মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / বজাৰৰ পানী কিমান ক্ষতিকাৰক :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বজাৰৰ পানী কিমান ক্ষতিকাৰক :

বজাৰৰ পানী কিমান ক্ষতিকাৰক, সেই বিষয়ে লিখা হৈছে ।

 

স্বাস্থ্য ভালে ৰখাৰ বাবে আমি প্ৰত্যেকেই নিতৌ নানাধৰণৰ খাদ্য খাওঁ। এই তালিকাত ফলৰ ৰস, কোমল পানীয়, গাখীৰ আৰু কত কি নাথাকে। কিন্তু আমাৰ বহুতৰে প্ৰিয় এই পানীয়বোৰ স্বাস্থ্যৰ বাবে নাজানো। প্ৰতিবেদন অনুসৰি বজাৰত উপলব্ধ ‘আপেল জুচ’ত আটাইতকৈ বেছি পৰিমাণে চেনি আৰু ভূট্টাৰ ছীৰাপ ব্যৱহাৰ কৰা হয়। ইয়াৰ উপৰি এই পানীয়ত পাটুলিনা আৰু আৰ্ছেনিক নামৰ ৰাসায়নিক পদাৰ্থ থাকে। আনহাতে, বহুতৰে ধাৰণা আছে যে বজাৰৰ এনাৰ্জী ড্ৰিংকছত পুষ্টিকৰ পদাৰ্থ প্ৰচুৰ পৰিমাণে পোৱা যায়। সেয়ে শিশুৰ পৰা বৃদ্ধলৈকে বহুতেই এনাৰ্জী ড্ৰিংকছ পান কৰে। কিন্তু শেহতীয়া গৱেষণা মতে, প্ৰতি আউন্স এনাৰ্জি ড্ৰিংকছত যি পৰিমাণৰ কেফেইন থাকে, সেয়া ছ’ডা নাইবা অন্যান্য পানীয়তকৈ অধিক। মাৰ্কিন ফুড এণ্ড ড্ৰাগ প্ৰশাসনৰ মতে, প্ৰতি ১২ আউন্স তলৰত ৭১ মিঃ গ্ৰাম কেফেইন থকাটো বাঞ্ছনীয়। কিন্তু এনাৰ্জি ড্ৰিংকত ৭৫ৰ পৰা ৪০০ মিঃগ্ৰাম কেফেইন পোৱা যায়। ইয়াৰ উপৰি আমাৰ বহুতে ভবাৰ দৰে স্বাস্থ্যৰ উপকাৰী নহয় বজাৰত উপলব্ধ গাখীৰ। বজাৰৰ পেকেট পোৱা ন ন অৰ্গেনিক গাখীৰ শৰীৰৰ বাবে অতি ক্ষতিকাৰক। তথ্য অনুসৰি এনে এগিলাচ গাখীৰত কমপক্ষেও ২০ ধৰণৰ ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থ উপলব্ধ। এনে প্ৰস্তুতকাৰী ড্ৰাগ, কীটনাশক, জীৱাণু, বেক্টেৰিয়া আৰু পৰিৱেশ দূষণকাৰী পদাৰ্থ উপলব্ধ। উল্লেখ্য যে ফাৰ্মত গৰুৰ গাখীৰ বৃদ্ধিৰ বাবে আৰ বি কেইচ জি নামৰ ক্ষতিকাৰক হৰম’ন ব্যৱহাৰ কৰা হয়। এনেবোৰ কাৰণত এই পানীয়বোৰ শৰীৰৰ বাবে অতি বিপজ্জনক।

উৎস: নিয়মীয়া বাৰ্তা

2.78571428571
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top