অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বটক্স :

বটক্সৰ বিষয়ে লিখা হৈছে ।

 

উপযোগিতা –প্ৰয়োগৰ ক্ষেত্ৰত ল’বলগীয়া সতৰ্কতা -

আজি বিজ্ঞানৰ এক চমকপ্ৰদ আৱিষ্কাৰৰ কথা লিখিবলৈ ওলাইছোঁ। জনাব খুজিছোঁ কিদৰে জীৱন-সংহাৰী বৰবিহো বিজ্ঞানে মানুহৰ উপকাৰী পদাৰ্থলৈ ৰুপান্তৰ কৰিব পাৰে। ক’ব খুজিছোঁ ক্লষ্ট্ৰিডিয়াম বটুলিনাম (Clostridium botulinum) নামৰ বেক্টেৰিয়াই উৎপন্ন কৰা মাৰাত্মক বৰবিহ বটুলিনাম টক্সিনৰ কথা। ই ইমানেই বিষাক্ত যে ১ গ্ৰাম টক্সিনে এক নিযুত লোকৰ প্ৰাণ ল’ব পাৰে ২ কিলোগ্ৰাম টক্সিনে পৃথিৱী জনশুন্য কৰি পেলাব কৰি পেলাব পাৰে। বটুলিনাম টক্সিনে কৰা ৰোগৰ নাম হ’ল বটুলিজম- যি হ’ল অতি বিপজ্জনক ৰোগ আৰু ই শ্বাস প্ৰণালী বিকল কৰি ৰোগীক মৃত্যুমুখী কৰি তোলে। এনেহেন বিষাক্ত ৰাসায়নিক দ্ৰব্যক অতি কম মাত্ৰাত লৈ তাক পাতল কৰি মানুহৰ উপকাৰী পদাৰ্থলৈ পৰিণত কৰি তোলা হয় আৰু আজি কমেও ২০ বিধ স্বাস্থ্য সম্পৰ্কীয় অৱস্থাত ইয়াক প্ৰয়োগ কৰা হয়।

বুৰঞ্জী-১৮২০ চনত জেষ্টিনাছ কেৰ্নাৰ নামৰ এজন ৰোমাণ্টিক জাৰ্মান কবি আৰু পেছাত চিকিৎসকে পোহনীয়া জন্তু আৰু নিজৰ শৰীৰৰ ওপৰত প্ৰয়োগ কৰি এটা ৰোগৰ বিৱৰণ দিয়ে- যাৰ নাম দিয়ে ছ’জেছ পয়জনিং। তেওঁ লক্ষ্য কৰে অক্সিজেনৰহিত বাতাৱৰণত উৎপন্ন হোৱা এবিধ বেক্টেৰিয়াই উৎপন্ন কৰা দ্ৰব্য (টক্সিন) মানৱ জীৱনৰ বাবে বৰ বিপজ্জনক আৰু স্নায়ুৰ ক্ষতিকাৰক। কিন্তু অতি কম পৰিমাণৰ টক্সিন হয়তো কিছুমান ৰোগৰ চিকিৎসাত লগাব পৰা যাব পাৰে।

ইয়াৰ ৭৫ বছৰৰ পিছত (১৮৯৫ চনত) এটি ঘটনাই ক্লষ্ট্ৰিডিয়াম বটুলিনাম বেক্টেৰিয়াৰ চিনাক্তকৰণ খৰতকীয়া কৰি তুলিলে। ইউৰোপৰ এঠাইত এটি ভোজত ভালদৰে সিদ্ধ নোহোৱা মাংস ভক্ষণ কৰি ৩৪ জন লোকৰ মৃত্যু হয়। সেই ঘটনাক কেন্দ্ৰ কৰি হোৱা চাঞ্চল্যই বেক্টেৰিয়’লজীৰ অধ্যাপক ইমাইল ভান আৰ্মেনজেম (ৰবাৰ্ট ক’ছৰ এজন প্ৰিয় ছাত্ৰ), পি টেচ্চেমেৰ স্নাইপ আৰু হাৰমেন ছ’মেৰ আদিক ব্যতিবস্ত কৰি তোলে আৰু ক্লষ্ট্ৰিডিয়াম বটুলিনাম বেক্টেৰিয়া আৱিষ্কৃত হয়।

