বাৰ্ধক্য জীৱনৰ এটা অৱধাৰিত সত্য যদিও কিছুমান স্বাস্থ্য সম্পৰ্কীয় উপায় অৱলম্বন কৰি ইয়াৰ গতি বিলম্বিত কৰিব পাৰি বুলি স্বাস্থ্যবিজ্ঞানীসকলে একেমুখে স্বীকাৰ কৰিছে। প্ৰকৃততে বয়স আৰু বাৰ্ধক্য মুঠেও সমানুপাতিক নহয়। বেছিসংখ্যক লোকেই নিজৰ স্বাস্থ্যৰ প্ৰতি কৰা অৱহেলা আৰু ভুল জীৱন যাপন পদ্ধতিজনিত কাৰণতহে সোনকালে বাৰ্ধক্য(অকাল বাৰ্ধক্য)ৰ কবলত পৰা দেখা যায়। আনহাতে স্বাস্থ্যবিজ্ঞানীসকলেও গৱেষণাৰ দ্বাৰা সুন্দৰ সুঠাম দেহাটোৰ বয়স বাঢ়ি যোৱাৰ লগে লগে হোৱা দৈহিক পৰিৱৰ্তনৰ অন্তৰালৰ কিছুমান বৈজ্ঞানিক কাৰণ উদযাটন কৰিবলৈ সক্ষম হৈছে। বিজ্ঞানীসকলৰ বাৰ্ধক্য প্ৰক্ৰিয়াৰ ব্যাখ্যা সম্বলিত বিভিন্ন বৈজ্ঞানিক তত্ত্বৰ ভিতৰত বিজ্ঞানী ‘ডি হাৰমান’ৰ ফ্ৰী ৰেডিকেল’(মুক্ত মূলক) তত্ত্বই সৰ্বাধিক গ্ৰহণযোগ্য তত্ত্ব বুলি স্বীকাৰ হৈছে। মুক্ত মূলকবোৰ হৈছে দেহৰ বিপাকীয় প্ৰক্ৰিয়াত উৎপন্ন হোৱা কিছুমান ক্ষতিকাৰক অণু। এই ক্ষতিকাৰক অণুবোৰৰ ক্ৰমবৰ্ধমান ক্ষয়কাৰ্যৰ সামগ্ৰিক পৰিমাণকেই বিজ্ঞানীসকলৰ এচামে বাৰ্ধক্য বুলি অভিহিত কৰিছে। ইঞ্জিনে ইন্ধন দহন কৰোতে ওলোৱা ধোঁৱাৰ দৰে আমাৰ দেহৰ কোষবিলাকৰ ভিতৰত থকা শক্তিৰ ভঁৰাল বুলি খ্যাত ‘মাইট’কণ্ড্ৰিয়া’তো শক্তি উৎপন্ন হওঁতে এই মুক্ত মূলকবোৰৰ সৃষ্টি হয়। যিয়ে বৃদ্ধাৱস্থাৰ আগমনৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰে।
আনহাতে বৈজ্ঞানিক গৱেষণাত এই কথাও প্ৰমাণ হৈছে যে যিকোনো উপায়ে এই মুক্ত মূলকবোৰ ধ্বংস বা নিয়ন্ত্ৰণ কৰি বাৰ্ধক্যৰ গতি অনায়াসে বিলম্বিত বা লেহেম কৰিব পাৰি। জীৱনলৈ বাৰ্ধক্য আগ বঢ়াই অনা এই আপদীয় মুক্ত মূলকবিলাক কিছুমান বিশেষ ভিটামিন আৰু জীৱদেহৰ পাচক ৰসে(enzyme) ধ্বংস কৰিব পাৰে, যিবিলাকক এন্টিঅক্সিডেন্ট বা প্ৰতিজাৰক বুলি কোৱা হয়। কিছুমান এনে প্ৰতিজাৰক হৈছে বিটাকেৰটিন যি গাজৰ, মিঠাআলু, আম, অমিতা, সেউজীয়া