অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বয়ঃসন্ধি কালৰ যতন

বয়ঃসন্ধি কালৰ যতনৰ বিষয়ে লিখা হৈছে

মানুহৰ জীৱনৰ সেই কালছোৱাকে বয়ঃসন্ধি কাল বোলা হয়, যিটো সময়ত এজনে শিশু অৱস্থাৰপৰা প্ৰাপ্তবয়স্ক হ’বলৈ আৰম্ভ কৰে। সাধাৰণতে দহৰপৰা ঊনৈশ বছৰ বয়সলৈকে বয়ঃসন্ধি কাল। গতিকে বয়ঃসন্ধি কালক আমি যৌৱনৰ আৰম্ভণিৰপৰা যৌৱনৰ পূৰ্ণপ্ৰাপ্তিলৈকে বুলি ক’ব পাৰো। লিংগ, বংশগত আৰু পাৰিপাৰ্শ্বিকতাৰ ওপৰত নিৰ্ভৰ কৰি ব্যক্তিভেদে যৌৱন প্ৰাপ্তিৰ বয়স ভিন ভিন হ’ব পাৰে। ছোৱালীবোৰ সাধাৰণতে ল’ৰাতকৈ আগেয়ে যৌৱনপ্ৰাপ্ত হয় হয়।

বয়ঃসন্ধি কালৰ প্ৰকাৰ আৰু পৰিৱৰ্তন:

 

বয়ঃসন্ধি কালছোৱাক আমি মূলতঃ তিনি ভাগত ভগাব পাৰো-

১)প্ৰাকযৌৱন কাল- ছোৱালীৰ ১০-১২ বছৰ বয়স, ল’ৰাৰ ১২-১৪ বছৰ বয়স।

২)যৌৱনকাল- ছোৱালীৰ ১৩-১৫ বছৰ বয়স, ল’ৰাৰ ১৫-১৬ বছৰ বয়স।

৩)উত্তৰ যৌৱনকাল- ছোৱালীৰ ১৬-১৯ বছৰ বয়স, ল’ৰাৰ ১৭-২০ বছৰ বয়স।

এই সময়ছোৱাত মানুহৰ নানাভাৱে শাৰীৰিক, মানসিক আৰু সামাজিক পৰিৱৰ্তন আৰম্ভ হয়। এই পৰিৱৰ্তনৰ লগে লগে প্ৰায় একুৰি সমস্যা দেখা দিবলৈ আৰম্ভ কৰে। বাঢ়ি অহা ল’ৰা-ছোৱালীবোৰে নিজৰ শাৰীৰিক গঠনৰ বাবে ইতৃপ্তি পাবলৈ আৰম্ভ কৰে। বাঢ়ি অহা ল’ৰা-ছোৱালীবোৰে নিজৰ শাৰীৰিক গঠনৰ বাবে তৃপ্তি পাবলৈ আৰম্ভ কৰে। নিজকে স্বাধীন বুলি ভাবিবলৈ আৰম্ভ কৰে। যদিও মানসিক আৰু অৰ্থনৈতিকভাৱে সিহঁত পিতৃ-মাতৃৰ ওপৰত নিৰ্ভৰশীল, তথাপি নিজকে আত্মনিৰ্ভৰশীল বুলি প্ৰতিপন্ন কৰিব বিচাৰে। ফলত সিহঁতে পৰিস্থিতিৰ লগত নিজকে খাব খুৱাব নোৱৰা হৈ পৰে। নিজৰ শৰীৰ আৰু মনৰ পৰিৱৰ্তনৰ কথা পিতৃ-মাতৃ অথবা পৰিয়ালৰ আন লোকৰ সৈতে আলোচনা কৰিব নোৱৰা হৈ পৰে। ফলত সিহঁতৰ মনত কিছু পৰিমাণে উৎকন্ঠা, হতাশা আৰু উদ্বেগ পৰিলক্ষিত হয়। জীৱনত নানা জটিলতাই দেখা দিবলৈ আৰম্ভ কৰে। বিপৰীতধৰ্মী কামবোৰ কৰাৰ এক নতুন মানসিকতা এই কালছোৱাতে জন্ম হয়। যদিও পিতৃ-মাতৃৰ ওপৰত নিৰ্ভৰশীল, তথাপি সিহঁতে স্বাধীনতা বিচৰা আৰম্ভ কৰে। মৰম, চেনেহ আৰু যত্ন বিচাৰিলেও নিজকে স্বতন্ত্ৰ হিচাপে দেখুৱাব বিচাৰে। খোৱা-বোৱা, পিন্ধা-উৰা, আনকি নিজাকৈ কোঠা লৈ নিজৰ পছন্দমতে চলিবলৈ বিচাৰে।

