মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / বলিৰেখা, দাগ, শালমইনা নিৰাময়ৰ উপায়:
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বলিৰেখা, দাগ, শালমইনা নিৰাময়ৰ উপায়:

বলিৰেখা, দাগ, শালমইনা নিৰাময়ৰ উপায় লিখা হৈছে

 

দাগবিহীন, উজ্জ্বল, কোমল আৰু ফুলৰ দৰে মিহি ছালে ব্যক্তিত্বক এক আকৰ্ষণ প্ৰদান কৰে। হাত, বাহু, কিলাকুটি, ভৰি, গোৰোহা আদি স্বাভাৱিকতকৈ যিমানে অধিক ধুনীয়া হয়, সৌন্দৰ্যৰ মাত্ৰাও সিমানেই বৃদ্ধি পায়।

আনহাতে শালমইনা, বলিৰেখা, ক’লা দাগ, ৰ’দে পোৰা আদিয়ে ছালৰ সৌন্দৰ্য নাইকিয়া কৰে। ফলত আপোনাৰ সৌন্দৰ্যৰ আকৰ্ষণ বহুখিনি কমি যায়। সেয়ে এনেধৰণৰ সমস্যাক গা-এৰাই চলিব নালাগে। সৌন্দৰ্য সম্পৰ্কীয় কেইটামান প্ৰধান সমস্যা এনেধৰণৰ।

বলিৰেখা:

 

বয়স বৃদ্ধিৰ লগে লগে প্ৰায়ে ছালত বলি ৰেখা পৰা দেখা যায়। তদুপৰি কেতিয়াবা কেতিয়াবা কিছুমান ব্যক্তিৰ মুখত কম বয়সতে বলিৰেখা পৰে।

  • চাৰি চামুচ আদাৰ ৰসৰ সৈতে এচামুচ মাখন মিহলাই ভালদৰে মিলাই ল’ব। পিছত ইয়াক ছালৰ ওপৰত সানক আৰু ত্ৰিছ মিনিট পিছত কুহুমীয়া গৰম পানীৰে ধুই দিয়ক। এই মিশ্ৰণ ব্যৱহাৰ কৰিলে বলি ৰেখা দূৰ হয় আৰু ছালৰ উজ্জ্বলতা বৃদ্ধি পায়।
  • এচামুচ নেমুৰ ৰস আৰু এচামুচ গ্লিচাৰিণ মিহলাই নিশা শোৱাৰ সময়ত মেকআপ আঁতৰোৱাৰ বাবে শৰীৰত লগাই থব। পুৱা শুই উঠি ঠাণ্ডা পানীৰে ধুই দিব।
  • এচামুচ এড়ি তেলৰ সৈতে পাঁচ টোপাল মৌ মিহলাই ভালদৰে ঘুটি ল’ব। ইয়াক শৰীৰত নিয়মিতভাৱে লগালে বলি ৰেখাৰ সমস্যাৰ পৰা মুক্তি পোৱা যায়।
  • এটা আপেল পানীত ভালদৰে উতলাই ল’ব। ইয়াক ভালদৰে মোহাৰি বাকলি আৰু গুটি পেলাই দিব। ইয়াত এচামুচ মৌ আৰু এচামুচ ক্ৰীম মিহলাই শৰীৰত লগাব। ১৫ মিনিট পিছত ইয়াক পানীৰে ধুই দিব। এইদৰে নিয়মিতভাৱে কৰিলে লাভ পোৱা যায়।
  • সূৰ্যৰ আল্ট্ৰা-ভায়’লেট ৰশ্মিয়ে ছালৰ ক্ষতি কৰে। ফলত ছালত বলিৰেখা পৰে। সেয়ে ৰ’দত ওলালে ছাতি লৈ ওলাব লাগে বা মূৰত টুপি আৰু চকুত চশমা ব্যৱহাৰ কৰা প্ৰয়োজন।
  • ধাৰাবাহিকভাৱে ওজন বৃদ্ধি হৈ গৈ থাকিলেও ছালত বলিৰেখা পৰা দেখা যায়। সেয়ে ওজন বৃদ্ধি হ’বলৈ দিব নালাগে।
  • শৰীৰৰ ওজন স্থিৰ তথা ছালক সতেজ কৰি ৰাখিবলৈ নিয়মিতভাৱে দৌৰা বা যোগাসন কৰিব লাগে। কচৰতৰ অভাৱত ছালত বলিৰেখা পৰা দেখা যায়।
  • ধূমপানে ছালৰ বহু ক্ষতি কৰে। ই শৰীৰ, ওঁঠ আৰু ডিঙিত বলিৰেখা পৰাত সহায় কৰে। চিগাৰেটৰ ধোঁৱা মুখৰে টানিলে ওঁঠ আৰু শৰীৰত দাগৰ সৃষ্টি কৰে। সেয়ে পৰাপক্ষত ধূমপান কৰিব নালাগে।

শালমইনা:

 

  • খৰবুজৰ গুটি গৰুৰ গাখীৰৰ সৈতে বটি শৰীৰত লগালে শালমইনা(ব্ৰণ) নাইকিয়া হয়।
  • পদিনাৰ পাতৰ ৰস সেই ব্ৰণত লগালে ব্ৰণ শুকাই যায়।
  • এচামুচ মূলাৰ ৰস আৰু এচামুচ তিয়ঁহৰ ৰস মিহলাই শৰীৰৰ ব্ৰণ হোৱা ঠাইত প্ৰলেপ সানি দিব। এঘন্টাৰ পিছত ঠাণ্ডা পানীৰে ইয়াক পৰিষ্কাৰকৈ ধুই দিব। নিয়মিতভাৱে এইদৰে ব্যৱহাৰ কৰিলে ব্ৰণ পৰিষ্কাৰ হয়।
  • জামুৰ গুটি শুকুৱাই মিহিকৈ গুড়ি কৰি লওক। এতিয়া এই গুড়িৰ লগত পানী মিহলাই মিশ্ৰণ বনাই লওক। এই পেষ্ট ব্ৰণত লগালে ব্ৰণ শুকাই যায়।
  • নিমৰ বীজৰ বাকলি গুচাই ভালদৰে পিচি গুড়ি কৰি লওক। ইয়াত অলপ দৈ মিহলাই শৰীৰত লগাই দিয়ক। ই শালমন বা ব্ৰণ পৰিষ্কাৰ কৰাত সহায় কৰে।
  • এক লিটাৰ পানীত এচামুচ জিৰা দি উতলাই ল’ব। পানীখিনি ঠাণ্ডা হোৱাৰ পিছত, সেই পানীৰে শৰীৰটো ধুই দিব। এইদৰে নিয়মিতভাৱে ব্যৱহাৰ কৰিলে ব্ৰণ তথা বলিৰেখা নাইকিয়া হয়।
  • এচামুচ বেচন আৰু আধা চামুচ শুকান নিমৰ পাত গুড়ি কৰি কেঁচা গাখীৰৰ সৈতে মিহলাই মিশ্ৰণ এটা তৈয়াৰ কৰক। ইয়াক শৰীৰত লগাওক আৰু এঘন্টাৰ পিছত ঠাণ্ডা পানীৰে ধুই পেলাওক।
  • আধা চামুচ নেমুৰ ৰসত আধা চামুচ অলিভ অইল মিহলাই পুৱা-গধূলি ব্ৰণত লগাব।
  • ব্ৰণ ওলোৱাৰ সময়ত অলপ সময়ৰ বাবে ব্ৰণৰ ওপৰত বৰফ ঘঁহি থাকিব। পিছত অলপমান লঙৰ তেল লগাই দিব। এনে কৰিলে ব্ৰণ ওলোৱা বন্ধ হয়।
  • গা-ধোৱাৰ পূৰ্বে প্ৰতিদিনে শৰীৰত ভাপ লগাব লাগে। ভাপ ল’লে নোমৰ গুৰি ভালদৰে মুকলি হয়।
  • সূৰ্যোদয়ৰ কোমল ৰ’দ শৰীৰত পৰিবলৈ দিব। পুৱাৰ সময়ত সূৰ্যৰ পৰা ওলোৱা ৰশ্মিয়ে ব্ৰ্ণ দূৰ কৰে। তদুপৰি প্ৰতিদিনে অন্ততঃ ৭ৰ পৰা ৮ গিলাচ পানী খোৱা আৱশ্যক।
  • তেলত ভজা, জলাযুক্ত, মছলা দিয়া মিঠা আঞ্জা বা তৰকাৰী খোৱাৰ পৰা বিৰত থাকক। চাহ, কফি, কোলা, ছফট ড্ৰিংকছ, চকালেট, আইচক্ৰীম, ময়দাৰে প্ৰস্তুত কৰা খাদ্য, মিঠাই, আচাৰ, টেমাত পেকেট কৰা খাদ্য, বাহী আহাৰ আদি খোৱা বন্ধ কৰক।
  • তামোল, গুটখা, চাধা, মদ, চিগাৰেট আদি নিচাযুক্ত সামগ্ৰী খোৱা বন্ধ কৰক।
  • নিশা শোৱাৰ সময়ত মেকআপ আঁতৰাই পেলাব।
  • ব্ৰণত পিন, বেজী অথবা কাঁইট আদিৰে খুচিব নালাগে। ইয়াৰ দ্বাৰা সংক্ৰমণ হোৱাৰ আশংকা থাকে।
  • গৰম পানীত কাপোৰ তিয়াই ব্ৰণৰ ওপৰত সেক লগালে আৰাম পোৱা যায়।