শাক-পাচলি আদিত থাকে। এছকৰ্বিক এচিড বা ভিটামিন চি, যি নেমুৰ ৰস, আমলখি, মধুৰিআম আদি বিভিন্ন টেঙাফল, বিলাহী, আলু আদিত থাকে। ভিটামিন ই , যি গঁজালি ওলোৱা মাহজাতীয় শস্য, বাদাম, সূৰ্যমুখী তেল, মিছামাছ আৰু বিভিন্ন সেউজীয়া শাক-পাচলি আদিত থাকে। ইয়াৰ উপৰি ভিটামিন বি৬ সমৃদ্ধ খাদ্য পদাৰ্থবোৰেও অনুৰূপ কাম কৰি বাৰ্ধক্যৰ বিলম্বন ঘটোৱাত বা লেহেম কৰাত অৰিহণা যোগাব পাৰে।
তদুপৰি পিনিয়েল গ্ৰন্থিৰ পৰা নিঃসৰিত মেলাট’নিন নামৰ হৰম’নবিধেও প্ৰতিজাৰক হিচাপে এটা বিশেষ ভূমিকা গ্ৰহণ কৰে। মেলাট’নিন হৈছে মেৰুদণ্ডী শৰীৰৰ পৰা নিঃসৰণ কৰা এবিধ গুৰুত্বপূৰ্ণ হৰম’ন। ই এবিধ শক্তিশালী প্ৰতিজাৰক যিয়ে দেহৰ বিপাকীয় প্ৰক্ৰিয়াত উৎপন্ন হোৱা মুক্তমূলকবোৰৰ বিধ্বংসী কাৰ্য বহু পৰিমাণে প্ৰতিৰোধ কৰিব পাৰে। টোপনিৰ লগত এই মেলাট’নিন হৰম’নৰ এটা বিশেষ সম্পৰ্ক আছে। কিয়নো নিশাৰ আন্ধাৰতহে এই পিনিয়েল গ্ৰন্থি অধিক সক্ৰিয় হৈ মেলাট’নিন নিঃসৰণ কৰে। দিনত এই গ্ৰন্থি সুপ্ত অৱস্থাত থাকে। বয়স বাঢ়ি অহাৰ লগে লগে দেহৰ মেলাট’নিন নিঃসৰণ কমি যোৱাৰ বাবেই বয়সিয়াল লোকৰ টোপনিৰ মাত্ৰা কমি যোৱা দেখা যায়। কিন্তু সুখৰ কথা যে যোগাভ্যাসৰ দ্বাৰা বিশেষকৈ ধ্যানৰ জৰিয়তে এই মেলাট’নিন হৰম’নৰ নিঃসৰণ বৃদ্ধি কৰিব পাৰি, যি কথা আধুনিক বিজ্ঞানেও স্বীকাৰ কৰিছে।
সেয়ে যথোপযুক্ত পৰিমিত আহাৰ, উপযুক্ত পৰিশ্ৰম, খেল-ধেমালি, ব্যায়াম, মানসিক প্ৰফুল্লতা, উপযুক্ত টোপনি, মিতাচাৰ, শুদ্ধ জীৱন যাপন পদ্ধতি, ৰ’দ-বৰষুণ বিশেষকৈ ৰ’দৰ প্ৰখৰতাৰ পৰা হাত সাৰি থকাৰ চেষ্টা তথা নিয়মিত ধ্যান-প্ৰাণায়াম আদিৰ দ্বাৰা ওপৰঞ্চি মেলাট’নিন হৰম’ন নিঃসৰণৰ পথ প্ৰশস্ত কৰি নিঃসন্দেহে আমি আমাৰ বাৰ্ধক্যৰ গতি বিলম্বিত বা লেহেম কৰি সুস্থভাৱে শতাধিক শৰৎ প্ৰত্যক্ষ কৰাৰ সুযোগ লভিব পাৰো।
লেখক: ভুৱনেশ্বৰ ডেকা(অসম বাণী)
শেহতীয়া উন্নীতকৰণ: : 11/29/2023