বাৰ্ধক্য ৰোধ কৰিবলৈ হাত-ভৰিৰ ছালত নিশা শোৱাৰ আগতে গ্লিচাৰিনৰ লগত সম পৰিমাণৰ গোলাপজল মিহলাই লগাব লাগে। গা ধোৱাৰ সময়ত শৰীৰৰ ছালখনৰ মৃতকোষ আঁতৰাবলৈ চাউলৰ গুড়িৰ লগত সামান্য হালধি ছালকুঁৱৰীৰ ভূমিকা অপৰিসীম। পকা কলৰ বাকলি পিটিকি লৈ তাৰ লগত সামান্য চেনি মিহলাই বডি স্ক্ৰাব হিচাপে ব্যৱহাৰ কৰিলে বহুদিনলৈ ছালখনত বাৰ্ধক্যৰ ছাপ পৰিব নোৱাৰে।
সৰু-সুৰা নিয়ম মানি চলাৰ লগতে আমি খাদ্যৰ ওপৰতো যথেষ্ট গুৰুত্ব দিয়া উচিত। কাৰণ বয়স বঢ়াৰ লগে লগে যিহেতুকে পাকস্থলী দুৰ্বল হয় , সেই কাৰণে পাকস্থলীয়ে সহজে হজম কৰিব পৰা খাদ্যসমূহ আমি খোৱা উচিত। বেছি মছলাযুক্ত আহাৰ, ঘি, মাখন, তেলযুক্ত খাদ্য পৰাপক্ষত নোখোৱাই ভাল । দৈনিক যিকোনো বতৰৰ ফল এটা খোৱা উচিত। দিনে ৭/৮ গিলাচ পানী খাব লাগে। বয়স ধৰি ৰখাৰ এটা মহৌষধ হ’ল আমলখি।গতিকে প্ৰতিদিনে এটাকৈ আমলখি খোৱাৰ অভ্যাস কৰা উচিত। গ্ৰীন টি সেৱন কৰিলেও বহুদিনলৈ তাৰুণ্য ধৰি ৰাখিব পাৰি। খাদ্যৰ লগত আমি নিয়মীয়াকৈ কেঁচা পিঁয়াজ খোৱা উচিত। কেঁচা পিঁয়াজে দেহৰ ৰক্ত বৃদ্ধি কৰে। যৌনশক্তি অটুট ৰাখে, স্নায়ু সবল আৰু স্মৰণশক্তি বৃদ্ধি কৰে। বয়স বঢ়াৰ লগে লগে যিহেতুকে আমাৰ হজম শক্তি কমি যায়, সেই গতিকে পেটৰ বিভিন্ন ধৰণৰ ৰোগ দেখা যায়। পেট পৰিষ্কাৰ কৰি ৰাখিবলৈ শাক-পাচলি, টেঙাজাতীয় ফল-মূল, চজিনা আৰু চজিনাৰ পাত নিয়মীয়াকৈ খোৱা উচিত।
আজিকালি বিভিন্ন ধৰণৰ এণ্টি এজিং ট্ৰিডমেণ্ট ওলাইছে। ভাল সৌন্দৰ্য বিশেষজ্ঞৰ লগত আলোচনা কৰি এই চিকিৎসা কৰালে আমি আমাৰ সৌন্দৰ্যক বহু দিনলৈ ধৰি ৰাখিব পাৰো। বয়সৰ লগে লগে ক’লাজেন আৰু ইলাষ্টিনে কাম কৰিবলৈ অক্ষম হ’বলৈ ধৰে। ক’লাজেন হ’ল এবিধ দৰকাৰী প্ৰ’টিন, যিয়ে আমাৰ ছালৰ গঠন দি ৰাখে। ক’লাজেন কমি অহাৰ লগে লগে বাৰ্ধক্যৰ, ছাপ পৰা আৰম্ভ হয়। সুৰ্যৰ প্ৰখৰ ৰ’দৰ প্ৰভাৱতো ক’লাজেন নষ্ট হ’ব পাৰে। ইলাষ্টিনো হ’ল এবিধ দৰকাৰী প্ৰ’টিন, যিয়ে ছালৰ নিজৰ গঠনক ধৰি ৰাখে। ই নষ্ট হ’লে আমাৰ ছাল ঢিলা হৈ পৰে, যাৰ ফলস্বৰুপে বাৰ্ধক্যৰ ছাপ পৰিবলৈ ধৰে। ইয়াক ঠিক কৰিবলৈ সঠিক মালিচ কৰা দৰকাৰ আৰু ছাল অনুযায়ী এণ্টি ৰিংকল ক্ৰীম ব্যৱহাৰ কৰা উচিত। এই ক্ৰীম ব্যৱহাৰ কৰাৰ আগতে ভাল সৌন্দৰ্য বিশেষজ্ঞৰ লগত আলোচনা কৰি লোৱা উচিত। কাৰণ সঠিক মাছাজে টিছুৰ ব্লাড চাৰ্কুলেচন বঢ়াই ছালক প্ৰচুৰ পৰিমাণে পুষ্টি যোগায় আৰু শৰীৰৰ পৰা দূষিত পদাৰ্থ বাহিৰ কৰি ছালখনক বাৰ্ধক্যৰ পৰা ৰক্ষা কৰে। যিহেতু মাছাজ কৰাৰ সময়ত ছালখন গৰম হয়, তাৰ ফলত ঘৰ্মগ্ৰন্থি আৰু ছিবামৰ যি গ্লেণ্ড থাকে, সেইবোৰ সক্ৰিয় হৈ পৰে। তাৰ ফলত ছালে উজ্জ্বলতা লাভ কৰে। বয়সৰ ছাপ নপৰিবলৈ পৰিমাণ অনুযায়ী পকা অমিতা পিটিকি তাৰ লগত পাউদাৰ গাখীৰ এচামুচ মিহলাই এটা লেপন বনাই সপ্তাহত চাৰি দিন লগোৱা উচিত।
শৰীৰত বয়সৰ ছাপ নপৰিবলৈ হ’লে মনটোক সদায় আনন্দত ৰখা দৰকাৰ। অত্যধিক চিন্তাৰ পৰা দূৰত থাকিব লাগে। নিচাযুক্ত দ্ৰব্য ব্যৱহাৰৰ পৰা দূৰত থাকিব লাগে। এনেকুৱা বয়সত আমাৰ শৰীৰত বিভিন্ন অংগ-প্ৰত্যংগত বিষ অনুভৱ হয়। বিশেষকৈ হাত-ভৰিৰ গঁঠিত। ইয়াৰ পৰা হাত সাৰিবলৈ সামান্যতম ব্যায়ামৰ লগতে কেঁচা নহৰু, কেঁচা হালধি, ভেদাইলতা আদি নিয়মীয়াকৈ খোৱাৰ অভ্যাস কৰিলে বিষৰ পৰা হাত সাৰিব পাৰি।
ছালত কেতিয়াও চাবোন লগোৱা উচিত নহয়। কাৰণ চাবোনত ক্ষাৰযুক্ত পদাৰ্থ থাকে। এই ক্ষাৰযুক্ত পদাৰ্থই ছালৰ ময়শ্বাৰাইজাৰ তেল নষ্ট কৰি ছালখন খহটা কৰাৰ লগতে বাৰ্ধক্যৰ ছাপো পেলায়। চাবোনৰ সলনি আমি যদি বেছনেৰে মুখৰ লগতে গোটেই শৰীৰত ব্যৱহাৰ কৰো, তেন্তে বাৰ্ধক্যৰ ছাপৰ পৰা হাত সাৰিব পাৰে।
বেছি ভাগ ৪০ বছৰ বয়সৰ ঊৰ্ধ্বৰ পুৰুষ-মহিলাৰ শৰীৰৰ লগতে হাত-ভৰিৰ ছালখন লাহে লাহে কোঁচ খোৱা দেখা যায়। এনেকুৱা হ’লে বিশুদ্ধ নাৰিকল তেল বা অলিভ অইলেৰে গা ধোৱাৰ আধা ঘণ্টা আগতে মালিচ কৰা উচিত। কণীৰ বগা অংশ দুচামুচ, চন্দন পাউদাৰ এচামুচ, হালধিৰ ৰস আধা চামুচ আৰু এচামুচ দৈ এলেকগে মিহলাই সপ্তাহত ৩/৪ দিন লগালে বাৰ্ধক্যৰ ছাপ পৰাৰ প্ৰশ্নই নুঠে।
লেখিকা: প্ৰণামী দাস অধিকাৰী
উৎস: দেওবৰীয়া সম্ভাৰ
শেহতীয়া উন্নীতকৰণ: : 2/28/2024