ৰ’দে পোৰা:

 

যেতিয়া শৰীৰত সূৰ্যৰ প্ৰখৰ ৰশ্মি পৰে, তেতিয়া শৰীৰৰ ছালৰ ওপৰত ক’লা বৰণ ধৰে। শৰীৰৰ ছাল এইদৰে ক’লা হোৱাক ৰ’দে পোৰা বুলি কোৱা হয়।

  • চাৰি চামুচ দৈত দুচামুচ বেচন মিহলাই শৰীৰৰ ৰ’দে পোৰা অংশত লগালে ৰ’দে পোৰা দাগ আঁতৰে।
  • এচামুচ দাইল দৈৰ সৈতে পিচি শুকাই যোৱা তথা ৰ’দে পোৰা ছালৰ ওপৰত লগাব। প্ৰায় ১৫ মিনিট পিছত ঠাণ্ডা পানীৰে ইয়াক ধুই পৰিষ্কাৰ কৰিব।
  • এচামুচ দৈ এচামুচ মূলাৰ ৰস আৰু এচামুচ নেমুৰ ৰস এই আটাইবোৰ ছালৰ ৰ’দে পোৰা অংশত লগালে ছাল পৰিষ্কাৰ হয়।
  • মিনাৰেল পানীৰে মুলতানী মাটিৰ পেষ্ট প্ৰস্তুত কৰক আৰু ইয়াক শৰীৰৰ ৰ’দে পোৰা ঠাইত লগাব। দহ-পোন্ধৰ মিনিটৰ পিছত ঠাণ্ডা পানীৰে ইয়াক ধুই পেলাওক।
  • ৰ’দত ওলাব লগা হ’লে চকুৰ সুৰক্ষাৰ বাবে চানগ্লাছ ব্যৱহাৰ কৰক। উৰনা পবা শাৰীৰ আঁচলেৰে মুখ বা শৰীৰ ঢাকি ল’ব।
  • ঘৰৰ পৰা ওলোৱাৰ সময়ত ঠাণ্ডা পানী বা নেমু পানী সেৱন কৰিব। ৰ’দে পোৰা সমস্যা সৃষ্টি হ’লে এচি কোঠাত বহক। বৰফৰ টুকুৰা লৈ শৰীৰৰ লগতে বিশেষকৈ ৰ’দে পোৰা অংশত ঘঁহিব।
  • শৰীৰত সঘনাই চাবোন ব্যৱহাৰ নকৰিব। ছাল পৰিষ্কাৰ কৰি ৰাখিবৰ বাবে মাজে সময়ে বেচন ব্যৱহাৰ কৰিব পাৰে।
  • ঠাণ্ডা পানীৰে গা-ধোৱাৰ পিছত শৰীৰত ক্ৰীম অথবা অলিভ অইল ব্যৱহাৰ কৰক।
  • শৰীৰৰ ছাল, পিঠি, ডিঙি, হাত-ভৰি আদিত চানস্ক্ৰীন লোচন ব্যৱহাৰ কৰিব।

দাগ:

 