১৯০০ চনৰ কেইবাদশকো পাৰ হ’ল বিজ্ঞানীসকলৰ এই দিশত গৱেষণা চলি থাকিল। গম পোৱা গ’ল  ক্লষ্ট্ৰিডিয়াম বটুলিনাম বেক্টেৰিয়াৰ পৰা নিৰ্গত হোৱা টক্সিনে এচিটাইলক’লিনৰ ক্ৰিয়াক বাধা দিয়ে। এচিটাইলক’লিন হ’ল স্নায়ুতন্ত্ৰৰ বাৰ্তাবাহক। এচিটাইলক’লিনৰ সংকেতৰ অবিহনে মাংসপেশীয়ে সংকোচন কৰিব নোৱাৰে।

১৯৮৯ চনত আমেৰিকা যুক্তৰাষ্ট্ৰই আৰু ১৯৯০ চনত কানাডাই কিছুমান ৰোগৰ ক্ষেত্ৰত বটুলিনাম টক্সিনৰ ব্যৱহাৰৰ বাবে চৰকাৰী অনুমতি প্ৰদান কৰে। ইয়াৰ পিছৰ পৰা বিশ্বৰ নানান দেশত বটুলিনাম টক্সিনৰ বহুল ব্যৱহাৰ আৰম্ভ হ’বলৈ ধৰে আৰু আজি বছৰি ইয়াক লৈ বহু কোটি টকাৰ ব্যৱসায় চলিব ধৰিছে।

বটক্স কি?

আমেৰিকা যুক্তৰাষ্ট্ৰই নিৰ্মাণ কৰা বটুলিনাম টক্সিন-এ বজাৰত উপলব্ধ হয় বটক্স নামেৰে আৰু বটুলিনাম টক্সিন-বি বজাৰত উপলব্ধ হয় মায়’ব্লক (Myobloc) নামেৰে। বেজীৰ ৰুপত উপলব্ধ বটক্স ১০০ ইউনিটৰ এটা ভায়েলৰ দাম ৪০০ ডলাৰ। এজন ৰোগীক কিমান ইউনিটৰ প্ৰয়োজন হ’ব সেয়া তেওঁৰ অসুখৰ অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰে। চীনত নিৰ্মিত বটক্স কম দামৰ আৰু নিম্ন মানদণ্ডৰ।

বটক্সৰ  কিছুমান মেডিকেল প্ৰয়োগ নিম্নলিখিত -

প্লাষ্টিক ছাৰ্জনৰ দ্বাৰা মুখমণ্ডলৰ বয়সৰ ছাপ আঁতৰাবলৈ । মহিলাৰ অনুন্নত স্তনক সুগঢ়ী ৰুপ দিবলৈ।

*হাত ভৰি কাষলতিৰ তলৰ অতিপাত ঘমা অৱস্থাৰ চিকিৎসাত ব্যৱহৃত।

*অতি সক্ৰিয় মুত্ৰাশয়ৰ প্ৰস্ৰাৱ নিয়ন্ত্ৰণ কৰিবলৈ।

*ক্ৰনিক মাইগ্ৰেইনৰ চিকিৎসাত প্ৰয়োগ হয়।

*বিৰক্তিদায়ক মাংসপেশীৰ সঘন সংকোচনৰ চিকিৎসাত ফলপ্ৰসু।

*চেৰিব্ৰেল পালছি আৰু আন স্নায়ুজনিত ৰোগৰ চিকিৎসাত ব্যৱহৃত।

**ডিপ্ৰেছন

*শীঘ্ৰ পতন

*মটৰ নিউৰন ডিজিজ

*অতি পুৰণি বিষৰ চিকিৎসা

বটক্সৰ সম্ভাব্য পাৰ্শ্বক্ৰিয়াসমুহ কি কি?

