অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বনৌষধিৰ পৰিচয়

বনৌষধিৰ পৰিচয়ৰ বিষয়ে লিখা হৈছে

যষ্ঠিমধু(Glycyrrhiza glabra):

 

ই হৰিতক্যাদি বৰ্গৰ শিম্বী কুলৰ(Lguminaceae) গুল্মজাতীয় বহু বৰ্ষজীৱী বনৌষধি।

সংস্কৃতত ইয়াক- যষ্ঠিমধু, ক্লীতনক, ষষ্ঠি, মধুক, মধুযষ্ঠী, হিন্দীত- মুলেঠী, জেঠীমদ, মিঠি-লকড়ী, বেংগলীত- জ্যেষ্ঠীমধু আৰু অসমত- যষ্ঠিমধু বা মিঠা-মাৰি বোলে।

পৰিচয়:

 

ইয়াৰ গছ চাৰি ফুটৰ পৰা সাত-আঠ ফুটমান ওখ শাখা-প্ৰশাখাযুক্ত হয়। ইয়াৰ পাত ঘাই ঠাৰিবোৰৰ দুয়োফালে সমানে ছয়-সাত জোৰালৈকে হয়। দেখাত প্ৰায় নিম গছৰ পাতৰ দৰে যদিয়ো ইয়াৰ পাত(কটা কটা) দন্তুৰ নহয়। ইয়াৰ শিপা গোলাকাৰ, মাটিৰ তলে তলে বহু দূৰলৈ যায়। ইয়াৰ শিপা তুলিলেও কিছু অংশ মাটিৰ তলত থাকি যায়। ইয়াৰ পৰাই বৰ্ষাকালত পানী পৰি গজালি ওলাই চাৰিওপিনে বিস্তাৰিত হৈ পৰে। ফুল বসন্ত কালত হয়। ফুলবোৰ ৰঙা হয়। পুহ-মাঘ মাহত চেঁইৰ দৰে ফল হয়। ফলবোৰৰ ভিতৰত দুটাৰ পৰা পাঁচটালৈকে সৰু সৰু গুটি হয়। ইয়াৰ শিপাবোৰ হালধীয়া ৰঙৰ আৰু খহটা। শিপাবোৰ মিঠা-তিতা ৰসযুক্ত হয়।

গুণ:

 

মধুৰ, তিক্ত, কষায়, শীতবীৰ্য, গুৰু, স্নিগ্ধ, মধুৰ বিপাক, ত্ৰিদোষ(বায়ু-পিত্ত-কফ) নাশক, চক্ষুষ্য, কেশ্য, স্বৰবৰ্ধক, বলকাৰক, বৰ্ণপ্ৰসাদক, বীৰ্যজনক, ৰুচিকাৰক, তৃষ্ণা, ব্ৰণ, বাত, পিত্ত, শোথ, বিষ, বমণ, গ্লানি আৰু ক্ষয়ৰোগ নিবাৰক।

*ৰসায়ণ গুণ লাভ কৰিবলৈ যষ্ঠিমধুৰ গুড়ি তিনি গ্ৰামৰ পৰা পাঁচ গ্ৰামলৈকে গৰম গাখীৰ ঠাণ্ডা কৰি তাৰ লগত পুৱা আৰু গধূলি দিনে দুবাৰকৈ খাব।

*হৃদৰোগত যষ্ঠিমধু আৰু কুটকী সমানে গুড়ি কৰি তিনি গ্ৰামৰ পৰা পাঁচ গ্ৰামলৈ সমান পৰিমাণত মিচিৰি মিহলাই পানীৰ লগত খালে উপকাৰ পাব।

*গৰ্ভ শুকাই যোৱা আৰু কেঁচুৱা শুকাই-ক্ষীণাই যোৱা ৰোগত যষ্ঠিমধু আৰু গমাৰী গছৰ ফুল তিনি গ্ৰামলৈ লৈ গাখীৰৰ লগত সিজাই পুৱা আৰু গধূলি মিচিৰিৰ লগত খালে উক্ত ৰোগ দূৰ হয়।

*বাতৰক্ত(শৰীৰত ৰঙা বা ক’লা চকলা-চকল হৈ উখহি উঠা ৰক্ত বিকৃতিজনিত ৰোগ) ৰোগত যষ্ঠিমধু আৰু গমাৰী গছৰ ছাল সমানে আধা কেজি লৈ থেতেলিয়াই সাত লিটাৰ পানীত সিজাই দুই লিটাৰ থকাত নমাই চেকি ল’ব। এই ক্কাথৰ লগত তিলতেল আধা লিটাৰ পাক কৰি তেল মাত্ৰ শেষ থকাত নমাই চেকি ল’ব। ইয়াক ভালকৈ ৰাখিব। এই তেল উক্ত ৰোগীয়ে সৰ্বশৰীৰত মালিচ কৰিলে উপকাৰ হ’ব।