শৰীৰৰ ছালত ক’লা বা বগা বৰণৰ প্ৰলেপ পৰা দেখা যায়। ইয়াক দাগ বুলি কোৱা হয়।

  • আধা চামুচ বিলাহীৰ ৰস, আধা চামুচ তুলসীৰ পাতৰ ৰস, আধা চামুচ সেউজীয়া ধনিয়া পাতৰ ৰস আৰু আধা চামুচ পদিনাৰ পাতৰ ৰস মিহলাই শৰীৰৰ দাগ পৰা অংশত লগাব। সপ্তাহত এইদৰে তিনিবাৰ ব্যৱহাৰ্ কৰিব।
  • এচামুচ সৰিয়হৰ বীজ ভালদৰে পিচি ল’ব। ইয়াত আধা চামুচ মৌ, আধা চামুচ মুলতানী মাটি আৰু অলপমান গাখীৰ মিহলাই মিশ্ৰণ প্ৰস্তুত কৰি ল’ব।

এই মিশ্ৰণ শৰীৰৰ দাগ পৰা ঠাইত লগাব আৰু শুকালে ইয়াক ঠাণ্ডা পানীৰে ধুই দিব। সপ্তাহত এবাৰ এই মিশ্ৰণ ব্যৱহাৰ কৰিব।

  • এচামুচ বেচন চচৰ সৈতে মিহলাই গাঢ় পেষ্ট বনাই ল’ব। এই পেষ্ট নিয়মিতভাৱে ছালৰ বা মুখৰ দাগ পৰা অংশত লগাই থাকিলে এই সমস্যাৰ পৰা মুক্তি পোৱা যায়।
  • দাগ অধিক ক’লা হ’লে এচামুচ এড়ি তেল আৰু আধা চামুচ নেমুৰ ৰস মিহলাই দাগ পৰা ঠাইত সপ্তাহত দুবাৰ লগাওক আৰু এঘন্টা পিছত ঠাণ্ডা পানীৰে ধুই দিব।
  • এচামুচ ডালিমৰ বাকলিৰ গুড়ি গোলাপজলৰ সৈতে মিহলাই পেষ্ট তৈয়াৰ কৰক। ইয়াক নিয়মিতভাৱে দাগত লগালে এই সমস্যা দূৰ হয়।
  • এটা পিচা বাদাম আৰু এচামুচ সুমথিৰাৰ বাকলিৰ গুড়ি মিশ্ৰণ বনাই ল’ব। ইয়াক শৰীৰ আৰু ডিঙিত পৰা দাগত লগাওক আৰু এঘন্টা পিছত ঠাণ্ডা পানীৰে ধুই দিব।
  • আধা চামুচ চন্দনৰ গুড়ি আৰু আধা চামুচ জায়ফল কেঁচা গাখীৰৰ সৈতে পিচি ল’ব, ইয়াক শৰীৰৰ দাগ থকা অংশত লগাব। দহ মিনিট পিছত পৰিষ্কাৰ পানীৰে ইয়াক ধুই পেলাব।
  • এচামুচ মচুৰ দাইল এনিশা গাখীৰত তিয়াই ৰাখিব। পুৱা বৰগছৰ কোমল পাতৰ সৈতে ইয়াক পিচি ভালদৰে মিহলাই দাগত লগাই দিয়ক। ত্ৰিছ মিনিট পিছত ইয়াক ঘঁহি ঘঁহি এৰুৱাই দিব। পিছত ঠাণ্ডা পানীৰে ভালদৰে ধুই পেলাব। সপ্তাহত দুবাৰকৈ এনেদৰে ব্যৱহাৰ কৰিলে শৰীৰৰ দাগ নাইকিয়া হয়।
  • আধা চামুচ তিল আৰু আধা চামুচ কেঁচা হালধি গৰম গাখীৰৰ সৈতে বটি ল’ব। এই পেষ্ট দাগত নিয়মিতভাৱে লগালে এই সমস্যা দূৰ হয়।
  • এচামুচ গাজৰৰ ৰস, এচামুচ মুলতানী মাটি, এচামুচ সুমথিৰাৰ ৰস আৰু আধা চামুচ নেমুৰ ৰস, এই সকলোবোৰ ভালদৰে মিশ্ৰন দাগত লগাব, আধা ঘন্টাৰ পিছত ইয়াক ঠাণ্ডা পানীৰে ধুই দিব। সপ্তাহত এবাৰকৈ এই মিশ্ৰণ প্ৰয়োগ কৰিব।
  • শৰীৰৰ দাগৰ পৰা বাচি থাকিবলৈ প্ৰতিদিনে নিশা শোৱাৰ আগমুহূৰ্তত শৰীৰ ক্লীজিং মিল্কেৰে চফা কৰি ল’ব। ৰ’দত ওলাই গ’লে ছানস্ক্ৰীণ ব্যৱহাৰ কৰিব। তদুপৰি শৰীৰত কম মূল্যৰ পুৰণি তথা ম্যাদ উকলা প্ৰসাধন সামগ্ৰী ব্যৱহাৰ নকৰিব। আনে ব্যৱহাৰ কৰা প্ৰসাধন সামগ্ৰী ব্যৱহাৰ নকৰিব।

