মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / বয়োজ্যেষ্ঠৰ স্বাস্থ্য সমস্যা :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বয়োজ্যেষ্ঠৰ স্বাস্থ্য সমস্যা :

বয়োজ্যেষ্ঠৰ স্বাস্থ্য সমস্যাৰ বিষয়ে লিখা হৈছে ।

বয়সৰ লগে লগে স্বাস্থ্যজনিত সমস্যা বাঢ়ি অহাটো স্বাভাৱিক কথা । এনে ক্ষেত্ৰত চিন্তিত হোৱাৰ পৰিৱৰ্তে যদি আৰম্ভণিৰে পৰাই সজাগতা অৱলম্বন কৰিব পৰা যায়, তেন্তে আপুনি ভাটি বয়সৰ সময়ছোৱাও প্ৰাণভৰি জীয়াব পাৰিব-

এই পৰ্যন্ত সাংসাৰিক দায়িত্বৰ হেতু আপুনি হয়তো নিজৰ বাবে সময় উলিয়াবই পৰা নাছিল আৰু এতিয়া বয়সৰ এই সময়ছোৱাত আপোনাৰ হাতত অফুৰন্ত সময়, কিন্তু শৰীৰটোৱে সংগ নিদিয়া হয় । এনে সমস্যাৰ পৰা ৰেহাই পাবলৈ অৱসৰ গ্ৰহণৰ পূৰ্বেই আপুনি নিজৰ শৰীৰটোৰ প্ৰতি ধ্যান ৰখা আৰম্ভ কৰক ।

শৰীৰ মনেৰে সুস্থ হৈ থাকক -

আধুনিক জীৱনশৈলীৰ প্ৰভাৱত স্বাভাৱিকতেই আমাৰ অজ্ঞাতে স্বাস্থ্যৰ ক্ষেত্ৰত কিছুমান সমস্যা আহি পৰে । সেইবুলি ভয় কৰিবলগীয়া একো নাই । সুষম খাদ্য, নিয়মিত ব্যায়াম আৰু চিকিৎসকৰ দ্বাৰা শৰীৰৰ পৰীক্ষা কৰাই বয়স বাঢ়ি অহাৰ ফলত হোৱা স্বাস্থ্যৰ ক্ষতিখিনি বহু পৰিমাণে নিয়ন্ত্ৰণ কৰিব পৰা যায় । এনে সু-অভ্যাসক দৈনন্দিন জীৱনৰ অংগ কৰি লওক । সময় নোপোৱাৰ চেলু কৰাটো আপোনাৰ বাবে বিপজ্জনক হ’ব পাৰে । গোটেই জীৱন পাৰিবাৰিক দায়িত্ব পালন কৰি অহাৰ পিছত আপুনি এই বয়সত কিছু সময় পাইছে, যাতে স্বাস্থ্যৰ প্ৰতি ধ্যান ৰাখিব পাৰে । সেয়েহে চিকিৎসকৰ ওচৰলৈ যোৱাৰ বাবে কোনো ডাঙৰ সমস্যা হোৱালৈ অপেক্ষা কৰি নাথাকি, বৰঞ্চ প্ৰতি ছমাহৰ মূৰে মূৰে স্বাস্থ্য পৰীক্ষা অৱশ্যেই কৰাব । এইখিনিতে কিছু স্বাস্থ্য সমস্যাৰ বিষয়ে আলচ কৰা হ’ল- যিয়ে এই বয়সত বেছিভাগ মানুহক সমস্যাত পেলোৱাৰ সম্ভাৱনা থাকে ।

হাড়ৰ সমস্যা -

আমাৰ শৰীৰৰ অংগৰ গাঁঠিসমূহৰ মাজত তেলজাতীয় চিপচিপীয়া পদাৰ্থ থাকে, যি বয়স বাঢ়ি অহাৰ লগে লগে শুকাই আহে । লগতে হাড়বোৰো ঘঁহনি খাই দুৰ্বল হৈ পৰে । এই কাৰণতে প্ৰায়সংখ্যক বয়োজ্যেষ্ঠৰ হাত-ভৰিৰ গাঁঠি আৰু মাংসপেশীত বিষৰ সমস্যাৰ উদ্ভৱ হয়, যাক আৰ্থ্ৰাইটিছ নামেৰে জনা যায় ।

কি কৰিব :-

কোনো সুদক্ষ ব্যায়াম বিশেষজ্ঞৰ পৰা শিকি-বুজি তেওঁৰ নিৰ্দেশ অনুসাৰে গাঁঠি আৰু মাংসপেশীসমূহ সক্ৰিয় কৰি তোলাৰ বাবে নিয়মীয়াকৈ পাতলীয়া ব্যায়াম কৰক । গাঁঠিসমূহত বিষ নিবাৰক ক্ৰীম বা তেল মালিচ কৰক । বেছি বিষ হ’লে চিকিৎসকৰ পৰামৰ্শ মতে বিষ নিবাৰক ঔষধ সেৱন কৰিব পাৰে ।