*আধকপালী মূৰৰ বিষত দুই গ্ৰাম যষ্ঠিমধু থেতেলিয়াই ৩৫০ মিঃলিঃ পানীত সিজাই ৮০ গ্ৰাম থকাত নমাই চেকি মৌৰ লগত মিহলাই নস্য ল’লে মূৰৰ বিষ গুচিব। ইয়াক পাণ্ডুৰোগৰ ব্যৱহাৰ কৰিলেও উপকাৰ পাব।

*পেচাব বন্ধ হৈ পেট ফুলিলে যষ্ঠিমধু দহ গ্ৰাম থেতেলিয়াই দহ গ্ৰাম কিচমিচৰ লগত ৩৫০ মিঃলিঃ পানীত সিজাই ১০০ মিঃলিঃ থকাত নমাই দিনে দুই-তিনিবাৰকৈ খালে পেচাব খোলোচা হৈ পেট ফুলা নাইকিয়া হ’ব।

*মূৰৰ বিষত যষ্ঠিমধু গুড়ি পাঁচ গ্ৰাম শোধিত মিঠা বিষৰ গুড়ি পাঁচ গ্ৰাম মিহলাই ৰাখিব। আৱশ্যক মতে এটা সৰিয়হৰ সমান উক্ত গুড়ি নস্য ল’লে সকলো প্ৰকাৰৰ মূৰৰ বিষ গুচিব।

*দৃষ্টিমান্দ্য ৰোগত যষ্ঠিমধু দহ গ্ৰাম, আমলখি দহ গ্ৰাম লৈ গধূলি দুশ পঞ্চাছ মিঃলিটাৰ পানীত তিয়াই থব। ৰাতিপুৱা চেকি লৈ ইয়াৰে চকুত ছটিয়াই দিব আৰু বাকীখিনি খাব।

*স্তন্য দুগ্ধ বৃদ্ধিৰ বাবে যষ্ঠিমধুৰ গুড়িৰ সমান জোখত মিচিৰি মিহলাই ৰাখিব। এই গুড়ি পাঁচ গ্ৰামৰ পৰা দহ গ্ৰামলৈকে গাখীৰৰ লগত পুৱা আৰু গধূলি কেইদিনমান খালে প্ৰচুৰ পৰিমাণে স্তন্যদুগ্ধ বৃদ্ধি হ’ব।

*বাজীকৰণাৰ্থে যষথিমধুৰ গুড়ি পাঁচ গ্ৰামৰ পৰা দহ গ্ৰামলৈকে ঘিউ আৰু মৌৰ লগত খাব আৰু লগে লগে গৰম গাখীৰ খাব। এনেকৈ পুৱা আৰু গধূলি দিনে দুবাৰকৈ কমেও পোন্ধৰ দিনমান খালে উপকাৰ পাব।

*প্লীহা, যকৃত, চৰ্দি, কফ আৰু বিষমজ্বৰ(মেলিৰিয়া) নিবাৰণৰ বাবে শিলিখা, ভয়ৰা, আমলখি, লং, দালচেনি, ইলাচি, জায়ফল প্ৰত্যেকবিধৰেই বিছ গ্ৰামকৈ লৈ গুড়ি কৰি ৰাখিব। লগতে আধা কিলো কিচমিচৰ গুটি উলিয়াই পেলাই এক লিটাৰ পানীত সিজাই তিনিশ মিঃলিটাৰ থকাত নমাই চেকি ল’ব। ইয়াৰ লগত গুড় তিনিশ গ্ৰাম, চেনি তিনিশ গ্ৰাম মিহলাই পগাব। উতলিলে আগতে বটি ৰখা(খিচমিচ আৰু মছলা) বস্তুখিনি দি পগাব। বড়ি কৰিব পৰা হ’লে নমাই ৰাখিব। এই ঔষধ পাঁচ গ্ৰামকৈ পুৱা আৰু গধূলি খালে উক্ত ৰোগ আৰোগ্য হ’ব।

