ৩ যুক্ত খাদ্য অন্তৰ্ভুক্ত কৰাটো অপৰিহাৰ্য।

ওমেগা ৩ ফেটী এচিড প্ৰচুৰ পৰিমাণে থকা খাদ্যবোৰ হ’ল মাছ, পাচলিগত তেল(Vagetable Oil), ফ্লেক্স ছীড আৰু বিভিন্ন শাক-পাচলি।

সেইবাবেই এই খাদ্যবোৰ আমাৰ হৃদযন্ত্ৰক সুস্থ ৰাখিবলৈ বা ৰক্তচাপ সঠিক মাত্ৰাত ৰাখিবলৈও অত্যন্ত জৰুৰী। ব্ৰিটিছ পুষ্টি গৱেষক হাগ ছিনক্লেয়াৰে(Huge Sinclair) এই বিষয়ত প্ৰথম নিৰীক্ষণ আৰম্ভ কৰিছিল।

দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত তেওঁ লক্ষ্য কৰিছিল যে গ্ৰীনলেণ্ডৰ ইনুইট মানুহবোৰ(Inuit Population)ৰ মাজত হৃদৰোগৰ পৰিমাণ খুবেই কম, যদিওবা তেওঁলোকে অধিক চৰ্বিযুক্ত আহাৰ গ্ৰাণ কৰিছিল।

এই অধ্যয়নক আহাৰ গ্ৰহণ কৰিছিল। এই অধ্যয়নক Inuit paradox বুলিও জনা যায়। পৰৱৰ্তী সময়ত ইয়াৰ কাৰণ  জানিবলৈ তেওঁ ইমানেই আগৰী আছিল যে তেওঁ কেৱল ছীল(Seal) আৰু আন সাগৰীয় মাছ খাইছিল আৰু ইয়াৰ প্ৰভাৱ সম্পৰ্কে গভীৰ অধ্যয়ন কৰিছিল।

ইয়াৰ বহুদিনৰ পিছত ডেনিছ গৱেষকে ১৯৭০ চনত এই ইনুইট পেৰাডক্সৰ ওপৰত পুনৰ গৱেষণা কৰি প্ৰকাশ কৰে যে সাগৰীয় আৰু চেঁচা পানীত(cold water) বাস কৰা মাছ খাদ্য হিচাপে গ্ৰহণ কৰিলে অতি বেছি বেড কলেষ্টেৰল বা বেয়া চৰ্বি থকা মানুহৰ ওপৰত শক্তিশালী প্ৰভাৱ পেলায়।

পিছলৈ এই কথা প্ৰমাণিত হ’ল যে মাছৰ তেলত(বিশেষকৈ সাগৰীয়) অতি বেছি পৰিমাণে ওমেগা ৩ ফেটী এচিড থাকে।

এই ওমেগা ৩ ফেটী এচিডৰ কাৰণে চৰ্বিযুক্ত মাছ(সাগৰীয়) খাদ্যত গ্ৰহণ কৰিব পাৰিলে হৃদযন্ত্ৰক সবল সুস্থ ৰাখিব পাৰি বা হৃদৰোগৰ পৰা সুফল লাভ পাব পাৰি।

অসমৰ পৰম্পৰাগত খাদ্যত সাগৰীয় মাছৰ ব্যৱহাৰ প্ৰায় নায়েই। তেন্তে ক’ৰ পৰানো পোৱা যাব এতিয়া এই ওমেগা ৩ ফেটী এচিড। এইক্ষেত্ৰত প্ৰথম সমাধান ফ্লেক্সছীড(Flax Seed) মুগা বৰণীয়া বা পাতল হালধীয়া উজ্বল ৰঙৰ এই গুটিবিধ মানুহৰ বাবে ওমেগা ৩ৰ এক প্ৰধান উৎস।

ইয়াৰ বৈজ্ঞানিক নাম Linum Usitatissium আৰু ই এবিধ তৈলবীজ। ভাৰতকে ধৰি পৃথিৱীৰ প্ৰায় সকলো ঠাইতেই ইয়াৰ প্ৰচুৰ পৰিমাণে খেতি কৰা হয়।