সাধাৰণ পাৰ্শ্বক্ৰিয়াৰ পৰা জীৱনৰ সংকটলৈকে যিকোনো পাৰ্শ্বক্ৰিয়াই হ’ব পাৰে। সাধাৰণ পাৰ্শ্বক্ৰিয়া কিছুমান হ’ল- ডিঙি আৰু গলধানৰ বিষ, চকুৰ পতা ফুলি উঠা, দৃষ্টিশক্তি হ্ৰাস, দুটাকৈ দৃশ্যায়ন হোৱা (), গিলিবলৈ কষ্ট পোৱা, মুৰৰ বিষ, ভাগৰ, যিকোনো অংগৰ বিষ, জ্বৰ, বেজী লোৱা ঠাইত বিষ, বেজী লোৱা অংশৰ পৰা ৰক্তক্ষৰণ আদি।

কোনে কোনে বটক্স ব্যৱহাৰ কৰা অনুচিত?

গৰ্ভৱতী মহিলা আৰু সন্তানক স্তনপান কৰোৱা মাতৃয়ে বটক্স ব্যৱহাৰ কৰিব নালাগে। এলাৰ্জি থকা লোকৰ বাবেও বটক্স বিপজ্জনক হ’ব পাৰে।

বয়সৰ চাপ আঁতৰাবলৈ বটক্স ব্যৱহাৰ কৰিব খোজাসকলে জানিবলগীয়া লাগতিয়াল কথা- বয়সৰ আঁচোৰ আঁতৰাবলৈ আঢ়ৈ কুৰি বছৰৰ তলৰ বয়সৰ লোকে বটক্স প্ৰয়োগ নকৰা বাঞ্চনীয়। এবাৰ লোৱা বেজীৰ প্ৰভাৱ দহ-বাৰ দিনমানৰ পৰা আৰম্ভ হৈ ৪ ৰ পৰা ৬ মাহ পৰ্যন্ত থাকে। মুখমণ্ডলৰ সৌন্দৰ্য বাহাল ৰাখিবলৈ ৬ মাহৰ মুৰত পুনৰ বেজী ল’ব লাগিব। সেয়ে এনে ব্যয়বহুল চিকিৎসা আৰ্থিকভাৱে স্বচ্ছল চিনে জগতৰ অভিনেতা বা তেনে আঢ্যবন্ত লোকৰ বাবেহে সম্ভৱ। আজিৰ দিনত বলীউড আৰু হলীউডৰ ভালেকেইজন তাৰকাই নিয়মিতভাৱে বটক্স ব্যৱহাৰ কৰাৰ কথাটো অ’পেন ছিক্ৰেট।

কোনে কোনে বটক্স কি কি ক্ষেত্ৰত ব্যৱহাৰ কৰে?

আজিৰ দিনত কেৱল চিকিৎসক বা বিজ্ঞানীসকলৰ মাজতেই নহয়, বিউটী পাৰ্লাৰসমুহতো বটক্সৰ প্ৰয়োগ চলিব ধৰিছে। সকলো ক্ষেত্ৰতে ইয়াৰ সঠিক প্ৰয়োগ হৈছে বুলিব নোৱাৰি।

বটক্সৰ বজাৰ মুল্য -

প্ৰতি ইউনিট বটক্সৰ মুল্য ১ ডলাৰ অৰ্থাৎ ৬৫ টকা আৰু এজন ৰোগীক ৰোগ বা অৱস্থা এবাৰত ৪০ ৰ পৰা ৬০ ইউনিট বটক্স প্ৰয়োগ কৰিবলগীয়া হয়।

লেখক: ডা: ভুপেন শইকীয়া (নিয়মীয়া বাৰ্তা)

3.0
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top