বয়ঃসন্ধি কালৰ প্ৰধান লক্ষণ:

 

বয়ঃসন্ধি কালৰ প্ৰধান লক্ষণ যৌৱনপ্ৰাপ্তি। ল’ৰা-ছোৱালীবোৰৰ শৰীৰৰ ওজন আৰু উচ্চতা বাঢ়িবলৈ আৰম্ভ কৰে। এই সমছোৱাতেই ইহঁতে ডেকাকালৰ ওজনৰ প্ৰায় পঁচিশ শতাংশ আৰু উচ্চতাৰ প্ৰায় পঞ্চাশ শতাংশ আহৰণ কৰে। প্ৰাক-যৌৱনকালত কেৱল উচ্চতাহে বাঢ়ে, কিন্তু যৌৱনকালত উচ্চতা আৰু ওজন দুয়োটাই লহপহজৈ বাঢ়ি আহে। উত্তৰ যৌৱনকালত উচ্চতা বৃদ্ধি নহয়, কেৱল ওজনহে বাঢ়ে। সাধাৰণতে ছোৱালীবোৰে ল’ৰাতকৈ সোনকালে ওজন আৰু উচ্চতা লাভ কৰা আৰম্ভ কৰে। মাত ভাঙিব ধৰা, নোম গজিবলৈ আৰম্ভ কৰা আদি ল’ৰাৰ বয়ঃসন্ধি কালৰ লক্ষণ। তদুপৰি যৌনাংগৰ লগতে দেহৰ অন্যান্য পৰিৱৰ্তনে সিহঁতৰ শাৰীৰিক পৰিৱৰ্তনৰ উমান দিয়ে। ছোৱালীবোৰৰ এই সময়ত বক্ষবৃদ্ধি আৰম্ভ হয়। এই কালছোৱাতে মাহেকীয়া আৰম্ভ হয়। ছোৱালীবোৰৰ শৰীৰত নিয়মীয়াকৈ চৰ্বি জমা হ’বলৈ আৰম্ভ কৰে।

বয়ঃসন্ধি কালত স্বাস্থ্যৰ প্ৰতি সচেতনতা:

 

