মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / বন্ধ নাক খোলাৰ ঘৰুৱা উপায় :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বন্ধ নাক খোলাৰ ঘৰুৱা উপায় :

বন্ধ নাক খোলাৰ ঘৰুৱা উপায়ৰ বিষয়ে লিখা হৈছে ।

 

ঋতু পৰিৱৰ্তনৰ সময়ত বহু লোকৰ পানী লাগে। পানী লাগিলেই এটা সমস্যাৰ সৃষ্টি হয়। সেইটো হৈছে নাক বন্ধ হৈ পৰে। পানী নেলাগিলেও কেতিয়াবা অন্য কিছুমান কাৰণতো নাক বন্ধ হ’ব পাৰে।

বহুতৰ আকৌ এলাৰ্জিজনিত কাৰণত বছৰৰ যিকোনো সময়তে নাক বন্ধ হোৱা অস্বস্তিৰ সৃষ্টি হ’ব পাৰে। পৰিৱেশত ধূলিৰ আধিক্য, বসন্তকালত ফুলা বিভিন্ন ধৰণৰ ফুলৰ ৰেণুৰ সংস্পৰ্শতো নাক বন্ধ। হ’ব পাৰে।

যি কাৰণেই নহওক কিয়, নাক বন্ধ হৈ পৰাটো এক অতি আমনিসায়ক অৱস্থা আৰু ইয়াৰ ফলত মানুহৰ স্বাভাৱিক কাম-কাজো ব্যাহত হ’ব পাৰে। আজি আমি আপোনাৰ বন্ধ নাক খোলাৰ দুটিমান ঘৰুৱা দিহা আগবঢ়াইছো। নাক বন্ধ হ’লে আপোনাৰ সুবিধা মতে এইবিলাক দিহা পালন কৰি এই অস্বস্তিৰ পৰা হাত সাৰিব পাৰে।

*নিয়মীয়া পানী বা নেজেল চেলাইন দুটিপালমান নাকত দিলে নাক সাময়িকভাৱে খোল খাব। পুনৰ বন্ধ হ’লে এই ঔষধ আকৌ প্ৰয়োগ কৰিব।

*এলাৰ্জিৰ ফলত নাক বন্ধ হ’লে এন্টি এলাৰ্জেন ড্ৰপ ল’ব বা ঔষধ খাব।

*নাকটো দীৰ্ঘসময় ধৰি বন্ধ হৈ থাকিলে গৰম পানীৰ ভাপ(ষ্টীম) ল’লে নাক খোল খাব। ইয়াৰ বাবে ঠেক মুখৰ পাত্ৰ এটাত উতলা পানী লৈ পাত্ৰটোৰ মুখখন নাকৰ তলত ধৰি থাকিলে ভাপ নাকে মুখে সোমাব।

ভাপ বাহিৰলৈ ওলাই নেযাবৰ কাৰণে মূৰটো ডাঠ টাৱেল এখনেৰে ঢাকি কেৱল নাকৰ ওপৰত ভাপ দিয়াৰ ব্যৱস্থা কৰিব।

*আদা, তুলসীপাত এগিলাছ পানীত সিদ্ধ ৰস উলিয়াই ঠাণ্ডা কৰি তাৰ লগত মৌ মিহলাই দিনটোত তিনি-চাৰিবাৰ খাওক।

*নাক বন্ধ হ’লে ৰাতি গাখীৰ, দৈ ভাত আৰু কল কেতিয়াও নেখাব। এই বিলাক খাদ্যৰ সলনি সামান্য জালুক দিয় আঞ্জাৰে সৈতে দুই-তিনিখন শুকান ৰুটি খাওক আৰু গৰম পানী খাওক।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন

3.125
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top