খোলা নোমৰ গুৰি:

 

খোলা নোমৰ গুৰিৰ সমস্যা এটা সাধাৰণ সমস্যা। ইয়াৰ দ্বাৰা শৰীৰৰ সৌন্দৰ্য একেবাৰে বিনষ্ট হোৱা দেখা যায়। তদুপৰি বয়স বেছি যেন দেখা যায়। অৱশ্যে খোলা নোমৰ গুৰিৰ সমস্যা একেবাৰে নাইকিয়া কৰাটো কঠিন। কিন্তু কিছু নিয়ম পালন কৰিলে এই সমস্যা নিয়ন্ত্ৰণ কৰিব পাৰি।

  • বৰফৰ টুকুৰা শৰীৰত ঘঁহিলে খোলা বা মেল খোৱা নোমৰ গুৰি বন্ধ হয়। বিলাহীৰ শ্লাইচ শৰীৰত ঘঁহিলেও খোল খোৱা নোমৰ গুৰি বন্ধ হোৱা দেখা যায়।
  • তেলজাতীয় ছালৰ নোমছিদ্ৰ বন্ধ কৰিবলৈ এষ্ট্ৰিনজেণ্ট লগাব পাৰে।
  • দুচামুচ গৰম পানীত অলপমান ফিটকিৰি মিহলাই ইয়াক বেজিৰে নোমছিদ্ৰত লগাই দিব।
  • খোলা নোমছিদ্ৰত ষ্ট’বেৰীৰ গুড়ি লগাই দিয়ক। এনে কৰিলেও খোলা নোমছিদ্ৰ বন্ধ হয়।
  • এচামুচ বিলাহী বটা, এচামুচ মুলতানী মাটিৰ গুড়ি আৰু অলপমান ফিটকিৰি মিহলাই পেষ্ট বনাই ল’ব। এই পেষ্ট শৰীৰত ভালদৰে লগাব। দহ মিনিট পিছত ইয়াক ঠাণ্ডা পানীৰে ধুই দিব। এই মিশ্ৰণে খোলা নোমছিদ্ৰ বন্ধ কৰে।
  • খোলা নোমছিদ্ৰৰ পৰা হাতসাৰি থাকিবলৈ নিয়মিতভাৱে ছাল পৰিষ্কাৰ কৰিব লাগে। দিনত চাৰি-পাঁচ বাৰ শৰীৰ ধুব লাগে।
  • নিশা শোৱাৰ আগতে মুখমণ্ডলৰ মেকআপ আঁতৰাই পেলাব, যাতে শৰীৰে সতেজ বতাহ লাভ কৰে।
  • বাহিৰৰ পৰা অহাৰ পিছত মুখমণ্ডল চাবোনেৰে ধুই দিব। মুখমণ্ডল ধুবৰ বাবে কুহুমীয়া পানী ব্যৱহাৰ কৰিব নালাগে, কিয়নো ই ছিদ্ৰক আৰু অধিক বহলাই দিয়ে।
  • টেলকম পাউদাৰ আৰু ফেচ পাউদাৰ ব্যৱহাৰ নকৰিব। তেলেতীয়া ছালৰ মেকআপ কৰাৰ পূৰ্বে বৰফ ঘঁহি ল’ব। এনে কৰিলে নোমছিদ্ৰ সংকুচিত হৈ পৰে আৰুই মেকআপ দীৰ্ঘসময়লৈ থাকে।

হাতৰ সৌন্দৰ্য:

 