এই কালছোৱাত নানা স্বাস্থ্য সম্পৰ্কীয় সমস্যাই দেখা দিয়ে।

১)পুষ্টি আৰু খাদ্য- উচ্চতা আৰু ওজন বাঢ়ি অহাৰ বাবে বাঢ়ি অহা দেহাটিক অতিৰিক্ত পুষ্টিকৰ খাদ্যৰ প্ৰয়োজন হয়। অতিৰিক্ত প্ৰ’টিন, ভিটামিন আদি খাব লাগে। অধ্যয়নবোৰে প্ৰমাণ কৰে যে শিশু এটিৰ জন্মৰে ওজনে নিৰূপণ কৰে ভৱিষ্যতে শিশুটিৰ স্বাস্থ্য, মানসিক উৎকৰ্ষ সাধন আৰু বুদ্ধিমত্তা। বেয়া স্বাস্থ্যৰ মাতৃয়ে কেতিয়াও ভাল ওজনৰ শিশু জন্ম দিব নোৱাৰে। আজিৰ এই বয়সৰ ছোৱালীবোৰেই কাইলৈৰ মাতৃ। গতিকে ভৱিষ্যতৰ স্বাস্থ্যৱতী মাতৃ গঢ়াৰ বাবে ছোৱালীৰ পুষ্টিকৰণৰ বিষয়ে এই সময়ছোৱাতে গুৰুত্ব দিব লাগে। ছোৱালীৰ মাহেকীয়াৰ সময়ত অধিক ৰক্তক্ষৰণ হ’লে ৰক্তক্ষৰণ হ’লে ৰক্তহীনতাত ভোগা দেখা যায়। সেয়েহে ছোৱালীৰ খাদ্যত অতিৰিক্তভাৱে আইৰণ আৰু ফলিক এচিড থাকিব লাগে।

২)এই সময়ছোৱাত দেহত অতিৰিক্ত চৰ্বি জমা হ’বলৈ আৰম্ভ কৰে। দেহৰ বেছি চৰ্বি জমা হ’লে পিছলৈ হৃৎপিণ্ডৰ অসুখ, উচ্চ ৰক্তচাপ আৰু ডায়েবেটিছ আদি হ’ব পাৰে। সেয়েহে এই কালছোৱাতে শৰীৰ চৰ্চাৰ জ্ঞান দিব লাগে।

৩)যিহেতু ছোৱালীবোৰৰ এই কালছোৱাতে মাহেকীয়া আৰম্ভ হয়, সেয়েহে এই কালছোৱাতে সিহঁতক চাফ-চিকুণতাৰ বিষয়ে শিকাব লাগে যাতে সিহঁতে জননতন্ত্ৰৰ ৰোগবোৰ প্ৰতিৰোধ কৰিব পাৰে। জননতন্ত্ৰৰ ৰোগ, মাহেকীয়াৰ প্ৰথম দুবছ মাহেকীয়া অনিয়মীয়া হোৱা, মাহেকীয়াত অধিক ৰক্তক্ষৰণ, পেটৰ বিষয়, জননতন্ত্ৰৰ টেমুনা আদি এই বয়সত বেছি। কিবা সমস্যা হ’লে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।

৪)এই সময়ছোৱাত দেহত যথেষ্ট নোম দেখা দিয়ে। মুখত শালমইনা ওলাবলৈ আৰম্ভ কৰে। ছালৰ নানা ৰোগ দেখা দিব পাৰে। সেয়েহে নিয়মীয়াকৈ ছাল আৰু চুলিৰ উপযুক্তভাৱে যত্ন ল’ব লাগে।

৫)বয়ঃসন্ধি কালত ল’ৰা-ছোৱালীৰ দুৰ্ঘটনা অধিক হোৱা দেখা যায়। হাড় ভঙা, দেহত আঘাত পোৱা, পথ দুৰ্ঘটনা আদি এই সময়ছোৱাত অধিক হয়। গতিকে এই বয়সত ল’ৰা-ছোৱালী সাৱধান হৈ চলিব লাগে।

৬)মানসিক সমস্যা- এই বয়সত ল’ৰা-ছোৱালীয়ে উৎকন্ঠা, উদ্বেগ, হতাশা আদিত বেছিকৈ ভোগে। আনকি কিছুমানৰ আত্মহত্যা কৰাৰ প্ৰৱণতা বাঢ়ে বাবে আত্মহত্যা কৰাৰ প্ৰৱণতা বাঢ়ে বাবে আত্মহত্যাও কৰে। মদ, নিচাযুক্ত দ্ৰব্য, ধঁপাত, ড্ৰাগছ আদিৰ প্ৰতিও আসক্ত হয়। অধ্যয়নৰ প্ৰতি আগ্ৰহ কমি আহে।

বয়ঃসন্ধি কালত যৌন শিক্ষাৰ প্ৰয়োজনীয়তা:

 

এই কালছোৱাত যদিও যৌন সম্বন্ধীয় পৰিৱৰ্তনবোৰ সিহঁতৰ দেহত আৰম্ভ হয়, তথাপি মানসিকভাৱে সিহঁত পূৰঠ নহয়। পশ্চিমীয়া সংস্কৃতিৰ প্ৰভাৱে আমাৰ সমাজখনক বেয়াকৈ ছানি ধৰিছে। এই বয়সৰ ল’ৰা-ছোৱালীবোৰে এইবোৰ অন্ধভাৱে অনুসৰণ কৰি ল’ৰা-ছোৱালীৰ মুক্ত বিচৰণ, কম বয়সতে যৌন অভিজ্ঞতা, বহুগামিতা, সমকামিতা, প্ৰাক-বিবাহ যৌন সম্ভোগ আদি কৰা দেখা যায়। গতিকে সিহঁতক উচিত যৌন শিক্ষা দিয়া নিতান্তই প্ৰয়োজনীয় যাতে সিহঁতে যৌন ক্ৰিয়াৰ বেয়া দিশবোৰ, কম বয়সত হোৱা বিবাহৰ ভয়ানক সমস্যাবোৰ, প্ৰাক-বিবাহ আৰু বাল্য গৰ্ভধাৰণ, বহুগামিতা আৰু সমকামিতাৰ অপকাৰিতা, যৌন ৰোগ আৰু এইডছ আদিৰ বিষয়ে জানি এইবোৰৰপৰা নিজকে আঁতৰাই ৰাখিব পাৰে।

বয়ঃসন্ধি কালৰ যতন আৰু পৰিয়ালৰ ভূমিকা:

 

আমাৰ সমাজত আগেয়ে যৌথ পৰিয়াল আছিল। আইতা, ককা, খুৰা, খুৰী, পেহী আদিৰপৰা গম নোপোৱাকৈয়ে জীৱন আৰু যৌৱনৰ পাঠ ল’ৰা-ছোৱালীবোৰে লাভ কৰিছিল। কিন্তু আজিকালি একক পৰিয়াল হৈ পৰাৰ লগে লগে পিতৃ-মাতৃয়ে কৰ্মথলী আৰু সামাজিক কামত ব্যস্ত থকাৰ বাবে ল’ৰা-ছোৱালীবোৰে একো শিকিব নোৱাৰে। সিহঁতে সমাজৰ প্ৰচলিত শিক্ষা, নীতিশিক্ষা আদি একো লাভ কৰিব নোৱাৰে। আচাৰ-ব্যৱহাৰ শিকিব নোৱাৰে। ফলত দূৰদৰ্শন, চিনেমা, ইন্টাৰনেট, ৰেডিঅ’ আদি বিভিন্ন দৃশ্য-শ্ৰব্য মাধ্যমৰপৰা দেখি-শুনি বিভিন্ন ধাৰণা আৰু বিশ্বাস গঢ়ি তোলে। পিতৃ-মাতৃ আৰু পৰিয়ালৰ অন্যান্য আত্মীয়ৰ সহায় অবিহনে দেখি-শুনি ভাল আৰু বেয়া দুয়োটা জ্ঞানেই আহৰণ কৰে। কিন্তু মানসিকভাৱে পূৰঠ নহয় বাবে বেছিভাগ বেয়াহে গ্ৰহণ কৰা দেখা যায়। ফলত সিহঁতৰ মনত জীৱন আৰু যৌৱন সম্পৰ্কে নানা ভূল ধাৰণা আৰু বিশ্বাসৰ জন্ম হয়। এই ভুল ধাৰণা আৰু বিশ্বাসে সিহঁতক বিপথে পৰিচালিত কৰা দেখা যায়। সেয়েহে পিতৃ-মাতৃ আৰু পৰিয়ালৰ অন্য লোকে ইহঁতক সংগ দি আলোচনা আৰু মৰমৰ মাজেৰে ইহঁতক উচিত শিক্ষা দি সমস্যাবোৰ সৃষ্টি নোহোৱা আৰু হ’লেও সমাধান কৰিব লাগে।

