মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / বাৰ্ধক্যৰ গতি লেহেমীয়া কৰিবলৈ হ’লে
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বাৰ্ধক্যৰ গতি লেহেমীয়া কৰিবলৈ হ’লে

বাৰ্ধক্যৰ গতি লেহেমীয়াৰ বিষয়ে লিখা হৈছে ।

 

বাৰ্ধক্য জীৱনৰ এক অৱ হাৰিত সত্য যদিও কিছুমান স্বাস্থ্য সম্পৰ্কীয় উপায় অৱলম্বন কৰি ইয়াৰ গতি বিলম্বিত কৰিব পাৰি বুলি স্বাস্থ্য বিজ্ঞানীসকলে একমুখে স্বীকাৰ কৰিছে । প্ৰকৃততে বয়স আৰু বাৰ্ধক্য মুঠেও সমানুপাতিক নহয় । বেছিসংখ্যক লোকেই নিজৰ স্বাস্থ্যৰ প্ৰতি কৰা অৱহেলা আৰু ভুল জীৱন যাপন পদ্ধতিজনিত কাৰণতহে সোনকালে বাৰ্ধক্যৰ (অকাল বাৰ্ধক্যৰ) কবলত পৰা দেখা যায় । আনহাতে স্বাস্থ্য বিজ্ঞানীসকলেও গৱেষণাৰ দ্বাৰা সুন্দৰ-সুঠাম দেহাটোৰ বয়স বাঢ়ি যোৱাৰ লগে লগে হোৱা দৈহিক পৰিৱৰ্তনৰ অন্তৰাল কিছুমান বৈজ্ঞানিক কাৰণ উদঘাটন কৰিবলৈ সক্ষম হৈছে । বিজ্ঞানীসকলৰ বাৰ্ধক্য প্ৰক্ৰিয়াৰ ব্যাখ্যা সম্বলিত বিভিন্ন বৈজ্ঞানিক তত্ত্বৰ ভিতৰত বিজ্ঞানী D. HARMAN ৰ ফ্ৰী ৰেডিকেল (মুক্ত মূলক) তত্ত্বই সৰ্বাধিক গ্ৰহণযোগ্য তত্ত্ব বুলি স্বীকৃত হৈছে । ফ্ৰী ৰেডিকেল (মুক্ত মূলক) বোৰ হৈছে দেহৰ বিপাকীয় প্ৰক্ৰিয়াত উৎপন্ন হোৱা কিছুমান ক্ষতিকাৰক অণু । এই ক্ষতিকাৰক অণুবোৰৰ ক্ৰমবৰ্ধমান ক্ষয় কাৰ্যৰ সামগ্ৰিক পৰিমাণকেই বিজ্ঞানীসকলৰ এচামে বাৰ্ধক্য বুলি অভিহিত কৰিছে । ইঞ্জিনে ইন্ধন দহন কৰোতে ওলোৱা ধোঁৱাৰ দৰে আমাৰ দেহৰ কোষবিলাকৰ ভিতৰত থকা শক্তিৰ ভঁৰাল বুলি খ্যাত ‘মাইট’কণ্ড্ৰিয়া’তো শক্তি উৎপন্ন হওঁতে এই ফ্ৰী ৰেডিকেল  বা মুক্ত মূলকবোৰৰ সৃষ্টি হয়, যিয়ে বৃদ্ধাৱস্থাৰ আগমনৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰে ।

আনহাতে বৈজ্ঞানিক গৱেষণাত এই কথাও প্ৰমাণিত হৈছে যে যিকোনো উপায়ে এই ফ্ৰী ৰেডিকেল বোৰ ধ্বংস বা নিয়ন্ত্ৰিত কৰি বাৰ্ধক্যৰ গতি অনায়াসে বিলম্বিত বা লেহেমীয়া কৰিব পাৰি । জীৱনলৈ বাৰ্ধক্য আগবঢ়াই অনা এই আপদীয়া ফ্ৰী ৰেডিকেলছ বা মুক্ত মূলকবিলাক কিছুমান বিশেষ ভিটামিন আৰু জীৱদেহৰ পাচক ৰসে (enzyme) ধ্বংস কৰিব পাৰে , যিবিলাকক ‘এণ্টিঅক্সিডেণ্ট’ (Antioxidant) বা প্ৰতিজাৰক বুলি কোৱা হয় । কিছুমান এনে প্ৰতিজাৰক (Antioxidant) হৈছে বিটা কেৰ’টিন – যি গাজৰ, মিঠাআলু, আম, অমিতা, সেউজীয়া শাক-পাচলি আদিত থাকে । এছকৰ্বিক এচিড বা ভিটামিন-চি, যি নেমুৰ ৰস, আমলখি, মধুৰি-আম আদি বিভিন্ন টেঙাফল, বিলাহী, আলু আদিত থাকে । ভিটামিন-ই, যি গজালি ওলোৱা মাহজাতীয় শস্য, বাদাম, সূৰ্যমুখীৰ তেল, মিছামাছ আৰু বিভিন্ন সেউজীয়া শাক-পাচলি আদিত থাকে । ইয়াৰ উপৰি ভিটামিন-বি (৬), বি (১২) সমৃদ্ধ খাদ্য পদাৰ্থবোৰেও অনুৰুপ কাম কৰি বাৰ্ধক্যৰ বিলম্বন ঘটোৱাত বা লেহেমীয়া কৰাত অৰিহণা যোগাব পাৰে ।