*ৰক্তপিত্ত ৰোগত নাক, মুখেৰে তেজ ওলোৱা(উৰ্ধগ) আৰু শৌচ পেচাবৰ লগত তেজ যোৱা(অধোগ) ৰক্তপিত্ত ৰোগত বা টি.বি. হ’লে যষ্ঠিমধুকাদি চূৰ্ণ- যষ্ঠিমধু, কেচালা, গুৱামুৰী, কাকড়ীশৃংগী, কিচমিচ, শতমূল প্ৰত্যেকৰে দহ গ্ৰামকৈ লৈ বংশলোচন এশ বিছ গ্ৰাম ল’ব। প্ৰথমে বংশলোচন বাদ দি আন বস্তুবোৰ গুড়ি কৰি ল’ব। পিছত বংশলোচন কিস্তিত বটি সূক্ষ্ম গুড়ি কৰি সকলোবোৰ মিহলাই লৈ পিছত গুড় দুশগ্ৰামৰ লগত আকৌ সকলোকে মিহলাই ভালকৈ ৰাখিব। ইয়াত ঘিউ আৰু মৌ মিহলাই পুৱা আৰু গধূলি পাঁচ গ্ৰামকৈ খালে উক্ত ৰোগ আৰোগ্য হ’ব।

*মধুবিৰেচন চূৰ্ণ- যষ্ঠিমধু দুভাগ সনামুখী পাত দুভাগ, গুৱামুৰী এ ভাগ, শুদ্ধ গন্ধক এভাগ, মিচিৰি ছয় ভাগ। প্ৰথমে গন্ধক(শোধন কৰা) কিস্তিত সূক্ষ্ম গুড়ি কৰি ল’ব। পিছত মিচিৰিৰ বাদে আন বস্তুবোৰ গুড়ি কৰিব। আৰু মিচিৰিখিনিও গুড়ি কৰি সকলো মিহলাই ল’ব। এই গুড়ি তিনি গ্ৰামৰ পৰা পাঁচ গ্ৰামকৈ কুহুমীয়া গৰম পানীৰ লগত খালী পেটত খালে শৌচ খোলোচা হ’ব।

*ৰক্তপিত্ত, শ্বাস, কাহ, চৰ্দি, অৰুচি, মুৰ্চ্চা, হাঁচি, ভ্ৰম, ক্ষত, ক্ষয়, স্বৰভংগ, পুৰণি বাতবিষ, হৃদ আৰু হাওঁফাওঁৰ বিষ, তৃষ্ণা আৰু জ্বৰত যষ্ঠিমধু ৭০ গ্ৰাম, মহুৱা, পিপলি, দালচেনি, তেজপাত, ইলাচি প্ৰত্যেকৰে দহ গ্ৰামকৈ লৈ গুড়ি কৰি ল’ব। কিচমিচ গুটি পেলোৱা ৭০ গ্ৰাম আৰু গুটি পেলোৱা খেজুৰ পঞ্চাছ গ্ৰাম দুয়োবিধ ভালকৈ বটি ল’ব। আৰু বংলোচন কিস্তিত পিহি মিহিকৈ গুড়ি কৰি সকলো মিহলাই ভালকৈ ৰাখিব। পুৱা আৰু গধূলি দহ গ্ৰামকৈ খালে উক্ত ৰোগ আৰোগ্য হ’ব।

*সৌন্দৰ্য বৰ্ধনাৰ্থে মধুযষ্ঠ্যাদি তেল পঞ্চাছ গ্ৰাম যষ্ঠিমধু থেতেলিয়াই দুই লিটাৰ পানীত সিজাই আধা লিতাৰ থকাত নমাই চেকি ল’ব। পিছত দুশ মিঃলিটাৰ তিল তেল, পঁচিছ গ্ৰাম মঞ্জিষ্ঠা আৰু জালুক পঁচিছ গ্ৰাম গুড়ি কৰি যষ্ঠিমধুৰ ক্কাথৰ লগত পাক কৰি তেল মাত্ৰ শেষ থকাত নমাই চেকি ভালকৈ ৰাখিব। এই তেল মুখত ঘঁহিলে মুখৰ সৌন্দৰ্য বৃদ্ধি হয়।

*শ্বাস, কাহত পিপলি, কাকড়াশৃংগী, যষ্ঠিমধু, লং, মিঠাডালিমৰ বাকলি প্ৰত্যেকৰে দহ গ্ৰামকৈ লৈ গুড়ি কৰিব। পিছত দহ গ্ৰাম য-ক্ষাৰ কিস্তিত পিহি সকলো মিহলাই মৌৰ লগত বটি বুটৰ সমান বড়ি কৰি ৰাখিব। এই বড়ি মুখত লৈ চুহি থাকিলে উপকাৰ হয়।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন

 

3.11111111111
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top