বয়ঃসন্ধি কালৰ যতন আৰু সমাজৰ কৰণীয়:

 

এই সকলো চালি-জাৰি চালে দেখা যায় যে বায়ঃসন্ধি কালছোৱাত ল’ৰা-ছোৱালীৰ যত্ন লৈ উচিত শিক্ষা নিদিলে এদিন এই সমস্যাবোৰেই মূৰ দাঙি উঠি জ্বলন্ত সমস্যা হৈ পৰিব। সময়ৰ পৰিৱৰ্তনৰ লগে লগে এই বয়সৰ ল’ৰা-ছোৱালীৰ ওপৰত সামাজিক কৰ্তৃত্ব বঢ়াবৰ হ’ল। পিতৃ-মাতৃ, সমাজসেৱক, শিক্ষক আৰু চিকিৎসক- সকলো লগ হৈ ইয়াৰ সমাধান উলিয়াব লাগিব। ল’ৰা-ছোৱালীবোৰৰ সৈতে মুক্তভাৱে কথোপকথন আৰম্ভ কৰি, আঁচনি কৰি সিহঁতক উচিত জ্ঞান আৰু শিক্ষা দিব লাগিব। এই আঁচনি আৰু শিক্ষাৰ উদ্দেশ্য হ’ব লাগিব-

১)এই বয়সৰ ল’ৰা-ছোৱালীৰ মানসিক উৎকৰ্ষ সাধন। ইয়াৰদ্বাৰা এই বয়সৰ ল’ৰা-ছোৱালীবোৰে নিজকে সমাজৰ এক অংগ বুলি বিবেচনা কৰি নিজকে সমাজৰ সৈতে খাপ খুৱাব পৰা হ’ব লাগিব।

২)স্বাস্থ্য, পুষ্টিকৰণ, চাফ-চিকুণতা আৰু যৌন প্ৰক্ৰিয়া সম্পৰ্কে শিক্ষা দি স্বাস্থ্য সজাগ কৰা আৰু যৌন প্ৰক্ৰিয়াৰ ভুল প্ৰয়োগে সৃষ্টি কৰিব পৰা অনাকাংক্ষিত গৰ্ভধাৰণ, এইডছ আৰু যৌন ৰোগ আদি প্ৰতিৰোধ কৰা।

৩)এই বয়সৰ ল’ৰা-ছোৱালীবোৰক ভৱিষ্যতৰ পিতৃ-মাতৃ, অভিভাৱক আৰু দায়িত্বশীল নাগৰিক হিচাপে সাজু কৰাৰ বাবে জীৱন, যৌৱন, পৰিয়াল, ৰাষ্ট্ৰ আৰু সমাজ সম্পৰ্কে জ্ঞান দি অন্তৰত মৰম, চেনেহ, প্ৰকৃতিপ্ৰীতি, স্বদেশপ্ৰেম, ভক্তিভাব, কৰ্তব্য আৰু দায়িত্ববোধ জগাই তোলা। ইয়াৰ বাবে কিছু সামাজিক আৰু মানসিক সজাগতা আনিব লাগিব। সিহঁতৰ মনত উদ্ৰেক হোৱা প্ৰশ্নবোৰৰ সমাধান দিব লাগিব। প্ৰাপ্তবয়স্ক আৰু এই বয়সৰ ল’ৰা-ছোৱালীবোৰৰ মাজত এখন সাঁকো গঢ়ি, সকলো মিলি বয়ঃসন্ধি কালৰ ল’ৰা-ছোৱালীবোৰৰ যতন ল’ব লাগিব।

লেখক: ডাঃ ধৰ্মকান্ত কুম্ভকাৰ(দৈনিক অসম)

2.9
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top