মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / বাৰ্ধক্য উপেক্ষা কৰি যুৱাৱস্থা অটুট ৰাখক
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বাৰ্ধক্য উপেক্ষা কৰি যুৱাৱস্থা অটুট ৰাখক

বাৰ্ধক্য উপেক্ষা কৰি যুৱাৱস্থা অটুট ৰখাৰ বিষয়ে লিখা হৈছে ।

 

আজিকালি সমগ্ৰ ভাৰততে জিম চেন্টাৰ ব্যায়ামাগাৰ, ফিটনেছ ক্লাব আদিৰে ভৰি পৰিছে। শৰীৰ চৰ্চাৰ এই জাগৰণে ধুমুহাৰ দৰে অসমকো চুই গৈছে। আজি অসমৰ প্ৰায় প্ৰতিখন চহৰ আৰু অৰ্ধ চহৰ অঞ্চলত এনে ধৰণৰ শৰীৰ চৰ্চাৰ কেন্দ্ৰ কাঠফুলাৰ দৰে অ’ত ত’ত প্ৰতিষ্ঠা হৈছে আৰু এইবিলাক কেন্দ্ৰলৈ কিশোৰ, যুৱক-যুৱতীৰ পৰা আৰম্ভ কৰি প্ৰৌঢ় পুৰুষ-মহিলাও যোৱাৰ অভ্যাস কৰিছে। শৰীৰ-চৰ্চাৰ দৰে বিষয় এটাৰ প্ৰতি বহুতো চৰ্চাৰ কাৰণে বিশেষ সুবিধা নথকা কাৰণে ওচৰত শৰীৰ চৰ্চাকেন্দ্ৰত নাম ভৰ্তি কৰি নিয়মীয়াকৈ যোগ-ব্যায়াম বা সঁজুলি লৈ ব্যায়াম অথবা খালী হাতেৰে কৰা ব্যায়ামৰ অনুশীলন কৰিবলৈ ধৰিছে।

শৰীৰ চৰ্চাৰ প্ৰতি মানুহৰ বৰ্ধিত আগ্ৰহ নিঃসন্দেহে এক আদৰণীয় প্ৰচেষ্টা। এই ক্ৰিয়া-কৌশলৰ অনুশীলনে মানুহক স্বাস্থ্য ৰক্ষা সম্পৰ্কে সজাগ কৰি তোলাৰ অৰিহণা যোগায়। স্বাস্থ্য সম্পৰ্কীয় সজাগতা সৃষ্টিৰ ক্ষেত্ৰত শৰীৰ চৰ্চা কেন্দ্ৰবিলাকৰ অৱদান শলাগিবলগীয়া।

নগৰে-চহৰে গঢ় লৈ উঠা ডাঙৰ ডাঙৰ জিম চেন্টাৰবিলাকলৈ গৈ যুৱক-যুৱতী আৰু বয়সস্থ পুৰুষ-মহিলাই নিজৰ শৰীৰৰ গঠন সঠিক অৱস্থাত ৰখাৰ বাবে বা শৰীৰৰ পেশীবোৰ খেলুৱৈ সুলভ কৰি গঢ় দিয়াৰ প্ৰত্যেকজন ব্যক্তিয়েই যথেষ্ট পৰিমাণে অৰ্থও ব্যয় কৰিব লগা হয়।

শৰীৰ চৰ্চাৰ অনুশীলনে মানুহৰ শাৰীৰিক-মানসিক অলসতা দূৰ কৰে আৰু মানুহে বয়স বৃদ্ধিৰ ফলত স্বতঃসফূৰ্তভাৱে আহি পৰা আলস্যৰ ভাৱ, মানসিক দুৰ্বলতা আদি ভাবো বহু পৰিমাণে নাইকিয়া কৰে। বয়সৰ লগে লগে মানুহৰ শাৰীৰিক অলসতা, দুৰ্বলতা, উদ্যমহীন অৱস্থা অনিবাৰ্যভাৱে আহি পৰে। কিন্তু শৰীৰ চৰ্চাৰ নিয়মীয়া অনুশীলনে এনেবোৰ নেতিবাচক দিশ ভালেখিনি আঁতৰাই ৰখাত সহায় কৰে।

এই কেন্দ্ৰবিলাকত নিয়মীয়াকৈ উপস্থিত থাকি, কৰিবলগীয়া আটাইবোৰ ব্যায়াম আৰু পেশী সঞ্চালন অব্যাহত ৰখাৰ পিছতো কিন্তু বহুসংখ্যক ব্যক্তিয়ে বাঞ্ছিত ফল নেপায়।