পাচনতন্ত্ৰৰ প্ৰতি ধ্যান দিয়ক -

বয়সৰ লগে লগে দাঁত আৰু দাঁতৰ আলু দুৰ্বল হৈ আহে । এই কাৰণতে মানুহে খাদ্য ঠিকমতে চোবাই খাব নোৱাৰা হয় । একেদৰে এই বয়সত পেটৰ হজম প্ৰক্ৰিয়াটোৱেও লেহেম গতিত কাম কৰিবলৈ ধৰে । ফলস্বৰুপে খোৱা খাদ্য ভালদৰে জীণ নাযায় আৰু বেছিভাগ বৃদ্ধ মানুহৰ সেয়ে কফ, গেষ্ট্ৰিক আৰু বদহজমৰ সমস্যা বাঢ়ি আহে ।

কি কৰিব -

নিজৰ আহাৰত ওটছ, দালিয়া, চুজি, অমিতা, আমলখি, আপেল, কমলা আদিৰ নিচিনা আঁহযুক্ত খাদ্যক মুখ্য ৰুপত অন্তৰ্ভুক্ত কৰক । নিয়মীয়াকৈ দাঁতৰ যত্ন লওক । কিয়নো দুৰ্বল দাঁত পাচন সম্বন্ধীয় সমস্যাৰ বাবে ঘাইকৈ জগৰীয়া । খোৱা- বোৱাৰ ক্ষেত্ৰত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি লক্ষ্য ৰাখক । জাংক ফুড, বাহী খাদ্য, মুকলি ঠাইত বিক্ৰী কৰা কটা ফল, নিচাজাতীয় দ্ৰব্য আৰু ছাগলীৰ মাংস খোৱাৰ পৰা বিৰত থাকক ।

চকু দুটি অমূল্য সম্পদ -

আমাৰ বয়স বঢ়াৰ লগে লগে দৃষ্টিশক্তি কমি আহিবলৈ ধৰে । প্ৰায় চল্লিশ শতাংশ ব্যক্তিয়ে এই বয়সত কেটেৰেক্ট নামৰ সমস্যাৰ মুখামুখি হ’ব লগা হয় । চকুৰ ৰেটিনাত এক বিশেষ ধৰণৰ লেন্স থাকে । যিয়ে ভিন্ন দূৰত্বত থকা বস্তুসমূহ ধ্যান কেন্দ্ৰিত কৰাত ব্যক্তিক সহায় কৰে । বৰ্ধিত বয়সত এই লেন্সৰ ভিতৰভাগত অধিক ফ্লুইডৰ সৃষ্টি হ’বলৈ ধৰে । ইয়াৰ পৰা চকুযুৰিৰ লেন্সত ধুঁৱলী-কুঁৱলী ভাব আহি পৰে, লগতে এইটো বয়সত ৰেটিনাৰ সিৰাবোৰো নষ্ট হ’বলৈ ধৰে । এনে স্থিতি হ’লে দৃষ্টিশক্তি দুৰ্বল হৈ পৰে ।

কি কৰিব :-

প্ৰত্যেক ছমাহৰ অন্তৰে অন্তৰে নিয়মিতভাৱে চকু পৰীক্ষা কৰাব আৰু যদি কেটেৰেক্টৰ সমস্যা হৈছে তেন্তে পলম নৌহওঁতেই অপাৰেচন কৰাই ল’ব ।

শ্বাসতন্ত্ৰৰ সুৰক্ষা -

বয়স বাঢ়ি আহিলে হাঁওফাঁও দুটাও ক্ৰমে দুৰ্বল হৈ আহে । এই কাৰণতে বয়োজ্যেষ্ঠসকলক সঘনে কফ, এলাৰ্জী, উশাহ-নিশাহৰ সমস্যা আৰু এজমাৰ নিচিনা সমস্যাই বিব্ৰত কৰিবলৈ ধৰে । আজিকালিৰ পৰিৱেশত বাঢ়ি অহা প্ৰদূষণৰ হেতু অধিকসংখ্যক বয়োজ্যেষ্ঠ এইধৰণৰ একাধিক ৰোগৰ চিকাৰ হয় ।

কি কৰিব :-

চিগাৰেট সেৱনৰ অভ্যাস সম্পূৰ্ণৰুপে এৰি দিয়ক আৰু চিগাৰেট সেৱন কৰা ব্যক্তিৰ ওচৰে-পাঁজৰে নাথাকিব । কিয়নো ই স্বাস্থ্যৰ পক্ষে বহুত হানিকাৰক । আৰম্ভণিতে বুকুৰ ফিজঅ’থেৰাপী আৰু ব্ৰীডিং এক্সাৰচাইজেৰে সমস্যাটো দূৰ কৰিব পৰা যায় । যোগাভ্যাসত অনুলোম-বিলোম ক্ৰিয়াও সহায়ক হয় ।