বৈজ্ঞানিক গৱেষণায়ো প্ৰমাণ কৰিছে যে ইয়াত থকা বহু উপাদানে ৰক্তচাপৰ পৰিমাণো কম কৰে ওমেগা ৩ৰ বাদেও ই এক আঁহযুক্ত খাদ্য হোৱাৰ বাবে ওজন হ্ৰাসৰ বাবেও এক উৎকৃষ্ট খাদ্য।

২০১৫ চনৰ চাৰি জুনত প্ৰকাশ পোৱা Clinical Nutrition নামৰ বিজ্ঞান পত্ৰিকাত(European Society for Clinical Nutrition) ৰ দ্বাৰা প্ৰমাণিত হৈছে।

মুগা বৰণীয়া কানাডিয়ান ফ্লেক্সছীডৰ এক বিশ্লেষণত প্ৰকাশ যে ইয়াত গড় হিচাপত ৪১ শতাংশ চৰ্বি, ২০ শতাংশ প্ৰ’টিন, ২৮ শতাংশ ডায়াটাৰী আঁহ, ৭৭ শতাংশ পানী আৰু বাকী আন দ্ৰব্য যেনে-

  • ফেন’লিকছ,
  • ফাইটিক এচিড,
  • মিনাৰেলছ,
  • ভিটামিন,
  • কেডমিয়াম,
  • চেলেনিয়াম আদি কম পৰিমাণে থাকে।

এই সকলোবোৰেই আমাৰ দেহৰ বাবে প্ৰয়োজনীয় উপাদান। অৱশ্যে ঠাই, সঁচ আৰু পৰিৱেশভেদে এই সংখ্যা অলপ বেলেগ বেলেগ হ’ব পাৰে। তদুপৰি ফ্লেক্সছীড অতি কম কেলৰিযুক্ত।

গোটা ফ্লেক্সছীড(Whole Flax Seed) হৃদৰোগৰ উপৰি কেঞ্চাৰৰ চিকিৎসাতো ব্যৱহাৰ কৰি সুফল পোৱা গৈছে। এইবোৰ কাৰণতে গোটেই ফ্লেক্সছীডে সমগ্ৰ পৃথিৱীতে সুফল পোৱা গৈছে।

এইবোৰ কাৰণতে গোটেই ফ্লেক্সছীডে সমগ্ৰ পৃথিৱীতে পুষ্টিক্ৰ আহাৰ(Healthy Food) হিচাপে খাদ্য তালিকাত নিজৰ সুকীয়া স্থান অৰ্জন কৰিবলৈ সক্ষম হৈছে।

বিশেষভাৱে নিজস্ব কোনো সোৱাদ নথকা বাবে এই বীজ যিকোনো খাদ্যতে মিহলি কৰিও খাব পাৰি। গোটাকৈ বা গুৰি কৰিও খাব পাৰি। অৱশ্যে গুৰি কৰাৰ পিছত বেছিদিন ৰাখি থ’লে ইয়াৰ খাদ্য মূল্য হ্ৰাস পায়।

সেয়েহে সতেজ, গোটা বা গুৰি কৰাৰ কিছুদিনৰ ভিতৰতে ইয়াক ব্যৱহাৰ কৰাটো গুৰুত্বপূৰ্ণ। আশা কৰা হৈছে আমাৰো পৰম্পৰাগত খাদ্য তালিকাত ফ্লেক্সছীডৰ অন্তৰ্ভুক্তি ঘটিব আৰু এক সুকীয়া স্থান দখল কৰিব পাৰিব।

ভাৰতবৰ্ষৰ মাটি ফ্লেক্সছীডৰ বাবে উপযোগী আৰু ভাৰতবৰ্ষত এক বুজন পৰিমাণৰ ফ্লেক্সছীডৰ উৎপাদনো হয়। আশা কৰা হৈছে অসমতো ইয়াৰ উৎপাদন আৰম্ভ কৰা হ’ব আৰু অনাগত দিনবোৰত ই আমাৰ দৈনিক খাদ্য তালিকাৰ এৰাব নোৱৰা অপৰিহাৰ্য খাদ্য ৰূপে গুৰুত্ব লাভ কৰে।

লেখিকা: ড° নিৰ্মলা দেৱী(নিয়মীয়া বাৰ্তা)

3.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top