যেনেদৰে শৰীৰৰ বৰ্ধিত ওজন কমোৱাটো সহজ নহয়, তেনেদৰে ওজন বঢ়োৱাটো বৰ সহজ নহয়। কিন্তু শৰীৰৰ ওজন বঢ়োৱা বা কমোৱা একেবাৰে কঠিনো নহয়। আপুনি মনটো দৃঢ় কৰি লৈ ওজন কমোৱা বা বঢ়োৱাৰ উপায়বোৰ আন্তৰিকতাৰে অনুশীলন কৰিলে বা বিশেষজ্ঞৰ পৰামৰ্শ মানি খোৱা-বোৱা কৰিলে অথবা বিশেষজ্ঞৰ দিনা মানি কিছুমান ঔষধ সংগ্ৰহ কৰি সেৱন কৰিলে ওজন কমোৱা বা বঢ়োৱা কোনোটোৱেই অসম্ভৱ নহয়।

এই প্ৰবন্ধটিত আপোনাৰ শৰীৰটো আপোনাৰ বয়স আৰু উচ্চতা অনুসৰি সুগঠিত কৰাৰ লগতে অপ্ৰয়োজনীয় অতিৰিক্ত ওজন কমাই কম দিনৰ ভিতৰতে এটি শক্তিশালী সুন্দৰ-সুঠাম দেহ সৌষ্ঠৱ গঢ় দিব পৰাৰ কেইটিমান দিহা হৈছে। এই দিহাবিলাক মানি চলাৰ লগতে দৈনিক কৰিবলগা শাৰীতিক ব্যায়াম বা পৰিশ্ৰম কিন্তু অব্যাহত ৰাখিবই লাগিব।

বুট দাইল খাওক -

পুৰণি কালৰে পৰা ভাৰতৰ শৰীৰ চৰ্চাবিদ সকলৰ পছন্দৰ আহাৰ হৈছে বুটৰ দাইল। বুটৰ দাইলত খাদ্য আঁহ, পটাচিয়াম আৰু কাৰ্বোহাইড্ৰেট আদি উপাদানসমূহ পৰ্যাপ্ত মাত্ৰাত প্ৰকৃতিয়ে দিয়ে। আপোনালোকে হয়তো জানে যে ভাল জাতৰ ঘোঁৰা পালন কৰা লোকসকলে ঘোঁৰাৰ গাত প্ৰয়োজনীয় শক্তি-সামৰ্থ অটুট ৰখাৰ বাবে খাদ্য হিচাপে বুট খুৱাইছিল। এনেদৰে নিয়মীয়াকৈ বুট খুওৱাৰ পিছত ঘোঁৰাবিলাক দুগুন বেগত দৌৰিব পাৰিছিল। এই সূত্ৰটো মানুহৰ ক্ষেত্ৰতো প্ৰযোজ্য হ’ব পাৰে। বুট মাহ তুলনামূলকভাৱে সস্তা হোৱাৰ লগতে শক্তি কাৰকো।

বুট মাহ প্ৰত্যেকজন লোকেই কিনিব পাৰে। এই বুট আপুনি পুৱা আৰু গধূলি দুয়োবেলাতে খাব লাগিব। ৰাতি এমুঠি বুট ভালদৰে ধুই এগিলাচ পানীত তিয়াই থওক। পুৱা শুই উঠি অন্য খাদ্য খোৱাৰ আগতে এই বুট তিওৱা পানী খাওক। কাৰণ ৰাতি তিয়াই থোৱা পানীলৈ বুটৰ আধা শক্তি ওলাই যায়গৈ। তাৰ পিছত তিওৱা বুটখিনি খাওক। পুৱাতে বুট তিওৱা পানী আৰু বুট দুয়োটা সেৱন কৰিলে আপোনাৰ শক্তি-সামৰ্থৰ প্ৰয়োজন পূৰণ হ’ব।

মগু দাইল খাওক -

এতিয়া অৱশ্যে বুটৰ লগতে মগু দাইলৰ দামো যথেষ্ট বাঢ়িছে। তথাপি মগু দাইল এতিয়াও কিনি খাব পৰা অৱস্থাতে আছে বুলি ক’ব পাৰি। কাৰণম বজাৰত পাব পৰা প্ৰোটিন পাউডাৰৰ টেমা বা বটলৰ দাম আজিও বহুত বেছি। সেইবাবে ছাপ্লিমেন্ট কিনি খোৱাতকৈ আপুনি মগু দাইল কিনি খোৱাটো যথেষ্ট ভাল। মগু দাইলত উচ্চ মানদণ্ডৰ হাই প্ৰোটিন থাকে।