  • নিশা শোৱাৰ সময়ত গ্লিচাৰিণযুক্ত চাবোনেৰে হাত ধুই ল’ব। ইয়াৰ পিছত নেমু ঘঁহি তাৰ ওপৰত বেবী অয়ল লগাব।
  • যদি হাত অধিক খহটীয়া হয়, তেন্তে হাতদুখন কিছু সময়ৰ বাবে কুহুমীয়া পানীত ডুবাই ৰাখিবু। পিছত হাত শুকালে বাদামৰ তেল লগাব।
  • এটা নেমু কাটি ল’ব আৰু এচামুচ চেনি লৈ হাতৰ ছালৰ ওপৰত তেতিয়ালৈকে ঘঁহি থাকিব, যেতিয়ালৈকে চেনি সম্পূৰ্ণৰূপে গলি শেষ নহয়। ইয়াৰ দ্বাৰা হাতৰ খহটা আৰু দাগ নাইকিয়া হয়।
  • এচামুচ বেচন আৰু আধা চামুচ নেমুৰ ৰস পানীৰ সৈতে মিহলাই পেষ্ট প্ৰস্তুত কৰক। চাবোনেৰে হাত ধোৱাৰ পৰিৱৰ্তে এই পেষ্টেৰে হাত পৰিষ্কাৰ কৰিলে হাতৰ মল তথা খহটা ভাব দূৰ হয়।
  • নিশা শোৱাৰ সময়ত এচামুচ ক্ৰীমত দুই বা তিনি টোপাল নেমুৰ ৰস অথবা দুই-তিনি টোপাল গ্লিচাৰিন মিহলাই ভালদৰে হাতত লগাব। ই হাতৰ ছাল পৰিষ্কাৰ কৰাৰ লগতে উজ্জ্বলতা বৃদ্ধি কৰে।
  • ঘৰৰ কাম কৰাৰ সময়ত বিশেষভাৱে বাচন ধোৱা বা কাপোৰ ধোৱাৰ সময়ত প্লাষ্টিক বা ৰবৰৰ গ্লোভ’ছ ব্যৱহাৰ কৰিব।
  • হাত অধিক সময় ধৰি তিতি থাকিবলৈ দিব নালাগে। এনে কৰিলে হাতৰ ছাল শুকান আৰু খহটা হয়। নিশা শোৱাৰ সময়ত কুহুমীয়া গৰম পানীত অলপ সময়ৰ বাবে তিয়াই ৰাখিব। ইয়াৰ দ্বাৰা ভাগৰুৱা হাতে আৰাম পায়।  ইয়াৰ পিছত হাত ভালদৰে মচি কোনো ক্ৰীম অথবা মইশ্চাৰাইজাৰ, তেল আদি লগাব।
  • হাত ধোৱাৰ পিছত ‘যুদী কোলন’ৰ তিনি বা চাৰি টোপাল হাতৰ তলুৱাত লৈ দুয়োখন হাতত ভালদৰে ঘঁহিব, ইয়াৰ দ্বাৰা ঘাম ওলোৱা বন্ধ হয়।

বাহু:

 

হাতৰ মুঠিত নিমখ লৈ বাহুৰ ওপৰত ঘূৰাই ঘূৰাই মালিচ কৰিব। ইয়াৰ দ্বাৰা বাহুৰ মৃত কোষবোৰ ওলাই যায়। দুই মিনিট পিছত সেই অংশ ভালদৰে ধুই পেলাব।

  • পকা বিলাহী লৈ বাহুৰ ওপৰত ঘঁহিব আৰু শুকালে পানীৰে ধুই পেলাব। পিছত কোনো ধৰণৰ ক্ৰীম ব্যৱহাৰ নকৰিব। এনে কৰিলে বাহু কোমল আৰু ধুনীয়া হৈ পৰে।
  • দুচামুচ বিলাহীৰ ৰস, এচামুচ কেঁচা গাখীৰ আৰু আধা চামুচ নেমুৰ ৰস মিহলাই বাহুৰ ওপৰত লগাব। প্ৰায় ত্ৰিছো মিনিট পিছত ঠাণ্ডা পানীৰে সেই অংশ ভালদৰে ধুই পেলাব। এই মিশ্ৰণ প্ৰয়োগ কৰিলে বাহু কোমল হোৱাৰ উপৰি ছালৰ উজ্জ্বলতা বৃদ্ধি হয়।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন

2.91666666667
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top