ইয়াৰ উপৰি ‘পিনিয়েল গ্ৰন্থি’ (Pineal Gland) ৰ পৰা নি:সৰিত মেলাট’নিন (Melatonin) নামৰ হৰম’নবিধেও প্ৰতিজাৰক (Antioxidant) হিচাপে এক বিশেষ ভূমিকা গ্ৰহণ কৰে । মেলাট’নিন (Melatonin) হৈছে মেৰুদণ্ডী প্ৰাণীয়ে শৰীৰৰ পৰা নি:সৰণ কৰা এবিধ গুৰুত্বপূৰ্ণ হৰম’ন । ই এবিধ অতি শক্তিশালী প্ৰতিজাৰক (Antioxidant), যিয়ে দেহৰ বিপাকীয় প্ৰক্ৰিয়াত উৎপন্ন হোৱা মুক্ত মূলক (ফ্ৰী ৰেডিকেলছ) বোৰৰ বিধ্বংসী কাৰ্য বহু পৰিমাণে প্ৰতিৰোধ কৰিব পাৰে । টোপনিৰ লগত এই মেলাট’নিন হৰম’নৰ এক বিশেষ সম্পৰ্ক আছে । কিয়নো, নিশাৰ আন্ধাৰতহে এই পিনিয়েল গ্ৰন্থি (Pineal Gland) অধিক সক্ৰিয় হৈ মেলাট’নিন নি:সৰিত কৰে । দিনত এই গ্ৰন্থি সুপ্ত অৱস্থাত থাকে । বয়স বাঢ়ি অহাৰ লগে লগে দেহৰ মেলাট’নিন হৰম’নৰ নি:সৰণ কমি যোৱাৰ বাবেই বয়সিয়াল লোকৰ টোপনিৰ মাত্ৰা কমি যোৱা দেখা যায় । কিন্তু সুখৰ কথা যে যোগাভ্যাসৰ দ্বাৰা, বিশেষকৈ ধ্যানৰ জৰিয়তে এই মেলাট’নিন হৰম’নৰ নি:সৰণ বৃদ্ধি কৰিব পাৰি-যি কথা আধুনিক বিজ্ঞানেও স্বীকাৰ কৰিছে ।

সেয়ে যথোপযুক্ত পৰিমিত আহাৰ, উপযুক্ত পৰিশ্ৰম, বিশ্ৰাম, খেল-ধেমালি, ব্যায়াম ,মানসিক প্ৰফুল্লতা, উপযুক্ত টোপনি, মিতাচাৰ, শুদ্ধ জীৱন যাপন পদ্ধতি, ৰ’দ- বৰষুণ, বিশেষকৈ ৰ’দৰ প্ৰখৰতাৰ পৰা হাত সাৰি থকাৰ চেষ্টা তথা নিয়মিত ধ্যান-প্ৰাণায়াম আদিৰ দ্বাৰা ওপৰঞ্চি মেলাট’নিন হৰম’ন নি:সৰণৰ পথ প্ৰশস্ত কৰি নি:সন্দেহে আমি আমাৰ বাৰ্ধক্যৰ গতি বিলম্বিত বা লেহেমীয়া কৰি সুস্থভাৱে শতাধিক শৰৎ প্ৰত্যক্ষ কৰাৰ সুযোগ লভিব পাৰোঁ ।

লেখক :- ভুৱনেশ্বৰ ডেকা ।

উৎস :- জি এনআৰচি স্বাস্থ্য

1.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top