প্ৰোষ্টেট গ্লেণ্ডৰ সমস্যা -

ই পুৰুষসকলৰ স্বাস্থ্যৰ সৈতে জড়িত এনে এক সমস্যা, যি বিশেষকৈ বয়স বাঢ়ি আহিলে হয় । কিছুসংখ্যক বৃদ্ধ পুৰুষৰ প্ৰোষ্টেট গ্লেণ্ডৰ আকাৰ বাঢ়ি আহিবলৈ ধৰে, যাৰ ফলত তেওঁলোকৰ ইউৰিনেৰী ট্ৰেকত অধিক হেঁচা পৰে আৰু বাৰে বাৰে বাথৰুমলৈ যোৱাৰ প্ৰয়োজন অনুভৱ কৰে । প্ৰস্ৰাৱ কৰাৰ সময়ত বিষ হয় আৰু তেজ ওলায় ।

কি কৰিব :-

যদি এনে কোনো লক্ষণে দেখা দিয়ে, তেন্তে পলম নকৰি চিকিৎসকৰ সৈতে কথাষাৰ আলোচনা কৰা উচিত হ’ব ।

মনৰ স্বাস্থ্যও অটুট ৰাখক -

বয়োজ্যেষ্ঠসকলক সাধাৰণতে মানসিকভাৱে ভাগি পৰা দেখা যায় । বয়সৰ লগে লগে তেওঁলোকৰ স্মৃতিশক্তিও দুৰ্বল হৈ আহে । যদি আৰম্ভণিতে সমস্যাটোৰ প্ৰতি বিশেষ গুৰুত্ব দিয়া নহয়, তেতিয়াহ’লে ব্যক্তি এলঝেইমাৰৰ নিচিনা মনোৰোগৰ চিকাৰ হ’বগৈ পাৰে । নি:সংগতাৰ হেতু ডিপ্ৰেছন হ’ব পাৰে । গতিকে বৃদ্ধ বয়সত শৰীৰৰ লগতে মনটোকো সুস্থ ৰখা দৰকাৰ ।

কি কৰিব :-

মগজুৰ কোষবিলাক মজবুত কৰি ৰখাৰ বাবে বাদাম, আখৰোট, মাছ আদি সেৱন কৰক । এইসমূহ বস্তুত থকা অ’মেগা-৩ ফেটী এচিডে স্মৰণশক্তি বৃদ্ধি কৰাত সহায় কৰে । ইয়াৰোপৰি সামাজিক সক্ৰিয়তা বঢ়াই তোলক । এনে হ’লে নি:সংগতাই আমনি কৰিব নোৱাৰিব আৰু ডিপ্ৰেছনৰ নিচিনা সমস্যাতো আক্ৰান্ত হ’ব নালাগিব ।

মহিলাসকলৰ বাবে বিশেষ দিহা -

বাঢ়ি অহা বয়সত মহিলাসকলে নিম্নোক্ত কথাবোৰলৈ বিশেষভাৱে ধ্যান ৰখা উচিত ।

  • মেনোপ’জৰ পিছত সাধাৰণতে মহিলাসকলৰ হাড় আৰু মাংসপেশীসমূহত প্ৰায়ে বিষ হ’বলৈ ধৰে । এনে স্থিতিত পলম নকৰি অস্থিৰোগ বিশেষজ্ঞৰ পৰামৰ্শ লোৱা উচিত ।
  • যদি স্তনযুগলত কোনো টেমুনাই দেখা দিয়ে বা অস্বাভাৱিক পৰিৱৰ্তন অহা দেখে, তেতিয়া সোনকালে কেন্সাৰ ৰোগ বিশেষজ্ঞৰ দ্বাৰা পৰীক্ষা কৰাব লাগে ।
  • এই বয়সত মহিলাসকলৰ মাংসপেশী দুৰ্বল হৈ পৰে । সেয়ে তেওঁলোকে প্ৰস্ৰাৱৰ চাপ এক মুহুৰ্তৰ বাবেও সহ্য কৰিব নোৱাৰে । যদি এনে লক্ষণে দেখা দিয়ে, শীঘ্ৰে কোনো ইউৰ’লজিষ্টৰ পৰামৰ্শ গ্ৰহণ কৰা দৰকাৰ । ঔষধ আৰু ইনজেকচনৰ সহায়ত এই সমস্যাক যথেষ্টখিনি নিয়ন্ত্ৰণ কৰিব পৰা যায় ।

লেখিকা :- ডা: ৰীণা দেৱী

উৎস :- জি এনআৰচি স্বাস্থ্য

4.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top