এই কথা জিম-চেন্টাৰৰ অভিজ্ঞ ট্ৰেনাৰেও স্বীকাৰ কৰে। জিম চেন্টাৰৰ ট্ৰেনাৰে জিমলৈ অহা সকলো ল’ৰা-ছোৱালীকে নিজৰ আহাৰত মগু দাইল ৰাখিবলৈ পৰামৰ্শ দিয়ে। আপোনালোকে মগু দাইল পানীত তিয়াই খাব পাৰে। মগু দাইলে আপোনাক উচ্চ মাত্ৰাত প্ৰোটিনৰ যোগান ধৰিব পাৰে। আপুনিতো জানেই যে আমাৰ শৰীৰৰ মাংসপেশী প্ৰস্তুত কৰাত প্ৰোটিনে প্ৰধান ভূমিকা লয়।

উৰদ দাইলৰ লাডু -

প্ৰাচীন কালৰে পৰা ৰজা-মহাৰজাসকলে নিজৰ শাৰীৰিক সামৰ্থ অটুট ৰাখিবৰ কাৰণে উৰদ দাইলৰ লাডু খোৱাৰ অভ্যাস কৰিছিল। ৰজা-মহাৰজাসকলে তেওঁলোকৰ দাম্পত্য জীৱনত সহবাসৰ সামৰ্থ আৰু সন্তুষ্টি ৰক্ষাৰ কাৰণে ৰাজ বৈদ্যৰ পৰামৰ্শমৰ্মে উৰদ দাইলৰ লাডু নিয়মীয়াকৈ সেৱন কৰিছিল। তাৰ ফলত পৌঢ় বয়সতো তেওঁলোক আছিল যুৱ অৱস্থাৰ দৰে প্ৰবল শক্তিমান। উৰদ দাইল গুৰু পাচ্য অৰ্থাৎ হজম হওঁতে দেৰি লাগে আৰু এইবিধ গুৰু দ্ৰব্য পাচন হোৱাৰ পিছত ই আপোনাৰ শৰীৰত দিয়ে পৰ্যাপ্ত শক্তি।

সেয়ে এইহেন দীৰ্ঘ সময় ধৰি আপোনাক উজ্জীৱিত আৰু প্ৰাণৱন্ত কৰি চিৰযৌৱন দান কৰিব পৰা দ্ৰব্য যিমান দিনলৈকে পাৰে কম পৰিমাণে সেৱন কৰি থাকক।

দিব্য চূৰ্ণ -

সবাতোকৈ গুৰুত্বপূৰ্ণ প্ৰধান খাদ্য দ্ৰব্যবিধৰ বিষয়ে এতিয়া আমি আলোচনা কৰিম। আপুনি যিমানে উৎকৃষ্ট খাদ্য আৰু হাই প্ৰোটিনযুক্ত খাদ্য নেখাওক লাগে, সেই খাদ্যবোৰ পাচন তন্ত্ৰত হজম নোহোৱালৈকে তেনে খাদ্যৰ কোনো মূল্য নাথাকে। যদি আপোনাৰো পাচন তন্ত্ৰ দুৰ্বল আৰু সকলো উৎকৃষ্ট খাদ্য সময়ত হজম নহয়, তেনেহ’লে আপুনি দিব্য চূৰ্ণ খাবলৈ আৰম্ভ কৰি দিয়ক। এই চূৰ্ণ আপুনি ৰাতিৰ আহাৰ গ্ৰহণৰ পিছত সেৱন কৰিব। এই দ্ৰব্যই আপোনাৰ আহাৰ ভালদৰে হজম কৰাব আৰু আহাৰৰ পৰা সকলো পুষ্টি দ্ৰব্য শৰীৰৰ বেলেগ বেলেগ অংশলৈ যোগান ধৰিব।

এইকথাখিনি এজন অভিজ্ঞ জিম চেন্টাৰৰ ট্ৰেনাৰে তেওঁৰ ছাত্ৰসকলক দিয়া পৰামৰ্শবোৰ আখৰে আখৰে পালন কৰি সকলো শৰীৰ চৰ্চাকাৰীয়েই প্ৰভূত উপকাৰ লাভ কৰিছে। আপুনিও এই উপায়বিলাক নিয়মমতে আৰু সময়মতে পালন কৰিবলৈ লওক আৰু আপোনাৰ শৰীৰটো ঈৰ্ষণীয় কৰি গঢ়ি তোলক।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন

3.1
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top